সমললৈ যাওক

পৃষ্ঠা:অমৰ-কাহিনী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
জৰথুষ্ট্ৰ
 


 ৮। জ্ঞানীলোকে মনত সদায় ঈশ্বৰৰ আদেশ অনুভৱ কৰে। তেওঁ চিন্তাই, কথাই, কামে সকলো সময়তে ভাৱে যে, ঈশ্বৰেহে তেওঁক চলাইছে। মানুহৰ শক্তি অতি সামান্য। তেওঁৰ নিৰ্দ্দেশ নহলে মানুহৰ কোনো কামকে কৰিবৰ শক্তি নাই।

 ৯। সজ্ঞানে বা অজ্ঞানে লোকৰ বস্তু গ্ৰহণ নকৰিবা।

 ১০। সুমতিয়ে যি কয়, তাকেহে কৰিবা। কুমতিক প্ৰশ্ৰয় নিদিবা।