পৃষ্ঠা:অনিমা গুহ.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কক্সবাজাৰ : ঈশ্বৰক ইয়াতে এৰি আমি কক্সবাজাৰলৈ যাত্ৰা কৰোহঁক। নাইট চুপাৰত বহি দেখিলো সন্মুখত আৰি থোৱা টিভিৰ পৰ্দাত চলি আছে ভাৰতীয় হিন্দী কথাছবি। যাত্ৰীসকলৰ চকু তাতেই নিবদ্ধ। ভাৰতীয় চিনেমা বাংলাদেশত বৰ জনপ্ৰিয়। এটা সময়ত বাছ আহি ৰ'ল চট্টগ্ৰামত। মনত পৰিল স্বাধীনতা সংগ্ৰামত চট্টগ্ৰাম অস্ত্ৰাগাৰ লুণ্ঠনকাৰ্যত যোগদানকাৰী বিপ্লৱী সূৰ্যসেন, গণেশঘোষ, অনন্ত সিংহ আৰু লোকনাথ বললৈ। মাজনিশা বাছত তেওঁলোকৰ কথা ভাবি মনত এটা উত্তেজনা অনুভৱ কৰিলো। পিছমুহূৰ্ততে মনটো বিষাদেৰে উপচি পৰিল। দেশৰ বাবে আত্মাহুতি দি তেওঁলোকে কি পালে? মাতৃভূমি পাকিস্তানৰ ভাগত পৰা হেতুকে তেওঁলোকে পিতৃভিঠা ত্যাগ কৰি ৰিফিউজী নামৰ লেবেল লগাবলগীয়া হ'ল।

 কক্সবাজাৰলৈ যোৱা বাছখনত মোৰ দাঁতিত বহা ৰফিকুল নামৰ ডেকাজনে চট্টগ্ৰামত বাছৰ পৰা নামি পুৰুষসংগীবিহীন সাহসী পাঁচগৰাকী ভাৰতীয় বাইদেউৰ বাবে লৈ আহিছিল এটোপোলা সুমথিৰা। মাজবাটত আমাক আপ্যায়ন কৰিবলৈ এই ফলখিনিৰ বাহিৰে আন একোকে নোপোৱা বাবে তেওঁ দুখপ্ৰকাশ কৰিলে। বিদেশৰ অচিনাকি পৰিবেশত ৰফিকুল, আমিনুল, ফজলুৰ, প্ৰফুল্ল, কামৰুন, বীণাহঁতক পাম বুলি ভাৰত এৰাৰ আগতে জানো কল্পনা কৰিছিলো! আনহাতে ‘শত্ৰু’ দেশলৈ যাবলৈ ওলোৱা বাবে আমাক বহুতে ভয়হে খুৱাইছিল। প্ৰকৃততে সাধাৰণ মানুহৰ মাজত শত্ৰুতা নাথাকে।

 পুৱা কক্সবাজাৰৰ উপায়ুক্ত কামাল চাহাবক তেওঁৰ অফিচত লগ ধৰাৰ পাছত আমি হৈ পৰিলো একো একোগৰাকী ভি ভি আই পি। বংগোপসাগৰৰ ঢৌৰে বিধৌত সেউজ পাহাৰৰ কোলাত জিলা সদৰ চহৰখনত সোমায়ে স্নায়ুবোৰ সতেজ হৈ উঠিছিল। পাহাৰৰ ওপৰত নিৰ্মিত চাৰ্কিট হাউছলৈ চৰকাৰী গাড়ীৰে কামাল চাহাবে আমাক থোৱালে। কাকতালীয়ভাৱে মোৰ কোঠাটোৰ নাম আছিল অণিমা। ভাৰতৰ পৰা অহা ‘ৰাষ্ট্ৰদূত’সকলক লগ পাবলৈ বহুতো গণ্যমান্য ভদ্ৰলোক আহিছিল চাৰ্কিট হাউছলৈ। দুজন বডিগাৰ্ডৰ তত্ত্বাৱধানত আমি আহল-বহল সুদীৰ্ঘ সমুদ্ৰ সৈকতত আবেলিটো কটালো। আমাৰ মাজত ফুচ্ফুচাই কোৱা-মেলা কৰিলো যে নিজৰ দেশত কেতিয়াবা এনে সন্মান বা খাতিৰ পাইছিলো নে? নে আগলৈ কেতিয়াবা পাম? বোধকৰো সকলোৱে ভাবিছিল ৰাজশাহী কনফাৰেন্সত যোগ দিবলৈ অহা ভাৰতীয় পণ্ডিতনীকেইজনীক চাই নয়ন সাৰ্থক কৰা যাওক। পণ্ডিতনীয়ে নহয় সাহসিনীও। পাঁচজনী মহিলা অকলশৰে!

৯২/ বাকীছোৱা জীবন