আহিল। তাত চালুকীয়া কৃষ্ণক আদৰ-সাদৰকৈ কোলাত লৈ পিয়াহ পিবলৈ দিলে। অন্তৰ্য্যামী কৃষ্ণই তাইৰ দুষ্ট বুদ্ধি বুজি ইমান বলেৰে পিয়াহ হুপিলে যে, একে হোপাতে তাইৰ সমস্ত শৰীৰৰ ৰস নাইকিয়া হল। তাই তেতিয়াই মৰিল।
(খ) শকট ভঞ্জন— যশোদাই কৃষ্ণক এখন গাড়ীৰ তলত শুৱাই ৰাখিছিল। সাৰ পাই কৃষ্ণই লাঁথি মাৰি গাড়ীখন লুটিয়াই পেলাইছিল।
(গ) মৃত্তিকা ভোজন :— কৃষ্ণ থৰক-বৰক্কৈ খোজ কাঢ়ি ফুৰিব পৰা হল। এনেতে এদিন এচপৰা মাটি খালে। যশোদাই দেখি ‘কিয় মাটি খালি’ বুলি সোধাত কৃষ্ণই ‘খোৱা নাই' বুলি উত্তৰ কৰিলে! খং কৰি যশোদাই তাৰ প্ৰমাণ লব খোজাত কৃষ্ণই মুখ মেলি দেখুৱালে। তেতিয়া যশোদাই কৃষ্ণৰ মুখৰ ভিতৰত গোটেই বিশ্ব-ব্ৰহ্মাণ্ডৰ ৰূপ দেখি বিস্ময় মানিলে।
(ঘ) ননী চুৰি :— কৃষ্ণ লৰি-ঢাপৰি ফুৰিব পৰা হল। তেওঁলোকক উৎপাত্ কৰি আনন্দ বোধ কৰিবলৈ ধৰিলে। তেওঁ গোৱালনী সকলৰ ননী-মাখন চুৰ কৰি খাবলৈ ধৰিলে। শিকিয়াৰ পৰা গাখীৰৰ চৰু নমাই আনি নিজেও খালে; বানৰবোৰকো বিলালে। শ্ৰীকৃষ্ণৰ এনে উৎপাতত গোপীসকল জ্বলা-কলা হল।
(ঙ) যমলাৰ্জ্জুন ভঙ্গ :— কৃষ্ণৰ উৎপাত, সহিব নোৱাৰি এদিন যশোদাই ককাঁলত জৰী লগাই উৰাঁল এটাত বান্ধি থৈছিল। কৃষ্ণই টানি উৰাঁলটো বগৰাই বগৰাই বহুদূৰলৈ লৈ