( 88 ) উত্তৰা— নাথ! আপোনাৰ আজি নতুন সাজ কেলেই? অভি— প্ৰিয়ে! আজি মোৰ বৰ সৌভাগ্যৰ দিন; আজি মই পাণ্ডৱ বাহিনীৰ সেনাপতি। তোমাৰ ওচৰত বিদায় হুই যুদ্ধক যাবলৈ আহিছোঁ। যুদ্ধৰপৰা উভতি আহি তোমাৰ এই নকৈ ফুল গোলাপ পাহী যেন ধুনীয়া মুখখনি চাই যুজৰ ভাগৰ পলুৱামহি। এতিয়া প্ৰফুল্লচিত্তে বিদায় দিয়া। উত্তৰা — ই নিশ্চয় গৌৰৱৰ কথা। কিন্তু ইমানবোৰ মহাৰথী থকাতো আপোনাৰ নিচিনা কোমল বয়সৰ বীৰক দ্ৰোণ হেন প্ৰবীণ মহাৰথাৰ লগত যুদ্ধ কৰিবলৈ পঠোৱাটো যুক্তি সঙ্গত হোৱা নাই। সমানে সমানে যুদ্ধই হে বণ-নীতি। অভি-- প্ৰিয়ত্তমে! তোমাৰ নিচিনা ক্ষত্ৰিয় বংশজাত বীৰ কুমাৰীৰ মুখত এনে কথা শোভা নাপায়। মই ত্ৰিভুবন বিজয়ী গাণ্ডিবীৰ পুত্ৰ। দ্ৰোণাচাৰ্য্যে অদ্ভুত চক্ৰবেন: ৰাজি তুমুল যুদ্ধ কৰিছে আৰু জয়দ্ৰথে অতুল ৰক্ষা কৰিছে। পিতাদেৱ নাৰায়ণী সেনাৰ প্ৰতাপে ব্যুহদ্বাৰ লগত যুদ্ধত ব্যস্ত। অন্য কোনো ৰথীয়ে এই বেহু ভেদ কৰিব নাজানে। মোৰ বাহিৰে চক্ৰবেহু ভেদ কৰে এনে সেনাপতি আৰু নাই। দ্ৰোণাচাৰ্য্যে প্ৰতি মূহুৰ্ত্তে মহাৰাজ যুধিষ্ঠিৰক ধৰিবলৈ আহে। এনে স্থলত মই কাপুৰুষৰ দৰে নিশ্চিন্ত হৈ পিতৃকুলৰ অম ফল চাই থাকিলে এই কলঙ্ক ৰাখিবৰ ঠাই ত্ৰিভুবনত নহব তুমি কি ভাবিছা যে দ্ৰোণাচাৰ্য নেতকৈ অধিক বলী আৰু ডাঙ্গৰ বীৰ?
পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৭৮
অৱয়ব