“গান্ধীজী! আপুনি এজন অসাধাৰণ পুৰুষ। আপুনি
নিঃস্বাৰ্থ দেশসেৱক আৰু ভাৰতৰ অবিসংবাদী নেতা। আপোনাৰ
উচ্চ আদৰ্শ, ঋষিতুল্য ত্যাগ আৰু অসাধাৰণ পাণ্ডিত্যৰ প্ৰতি
মোৰ সম্পূৰ্ণ শ্ৰদ্ধা আছে, কিন্তু মই আইনৰ অধীন। আইনৰ
দৃষ্টিত আপুনি এজন ৰাজদ্ৰোহী। এই কথা আপুনিও স্বীকাৰ
কৰিছে। গতিকে—মই বিচাৰকৰ গাদীত বহি আপোনাক
আইনৰ দৃষ্টিৰে চাবলৈ বাধ্য। মই আপোনাক ছ বছৰলৈ
বিনা-শ্ৰম-ফাটকৰ আদেশ দিলোঁ। কিন্তু লগতে ইয়াকো
কওঁ যে, যদি দেশৰ অৱস্থাই চৰকাৰক আপোনাৰ শাস্তি কমাব
বা মুক্তি দিব পৰা কৰে, তেন্তে মোতকৈ বোধ হয় কোনোৱে
বেছি আনন্দ উপভোগ কৰিব নোৱাৰিব।”
গান্ধীজীক যাৰভাদা জেলত থোৱা হল। কিছুদিন পাছতে তাত তেওঁৰ বৰ টান নৰিয়া হৈছিল। ভগবানৰ কৃপাত তেওঁ আৰোগ্য লাভ কৰে। আৰোগ্য হোৱাৰ লগে লগে চৰকাৰে তেওঁক মুক্তি দিয়ে।
ইয়াৰ পাছতে সাম্প্ৰদায়িক কন্দলে ভাৰতৰ ৰাজনৈতিক আকাশ ঢাকি ধৰে। গান্ধীজীৱে আন উপায়েৰে মিল কৰিব নোৱাৰি ১৯২৪ চনৰ ১৮ চেপ্তেম্বৰৰ পৰা ২৯ দিন অনশন আৰম্ভ কৰে। কিয়নো তেওঁৰ ধৰ্ম্মে তেওঁক শিকাইছিল যে, যি মানসিক পীড়াত কাতৰ, অথচ তাৰ প্ৰতিকাৰৰ একো উপায় কৰিব নোৱাৰে, সি অনশনে থাকি ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে।