দুসপ্তাহৰ পাছতে সেই শয্যাই তেওঁৰ অনন্ত শয্যাত পৰিণত হয়। এই ঘটনাই ভাৰতবাসীক আৰু চঞ্চল কৰি তোলে।
১৯২৯ চনত ইংলণ্ডৰ বনুৱাদলে শাসন ক্ষমতা পায় । মিঃ ৰামজে মেকডোনাল্ড প্রধান মন্ত্রী হয়। তেওঁৰ মত ভাৰতবাসীয়ে স্বায়ত্ত্ব শাসন পোৱাৰ অনুকূলে আছিল। ২৪ অক্তোবৰত তেওঁ ঘোষণা কৰে যে, “অদূৰ ভবিষ্যতত ভাৰতবাসীক স্বায়ত্ত্ব শাসন দিয়া হব।”
কিন্তু তেওঁৰ ঘোষণাই জাতীয়বাদী নেতাসকলৰ গা জুৰ নেপেলালে। ১৯২৯ চনৰ ডিচেম্বৰত পণ্ডিত জহৰলালজীৰ সভাপতিত্বত লাহোৰ নগৰত কংগ্ৰেচ মহাসভা বহিছিল । তাত তেওঁলোকে ভাৰতবাসীৰ পূৰ্ণ স্বাধীনতাৰ দাবী জনায় আৰু সেই উদ্দেশ্যে ১৯৩০ চনৰ ২৬ জানুৱাৰীত প্রথম স্বাধীনতা দিবসৰ উৎসৱ পালন কৰা হয় ৷
১৯৩০ চনৰ ১৫ ফেব্ৰুৱাৰীত এলাহাবাদত বহা কংগ্ৰেচৰ কাৰ্য্য নিৰ্ব্বাহক সভাই অহিংস উপায়ে আইন অমান্য কৰিবলৈ থিৰ কৰে। সেই উদ্দেশ্যে ১২ মাৰ্চত মহাত্মা গান্ধীয়ে ‘লোণ আইন' অমান্য কৰিবলৈ স্বেচ্ছাসেৱকৰ এটি সৰু দল লৈ সৰমতী আশ্ৰমৰ পৰা দাণ্ডি যাত্রা কৰে। শ্ৰীৰামচন্দ্ৰৰ লঙ্কা যাত্ৰাৰ দৰে সি এটা অপূৰ্ব্ব দৃশ্য। ওৰে বাটে শোভা-যাত্ৰা আৰু ৰাইজৰ হৰ্ষ ধ্বনিৰ মাজেৰে মহাত্মা গান্ধী দলে বলে ৫ এপ্ৰিলত দাণ্ডি পায় ৷ ৬ এপ্ৰিলৰ ৰাতিপুৱা মহাত্মাই নিষিদ্ধ অঞ্চলৰ পৰা এচপৰা লোণ তুলি লৈ ‘লোণ-আইন’