পৃষ্ঠা:অনিমা গুহ.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বহি থাকিলো। জাধলিয়ে পিছে কেৱল মণ্ডা নহয়, গণ্ডাই গণ্ডাই বিবিধ বস্তু পৰিবেশন কৰিলে। ৰাতিও খাবলৈ মাতিছিল, পিছে পিণ্টুৰ ভনীয়েকে ইতিমধ্যে নিমন্ত্ৰণ কৰি থৈছিল।

 বাংলাদেশত আমি দহ দিন আছিলো, নিজৰ জেপৰ পইচা খৰচ কৰি এবেলাও খাইছিলো বুলি মনত নপৰে। এনে অতিথিপৰায়ণ মানুহ বিশ্বৰ ক'ৰবাত আছে যেন নালাগে। সেই পৰম্পৰা আজিৰ দিনতো যে অমলিন হৈ আছে জানিলো ২০০৯ চনত ঢাকাত অনুষ্ঠিত সভা এখনত অংশগ্ৰহণ কৰিবলৈ অহা আমাৰ পুত্ৰৰ মুখত। কৰ্মসূত্ৰে সি পৃথিৱীৰ নানা দেশলৈ যায়। সভাৰ কাম চলি থকা অৱস্থাত ‘ৱৰ্কিং লাঞ্চ’ পৰিবেশন কৰা হয় সৰ্বত্ৰ। একমাত্ৰ ব্যতিক্ৰম হেনো বাংলাদেশ। তেওঁলোকৰ ‘ৱৰ্কিং লাঞ্চ’ক ভোজ বুলিব পাৰি। আমাৰ ল'ৰাই ইলিচ খাবলৈ ভাল পায় বুলি জানি ঢাকাত থকা কেইদিন ইলিচৰ বাহিৰেও বিবিধ আমিষ-নিৰামিষ ব্যঞ্জনেৰে তাক আপ্যায়িত কৰিছিল।

 পিণ্টুই আমাক এদিন লৈ গৈছিল তেতিয়াৰ ভূমি আৰু ৰাজহ মন্ত্ৰী সুনীল গুপ্তৰ বাসভৱনলৈ। গাড়ীৰ পৰা নামি আমি পিণ্টুৰ পিছে পিছে গৈ মন্ত্ৰীৰ শোৱনি কোঠাত সোমালো। লুঙী আৰু গেঞ্জি পিন্ধি মন্ত্ৰী তেতিয়া ল’ৰা-ছোৱালী, ইষ্ট-কুটুম্ব পৰিবেষ্টিত হৈ ইজি চেয়াৰত বহি আছিল। ভৰিৰ কাষত মজিয়াত বহি আছিল গাঁৱৰ পৰা অহা দুজন মানুহ। অচিনাকি মানুহৰ শোৱনি কোঠাত এইদৰে সোমাই বৰ অস্বস্তিবোধ কৰিছিলো। অলপ পাছত উপলব্ধি কৰিলো বাহ্যিক কোনো চফিচটিকেশ্যন নথকা বাংলাদেশৰ মানুহৰ বাবে ইয়ে স্বাভাৱিক। আমাৰ লগত মন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে ইমানে আন্তৰিকতাৰে কথা পাতিলে ধাৰণা হ’ল যেন কোনোবা পৰমাত্মীয়কহে বহুদিনৰ মূৰত লগ পাইছে।

 সিদিনা ৰাতিৰ বাছত আমি পাঁচজনী ‘অকলশৰে’ কক্সবাজাৰলৈ যাম বুলি শুনি মন্ত্ৰী ডাঙৰীয়া চক্খাই উঠিল। কাঢ়া অভিভাৱকৰ দৰে হুকুম জাৰি কৰি তেওঁ ক'লে যে আমি কোনোপধ্যেই অকলে যাব নোৱাৰো। পিছদিনা দিনৰ ভাগত তেওঁ গাড়ী এখনেৰে আমাক পঠাব, লগত যাব তেওঁৰ পত্নী। পত্নীৰ আকৌ পিছদিনা শিৱ পূজা। ইফালে আমাৰ ভিছাৰ মিয়াদ শেষ হওঁ হওঁ, গতিকে আমি সিদিনা ৰাতিয়ে যাব খোজো। তেওঁ ভিছাৰ মিয়াদ বঢ়াই দিব খুজিছিল, পিছে সময়মতে আমি কলকাতা পাবগৈ লাগিব শুনি চিন্তাত বিভোৰ হ’ল। ক্ষন্তেক পাছত টেলিফোন তুলি কক্সবাজাৰৰ ডি চি কামাল চাহাবক আমাৰ দায়িত্ব ল’বলৈ ক'লে।

৯০/ বাকীছোৱা জীৱন