পৃষ্ঠা:অনিমা গুহ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 একেটা বিভাগত পাইছিলো হৰেশ্বৰী জানা (নাম সলাই দিয়া হ’ল) নামৰ এনাচ্থেছিষ্ট এগৰাকীক। তেওঁলোক কলকাতাৰ পৰা অলপ আঁতৰত থাকে। স্বামীজনো চিকিৎসক। ঘৰৰ ওচৰতে তেওঁৰ চেম্বাৰ। হৰেশ্বৰীয়ে তেওঁৰ ড্ৰাইভাৰজনক শিকাইছিল ৰোগীক অক্সিজেনৰ যোগান ধৰিবলৈ। হৰেশ্বৰীৰ কাম অপাৰেশ্যন টেবুলত ৰোগীক অজ্ঞান কৰা আৰু সময়মতে জ্ঞান ওভোতাই অনা। ড্ৰাইভাৰে নবৌয়েকৰ কৃতিত্বত অবাক হৈছিল। ঘৰলৈ গৈ হেনো হৰেশ্বৰীৰ শহুৰ শাহু-দেওৰ-ননদ সাহায্যকাৰী আদি সকলোকে ড্ৰাইভাৰজনে চিঞৰি চিঞৰি কৈছিল— ‘দাদাতকৈ নবৌ বেছি ডাঙৰ ডাক্তৰ। নবৌ স্বয়ং আই গোসাঁনী, তেওঁ মানুহক মাৰিবও পাৰে, বচাবও পাৰে।’ হৰেশ্বৰীয়ে হাঁহি হাঁহি আমাক কৈছিল যে পুতেকতকৈ বোৱাৰীয়েকক উচ্চ স্থান দিয়া বাবে শাহু আই ড্ৰাইভাৰজনৰ ওপৰত হৈছিল খড়গ হস্ত! ঘৰৰ কাম কৰা আৰু ওচৰ-চুবুৰীয়াৰো কাম কৰাসকলে ড্ৰাইভাৰৰ কথা শুনি হৰেশ্বৰীক বৰ সন্মান কৰিছিল। সিহঁতে হেনো কোৱাকুই কৰিছিল, ‘সেয়েহে নবৌক কলকাতা মহানগৰীৰ ডাঙৰ ডাঙৰ হাস্পতালবোৰে মাতে আৰু দাদাই এই অনুন্নত ঠাইখনৰ দুখীয়া মানুহৰ চিকিৎসা কৰে। কোৱা বাহুল্য, হৰেশ্বৰীক ঘৰৰ মানুহে ভাল নোপোৱা হ’ল। শাহুয়েকে নমতাই হ’ল।

 হৰেশ্বৰীক বেয়া পোৱা হৈছিল তেওঁলোকৰ কাষৰ পৰিয়ালটোৱেও। আজিকালি বহুতে জনা হৈছে যে কেৱল নাৰীয়ে নহয় পুৰুষো বন্ধ্যাত্বৰ বলি হ’ব পাৰে। কিছুমানে আকৌ জানিও নাৰীকে জগৰীয়া কৰে। যি কি নহওক, হৰেশ্বৰীয়ে তেওঁৰ শোৱা কোঠাৰ পৰা প্ৰায়ে কাষৰ ঘৰৰ গৃহিণীগৰাকীৰ বিননি শুনিবলৈ পাইছিল। বোৱাৰীয়েকজনী হেনো বাজী। বংশত চাকি এগছ জ্বলাবলৈ আজি অতবছৰে নাতি এটাৰ মুখ নেদেখিলে। পুতেকক আকৌ বিয়া কৰাই নিদিলে উপায় নাই। বেচেৰী বোৱাৰীয়েকজনীয়ে হেনো কাঠগড়াৰ আচামীৰ দৰে মূৰ তল কৰি থাকে। শুনি শুনি বিৰক্ত হৈ হৰেশ্বৰীয়ে এদিন তেওঁলোকক প্ৰস্তাৱ দিলে যে পুতেক-বোৱাৰীয়েকক তেওঁ নিজে ভাল ডাক্তৰৰ ওচৰলৈ পৰীক্ষা কৰাবলৈ লৈ যাব। শাহুয়েক আচৰিত, পুতেকক নিব কিয়? হৰেশ্বীয়ে বুজাই ক’লে সিও বন্ধ্যা হ’ব পাৰে। বুঢ়ী আচৰিত, পুৰুষ আকৌ বন্ধ্যা হ’ব পাৰে নে? যি কি নহওক, এদিন বুঢ়ীৰ পুতেক-বোৱাৰীয়েক দুয়োকে ডাক্তৰনীয়ে কলকাতালৈ লৈ গ’ল। দুদিনমান পাছত হৰেশ্বৰীয়ে কাষৰ ঘৰলৈ গৈ সকলোৱে শুনাকৈ ক’লে— ‘মাহীদেউ, আপুনি নাতি বিচাৰি ল’ৰাৰ আকৌ বিয়া পাতিব খুজিছিল নহয়। হেজাৰজনীক বিয়া কৰালেও আপোনাৰ ল’ৰাই

৪৪/ বাকীছোৱা জীৱন