পৃষ্ঠা:অনিমা গুহ.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যাত্ৰীসকলৰ অধিকাংশই টিকেটলেছ বাবে গাড়ীখনৰ নাম ‘মামাৰ গাড়ী’। টিকেটলেছ হ’লেও মানুহবোৰ কিন্তু হাৰ্টলেছ নহয়। তেওঁলোকে নিজে উঠি আমাক বহিবলৈ আসনবোৰ এৰি দিছিল। আজি ভাৰত-বাংলাদেশৰ মাজত মৈত্ৰীৰ সম্পৰ্ক স্থাপন হৈছে যদিও কোনো কোনো সময়ত সম্পৰ্কত ফাটো মেলিছিল। এটা কথা হয়তো সকলোৱে মন কৰিছে যে যিকোনো দেশৰ সাধাৰণ মানুহবোৰৰ মাজত কিন্তু বৈৰীভাব নাথাকে। যি কি নহওক, ভাৰতীয়ৰ দৰে বাংলাদেশী মানুহৰ মানসিকতাতো আমি পাঁচজনী আছিলো অকলশৰীয়া।

 বাংলাদেশ বিদেশ বুলি জানিয়ে পাছপ'ৰ্ট-ভিছা লৈ গৈছিলো যদিও ভাৰত বিভাজনৰ আগতে ওপজা বাবেই হয়তো দেশখনক মুঠেও বিদেশ যেন নালাগে মোৰ। তদুপৰি আমি পশ্চিম অসমৰ মানুহ হোৱা হেতুকে এসময়ত আমাৰ গাতে লাগি থকা বৰ্তমান বাংলাদেশ, তেতিয়াৰ পূৰ্ববংগৰ লগত কিছু যোগাযোগ আছিল। আমাৰ অঞ্চলৰ কেইবাজনো ছাত্ৰই তেতিয়া ৰংপুৰ কলেজত পঢ়িছিল। ধুবুৰীৰ থলুৱা ল’ৰা-ছোৱালীৰ বৈবাহিক সম্পৰ্ক স্থাপন হৈছিল চুবুৰীয়া ৰাজ্যখনৰ সৈতে। বৰ্তমান বাংলাদেশভুক্ত পাংগাৰ ৰজাৰ পৰিয়াললৈ বিয়া দিছিল উজনি অসমৰ কোনোবা বৰকাকতী পৰিয়ালৰ জীয়ৰী এগৰাকীক। পাংগাৰ ৰজাও নৰনাৰায়ণ-চিলাৰায়ৰ উত্তৰপুৰুষ। আটাইবোৰ উত্তৰপুৰুষৰ পৰিয়ালৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থকা দেখিছো। আমাৰ বাইদেউৰ তৃতীয় পুত্ৰ ডাঃ অসীম দাসে বিয়া কৰাইছে বিজনীৰ ৰজা ভৈৰবেন্দ্ৰ নাৰায়ণ ভূপবাহাদুৰৰ নাতিনী অজপাক।অজপাহঁতৰ ঘৰত লগ পাইছিলো বৰকাকতীৰ ঘৰৰ জীয়ৰী পাংগাৰ ৰাণীক। তেওঁৰ মুখত নিৰ্ভেজাল গোৱালপৰীয়া দেশী ভাষা শুনিলে কোনে ক’ব তেওঁক শিৱসাগৰীয়া বুলি।

 ৰাজশাহীলৈ যোৱাৰ পথত ঈশ্বৰদী জংচন আৰু পদ্মা নৈৰ ওপৰেদি যোৱা হাৰ্ডিঞ্জ বা স্বাৰাব্ৰীজ পাৰ হওঁতে কিশোৰীকাললৈ মনত পৰিছিল। তেতিয়া এইবোৰ অঞ্চল ভাৰতৰ অন্তৰ্ভুক্ত আছিল। সিদিনা ভাবিব পৰা নাছিলো কেতিয়াবা পাছপ'ৰ্ট-ভিছা হাতত লৈ ইয়ালৈ আহিব লাগিব বুলি। এই নিষ্ঠুৰ সত্যই মোক বেদনাহত কৰিলে। গান্ধীজীৰ ইচ্ছাৰ বিৰুদ্ধে ভাৰত দ্বিখণ্ডিত হৈছিল। মনত পৰিল বংগ আৰু পঞ্জাবত ঘটা সেই ৰক্তাক্ত গণহত্যাৰ ইতিহাস, নাৰীৰ চৰম অপমানৰ ইতিহাস। মনত পৰিল ছিন্নমূল মানুহবোৰলৈ। ৰাজনীতিৰ চাকনৈয়াত পৰা লাখ লাখ মানুহৰ ভাগ্য হ’ল কক্ষচ্যুত গ্ৰহৰ নিচিনা। বিধৰ্মীৰ হাতত পৰাৰ আশংকাত নিজ পিতৃ-ভাতৃৰ দা-তৰোৱালৰ ঘাপত বা বন্দুকৰ গুলীত প্ৰাণ দিলে হেজাৰ হেজাৰ ছোৱালীয়ে। যাৰ

৮৬/ বাকীছোৱা জীৱন