কেউখন প্রদেশতে কংগ্ৰেচ মন্ত্ৰী সভাই শাসন কাৰ্য্যৰ ভাৰ লয় । অসমেও আন উপদলৰ লগত সহযোগ কৰি কংগ্ৰেচ মন্ত্ৰী সভা গঠন কৰিছিল। কংগ্ৰেচী মন্ত্ৰী সকলৰ শাসন পটুতা সম্পর্কে অনেক অভিজ্ঞ ৰাজপুৰুষে প্ৰশংসা কৰে । কিন্তু মুছলমান সকলে কংগ্ৰেচী মন্ত্ৰীৰ শাসনত সুশাসন নোপোৱা বুলি আপত্তি জনায়।
প্রায় দুবছৰ শাসনকাৰ্য্য চলোৱাৰ পিচত ৰাজনৈতিক বন্দীৰ মুক্তিৰ প্ৰশ্ন লৈ মন্ত্ৰী সভা আৰু ইংৰাজ চৰকাৰৰ মতান্তৰ ঘটে। সেই কাৰণে তেওঁলোকে একেযোগে পদত্যাগ কৰে। মুছলীম লীগে তেওঁলোকৰ পদত্যাগৰ দিনটো ‘মুক্তিৰ দিন' বুলি ঘোষণা কৰি আনন্দ প্ৰকাশ কৰে ৷
ইতিমধ্যে ইউৰোপত দ্বিতীয় মহাৰণ লাগে ৷ জাপানে শত্রু পক্ষত যোগ দি এচিয়াৰ পূব ভাগত থকা ভাৰতৰ বাহিৰে আটাইবোৰ ইংৰাজ ৰাজ্য দখল কৰে। কংগ্ৰেচে ঘোষণা কৰে যে, “যুদ্ধ আহি ভাৰতৰ দুৱাৰদলি পালেহি। কিন্তু স্বাধীন ভাৰতেহে ভাৰত ৰক্ষাৰ কাৰণে যুদ্ধ কৰিবলৈ সক্ষম।”
এই ঘোষণাই বৃটিছ মন্ত্রীসভাক বিষম ঠেকত পেলায়। তেওঁ লোকে যুদ্ধ মন্ত্রী ক্রিপচ চাহাবক ভাৰতলৈ পঠিয়ায় । ক্ৰিপচৰ লগত নেতা সকলৰ অলোচনা হয় । কিন্তু আলোচনাৰ কোনো সুফল নফলিল ৷ . মহাত্মাই মত প্ৰকাশ কৰিলে যে—ক্রিপচৰ প্ৰস্তাৱ তাৰিখ বিহীন হুণ্ডি।” লীগ নেতা জিন্না চাহাবে জনালে যে—“পাকিস্থান নাপালে মুছলমান ৰাইজ সন্তুষ্ট নহব।” উদাৰ