পৃষ্ঠা:অনিমা গুহ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গ্ৰহণ কৰি প্ৰতিমাই স্কুলখনৰ উন্নতিৰ হকে নিৰৱচ্ছিন্নভাৱে আত্মনিয়োগ কৰে। তেওঁক সক্ৰিয়ভাৱে সহায়ৰ হাত আগবঢ়ায় ডাঃ দাসৰে সৈতে চাকৰিসূত্ৰে বৰাকলৈ যোৱা অসমীয়া বিষয়াসকল আৰু স্থানীয় অসমীয়া ৰাইজে। অতি কম দিনৰ ভিতৰত শিলচৰ চহৰৰ মাজমজিয়াত প্ৰায় ছবিঘা মাটি তেওঁলোকে চৰকাৰৰ পৰা অধিগ্ৰহণ কৰিবলৈ সক্ষম হয়। মাটি পালেইতো নহ'ব, লাগিল স্কুল ঘৰ এটা। তাৰ বাবে প্ৰয়োজনীয় অৰ্থও লাগিব। তেওঁলোকে প্ৰথম পুঁজিটো সংগ্ৰহ কৰাৰ উদ্দেশ্যেৰে দুনিশাৰ এটি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভূপেন হাজৰিকাক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ ল'লে। প্ৰস্তাৱ সমৰ্থিত লগে লগে হ’ল যদিও কোনে ভূপেন হাজৰিকাক এই বিষয়ে অৱগত কৰে? তেওঁৰ অনুমতি লয় কোনে?

 তেতিয়াৰ দিনত ম'বাইল ফোনৰ জন্মতো হোৱা নাছিলেই, এছ টি ডি নামৰ ব্যৱস্থাটোও নাছিল৷ আছিল ট্ৰাংক ক’ল নামৰ এটা মাত্ৰ সুবিধা। তৎক্ষণাতে লাইন পোৱাও আছিল ভাগ্যৰ কথা। অৱশ্যে তাতেই আমি সন্তুষ্ট আছিলো। আৰু আছিল টেলিগ্ৰাম। যি কি নহওক, শিলচৰৰ নতুনকৈ প্ৰতিষ্ঠিত হ'বলগীয়া হাইস্কুলখনৰ মেনেজিং কমিটীৰ ফালৰ পৰা প্ৰতিমাই মোলৈ ট্ৰাংক ক’ল কৰি অনুৰোধ কৰিলে ভূপেন হাজৰিকাৰ লগত যোগাযোগ কৰি তেওঁলোকৰ উদ্দেশ্যৰ বিষয়ে অৱগত কৰিবলৈ আৰু তেওঁৰ অনুমতি ল’বলৈ। মোৰ মনত মিশ্ৰ প্ৰতিক্ৰিয়াই দেখা দিলে। দূৰৈৰ তৰাৰ ওচৰলৈ কেনেকৈ যাম? যদি তেওঁ দেখা নকৰে। যদি তেওঁ প্ৰত্যাখ্যান কৰে। বুকুৰ সোঁমাজত হাতুৰীৰ কোব কেইটমান অনুভৱ কৰিলো।

 অৱশেষত ভূপেন হাজৰিকাক ফোন কৰি এপইণ্টমেণ্ট লৈ এদিন চুচুক-চামাক কৰি তেওঁৰ টালিগঞ্জৰ গল্ফ ক্লাব ৰ'ডৰ ঘৰলৈ গ'লো। কাম কৰা ল'ৰাজনে বোধকৰো দুৱাৰখন খুলি দিছিল। সোমায়ে দেখিলো ঘৰখনৰ চূড়ান্ত বিশৃংখল অৱস্থা। এফালে চুকত কাপোৰৰ দ’ম— ধোবাক দিবলৈ থৈছিল নে পিন্ধা কাপোৰবোৰ দলি মাৰি মাৰি থৈছিল নাজানো। উৰি থকা পদাখনৰ ফাঁকেৰে দেখিলো বেলকনিত ভগা-ছিগা কাঠৰ টুকুৰা। পাছত শুনিছিলো ভনীয়েকহঁতে আহি চিজিল কৰি যায়, কিছুদিনৰ পাছত আকৌ আগৰ অৱস্থালৈ উভতি আহে। মই যাবৰ সময়ত যিমানদূৰ মনত পৰে ভায়েক অমৰ হাজৰিকা আছিল। পিছে তেৱোঁ মতা মানুহ, তেনেকৈ থাকিয়ে ভাল পায়।

 যি কি নহওক, ভূপেনদা ওলাই আহিল। মোৰ উদ্দেশ্যৰ কথা শুনি লগে লগে উত্তৰ দিলে—— ‘প্ৰতিমাই ইমান মহৎ কাম এটা হাতত লৈছে, মই নিশ্চয় যাম।’ শুনি মোৰ এপাক নাচি দিবৰ মন গৈছিল। অৱশ্যে নানাচিলো। তেওঁ ব্যস্ত মানুহ, গতিকে

বাকীছোৱা জীৱন / ৩৫