পৃষ্ঠা:অনিমা গুহ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমাৰ উদ্দেশ্যৰ কথা ক'লো। লগতে ক'লো যে আমাৰ চেমিনাৰৰ উদ্যোক্তাসকল মগজুৰ ফালেদি চহকী, পিছে জেপ উদং, এতেকে আমি তেওঁলৈ প্ৰাপ্য মাননি আগবঢ়াব নোৱাৰিম। তেওঁৰ উত্তৰ শুনি আমি বাকৰুদ্ধ। ক’লে তেওঁক একো দিব নালাগে, কেৱল বাদ্যযন্ত্ৰীসকলক মুঠ পাঁচশ টকা দিলেই হ’ব। বিদ্ব্যৎজনৰ সন্মুখত গীত পৰিবেশন কৰিব পাৰিলে গায়কেও মানসিক তৃপ্তি পায় বুলি ক'লে। আমি দুয়ো বিশ্বজয় কৰাৰ আনন্দেৰে ভূপেনদাৰ ঘৰৰ পৰা ওলাই আহিলো। কোৱা বাহুল্য চেমিনাৰত যোগ দিবলৈ অহা দেশ-বিদেশৰ সদস্যসকলক বিশ্ববিশ্ৰুত শিল্পী ভূপেন হাজৰিকাৰ কণ্ঠৰ যাদুৱে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। তদুপৰি তেওঁৰ স্বভাৱসুলভ ভংগিৰে শ্ৰোতাসকলৰ সৈতে গীত পৰিবেশন কৰাৰ লগতে কথাৰেও (অৱশ্যে ইংৰাজীত) যোগাযোগ ৰক্ষা কৰাৰ পদ্ধতিটো সমাদৃত হৈছিল। তেওঁৰ কথন ভংগীতো আছে যাদু।

 ভূপেন হাজৰিকাক আমাৰ কলকাতাবাসৰ সময়ত দুবাৰ ৰাতিৰ আহাৰলৈ আমন্ত্ৰণ জনাইছিলো। ব্যস্ত মানুহজনক লগ কৰাই আছিল সমস্যা। তেওঁ আহিব বুলি চুবুৰিটোৰ কাকো জনোৱা নাছিলো তেওঁৰ অনুৰাগীসকলৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ভয়ত। পিছে নাজানো কেনেবাকৈ দুয়োবাৰেই মানুহে গম পাই গ'ল। অৱশ্যে কোনেও তেওঁক বিৰক্ত কৰা নাছিল। এবাৰ তেওঁৰ লগত কল্পনা লাজমীও আহিছিল।

 আমাৰ ল'ৰা জয়ৰ বিয়ালৈ গুৱাহাটীৰ পৰা মোৰ ভনী খুকু (প্ৰতিমা) অহা প্লেনখনৰ সহযাত্ৰী আছিল ভূপেনদা। শিলচৰত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ সময়ত খুকুহঁতৰ পৰিয়ালটোৰ লগত তেওঁৰ অন্তৰংগতা বাঢ়িছিল। খুকু আৰু ভনীজোঁৱাই ডাঃ চক্ৰেশ্বৰ দাস আছিল সেই অনুষ্ঠানৰ মুখ্য উদ্যোক্তা। তেওঁলোকৰ ঘৰতে ভূপেনদা আৰু অমৰদা আছিল। সেই কেইদিন তেওঁলোকৰ ঘৰত আছিল উৎসৱমুখৰ পৰিবেশ। যি কি নহওক বিমানত খুকুৰ মুখে জয়ৰ বিয়াৰ খবৰ শুনি তেওঁ হেনো কৈছিল— ‘অনিমাই নিশ্চয় নিমন্ত্ৰণী চিঠিখন মোৰ তাত থৈ আহিছে। যাবই লাগিব।’ তেওঁৰ ড্ৰাইভাৰে খুকুক আমাৰ ঘৰত নমাই থৈ গৈছিল। তাই নামিয়ে সুধিলে ভূপেনদাক নিমন্ত্ৰণ কৰা হ’ল নে নাই। মই কৈছিলো লিখা আছে, যাবহে পৰা নাই। তাই লৰালৰিকৈ চিঠিখন দিবলৈ যাওঁতে লগত ওলাল কেইবাজনো, উদ্দেশ্য তেওঁক ওচৰৰ পৰা দেখা।

 বিয়াৰ আদৰণি হৈছিল দক্ষিণ কলকাতাৰ গৰিয়াহাট অঞ্চলৰ হল এটাত। ভূপেনদা গাড়ীৰ পৰা নমাৰ লগে লগে মানুহে বেৰি ধৰিলে। অৱশ্যে সসন্মানে। আনকি দৰা-কইনাও উঠি আহিছিল। মোৰ তিনিজনী কিশোৰী ভাগিন। পিউ, লাটু আৰু মিঠুইতো

বাকীছোৱা জীৱন /৩৯