পৃষ্ঠা:অনিমা গুহ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিদ্যাসাগৰৰ লগতো পৰিয়ালটোৰ ওচৰ সম্পৰ্ক। অতীতৰে পৰা পৰিয়ালটোৰ প্ৰতিটো প্ৰজন্মতে আবিৰ্ভাৱ ঘটিছে বিখ্যাত মনীষিসকলৰ। সেই পৰিয়ালৰ সন্তান পৃথ্বিৰাজৰ কিতাপত উঁই! মনে মনে ভাবিলো বোধকৰো পৰিয়ালটোৰ গৌৰৱ ৰবি অস্তমিত হ’বৰ হ’ল। পাছৰ কথা আগতে কৈ থওঁ পৃথ্বিৰাজে বৰ্তমান অষ্ট্ৰেলিয়াৰ কোনোবা এখন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আছে।

 যি কি নহওক আটাইকেইটা অমনোযোগী ল’ৰা কিন্তু একাধিক বিষয়ত লেটাৰ পাই শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ল। জয়ৰ ৰিজাল্ট পাই নৱনীতা দেৱসেন উৎফুল্লিত। পাঠ্য কিতাপত মন নবহা ছাত্ৰয়ো তেনেহ'লে ভালকৈ উত্তীৰ্ণ হোৱা সম্ভৱ। পিছৰ বছৰ তেওঁৰ ডাঙৰজনী জীয়েকে স্কুল শিক্ষান্ত পৰীক্ষা দিব, তাইৰো নাই পাঠ্য কিতাপত মন। গতিকে কি যাদুৰ বলত জয় সসন্মানে উত্তীৰ্ণ হ’ল শুনি কে জি বাবুক তেওঁলোকৰ ঘৰলৈ লৈ যাবলৈ অনুৰোধ কৰিলে মোক। লগতে মই তৈয়াৰ কৰা ভূগোলৰ প্ৰশ্নোত্তৰখনো নিবলৈ ক’লে। তেওঁৰ ছোৱালী জয়তকৈ একোব চৰা। মাজে মাজে কিতাপৰ বেগটো হেনো হেৰায়। যি কি নহওক, কে জি বাবু ছোৱালীজনীক পঢ়ুৱাই বৰ সন্তুষ্ট, কাৰণ তাই বৰ চোকা। চোকা নহবনো কিয়? অমৰ্ত্যসেন আৰু নৱনীতা দেৱসেনৰ দৰে প্ৰতিভাৱান দেউতাক-মাকৰ সন্তান। তদুপৰি অমৰ্ত্যৰ দেউতাক ককাদেউতাক, নৱনীতাৰ মাক-দেউতাক প্ৰত্যেকে বংগৰ আগশাৰীৰ বুদ্ধিজীৱী।

 নৱনীতাক জনাসকল তেওঁৰ ৰসবোধৰ সৈতে পৰিচিত। প্ৰথম সাক্ষাতৰ দিনা তেওঁ কে জি বাবুৰ সম্পূৰ্ণ নামটো কি জানিব বিচাৰিছিল। কৃষ্ণ গোপাল (উপাধিটো মনত পেলাব পৰা নাই) শুনি নৱনীতাই কৈছিল— ‘ময়ো তাকেই ভাবিছো, কিলোগ্ৰামতো আৰু হ’ব নোৱাৰে।’ এই প্ৰসংগতঃ তেওঁৰ আন এষাৰ কথালৈ মনত পৰিছে। বিদেশত কোনোবা এজনে নৱনীতাক সুধিছিল তেওঁ ৰবীন্দ্ৰনাথক চিনি পাইছিল নেকি? নৱনীতাৰ উত্তৰ জিভাৰ আগত ৰেডী হৈ থাকে। কৈছিল— তেওঁক মই চিনি নাপাইছিলো, পিছে মোক তেওঁ জানিছিল। প্ৰশ্নকৰ্তা বিস্মিত। নৱনীতাই ৰবীন্দ্ৰনাথক নাজানে, কিন্তু ৰবীন্দ্ৰনাথে তেওঁক চিনি পায়! গছত গৰু উঠা কথা নহয়নে? পাছত নৱনীতাৰ ব্যাখ্যা শুনি সকলোৰে মাজত হাঁহিৰ ৰোল উঠিল।

 ব্ৰাউনিং দম্পতী নামেৰে খ্যাত নৱনীতাৰ বিখ্যাত কবি দেউতাক-মাক নৰেন্দ্ৰ দেৱ (১৮৮৮-১৯৭১) আৰু ৰাধাৰাণী দেৱীৰ (১৯০৩-১৯৮৯) লগত চিনাকি আছিল ৰবীন্দ্ৰনাথৰ। শিশু অৱস্থাত নৱনীতা কবিগুৰুৰ কোলাত বহিছিল, কিন্তু শিশুই নাজানিছিল কাৰ কোলাত বহিছে। তাৰ পাছত তেওঁৰ লগত চিনাকি হ’বলৈ নৱনীতাই

বাকীছোৱা জীৱন / ৫৩