পৃষ্ঠা:অনিমা গুহ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাতত মাৰণাস্ত্ৰ নাছিল তেওঁলোকে কন্যা-ভগ্নীক নাদত ঢকা মাৰি পেলাই দিছিল। ভাতৃঘাতী সংঘৰ্ষত লিপ্ত হৈছিল বিবেকহীন মানুহ নামৰ একজাতীয় জীৱই।

 ৰাজশাহী আহি পোৱা বুলি কোনোবাই কোৱাত উভতি আহিলো বাস্তৱলৈ। আমাক আদৰিবলৈ প্লেটফৰ্মত উপস্থিত আছিল ছাত্ৰ-ছাত্ৰীৰ এটা দল। কেইবা একৰ জোৰা আমৰ বাগিচাৰ মাজত নিৰ্মিত ৰাজশাহী বিশ্ববিদ্যালয় কেম্পাচটো এটা শব্দত অপূৰ্ব। আমৰ মুকুলৰ সুবাসেৰে মন-প্ৰাণ বলিয়া কৰা বাতাৱৰণৰ মাজেৰে আহি সোমালো অত্যাধুনিক অতিথি গৃহটোত। বেনাপ’ল সীমান্তত নিজকে ভি আই পি যেন লাগিছিল৷ ৰাজশাহীত নিজকে ভাৰতৰ ৰাষ্ট্ৰদূত যেন লাগিল। পিছদিনা পাঁচগৰাকী ভাৰতীয় মহিলাক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পৰা চকীদাৰলৈ আটায়ে আদৰ-আপ্যায়নৰ যি চূড়ান্ত নিদৰ্শন দেখুৱালে যে আমাৰ লাজ লাগি গ'ল। আৰু ছাত্ৰ-ছাত্ৰীবোৰৰ কাণ্ড-কাৰখানা দেখি এনে লাগিল যেন আমি একো একোজনী চিত্ৰ তাৰকা। অট’গ্ৰাফ লিখি আৰু কেমেৰাৰ সন্মুখত থিয় দি দি ভাগৰি পৰিছিলো। কোনেও পুৰুষ ভাৰতীয় অংশগ্ৰহণকাৰীসকলক প্ৰয়োজনতকৈ বেছি গুৰুত্ব দিয়া দেখা নাই। তেওঁলোকক কোনেও টনা-আঁজোৰা কৰাও দেখা নাই। কেমেৰাৰ ফ্লেশ্ব বাল্বে তেওঁলোকৰ চকু ছাটমাৰি ধৰা নাই।

 কনফাৰেন্স চলি থাকোতে কেইগৰাকীমান সাংবাদিকে ইটো-সিটো প্ৰশ্ন কৰাৰ পাছত গংগাৰ পানী বন্টন সম্পৰ্কে আমাৰ মতামত জানিব বিচৰাত কৌশলেৰে প্ৰশ্নটো এৰাই গৈছিলো। বাংলাদেশলৈ যোৱাৰ আগতে আমাক কলকাতাতে সাৱধান কৰি দিয়া হৈছিল যেন ৰাজনৈতিক কোনো বিষয়ৰ আলোচনাৰ মাজলৈ নাযাওঁ। তদুপৰি এনেবোৰ কথাৰ আলোচনা কৰিবলৈ মোৰ যোগ্যতাও নাই। বাকীকেইজনীও ৰাজনীতিৰ সৈতে সম্পৰ্কহীন।

 দুপৰীয়াৰ আহাৰ পৰ্বৰ পাছত বাংলাদেশ ইনষ্টিটিউট অব্ টেকন'ল'জিৰ ছাত্ৰৰ দল এটাই আমাক দস্তুৰমতে হাইজেক কৰি তেওঁলোকৰ কেম্পাছলৈ লৈ গ'ল। আহল-বহল কলেজখন দেখুওৱাৰ পাছত কেণ্টিনত বহুৱাই ফুলৰ মালা-চালা পিন্ধাই যি কাণ্ডখন কৰিলে মনত পৰিলে হাঁহি উঠে। তেতিয়ালৈ গম পোৱা নাছিলো যে দলটোৰ পাণ্ডা ইকবাল মাতিন ছাত্ৰ নহয়, চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰবক্তাহে। এওঁলোকৰ লগত আমাৰ যোগাযোগ বহুদিনলৈ বৰ্তি আছিল। এওঁলোকৰ বাহিৰেও তাত বহু ভাৰতপ্ৰেমী ছাত্ৰ-ছাত্ৰীক লগ পাইছিলো। ঢাকাৰ জাহাংগীৰ বিশ্ববিদ্যালয়ৰ তৰুণ প্ৰবক্তা মহম্মদ মোবাৰক হুছেইনেতো কৈয়ে পেলালে বাৰ্লিন দেৱাল যদি

বাকীছোৱা জীৱন /৮৭