পৃষ্ঠা:অনিমা গুহ.pdf/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেখিলো গোমধান, জলফাই, বিলাহী, নহৰু-পিঁয়াজৰ খেতি। আমাৰ ইয়াৰ দৰে সিফালৰ জলফাই টেঙা নহয়। যি কি নহওক প্রকৃতিক জয় কৰি মৰুভূমিত ফলৰ বাগিচা পতা দেখি আজিৰ বিজ্ঞানীসকলৰ জয়গান নাগাই নোৱাৰিলো।

 বাগিচাবোৰৰ দাঁতিয়ে দাঁতিয়ে পোহাৰ মেলা দেখিলো ফলৰ দোকানীসকলক। আমাৰ ইয়াত ফল দুর্মূল্য। সস্তীয়া ফলবোৰ দেখি দোকানবোৰকে উঠাই আনিবলৈ মন গৈছিল। গৰাকীৰ অনুমতি লৈ আঙুৰ খেতিত সোমাই কেইথোকমান আঙুৰ ছিঙি আনিছিলো। আৰু পানীৰ দামত কিনি আনিছিলো ডাঙৰ পাচি এটা ভৰাই সুমথিৰা, মুচম্বী, নেকটাৰিন ইত্যাদি। দুটকা কিলো মূল্যৰ আপেল খাইছিলো আশীৰ দশকত কাশ্মীৰত। ১৯৯৭ চনত অৰুণাচলত সোতৰটকীয়া কিলোৰ আপেল, পঞ্চাশ পইচা কিলোৰ প্লাম খাইছিলো। পিছে এইবোৰ অঞ্চল ফ্ৰেচনোৰ দৰে মৰুভূমি নহয়।

 বাগিচাবোৰ চাই উভতি আহিবৰ সময়ত বিপৰীত ফালৰ পৰা অহা গাড়ীবোৰৰ প্রতিবিম্ব আলিবাটত দেখা পাই ভাবিছিলো বৰষুণ দিছে। পিছে ক’ত বৰষুণ? সেইয়া যে মৰীচিকা! মৰুভূমিত তৃষ্ণার্ত বাটৰুৱাই মৰীচিকাকে পানী বুলি ভ্ৰম কৰাৰ কথা পঢ়িছিলো। সেই ভ্ৰমৰ অভিজ্ঞতা হ’ল। মৰীচিকা আৰু ফলৰ বাগিচাৰ সহ অৱস্থানে মোক অবাক কৰিছিল। পানী অবিহনে গছ-গছনি হ’ল কেনেকৈ? সকলো সম্ভৱ কৰিছে মানুহৰ মগজুৱে। ফ্ৰেচনো উপত্যকাক বেৰি ৰাখিছে কেইখনমান ৰুক্ষ পৰ্বতে। তাৰে এলানি চিয়েৰা নেভেদা পৰ্বতৰ নাম স্কুলৰ ভূগোলত পঢ়িছিলো। জাৰকালি এইবোৰ পৰ্বতত জমা হৈ থকা বৰফৰ এটোপমানো পানী অথলে যাবলৈ দিয়া নহয়। সেইবোৰ অঞ্চলত জানুৱাৰীৰ পৰা মাৰ্চলৈ হোৱা বৃষ্টিপাতৰ পানীও ধৰি ৰাখে। এইদৰে সঞ্চয় কৰি ৰখা পানী খেতিয়কসকলে জুখি-মাখি ব্যৱহাৰ কৰে। শাৰী পাতি ৰোৱা ফলৰ গছবোৰৰ কাষেৰে খন্দা নলাৰে পৰিমিত পৰিমাণৰ পানীৰ যোগান ধৰা হয়। প্রয়োজন নহ'লে গছৰ পাতত পানী নছটিয়ায়।

 মোৰ নিজৰ ৰাজ্যখনলৈ মনত পৰিছিল। লুইতকে ধৰি উপনৈবোৰত পানীৰ আকাল নাই। তদুপৰি আছে বানপানী। অথচ আমাৰ ইয়াত খোৱাপানীৰ অভাৱ। এই পানী ধৰি ৰাখিলে বানপানীত মানুহৰ দুৰ্গতি নহ’ব। খোৱাপানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া নহ'ব। ইমান জীপাল সাৰুৱা মাটিৰে চহকী ৰাজ্যখনত ফলৰ অভাৱ। পাচলিৰ অভাৱ। এনে এটা অৱস্থাৰ লগত আজীৱন চিনাকি মই। গতিকে মৰুভূমিত ফলৰ বাগিচাবোৰ দেখি দেশখনৰ কৃষি বিজ্ঞান উন্নতিৰ জখলাৰে কিমান ওপৰলৈ উঠিছে তাৰ উমান পাইছিলো।

বাকীছোৱা জীৱন /২৩৭