পৃষ্ঠা:অনিমা গুহ.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমাৰ ডাঙৰ ভিনীহিও গ'লগৈ : ১৯৮৫ চনত চকু বিশেষজ্ঞ ভাগিন অসীম উচ্চ শিক্ষাৰ্থে জাপানলৈ যোৱাৰ সময়ত দেউতাক ভুপেন্দ্ৰ নাৰায়ণ দাস অসুস্থ হৈ আছিল। সুযোগ জীৱনলৈ সদায় নাহিব পাৰে, গতিকে দেউতাকে তাক যাবলৈ উদ্‌গনি দিছিল। সি যোৱাৰ কিছুদিনৰ পাছত বাইদেউৰ ডাঙৰ আৰু মাজু পুতেক আলোক আৰু অৰূপে দেউতাকক চিকিৎসাৰ্থে মাদ্ৰাজলৈ (এতিয়াৰ চেন্নাই) নিছিল যদিও তাতেই তেওঁৰ দেহাবসান ঘটে। ভিনিহি মাৰ জোঁৱাই নহয়, আছিল পুত্ৰ সদৃশ। তেওঁৰ মৃত্যু সংবাদ পাই মনত পৰিছিল ১৯৫৪ চনৰ অক্টোবৰ মাহৰ দিন এটালৈ। আমাৰ ধুবুৰীৰ নিজা ঘৰত কৰ্কটৰোগত আক্ৰান্ত ৫৪ বছৰীয়া দেউতাই মৃত্যুৰ ক্ষণ গণি বিছনাত পৰি আছে মনত দুশ্চিন্তা লৈ। কি হ'ব কম বয়সীয়া ছোৱালীকেইজনী আৰু পত্নীৰ! তেওঁৰ মনৰ ভাব বুজিব পাৰি ভিনিহিয়ে কৈছিল তেওঁ জীয়াই থাকে মানে পৰিয়ালটোক তেৱেঁই চাব। দেউতাৰ চকুৰ কোণেৰে নিগৰি আহিছিল পৰম নিশ্চিন্ততাৰ দুধাৰি আনন্দাশ্ৰু।

মামাবাবু আৰু মামীমা : তেজৰ সম্পৰ্ক নাথাকিলেও আত্মীয়তকৈও আপোন আছিল আমাৰ কলকাতাৰ ৪৪ ডি, দুৰ্গাপুৰ লেনৰ ভাৰাঘৰৰ মালিক-মালিকনী মজুমদাৰ দম্পতী। সেইটো দশকতে কেইটামান বছৰ অগা-পিছাকৈ তেওঁলোকৰ মৃত্যুই আমাক কম আঘাত দিয়া নাছিল। বাহিৰৰ পৰা চাবলৈ গ'লে তেওঁলোক কোনো খ্যাতনামা ব্যক্তি নাছিল যদিও দুয়োৰ ভিতৰত সমাবেশ ঘটিছিল বিৰল কিছুমান গুণৰ। দুয়ো আছিল কুসংস্কাৰ আৰু অন্ধবিশ্বাসমুক্ত যুক্তিবাদী আৰু বিজ্ঞানমনস্ক। চুবুৰিটোত তেওঁলোকক সকলোৱে মামাবাবু আৰু মামীমা বুলি মাতিছিল। দম্পতীযোৰ আছিল বৰ ইণ্টাৰেষ্টিং স্বভাৱৰো।

 সাধাৰণতে মামীমাৰ বয়সৰ মহিলাসকল ধাৰ্মিক হয়। তেওঁলোকে পূজা-পাতল কৰে, নামঘৰ-মন্দিৰলৈ যায়। মামাবাবুহঁতৰ ঘৰত পিছে কোনো গোসাঁইঘৰ দেখা নাছিলো। দুয়ো প্ৰায়ে কাজিয়া কৰিছিল যদিও এটা বিষয়ত বৰ মিল, দুয়ো ঘোৰ নাস্তিক। পুতেক দুজনৰ বিয়াৰ পাছত বোৱাৰীয়েকহঁতে বাৰাণ্ডাৰ এটা চুকত থাপনা পাতি পূজা-পাতল কৰিছিল। এবাৰ পুৰোহিত মাতি সৰস্বতী পূজা পাতিলে। পূজা শেষ হোৱাৰ পাছত আৰম্ভ হ'ল অঞ্জলি প্ৰদান পৰ্ব। সৰুজনী বোৱাৰী সুজাতা কোবাকুবিকৈ আহিল মোক অঞ্জলি দিবলৈ মাতিবলৈ। স্কুল-কলেজত পঢ়োতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেবী সৰস্বতীক তুষ্ট কৰিবলৈ অঞ্জলি দিছিলো। তাৰ পাছত সৰস্বতীৰ লগত সম্পৰ্ক শেষ হৈছিল যদিও মন্ত্ৰবোৰ পাহৰা নাই।

বাকীছোৱা জীৱন / ১১৩