পৃষ্ঠা:অনিমা গুহ.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এৰি অহা দিনবোৰলৈ মনত পৰিলে আচৰিত হৈ ভাবো আজি উলুবাৰীৰ ঘৰৰ পৰা এখোজ ওলাবৰ আগতে পঞ্চাশবাৰ অগাপিছা কৰো, অথচ এইজনী ময়ে আগপিছ চিন্তা নকৰি দিহিঙে-দিপাঙে ঘূৰি ফুৰিছিলো।

 মন্ত্ৰীৰ ঘৰৰ পৰা ওলাব খুজিলো, কিন্তু মন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে একো নোখোৱাকৈ কোনোমতে উঠিবলৈ নিদিলে। এওঁলোকৰ ঘৰলৈ অহাৰ ঠিক আগতে জাহাংগীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক এগৰাকীয়ে আমাক এখন পাঁচতৰা হোটেলত দুপৰীয়াৰ আহাৰ সাঁজ খুৱাইছিল। কথাষাৰ তেওঁলোকক ক'লো। কিন্তু বাংলাদেশৰ মানুহ নাচোৰবান্দা। পেটত ঠাই নাথাকিলেও খাব লাগিব। মন্ত্ৰীগৃহিণী একোব চৰা। তেওঁলোকে হেনো বৰিশাল জিলাৰ গৌৰনদীৰ পৰা দৈ আনিছে। এনে উৎকৃষ্ট দৈ নোখোৱাকৈ কোনোবা যায় নে? বুজিলো গৌৰনদীৰ দৈ আমাৰ সৰভোগ বা ৰামদিয়াৰ দৈৰ দৰে বিখ্যাত। মানুহগৰাকীয়ে ধুমুহাৰ বেগত ওলাই গৈ পাঁচ বাটি দৈ ট্ৰে এখনত সজাই লৈ আহিল। ভৰপেটত ৰসগোল্লাও তিতা তিতা যেন লাগে, আমাৰো সেয়ে হ’ল। অৱশ্যে মুখেৰে ক'লো— অতি সোৱাদ লগা।

 মন্ত্ৰীপত্নীয়ে অহংকাৰত গংগাটোপ যেন হৈ ক’লে— ‘গৌৰনদীৰ দৈ অতি উপাদেয় বইল্যা কৈছিলাম না। এৰ সামনে পঞ্চতাৰকা হোটেল কিছুই না। আবাৰ ভিসা কৰাইয়া আসবেন।'

 দৈ খোৱাৰ পাছতো আমাৰ নিষ্কৃতি নহ’ল। মন্ত্ৰীপত্নীয়ে আমাক ঢাকাৰ বিখ্যাত ঢাকেশ্বৰী মন্দিৰলৈ লৈ গ'ল। মন্দিৰটোৰ কথা সৰুৰে পৰা শুনিছিলো। বাবৰি মছজিদ ধ্বংসৰ প্ৰত্যাক্ৰমণ হিচাপে এই মন্দিৰটোও ১৯৯২ চনত ভাঙি পেলোৱা বুলি শুনিছো। সকলো ফালে চাই-চিতি ক’বলৈ বাধ্য হওঁ যে ধৰ্মই প্ৰায়ে কৰে অধৰ্মৰ কাম। আমি জনাত প্ৰকৃত ধৰ্মই মানুহক সহিষ্ণু কৰা উচিত। কিন্তু অধিকাংশ ক্ষেত্ৰত দেখো ধৰ্মান্ধসকল হয় অসহিষ্ণু। সকলো ধৰ্ম লোপ পাই অদূৰ নহ'লেও সুদূৰ ভৱিষ্যতে পৃথিৱীত প্ৰতিষ্ঠিত হওক কেৱল মানৱ ধৰ্ম। আমাৰ দেশৰ মন্দিৰবোৰত জমা হৈ আছে টনে টনে সোণ ঈশ্বৰ নামৰ নিৰাকাৰ কাৰোবাৰ নামত এই সোণবোৰ স্তূপীকৃত কৰি কাৰ যে লাভ হ’ল আমাৰ ক্ষুদ্ৰ মস্তিষ্কই বুজি নাপায়। এই সোণ দেশৰ কামত উচৰ্গা কৰিলে ঈশ্বৰৰ সৃষ্টি (যদিহে তেওঁ সৃষ্টি কৰিছে) মানুহৰ বহু উপকাৰ নহ'লহেঁতেন নে? তাকে কৰিলে ঈশ্বৰেও ভাল পালেহেঁতেন। ঈশ্বৰ নিশ্চয় দুৰ্নীতিপৰায়ণ ঘোচখোৰ নহয় যে তেৰাক সন্তুষ্ট কৰিবলৈ ঘিউ-মৌ খুৱাব লাগিব বা সোণৰ সিংহাসনত বহুৱাব লাগিব।

বাকীছোৱা জীৱন / ৯১