( 64 ) বেলেগ। গোটেইখন পিঁয়াপি দি ফুৰিছে। সেই তহঁতৰ বগা দমৰাটো চৰি চৰি গৈ এজোপা বনৰ ওচৰ পাইছিল গৈ; মই বোলোঁ লৈ আহোঁ। পিচে সি লেজ থিয় কৰি সিফা লৰ পৰা দৌড়। সেই চিপাহী লুকাই আছিল।
জোপাটোতে কিজানি একুৰিমান গৰুৱে জৰ জৰ কৰি দিলত বেচাৰি- হঁতে তৰানৰ৷ ছিঙ্গি দৌৰ দিলে। কলৈ পলাব, ক'ত লুকাব তত্, নাই। মই হাত চাপৰি বাই দিলত এটাইখন লেবাই পৰি কেনিবাদি গল, কৱই নোৱাৰিলোঁ। তহঁতে নেদেখিলি আজি তেজেৰে নদী বইছে নহয়! দেখিলেই ভয় লাগে। মৰা মানুহ, হাতী, ঘোঁৰা, ৰথ, ৰথী জাজি উটাদি উটি ফুৰিছে। শিয়াল কুকুৰৰ ধেমালি কি চাবি? দেখিয়ে মই ভয় খাই পৰি গলোঁ। ভালেখিনি পৰৰ মূৰতহে উঠি চকু মুদি কোনো এতে গছৰ গুৰি পাইছোঁহি। ২য় গৰখীয়া——মই বাপেকে এই কক খেদি থৈ আহিছোঁ। আজি কিবা কে কি নামেৰে লৰাটোৱে নাম ৰাখিলে; লকডালেৰে এজা- বোলে সেই অভি ‘চাবাইচ'। হে! ষোল বছৰীয়া লৰাটোৱে আজি বাপেকে এটাইখনকে নকৰিবৰ চকৰি কৰিলে 1 ৩য় গৰখীয়া—হেৰ! কিন্তু মনে মনে থাক। ৰজাক কিন্তু চৰ্চ্চিব নেপায়। বেমাৰীৰ ওচৰত কিন্তু হাই উৰুমি কৰিলে কিন্তু বেমাৰে চল পায়। [ এজন বাটৰুৱাৰ প্ৰবেশ