পৃষ্ঠা:অনিমা গুহ.pdf/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সম্পদ সৃষ্টি কৰিছে – এই সচেতনতা নোহোৱা হৈছে। ১৮৯৪ চনত চৰকাৰে এই দিনটো ছুটীৰ দিন হিচাপে ঘোষণা কৰি শ্ৰমিক ইউনিয়নৰ লগত ব্যৱসায় আৰু শিল্পৰ পৰিচালনাকো সাঙুৰি লৈ ইয়াক সকলো শ্ৰেণীৰ মানুহৰ শ্ৰম দিৱসত পৰিণত কৰিছে। এতিয়া সকলোৱে সমদলত অংশ লয় আৰু ছুটী উপভোগ কৰে। অৱশ্যে আদিতে যিবোৰ দাবী সন্মুখত ৰাখি সমদলকাৰীসকল আগবাঢ়িছিল তাৰ ভালেখিনি তেওঁলোকৰ উত্তৰপুৰুষে ইতিমধ্যে লাভ কৰিছে।

মাতাজী : নিউয়ৰ্কৰ সমীপৱৰ্তী মাউণ্ট কিচ্‌কো চহৰৰ ম্যল এখনত চেলোৱাৰ-কামিজ পিন্ধা বয়সীয়া মহিলা এগৰাকীক দেখি থমকি ৰৈ দিছিলো। মহানগৰী নিউয়ৰ্কত শাৰী বা চেলোৱাৰ পৰিহিতা মহিলাক বাটে-ঘাটে দেখিবলৈ পোৱা যায়, কিন্তু সৰু সৰু চহৰবোৰত এই দৃশ্য বিৰল। ওচৰত থকা হ’লে কথা পাতিলোহেঁতেন। যি কি নহওক ট্ৰলী এখন ঠেলি ঠেলি ম্যলত সজাই থোৱা বিবিধ সম্ভাৰ চাই চাই আহি থাকোতে কেশ্ব কাউণ্টাৰত থকা মহিলা এগৰাকী আগুৱাই আহি মোলৈ চাই মিচিকিয়াই হাঁহিলে। তেওঁ চাৰ্ট-পেণ্ট পিন্ধি আছিল যদিও চুটিকৈ কটা চুলিৰ মাজত সেন্দুৰৰ ৰেখা এডাল দেখি বুজিলো মহিলাগৰাকী ভাৰতীয়। পঞ্জাৱৰ জলন্ধৰত ঘৰ, দুবছৰমান আগতে আমেৰিকালৈ স্থায়ীভাৱে আহিছে। দুজনী গাভৰু জীয়েক আৰু মাকজনীয়ে এইখন ম্যলতে কাম কৰে। দুটা বছৰৰ ভিতৰতে আটায়ে চাকৰি যোগাৰ কৰি লোৱা বাবে অলপ আচৰিতো হ’লো। অৱশ্যে পঞ্জাৱী আৰু বাংলাদেশী মানুহ বৰ যোগাৰী। পৰিশ্ৰমী আৰু কষ্ট সহিষ্ণুও। যোগ্য-ভোগ্যা বসুন্ধৰা বাক্য শাৰী তেওঁলোকৰ ক্ষেত্ৰত সঁচা।

 ম্যলৰ আনটো মূৰৰ পৰা বোৱাৰী মনীষাৰ লগত অলপ আগতে দেখা চেলোৱাৰ পিন্ধা মহিলাগৰাকীক আহি থকা দেখি মোৰ লগত কথা পাতি থকা মানুহগৰাকীয়ে ক’লে বুঢ়ী ভদ্ৰমহিলা তেওঁৰ শাহুৱেক, ওচৰ আহি পোৱাৰ পাছত মনীষাই ক'লে— ‘এঁৱেই মাতাজী’। ৭৭ বছৰীয়া মাতাজীৰ নাম আগতেই শুনিছো। তেওঁ বহু ভাৰতীয় পৰিয়ালক হাতেৰে কৰা আটাৰ ৰুটিৰ যোগান ধৰে।

 পিছে আটাৰ ৰুটিৰ ব্যৱসায় কৰিবলৈ মাতাজী আমেৰিকালৈ অহা নাছিল। পঁচিশ বছৰ বয়সতে দুটা এমা-ডিমা পুত্ৰক লৈ তেওঁ জলন্ধৰত থাকোতেই বৈধৱ্যক আঁকোৱালি ল'বলগীয়া হৈছিল। কঠোৰ বাস্তৱৰ সৈতে সংগ্ৰাম কৰি শিশু দুটাক অলপ ডাঙৰ কৰাৰ পাছত চহকী ভাৰতীয় পৰিয়াল এটাৰ সাহায্যকাৰিনী হিচাপে তেওঁ আমেৰিকালৈ

বাকীছোৱা জীৱন /২৩৩