পৃষ্ঠা:অনিমা গুহ.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তত্ত্বাৱধানত কোকৰাঝাৰত আছিল। গতিকে থকা-মেলাৰ কোনো অসুবিধাতো নাছিলেই বৰঞ্চ একেৰাহে বহুদিন মাৰ বৃদ্ধ বয়সত তেওঁৰ লগত দিনটো নহ'লেও ৰাতিটো কটাব পৰা আছিল এটা মহা ভাগ্যৰ কথা। ঘৰৰ চিন্তাও বিশেষ নাছিল। জয় খড়গপুৰ আই আই টিত আৰু গৃহস্থৰ আলপৈচান ধৰিবলৈ বিশ্বাসী মানুহো আছিল কলকাতাত। গ্ৰাম্যাঞ্চললৈ যাওঁতে গাইড হিচাপে মোক প্ৰায়ে সংগদান কৰিছিল ঘাইকৈ আমাৰ ভ্ৰাতৃতুল্য যুৱকদ্বয় শ্ৰীমান বিবেকানন্দ ব্ৰহ্ম আৰু তেওঁৰ ভায়েক বৈকুণ্ঠ ব্ৰহ্মই (বকুল)। বিবেকাই তেতিয়া স্থানীয় বিদ্যাপীঠ হাইস্কুলত শিক্ষকতা কৰিছিল আৰু বকুলে কৰি আছিল চৰকাৰী চাকৰি। গতিকে সদায় তেওঁলোকক পোৱা নাছিলো। অৱশ্যে তেওঁলোক যাব নোৱাৰিলে আন ল’ৰাক মোৰ লগত পঠাইছিল।

 ৰাতিপুৱা ভাত-পানী খাই প্ৰয়োজনীয় সা-সামগ্ৰী লৈ ৰিক্সাত উঠি চহৰৰ সমীপৱৰ্তী গাঁও কেইখনমানলৈ গৈছিলো। প্ৰথমতে গৈছিলো বাতাবাৰীলৈ। গাঁৱৰ ৰাইজৰ সহযোগিতা অবিহনে মোৰ কাম আগনাবাঢ়িলহেঁতেন। কেইদিনমান অহা-যোৱা কৰাৰ পাছত তেওঁলোক মোৰ অতি আপোন হৈ পৰিছিল। চাহ খোৱা, ভাত খোৱা, গছৰ ফল-মূল খোৱা এটা সাধাৰণ ৰুটিনত পৰিণত হৈছিল। এদিন গাঁৱত প্ৰজেক্টাৰ আনি তিনিখন হিন্দী কথাছবি দেখুওৱাৰ ব্যৱস্থা কৰা হ’ল। গাঁৱৰ ছোৱালীকেইজনীমানে জোৰ দি ক’লে বোলে ময়ো ৰাতিটো তেওঁলোকৰ সৈতে চিনেমা চাব লাগিব। মানুহৰ মৰমক নেওচিব নোৱাৰো, গতিকে জাৰ-কালিৰ ৰাতি শুকান ধাননি পথাৰ এখনত ধানখেৰৰ ওপৰত বহি তেওঁলোকে দিয়া কম্বলেৰে কাণমূৰ ঢাকি গাঁৱৰ ল’ৰা, বুঢ়া- বুঢ়ী, ডেকা-গাভৰুৰ সৈতে চিনেমা চালো। মোকেই নহয়, ভণ্টি ৰীতাকো তেওঁলোকে মাজে মাজে নিমন্ত্ৰণ কৰি ভাত খুৱাইছিল। মুঠতে তেওঁলোক মোৰ আপোন মানুহ হৈ পৰিছিল কেইদিনমানৰ ভিতৰতে। পিছলৈ মই আৰু গাইডৰ লগত নহয়, অকলেই গৈছিলো। বাতাবাৰী গাঁৱৰ দুটা পৰিয়ালৰ লগত বিশেষকৈ মোৰ সম্পৰ্ক ঘনিষ্ঠ হৈছিল। কবিৰাজ শান্তিৰাম বসুমতাৰী, তেওঁৰ পুত্ৰ জানকী বসুমতাৰী আৰু কন্যা মাধুৰীলৈ আজিও মনত পৰে। পৰিয়ালটো সুশিক্ষিত। কামেশ্বৰ ব্ৰহ্মৰ পৰিয়ালটোৰ লগতো অন্তৰংগতা গঢ়ি উঠিছিল। তেওঁৰ ভনী খঞ্জাৱতীয়ে মোক ক্ষেত্ৰ অধ্যয়ন কৰাত সহায় কৰিছিল, তেওঁলোকৰ ঘৰত ৰাতিও থাকিছিলো। কিমান যে খাইছো! খঞ্জাৱতীয়ে তাঁতশালত বৈ দিয়া ঊলৰ চাদৰ দুখন জাৰকালি অতি মৰমেৰে ব্যৱহাৰ কৰো।

 তাত ক্ষেত্ৰ অধ্যয়ন কৰি থাকোতে এঘৰৰ শ্ৰাদ্ধ উপলক্ষেও উপস্থিত আছিলো। তেওঁলোকে আমাক ভাত-মাংস আদি খুওৱাৰ উপৰি উৎকৃষ্ট ‘জাউ’ খুৱাইছিল।

বাকীছোৱা জীৱন / ৬৩