পৃষ্ঠা:অনিমা গুহ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰকাশকৰ একলম

বিশ্ববিশ্ৰুত চিন্তাবিদ বাৰ্ট্ৰাণ্ড ৰাছেলে তেওঁৰ আত্মজীৱনীত উল্লেখ কৰিছে—‘Three passions, simple but overwhelmingly strong have governed my life: the longing for love, the search for knowledge and unbearable pity for the suffering of mankind. These passions, like great winds, have blown me hither and thither, in a wayward course, over a deep ocean of anguish, reaching to the very verge of despair.’

Bertrand Russell

ড° অনিমা গুহৰ লিখনিসমূহ পঢ়ি গ'লেও এনে ভাবৰে উদ্ৰেক হয়। মানৱতাবাদী লেখিকা ড° গুহৰ প্ৰতিটো লেখাতেই যেন বৈ থাকে জ্ঞান অন্বেষণৰ এখন চিৰ প্ৰবহমান নৈ আৰু আৰ্তজনৰ বাবে কান্দি উঠা এখন হৃদয়। অন্তৰ্দৃষ্টি, বোধশক্তি আৰু সংবেদনশীলতাই তেওঁৰ লেখনিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

 স্মৃতি ৰোমন্থন বৰ সহজ কথা নহয় তাকো কালানুক্ৰমিক ৰূপত ইয়াক বৰ্ণনা কৰাটো অতি কঠিন কাম বুলি আমি অনুভৱ কৰো। ড° অনিমা গুহই