পৃষ্ঠা:অনিমা গুহ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাৰিখটো তেওঁকে দিবলৈ ক'লো। শিলচৰত স্কুলৰ উদ্যোক্তাসকলে মোৰ চিঠি পাই উল্লসিত হ'ল। তেওঁলোকে গীতৰ সন্ধ্যা পাতিবলৈ কঁকালত টঙালি বান্ধিলে। যি তি শিল্পী নহয় আহিব স্বয়ং ভূপেন হাজৰিকা। শিলচৰত মোৰো দাম বাঢ়িল। বৰাক উপত্যকা নাচি উঠিল আনন্দত।

 নিৰ্দিষ্ট দিনৰ বাবে শিলচৰলৈ বিমানৰ টিকট এটা কিনি ভূপেনদাৰ ঘৰলৈ গ'লো। তেওঁ নাছিল, পালো অমৰদাক। তেওঁ মোক চাহ একাপ খাবলৈ ক'লে। তেতিয়াৰ দিনত ট্ৰেভেল এজেণ্ট আছিল নে নাই নাজানো, প্ৰয়োজনত আমি চেণ্ট্ৰে'ল এভেনিউত অৱস্থিত ইণ্ডিয়ান এয়াৰ লাইনছৰ অফিচৰ পৰা টিকট কিনিছিলো। আমাৰ ঘৰৰ পৰা চেণ্ট্ৰে'ল এভেনিউ ভালেখিনি দূৰৈত। তাৰ পৰা ভূপেনদাৰ ঘৰ সমানে দূৰ। বাছেৰে অহা-যোৱা কৰি ভাগৰ লাগিছিল। গতিকে চাহ কাপ খাবলৈ কোৱাত বৰ ভাল পালো। কথাই কথাই সুধিলো ভূপেনদা ওলাই গৈছে নেকি। অমৰদাৰ উত্তৰ শুনি মোৰ চাহৰ কাপটো কঁপিবলৈ ধৰিলে। সিদিনা হেনো তেওঁ বম্বেলৈ (তেতিয়াও মুম্বাই নামটো হোৱা নাছিল) যাবলগীয়া আছিল, পিছে প্লেন ফেইল কৰিলে। ঘৰত ফোন এটা কৰি বিমান বন্দৰৰ পৰা বাহিৰে বাহিৰে ক'ৰবালৈ গৈছে।

 প্লেনো কোনোবাই ফেইল কৰে নে? মোৰ মূৰত যেন সহস্ৰ বোমাৰ বিস্ফোৰণ ঘটিল। বিৰাট দায়িত্ব লৈছো শিলচৰলৈ ভূপেনদাক পঠোৱাৰ। সিফালে সকলো ৰেডী, টিকট বিক্ৰী হৈছে। দূৰদূৰান্তৰ পৰা তেওঁক চাবলৈ আৰু তেওঁৰ সুধাকণ্ঠৰ পৰা নিগৰি অহা গীত শুনিবলৈ মানুহে বাট চাই আছে। সিদিনাও যদি তেওঁ প্লেন ফেইল কৰে! শিলচৰলৈ কলকাতাৰ পৰা যোৱা প্লেনখন আকৌ এৰে সূৰ্যোদয়ৰ আগতে। অৰ্থাৎ ৰাতি দুই বজাত বিছনা এৰিব লাগিব। চাহৰ কাপটো নমাই থৈ অমৰদাক ক’লো তেৱোঁ যেন ভূপেনদাৰ লগত যাবলৈ প্ৰস্তুত হয়। ধুমুহাৰ গতিত মই ওলাই গ'লো অমৰদালৈ টিকট এটা কিনিবলৈ। তেতিয়া শিলচৰৰ পৰা অনুমতি লোৱাৰ সময় নাই। ৰিস্ক লৈয়ে আকৌ চেণ্ট্ৰেল এভেনিউলৈ গৈ টিকটটো কিনিলো। চেণ্ট্ৰেল এভেনিউৰ পৰা ওলাই পোনে পোনে চেণ্ট্ৰেল টেলিগ্ৰাফ অফিচত সোমাই শিলচৰলৈ এখন টেলিগ্ৰাম পঠালো— circumstances forced me to book a ticket for Bhupenda's brother as well। তাৰ পাছত আকৌ আহিলো একেখন ঘৰলৈ অমৰদাৰ টিকেটখন দিবৰ বাবে। বাৰে বাৰে তেওঁক অনুৰোধ কৰিলো যেন সময়মতে দমদম বিমান বন্দৰলৈ যায়।

 তথাপিতো শান্তি নাপালো মই। সময়মতে তেওঁলোকে সাৰ পাবতো? আমাৰ

বাকীছোৱা জীৱন /৩৭