১৯০৬ চনত দক্ষিণ-আফ্ৰিকা যুক্তৰাজ্য গঠিত হয়।
তেওঁলোকে স্বায়ত্ত্ব-শাসনৰ অধিকাৰ পায়। জেনেৰেল স্মার্ট তাৰ
প্রথম প্রেচিডেন্ট হয় ৷
স্মাৰ্টে ভাৰতীয়লোকৰ অনিষ্টজনক কেবাখনো আইন কৰে। সেই আইনবোৰ কাৰ্য্যকৰী হলে, হয়, ভাৰতীয় লোক সকলোৱে খৃষ্টধর্ম্ম লব লাগিব, নহয় দক্ষিণ-আফ্ৰিকা এৰি আহিব লাগিব— এনে অৱস্থাত পৰে । গান্ধীজীয়ে সেই আইনবোৰৰ বিৰোধিতা কৰি একো ফল নাপাই, তাতে তেওঁৰ জগতবিখ্যাত সত্যাগ্রহ আন্দোলন চুৰু কৰে
সত্যাগ্রহ নো কি এই কথা বুজাব লাগিলে কথা বহুতো। মোটতে ইয়াৰ মূল মন্ত্ৰ — ‘মৰেঙ্গে য়্যা কৰেঙ্গে ; মৰেঙ্গে, কভি নেহি মাৰেঙ্গে'। অর্থাৎ মৰিম কিম্বা কৰিম; নিজে মৰিম কিন্তু আনৰ গাত হাত নোতোলোঁ। যি নিজে মৰি আনৰ মঙ্গল কৰিবলৈ সক্ষম, সিহে প্রকৃত সত্যাগ্রহী।
ইয়াক দুমুখীয়া তৰোৱালৰ লগত তুলনা কৰিব পাৰি। ইয়াৰ ধাৰেও কাটে, গদিয়েও কাটে। যি ইয়াক প্ৰয়োগ কৰে, সিও লাভবান হয় আৰু যাৰ ওপৰত ইয়াক প্ৰয়োগ কৰা যায়, সিও লাভবান হয়। ইয়াত মৰিচা নধৰে ৷ কিন্তু দুৰ্ব্বলে ইয়াক প্ৰয়োগ কৰিব নোৱাৰে।
গান্ধীজীৰ এই নতুন ধৰণৰ আন্দোলনে দক্ষিণ আফ্রিকা চৰকাৰক বিমোৰত পেলায় । কিয়নো ইয়াক অস্ত্ৰেৰে দমাব নোৱাৰি। ইয়াক যিমানে চাপ দিয়া যায়, তিমানে বহল হয়।