সমললৈ যাওক

পৃষ্ঠা:অমৰ-কাহিনী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অমৰ কাহিনী
১৪
 

পিচতেই হাঁহিবলৈ ধৰে। সেই সময়ত তেওঁৰ মূৰটো ইমান কঁপিছিল যে, কোনোৱে তেওঁৰ মূৰটো চুবকে পৰা নাছিল। জন্মৰ পাচত কুৰি বছৰ বয়সলৈকে তেওঁ ক'ত আছিল, তাক কোনোৱে নেজানে। বোধ হয়, এই কুৰি বছৰ তেওঁৰ সাধনাৰ কাল। সাধানাৰ অন্তত যেতিয়া তেওঁৰ ওচৰত সত্য প্ৰকাশিত হল, তেতিয়া তেওঁ পৰ্ব্বতৰ টিঙৰ পৰা নামি আহিল। সেই সময়ত আকাশৰ পৰা অগ্নি-বৃষ্টি হৈছিল, বজ্ৰ পৰিছিল; কিন্তু সেইবোৰে তেওঁৰ একো অনিষ্ট কৰিব পৰা নাছিল।

 তাৰ পাচত তেওঁ পাৰস্য দেশৰ পূব অঞ্চলৰ জ্ঞানী সমাজত তেওঁৰ ধৰ্ম্মমত প্ৰচাৰ কৰে। পাচত তেওঁৰ শিষ্যসকলে পাৰস্যৰ জন-সাধাৰণৰ মাজত সেই মত প্ৰচাৰ কৰে। এই দৰে পাৰ্চী সম্প্ৰদায়ৰ মাজত এই মত বংশানুক্ৰমে এতিয়ালৈকে চলি আহিছে।

 পাৰস্যদেশৰ প্ৰাচীন ৰজা সকলেও যেনে চাইৰাচ, ডেৰায়চ,জৰাক্সচ প্ৰভৃতিয়ে জৰথুষ্ট্ৰৰ ধৰ্ম্মমত মানি চলিছিল। এই ধৰ্ম্মৰ মতে পৃথিবীৰ সকলো বস্তুৱেই সৎ আৰু অসৎ এই দুটা ভাগত বিভক্ত। সৎবোৰ জীৱৰ কল্যাণকামী দেৱতাৰ সৃষ্টি আৰু অসৎ বোৰ জীৱৰ অহিতকাৰী ভূত-প্ৰেতৰ সৃষ্টি। পোহৰত দেৱতাৰ বাস আৰু আন্ধাৰত ভূত-প্ৰেত বাস। তেওঁৰ উপদেশ মতে মানুহে কুপথ এৰি সুপথ ধৰিবলৈ হলে দেৱতা সকলৰ প্ৰীতিৰ কাৰণে যজ্ঞ আৰু উপাসনা কৰিব লাগে। জেন্দ-আবেস্তাত হিতকামী দেৱতাবোৰৰ নাম 'আহুৰে৷ মজদা’ আৰু ভূত-প্ৰেতবোৰৰ নাম ‘অহিৰমন্’