তোমালোকে ডাঙৰ হৈ পঢ়িবা। শ্ৰীকৃষ্ণৰ অপৰিণত বয়সৰ কাহিনীহে তোমালোকক কোৱা হল। কৃষ্ণৰ পৰিণত বয়সৰ কাহিনী তোমালোকে পৰিণত বয়সত পঢ়িবা। এতিয়া ইহাকে মাত্ৰ জানি ৰাখা যে, বাল্যকালত শ্ৰীকৃষ্ণ এজন বলবান শিশু আছিল আৰু কেতিয়াও কোনো কামতে তেওঁক কোনোৱে পৰাজয় কৰিব নোৱাৰিছিল।
জ্ঞান-বিদ্যাতো তেওঁ মানুহৰ ধাৰণাৰ অতীত আছিল। তেওঁ প্ৰচাৰ কৰা হিন্দুধৰ্ম্ম পৃথিবীৰ অতি প্ৰাচীন আৰু প্ৰধান ধৰ্ম্ম। শ্ৰীমদ্ভাগৱত গীতা তেওঁৰ মুখৰ বাণী। পণ্ডিত সকলে তাৰ তত্ত্ব ব্যাখ্যা কৰি এতিয়াও শেষ কৰিব পৰা নাই। মহাভাৰতত তেওঁৰ কাৰ্যাৱলী জিলিকি আছে। তেওঁৰ প্ৰচাৰিত হিন্দুধৰ্ম্মৰ দৰে এনে উন্নত, লোকহিতকৰ আৰু সকলোৱে আচৰণ কৰি চলিব পৰা ধৰ্ম্ম পৃথিবীত আৰু এটা নাই। “কৃষ্ণস্তু ভগবান স্বয়ং” অৰ্থাৎ- শ্ৰীকৃষ্ণই ভগৱানৰ প্ৰতিমূৰ্ত্তি। তেওঁ মনুষ্য জন্ম লৈ জগতবাসীক কৰ্ম্মৰ মহৎ আদৰ্শ দেখুৱাই থৈ গৈছে। শ্ৰীমদ্ভাগৱত গীতা শ্ৰীকৃষ্ণৰ মুখৰ অমৰ বাণী। তাৰে দুই-চাৰিটা কথা ইয়াত তুলি দিয়া হল।
১। আত্মা অবিনশ্বৰ। ইয়াৰ বিনাশ নাই। তুমি-মই ভিন্; কিন্তু তোমাৰ আত্মা আৰু মোৰ আত্মা ভিন্ নহয়। সকলো জীৱৰে আত্মা, পৰমাত্মাৰ অংশ। শূণ্য পাত্ৰৰ বতাহ যেনে বায়ু মণ্ডলৰ অংশ, তেনেকৈ সকলো জীৱৰে আত্মা অনন্ত পৰমাত্মাৰ অংশ।