পৃষ্ঠা:অনিমা গুহ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাম-কাজৰ বিষয়ে কৈছিল যে শুনি সেইখন জগতত কিছু সময় থকাৰ অনুভূতি হৈছিল মোৰ। মাছাংসকল আটাইতকৈ ভয় লগা। ইহঁতে লম্ভিলে ৰোগীক বচোৱা সহজ নহয়। ভূতসকল হ’ল পুৰুষৰ প্ৰেতাত্মা, শাকচুন্নী হ’ল মহিলাৰ আৰু মুছলমানৰ প্ৰেতাত্মাসকলক কোৱা হয় মামদো ভূত। বীৰাসকল তুলনামূলকভাৱে নিৰ্জু। ইহঁতৰ মাজতো আছে শ্ৰেণীভেদ। হাসুনীয়া বীৰাই লম্ভিলে মানুহজনে হাঁহি থাকে। কান্দুনীয়াই কন্দুৱায়, নাচুনীয়াই নচুৱায় ইত্যাদি। অপাৰ্থিৱ সম্প্ৰদায়ক বশ কৰিবলৈ বিভিন্ন উপায় ওজাসকলৰ জোলোঙাত আছে। ভূত-প্ৰেতৰ চিকিৎসকসকলৰ ওচৰলৈ যাবলৈ মানুহে ভয় কৰাৰ ঘাই কাৰণ এওঁলোকৰ ধাৰণা অতিপ্ৰাকৃতিক শক্তিসমূহ ওজাসকলৰ আজ্ঞাবাহী ভৃত্য। কাৰোবাৰ ওপৰত খং উঠিলে ওজাই গাত ভূত লম্ভাই মানুহজনৰ হাৰাশাস্তি কৰিব পাৰে। আনকি সাধাৰণ ৰাইজেও ওজাসকলক ‘হায়াৰ’ কৰি তেওঁলোকৰ মাধ্যমেৰে শত্ৰুৰ গাত ভূত লম্ভাই সিহঁতৰ নাকনি-কাননি অৱস্থা কৰিব পাৰে। দুই পক্ষৰ ওজাসকলৰ মাজত যুদ্ধ হয় অদৃশ্য বাণেৰে। ই পক্ষৰ পৰা উৎক্ষিপ্ত বাণক শূন্যতে নিষ্ক্ৰিয় কৰিব পাৰে আন পক্ষৰ ওজাই। ঠিক যেনিবা ৰাম ৰাৱণৰ নাইবা কুৰুক্ষেত্ৰৰ যুদ্ধহে।

 ভূত মই এতিয়া বিশ্বাস নকৰো যদিও এই বুঢ়া বয়সতো ভূতৰ গল্প পঢ়িবলৈ ভালপাওঁ। সৰুতে আইতাই ভূতৰ কাহিনী কৈছিল। গাৰ নোম ডাল ডাল হোৱা সত্ত্বেও শুনিবলৈ ভাল পাইছিলো। তেতিয়া ভূত বিশ্বাস কৰিছিলো। মনত পৰে মা-দেউতাৰ চকুৰ আঁৰত ‘পৰলোকেৰ কথা’ নামৰ কিতাপ এখন স্কুলীয়া জীৱনতে পঢ়ি কেনেকৈ শিহৰিত হৈছিলো। কোকৰাঝাৰত থাকোতে আমাৰ চুবুৰিটোত মনুদি নামৰ ছোৱালী এজনী টাইফয়েড ৰোগত আক্ৰান্ত হৈ ঢুকাইছিল। এদিন জোনাক নিশা সৰু মামা প্ৰভাস চৌধুৰীয়ে তেওঁৰ দোকান বন্ধ কৰি ঘৰলৈ অহাৰ সময়ত হেনো মনুদিৰ প্ৰেতাত্মাটোক দেখা পাইছিল। মামাই সেই প্ৰেতাত্মাৰ যি বৰ্ণনা দিছিল আজি সত্তৰ বছৰ পাছতো ই মোৰ স্মৃতিত অমলিন হৈ আছে। আজি যুক্তিৰে ভাবো মামাই ভয়তে বায়ৱীয় সেই মূৰ্তিটো দেখিছিল।

 যি কি নহওক ক্ষেত্ৰ অধ্যয়ন কৰাৰ সময়ত এদিন এন্ধাৰ ৰাতি গাইড দুগৰাকীৰ সৈতে এজন ভূত বিশেষজ্ঞৰ ঘৰলৈ গৈছিলো বাঁহৰ তলেদি যোৱা লুংলুঙীয়া বাট এটাৰে। গাইড দুজন ভয়তে নোসোমাল। প্ৰকৃততে মই যোৱাটোও সিহঁতে ভালপোৱা নাছিল। মই আহিছিলো এটা কামত, গতিকে যাবই লাগিব বুলি কোৱাত অনিচ্ছা সত্ত্বেও লৈ গৈছিল অঞ্চলটোৰ খ্যাতনামা ওজাজনৰ ঘৰলৈ। চাৰিওফালৰ পৰিবেশ

বাকীছোৱা জীৱন / ৬৭