পৃষ্ঠা:অনিমা গুহ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কে জি বাবুৰ প্ৰসংগ উলিয়াই প্ৰসংগান্তৰলৈ গ'লো। নৱনীতাৰ জীয়েকেও সুখ্যাতিৰে শিক্ষান্ত পৰীক্ষাৰ ডেওনা পাৰ হোৱাৰ পাছত কে জি বাবুৰ খ্যাতি কেউপিনে বিয়পি পৰিল। তেওঁৰ চাহিদাও বাঢ়িল, উপাৰ্জনো কেইবাগুণ হ’বলৈ ধৰিলে। মই প্ৰস্তুত কৰা ভূগোলৰ নোটবহীখন ইহাত-সিহাত বাগৰি কলৈ যে গ’ল গম নাপালো। উল্লেখযোগ্য যে জয়ে ভূগোলত পোৱা লেটাৰটো মোৰ নামত উচৰ্গা কৰিছিল।

 উচ্চতৰ মাধ্যমিক স্কুলৰ একাদশ শ্ৰেণীত নাম লগোৱাৰ পাছৰে পৰা জয়ৰ স্বভাৱ পূৰঠ হ’বলৈ ধৰিছিল, বোধকৰো তাৰ বন্ধু হীৰকৰ ককায়েকক আই আই টিত ভৰ্তি হ’বলৈ নিৰ্বাচিত হোৱা দেখি। তাৰ আগলৈকে সি মোক বিহু দেখুৱাইছিল।

 ১৯৮০ চনত তাৰ উচ্চ মাধ্যমিক পৰীক্ষালৈ এমাহমান থাকোঁতে অপাৰেশ্যন কৰিবলগীয়া বেমাৰ এটা হ’ল মোৰ। ডাক্তৰে অৱশ্যে ক'লে পৰীক্ষাৰ পাছত কৰিলেও হ’ব। এনে সময়তে গুৱাহাটীত প্ৰায় ৯৬ বছৰ বয়সত শাহু আই ঢুকাল। শ্ৰাদ্ধ আদি পাৰলৌকিক কাৰ্যসমূহত অবিশ্বাসী হলেও মাকৰ মৃত্যুৰ বাতৰি শুনি গৃহস্থ গুৱাহাটীলৈ ওলাল। শাহু আইৰ বাকী পাঁচটা পুত্ৰই গুৱাহাটীৰ ঘৰত একেলগ হৈ অতি নিষ্ঠাৰে পিতৃ-মাতৃৰ মৃত্যুত পালিবলগীয়া সকলো নিয়ম-নীতি পালন কৰি আছিল। আমাৰ এওঁ মানিবলগা নিয়মৰ মাজত নিৰামিষ আহাৰ খাইছিল। মোৰ ধাৰণা সমাজৰ আগত নাস্তিক ভায়েকজনৰ উপস্থিতি ককায়েকহঁতেও অন্তৰেৰে মানি ল'বলৈ টান পাইছিল। তেওঁলোকে ঠিকেই চিন্তা কৰিছে। ভাবি চাওকচোন শ্ৰাদ্ধৰ দিনা নিমন্ত্ৰিত অতিথিসকলে যেতিয়া দেখিব পাঁচগৰাকী পুতেকে মূৰ খুৰাই শ্ৰাদ্ধ কাৰ্যত বহিছে তেতিয়া আনজন পুতেকে চুলি ফণিয়াই চাৰ্ট-পেণ্ট পিন্ধি ঘূৰা-পকা কৰি আছে। ককায়েকহঁতে জনালে যে অসুস্থ মোক অকলশৰীয়াকৈ এৰি থৈ তেওঁ যাব নালাগে। পাছত মোৰ ধাৰণা হৈছে যাবলৈ বাধা দিয়াৰ আঁৰত বোধকৰো আন এটা কাৰণো আছিল। ১৯৭৯ চনত অসমত আৰম্ভ হোৱা বিদেশী বহিষ্কৰণ আন্দোলনৰ বিৰোধী আছিল গৃহস্থ। মুষ্টিমেয় বিৰোধীসকলৰ জীৱনৰ প্ৰতি নানাধৰণৰ ভাবুকি অহা বুলি গম পায়ো হয়তো ককায়েকহঁতে তেওঁ নহাটো বিচাৰিছিল। অৱশ্যে এইটো মোৰ ধাৰণাহে।

 জয়ৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰম্ভ হোৱাৰ দুদিন পাছত জনা গ'ল প্ৰশ্নকাকত আউট হৈছে, গতিকে পৰীক্ষা স্থগিত ৰখা হ’ল। ১৯১৭ চনত আমাৰ দেউতাই মেট্ৰিক পৰীক্ষা দিবৰ সময়ত প্ৰশ্নকাকত দুবাৰো আউট হৈছিল। বেচেৰা জয়ৰে সৈতে আমাৰ কৰুণ অৱস্থা। বিভিন্ন ঠাইৰ ইঞ্জিনিয়াৰিং কলেজত ভৰ্তি হ’বলৈ জয়েণ্ট

৫৬/ বাকীছোৱা জীৱন