পৃষ্ঠা:অনিমা গুহ.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ৰাতি উপায়ুক্তৰ ঘৰত ডিনাৰৰ নিমন্ত্ৰণ আছিল। আমাক নিবলৈ পঠালে এখন কোমল গাদী থকা বিদেশী মটৰগাড়ী। তেতিয়া ভাৰতত আমি এম্বেচেডৰ আৰু ফিয়েট গাড়ীহে দেখিছিলো। বাংলাদেশত আটকধুনীয়া বিদেশী গাড়ী দেখি ভাবিছিলো কোনখন দেশ দুখীয়া— ভাৰত নে বাংলাদেশ। যি কি নহওক টিলা এটাৰ ওপৰত কামাল চাহাবৰ ছবিযেন লগা বঙলাত নামিয়ে পালো জিভাৰ গ্ৰন্থিবোৰক উত্তেজিত কৰা বিৰিয়ানিৰ সুবাস।মুছলমান মানুহৰ ঘৰত বিৰিয়ানি মাংস ৰন্ধাৰ প্ৰণালীয়ে সুকীয়া। মনত পৰে কোকৰাঝাৰ ধুবুৰীত মুছলমান বন্ধুৰ ঘৰত ঈদ খোৱাৰ কথা। তেতিয়া ৰক্ষণশীল আত্মীয় আৰু চুবুৰীয়াসকলে কোৱা-কুই 'কৰিছিল মুছলমানৰ ঘৰত ভাত খোৱা ‘আপি’কেইটাৰ বিয়া হোৱা সহজ নহ’ব। এৰা, ছোৱালীৰ জীৱনৰ লক্ষ্য পুৰুষ এজনৰ ডিঙিত ওলমি পৰা। মুছলমানৰ ঘৰত ভাত খাই জাত যোৱা ছোৱালীৰ পক্ষে পুৰুষ এজনৰ ডিঙিটো পোৱা তেতিয়াৰ দিনত কঠিনেই আছিল। পিছে মা-দেউতাৰ ম্লেচ্ছ ছোৱালীকেইজনীৰ তেনে কোনো অসুবিধা নহ'ল।

 কামাল চাহাবৰ সুসজ্জিত ড্ৰইং ৰুমত আমাক আপ্যায়িত কৰিবলৈ পাতিছিল কবিতাৰ আসৰ। গৃহস্থ নিজে এগৰাকী কবি আৰু তাত আগমন ঘটিছিল কেইবাগৰাকীও কবিৰ। কিন্তু হায়, যাৰ বাবে এই কাব্যিক অনুষ্ঠান তেওঁলোক আটাইকেইজনীয়ে অ-কবি। স্বৰচিত দূৰৈৰ কথা, পৰৰচিত কবিতাও আমি নাজানো। কথমপি ৰবীন্দ্ৰনাথ ঠাকুৰে সিদিনা আমাক উদ্ধাৰ কৰিলে৷ অৱশ্যে মই নহয়, পাঠ কৰিছিল শৰ্মিলাইহে।

 কবিতাৰ পাছত বহিল গানৰ আসৰ। তেওঁলোকে ধৰিয়ে লৈছে সুগায়িকা নহ'লেও আমি গান গাবলৈ জানো। তেওঁলোকক কেনেকৈ বুজাওঁ যে গানৰ চৰ্চা দূৰৈৰ কথা, ঘৰে বাহিৰে কাম কৰা ‘ডবল ডিউটি’ মহিলাৰ গান শুনিবৰো সময় নাই। পিণ্টুৰ ওপৰত খং উঠিল। মন্ত্ৰীৰ ঘৰলৈ নোযোৱা হ'লে আমি স্বাধীনভাৱে হোটেলত থাকি ঘূৰি ফুৰিব পাৰিলোহেঁতেন। বাংলা ভাষাৰ ফকৰা এশাৰীলৈ মনত পৰিল— ‘পড়েছি যবনেৰ হাতে, খানা খেতে হবে তাৰ সাথে।’ পদ্মা-যমুনা পাৰ হওঁতে জাহাজৰ ডেকত মই ভূপেন হাজৰিকাৰ বিখ্যাত ‘গংগা আমাৰ মা, পদ্মা আমাৰ মা, আমাৰ দুই চোখে দুই জলেৰ ধাৰা মেঘনা-যমুনা...’ গীতটো গুণগুণাইছিলো। গতিকে আমাৰ লগৰকেইজনীয়ে মোক ঠেলি দিলে গান গাবলৈ। পিছে মই যে সেই গীতটোৰ এটা লাইনহে জানো। তদুপৰি আন গীতবোৰৰো এটা-দুটা শাৰীহে জানো। সকলোৱে যেতিয়া হেঁচি ধৰিলে তেতিয়া বিপদৰ পৰা আকৌ ৰক্ষা কৰিলে ৰবীন্দ্ৰনাথে। ৰবীন্দ্ৰ সংগীতো মোৰ প্ৰিয়, পিছে পুৰাকৈ জানো এটাহে। ৰবীন্দ্ৰনাথে তেওঁৰ নবৌয়েক

বাকীছোৱা জীৱন /৯৩