যাওক বাপেকে (৬৩) কাৰবাৰ ধান খালেহে মজা ওলাব। সিহঁতে এইদৰে ধিতিঙ্গালি কৰি ফুৰিব; মই তাকলৈ গৰু আগচিম? যা গৈ— ১ম গৰখীয়া—হেৰ কলিয়া! চুঙ্গাত পানী আছেনে? কলিয়া—এৰা; মই গৰুও আগচিম আৰু তহঁতে খাবলৈ পানী ও আনিম। তহঁতে এই দৰে গা ঘেলাই ফুৰিবি। মোক ঘৰ-গোলামতো পাইছ নহয়? হেব কাপোৰেৰে বেৰি এইটো কি আনিছ? মোকো এটা দিবিনে? ... ১ম গৰখীয়া—ওঁ। চুঙ্গাচেবেক পানী আনগৈ, যা। দিম বাৰু। [পানী আনিবলৈ যায়] ১ম সৈন্য—উঃ! ম-বি-লোঁ। ৰা-ম-ৰা- ৩য় গৰখীয়া—মই কিন্তু কৈছিলোঁ নহয়! বোলোঁ কিন্তু ধঁপাত চোবাই লগাই দে। মোৰ কথা কিন্তু তহঁতে পানীয়ে মৰা বাও যেন কিন্তু দেখিলি। এতিয়া কিন্তু ইমান যত্ন কৰা কিন্তু মিছা হল। [পানী লৈ কলিয়াৰ প্ৰবেশ ] ৪ৰ্থ লৰা—[শকুনিলৈ আঙ্গুলিয়াই] হেৰ! এইটোৰ নাকত নিশ্বাস আছে। পানী দেন। সেই দুটা সিফলীয়া হলেই। [পানী দিয়ে] কলিয়া—এঃ! তহঁতে নেদেখিলি। আজি যি মজা ওলাইছিল! এই গছজোপাৰ ওখ ডালটোতে উঠি মই চাই আছিলে॥ সচাকৈ কৈছোঁ ভাইহঁত, আজিৰ কথা কাৰখানা
পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৯৩
অৱয়ব