পৃষ্ঠা:অনিমা গুহ.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধৰিলে এই দুৰ্যোগত ইমান কষ্ট কৰাৰ কি প্রয়োজন আছিল! ভাগ্য ভাল তেওঁলোকৰ ফালে পানী পোৱা নাছিলো। তত্ত্ববোৰ নমোৱাৰ পাছত এইবাৰ কইনাৰ ধমকি খালো। ইমানবোৰ কাপোৰ, আ-অলংকাৰ আনিলো কিয় ! ময়ো ধমকি মাৰি ক’লো মনে মনে থাকিবলৈ। যি কি নহওক লৰালৰিকৈ উভতি আহিলো ঘৰলৈ।

 ভনীজোঁৱাই চক্ৰেশ্বৰ আগনিশা আহি অসম হাউছত উঠাৰ কথা। ভাগিন কৌশিক আৰু ভাগিনী পিউ-লাটু-মিঠুও তাত। তাত থকাৰ উদ্দেশ্য ওচৰতে থকা নিউমার্কেটলৈ গৈ বিয়াত পিন্ধিবলৈ কাপোৰ কিনা। সেইবোৰ অঞ্চল পানীত তল যায় বুলি জানো, গতিকে কাপোৰ দূৰৈৰ কথা বিয়াঘৰলৈ আহিব পাৰিবনে নাই ওৰে বাটটো ভাবি ভাবি আহিলো। তেতিয়াৰ দিনত ম'বাইল ফোন থকা হ'লে টেনশ্যনত ভুগিবলগীয়া নহ'লোহেঁতেন। জয়ৰ বন্ধুবোৰৰো খবৰ নাপালো।

 বৰষুণ কমি আহিছিল যদিও পানী কমাৰ কোনো লক্ষণ নেদেখিলো। ঘৰলৈ আহিয়ে গৃহস্থক ক’লো দৰাপাৰ্টি যোৱাৰ ব্যৱস্থা কৰিবলৈ। বাছ-গাড়ী আহি পায় নে নাই ভৱিতব্যই জানে। জোৰণলৈ যোৱা এইখন গাড়ীৰ ড্ৰাইভাৰজনে যেতিয়া অভয় দিছে কলকাতা পানীত বুৰ গ'লেও তেওঁ দৰাক লৈ যাব, গতিকে আৰু এজাক বৰষুণ অহাৰ আগতে দৰাক লৈ দেউতাকে ইতিমধ্যে আমাৰ ঘৰত উপস্থিত হোৱা দুজনমান আত্মীয়ক লৈ যাত্ৰা কৰা সমীচীন হ’ব। কইনা ঘৰকো ফোন কৰি জনালো দৰা আগতীয়াকৈ যাব।

 প্রায় তিনিমান বজাত অসম হাউছৰ দলটোৱে পানীৰ মাজেৰে বজাৰ-সমাৰ কৰি আহিল। বালিগঞ্জ চার্কুলাৰ ৰোডৰ চৰকাৰী বাসভৱনৰ পৰা দেওৰৰ পৰিয়ালটোৱে জনালে তেওঁলোকো জলবন্দী। ইফালে সিফালে সকলোৰে পৰা একেই খবৰ। মই তেতিয়া বোধশক্তিহীন হৈ কেৱল ভাবিছো দৰাক পঠাব পাৰিলেই ৰক্ষা। দৰাৰে সৈতে দৰাপাৰ্টিৰ যোৱা কথা আছিল গধূলি সাত বজাত, দৰাক পঠালো পাঁচ বজাতে। পশ্চিমবংগ চৰকাৰৰ পৰ্যটন বিভাগৰ বাছ এখন ভাড়া কৰা হৈছিল, তেওঁলোকে জনালে বাছখন আহিব। পিছে বাছত যাবলৈচোন মানুহেই নাই। স্থানীয় আত্মীয়-স্বজন আহিবই পৰা নাই, কেৱল অসমৰ পৰা যোৱা মোৰ ভনীহঁতৰ পৰিয়াল, ঘৰৰ মালিকৰ পৰিয়ালটো আৰু আমাৰ সাহায্যকাৰীৰ পৰিয়ালটো। কাপোৰ পিন্ধিবলৈ লৈছিলো এনেতে আঁঠুলৈকে পেণ্ট কোচাই দেওৰ আহি উপস্থিত, পিছে পিছে তেওঁৰ কন্যা মধুমিতা আৰু গুৱাহাটীৰ ভতিজা শুভেন্দু আৰু মুক্তিৰ বৰজীয়ৰী নীলাঞ্জনা। সিহঁতৰো চেলোৱাৰৰ তলবোৰ তিতা। বৰ কষ্ট কৰি আহিছিল তেওঁলোক।

বাকীছোৱা জীৱন /৮১