এইবোৰ সামাজিক অন্যায়-অবিচাৰৰ উপৰিও তাৰ চৰকাৰে ভাৰতীয় লোকৰ ওপৰত অধিক কৰ-কাটল লগাই জুলুম কৰিছিল। ভাৰতীয় বনুৱাই তিনি পাউণ্ডৰ পৰা ২৫ পাউণ্ডলৈকে বছৰি জিজিয়া কৰ দিব লাগিছিল । এই কৰৰ প্ৰতিবাদ জনাই ৰেহাই পাবৰ কাৰণে অনুৰোধ কৰিবলৈ প্রিটোৰিয়ালৈ যোৱা তেওঁলোকৰ এটা সঁজাতিদলে ওলন্দাজ প্ৰেচিডেন্ট ক্রুজাৰৰ বঙ্গলাত সোমাবলৈ অনুমতি নাপাইছিল আৰু তেওঁলোকক বাহিৰত থিয় কৰাই ক্রুজাৰে সমিধান দিছিল—
“তহঁত অন্ত্যজৰ বংশধৰব । তহঁতে গোলামী কৰিবলৈকে জন্মিছ। আমাৰ দৰে চলিবলৈ বিচাৰিলে কত' পাবি? আমি তহঁতক যিদৰে ৰাখিছোঁ, তাতেই তহঁত সন্তুষ্ট থাকিব লাগিব।”
গান্ধীজীয়ে শেতাঙ্গবোৰৰ এইবোৰ আচৰণৰ দুৰ্ঘোৰ প্ৰতিবাদ কৰিছিল। ভাৰতলৈ লৰা-তিৰোতা নিবলৈ আহি সিহঁতৰ এইবোৰ কথা ভাৰততো প্ৰচাৰ কৰিছিল। সেই কাৰণে শ্বেতাঙ্গবোৰ তেওঁৰ ওপৰত জাঁকি উঠিছিল। তেওঁ লৰা-তিৰোতা লৈ যিদিনা ডাৰবান বন্দৰত নামে, সিদিনা এদল উন্মত্ত শ্বেতাঙ্গ ডেকাই তেওঁক মাৰি-কিলাই আধামৰা কৰিছিল। গান্ধীজীয়ে কিন্তু সকলো যন্ত্রণা নীৰৱে সহি আছিল। তেওঁ মনত প্রতিহিংসাক ঠাই নিদিছিল। সেৱাই আছিল তেওঁৰ ধৰ্ম্ম। তেওঁ সেৱাৰ ভাৱৰে সিহঁতৰ হৃদয় জয় কৰিবলৈহে যত্ন কৰিছিল।