সমললৈ যাওক

পৃষ্ঠা:বাকীছোৱা জীৱন.pdf/৭

ৱিকিউৎসৰ পৰা
(পৃষ্ঠা:অনিমা গুহ.pdf/৭ৰ পৰা পুনঃনিৰ্দেশিত)
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ একাষাৰ

মোৰ স্মৃতিকথাৰ প্ৰথম খণ্ড ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি' ২০০৯ চনৰ নৱেম্বৰ মাহত ‘বনফুল প্ৰকাশনে’ প্ৰকাশ কৰিছিল। জীৱনটো দীঘলীয়া হোৱা বাবে এটা খণ্ডত লিখি শেষ কৰিব পৰা নাছিলো। ভাবিছিলো বাকীছোৱা জীৱনৰ দিনবোৰৰ স্মৃতি প্ৰথম খণ্ড প্ৰকাশ হোৱাৰ পাছতেই লিখিম। কিন্তু সদায় ঘটাৰ দৰে মোৰ জীৱনত যেতিয়াই তেতিয়াই ওলায়হি জোৱাৰ-ভাটাৰ আকৰ্ষণ-বিকৰ্ষণ। তাৰ লগতে কেতিয়াবা আবিৰ্ভাৱ ঘটে বা-মাৰলিৰ। তচনচ কৰি যায় সকলো পৰিকল্পনা।

 পিছে জীৱনত হাৰ মানিব নোখোজা মই আকৌ উঠি বহো। ইফালে প্ৰথম খণ্ডৰ পাঠক-পাঠিকাসকলে লগ পালেই সোধে দ্বিতীয় খণ্ড কেতিয়া ওলাব। ভাগিনী মিমিৰ লগত দেখা হ’লেই একেটা কথাকে কৈ থাকে — ৰসগোল্লা আধা খোৱাকৈ থাকিব নোৱাৰি। বাকী আধা কেতিয়া খাবলৈ পাম৷ অৱশেষত প্ৰতিকূল অৱস্থাৰ মাজেদি গৈ আধাডোখৰ ৰসগোল্লা তৈয়াৰ কৰি মিমিকে ধৰি সমূহ পাঠক-পাঠিকাৰ হাতত তুলি দিলো ‘বাকীছোৱা জীৱন' নামেৰে। এই আধা ডোখৰ ৰসগোল্লা কুইনাইনৰ বড়ি নহ'লেই ৰক্ষা।

 স্মৃতিকথাৰ দ্বিতীয় খণ্ডটো প্ৰকাশ কৰাৰ দায়িত্ব