সমললৈ যাওক

পৃষ্ঠা:অমৰ-কাহিনী.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অমৰ কাহিনী
১০৪
 

শেষত মহাত্মা গান্ধীয়ে তাৰ বিবৰণ লিখাৰ ভাৰ পাইছিল। বিপুল শ্ৰম আৰু অসীম ধৈৰ্য্য ধৰি মহাত্মাই যি বিবৰণী লিখি প্ৰকাশ কৰিছিল, প্ৰতিপক্ষই আজিলৈকে তাৰ এটি কথাও মিছা বা অতিৰঞ্জিত বুলি কবৰ সাহস কবৰা নাই।

 পাৰ্লিয়ামেন্ট মহাসভাত এই ঘটনাৰ সমালোচনা হৈছিল। হাউচ অব কমঞ্চে ডায়াৰক গৰিহণা দিছিল; কিন্তু ওডায়াৰ আৰু চেমচফোৰ্ডক প্ৰশংসা কৰিছিল। হাউচ অব লৰ্ডচে ডায়াৰৰ কাৰ্য্যকো সমৰ্থন কৰিছিল।

 এই সময়তে ভাৰতত খিলাফৎ আন্দোলনৰ ঢউ উঠে। মহাৰণৰ অন্তত খলিফাক ৰাজ্যহীন কৰ৷ বাবে ভাৰতৰ জাতীয়তাবাদী মুছলমান সকল বৃটিছ চৰকাৰৰ বিৰোধী হৈ উঠিছিল।

 ১৯২০ চনৰ চেপ্তেম্বৰ মাহত জালিৱানাবাগৰ হত্যাকাণ্ড আৰু খিলাফৎ প্ৰশ্নৰ সমাধানৰ কাৰণে কলিকাতাত কংগ্ৰেছ মহাসভাৰ এটা বিশেষ অধিবেশন বহে। তাত মহাত্মাৰ অহিংস অসহযোগৰ প্ৰস্তাৱ পাচ হয়। ইয়াৰ অলপ দিনৰ পিচতে বনৰ জুইৰ দৰে অসহযোগ আন্দোলন ভাৰতত বিয়পি পৰে। ছাত্ৰই স্কুল কলেজ এৰে, উকিলে আদালত এৰে, ঠায়ে ঠায়ে বিলাতি কাপোৰৰ মেজি পুৰে। ৰজা আৰু ৰাইজৰ বিষম বিৰোধ উপস্থিত হয়।

 এই সময়তে যুবৰাজ অষ্টম এডওৱাৰ্ডে ভাৰত ভ্ৰমণ কৰে। ৰাইজে যুৱৰাজৰ সম্বৰ্দ্ধনাত যোগ দিয়া নাছিল বৰং ধৰ্ম্মঘট, হৰতাল আৰু শোভাযাত্ৰা কৰি অসন্তোষৰ ভাৱহে প্ৰকাশ