পৃষ্ঠা:অনিমা গুহ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এইবাৰ নাওখন কোন ঘাটত

 মোৰ তিনিবছৰীয়া পোষ্ট ডক্টৰেল ফেলশ্বিপটো শেষ হোৱাৰ আগে আগে ভাবিবলৈ ধৰিলো গৱেষণাৰ কাম চলাই যাবলৈ এইবাৰ কাৰ ওচৰত হাত পাতো। কাউন্সিল অব্ চায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্চ (CSIR) নামৰ প্ৰতিষ্ঠানটোৱে নিবনুৱা বিজ্ঞানীসকলক Pool Officer হিচাপে দুই বা তিনি বছৰৰ বাবে নিয়োগ কৰে। দৰমহাও তিনি হেজাৰ মান। আজিকালি হেনো পোন্ধৰ/ বিশ হেজাৰমান দিয়ে। যি কি নহওক দৰমহা চি এছ আই আৰে দিলেও মই এনথ্ৰ’প’লজিকেল চাৰ্ভে অব্ ইণ্ডিয়াৰ অফিচতে যুক্ত হৈ থাকি বংশগতি সম্পৰ্কীয় কামবোৰেই কৰি থাকিলো।

 যোৱা শতিকাৰ সত্তৰৰ দশকৰ শেষৰফালে দিল্লীত অনুষ্ঠিত আন্তৰ্জাতিক নৃতাত্ত্বিক কংগ্ৰেছৰ কনফাৰেন্সত গৱেষণা পত্ৰ পাঠ কৰিবলৈ সহকৰ্মী জয়া আৰু মই গৈছিলো। জয়াৰ আঠ-ন বছৰীয়া ল’ৰা টিটুও গৈছিল আমাৰ লগত। তিনিও জয়াৰ মাহীয়েকৰ ঘৰত থাকি কনফাৰেন্সত যোগ দিয়াৰ উপৰি দিল্লীত টিঘিলঘিলাই ঘূৰি ফুৰিছিলো। এদিন আমাক দুপৰীয়া আহাৰৰ বাবে নিমন্ত্ৰণ কৰিলে ড° সুজিত মুখাৰ্জী আৰু তেওঁৰ সহধৰ্মিনী ড° মীনাক্ষী মুখাৰ্জীয়ে। ইতিমধ্যে কোৱা হৈছে এই পণ্ডিত দম্পতীৰ সৈতে আমাৰ বন্ধুত্ব হৈছিল পুনেত। সুজিত মুখাৰ্জীয়ে পুনে বিশ্ববিদ্যালয়ত ইংৰাজী পঢ়াইছিল আৰু মীনাক্ষীয়ে ফাৰ্গুছন কলেজত। তেৱোঁ ইংৰাজীৰ অধ্যাপিকা। যিমান দূৰ মনত পৰে সুজিত মুখাৰ্জীয়ে ওৰিয়েণ্টলংমেনত চাকৰি পাই দিল্লীলৈ আহে। মীনাক্ষীয়ে যোগ দিয়ে লেডী শ্ৰীৰাম কলেজত। পাছত তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যোগ দিয়ে।

 সেই সময়ত কেন্দ্ৰত জনতা চৰকাৰৰ মন্ত্ৰীমণ্ডলীত ৰেণুকা দেৱী বৰকটকী আছিল এগৰাকী মন্ত্ৰী। তেওঁক মই ভালদৰে চিনি পাওঁ বুলি জানি টিটুৰ মন গ'ল মন্ত্ৰীদৰ্শন কৰিবলৈ। মীনাক্ষীয়েও জোৰ দিলে। দিল্লীৰ উচ্চমহলৰ মহিলাসকলৰ মাজত ৰেণুকাৰ শাৰী সম্পৰ্কে হেনো আলোচনা হয়। শাৰীবোৰ ইমানে ৰুচিসম্পন্ন আৰু বিৰল যে সহজতে দোকানে-বজাৰে চকুত নপৰে। ৰাজধানীৰ নামী-দামী বাতৰি কাকত-আলোচনী আদিৰ সাংবাদিকসকলৰ পত্নীসকলে নিজ নিজ পতিক হেনো কয় মেডামৰ (ৰেণুকা) সাক্ষাৎকাৰ ল'বৰ সময়ত যেন সোধে এনে 'exclusively graceful’ শাৰী তেওঁ ক’ত কিনে। এইহেন শাৰীৰ গৰাকীক লগ নধৰাকৈ দিল্লী এৰা উচিত নহ’ব বুলি জয়া আৰু মীনাক্ষীয়েও জোৰ দি ক'লে। মীনাক্ষী নিজে নগ'ল যদিও ৰেণুকাৰ বঙলাৰ

বাকীছোৱা জীৱন /৫৯