পৃষ্ঠা:অনিমা গুহ.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সন্মুখত আমাক নমাই দি আহিছিল। শাৰীৰ কাহিনী শুনি ৰেণুকাই বৰ স্ফূৰ্তি পাইছিল সিদিনা। টিটুও বৰ খুচী মন্ত্ৰীৰ ঘৰত চাহৰ লগত অতি সুস্বাদু কেক আৰু মিঠাই খাই। সেই কণমানি টিটু এতিয়া শিশু বিশেষজ্ঞ, চিকিৎসক। নিজেও হৈছে এটি পুত্ৰৰ পিতৃ। দিনবোৰৰ গাত ডেউকা থকা যেন লাগে। দিন, মাহ, বছৰ পাৰ গৈ নতুন শতাব্দী আহিল। ইয়াৰো এঘাৰটা বছৰ পাৰ হ'ল।

 এবাৰ মণিপুৰ বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগত ৰীডাৰ পদটোৰ বাবে সাক্ষাৎকাৰ এটা দিয়াৰ সুবিধা পাইছিলো। গৃহস্থৰ ইচ্ছা আছিল ইম্ফললৈ গৈ সাক্ষাৎকাৰটো দিওঁ। হয়তো তেওঁ ভাবিছিল যে যোগ্যতা থকা সত্ত্বেও মই ঘৰখনৰ কথা ভাবি একো নকৰিলো। কিন্তু মই জানো যে কামটো পালেও মই নাযাওঁ, গতিকে নগ'লো। মোৰ বন্ধু-বান্ধৱীহঁতে মোক অঁকৰা বুলিও কৈছিল। কাৰণ অহা-যোৱা বিমানৰ খৰচ দিব যেতিয়া অন্ততঃ ঠাইখনতো চাই আহিব পাৰিলোহেঁতেন। দেউতাৰ অকাল মৃত্যুৰ পাছত আৰ্থিক দিশত কিছু অসুবিধাৰ মাজেৰে কটাবলগীয়া হোৱা বাবেই হ’বলা অযথা টকা-পইচা খৰচ কৰাৰ অভ্যাস মোৰ মাজত গঢ়ি উঠা নাই, তেহেলৈ সেই টকা যাৰেই নহওক।

 কেতিয়াবা ভাবো গৃহস্থই যে মোক সাক্ষাৎকাৰ দিবলৈ যাবলৈ কৈছিল তেওঁ ভাবি চাইছিলনে কামটো পাই মই যোৱা হ'লে তেওঁ ঘৰখন চম্ভালিব পাৰিলেহেঁতেন নে? সেই সময়ত তেওঁ 'Planter Raj to Swaraj' নামৰ গ্ৰন্থখন লিখাত ব্যস্ত হৈ আছিল। ইফালে জয়ৰ জীৱনতো এটা গুৰুত্বপূৰ্ণ সময়। বিভিন্ন শিক্ষানুষ্ঠানত ভৰ্তি হ’বলৈ পৰীক্ষা দিবলৈ সাজু হৈছিল। মাতৃজাতিটোৱে ত্যাগ কৰি আনন্দ পায় নে বাধ্যত পৰি কৰে বুজা সহজ নহয়। নিজৰ মনটো মাজে মাজে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰো। জন্মগতভাৱে মাতৃজাতিটো কিছুমান গুণ বা দোষৰ অধিকাৰী হয় নে পৰিবেশে তেওঁলোকৰ মাজত এই দোষ-গুণৰ সৃষ্টি কৰে! এই যে মই ঘৰখনৰ কথা ভাবি নিজে জীৱনত পাব পৰা বহুতো কিবা কিবি হেলাৰঙে ঠেলি পঠালো ই সঁচাকৈয়ে মোৰ ত্যাগ নে তাকে কৰিবলৈ মোক সমাজ ব্যৱস্থাই শিকাইছে ! যিয়েই নহওক আজিৰ দিনৰ ছোৱালীৰ দৰে আমাৰ উচ্চাকাংক্ষা বৰ বেছি নাছিল, কেৰিয়াৰৰ চিন্তাতো সমূলি কৰাই নাছিলো। পিছে আজি মোৰ দৃষ্টিভংগীলৈ বহু পৰিবৰ্তন আহিছে। আজি মই বিচাৰো পুৰুষ-নাৰী উভয়ে ঘৰ গৃহস্থালিও চম্ভালক, বহিৰ্জগতৰ কাম-কাজো সমানে কৰক। আগৰ তুলনাত আজিৰ পুৰুষে ঘৰুৱা কামত হাত লগালেও বাহিৰত কাম কৰা মহিলাৰ ওপৰত হেঁচা পৰে বেছি। এগৰাকী নাৰীবাদী লেখিকাই আজিৰ

৬০/ বাকীছোৱা জীৱন