পৃষ্ঠা:অনিমা গুহ.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰসিক। সিদিনা তেওঁ আৰু তেওঁৰ পত্নী ৰমাবায়ো নিমন্ত্ৰিত হৈছিল। দুয়োগৰাকী খাদ্যপ্রিয় মানুহক একেখন টেবুলত দেখি বৰ আমোদ পাইছিলো। তেওঁলোকৰ পিছে ভাত-ৰুটি জাতীয় খাদ্যৰ প্ৰতি অনীহা। দুয়ো নির্ভেজাল মাংসাশী।

 আন এজন ভোজন প্রিয় মানুহৰ কথা শুনিছো, তেওঁ কোকৰাঝাৰৰ। প্ৰয়োজনতকৈ বেছি খোৱা যে স্বাস্থ্যৰ বাবে ক্ষতিকৰ তাৰ প্ৰমাণ এওঁ। কম বয়সতে নানা ৰোগৰ চিকাৰ হৈ তেওঁ এবাৰ কলকাতালৈ গৈছিল চিকিৎসা কৰাবলৈ। তেওঁৰ খাদ্য তালিকাখনৰ বৰ্ণনা পোৱাৰ লগে লগে কলকতীয়া চিকিৎসকজন হেনো বাকৰুদ্ধ হৈছিল। নহ'ব নো কিয়? শুনি আমিয়ো আচৰিত হৈছিলো। তেওঁ হেনো প্রতিদিনে ত্রিশটাকৈ কণী খাইছিল আৰু এটা গাহৰি অকলেই উদৰস্থ কৰিছিল। ডাক্তৰে ৱাৰ্নি দি কৈছিল অতি ভোজনে তেওঁৰ মৃত্যু চমু চপাই আনিব পাৰে। পিছে তেওঁৰ তালৈ ভ্রূক্ষেপ নাই। নোখোৱাকৈ জীয়াই থকাতকৈ মৃত্যুৱে শ্রেয়। Eat, drink and be merry, for tomorrow you will die. — বাক্যাষাৰত বিশ্বাসী ডেকাজনে খাই খায়ে জীৱন বন্তি নুমুৱালে।


জুইৰ ভেলাত শুই অচিন দেশলৈ যাত্রা

 ওপজাৰ দিনৰে পৰা প্ৰাণীমাত্ৰৰে জীৱনত আৰম্ভ হয় মৃত্যুমুখী যাত্রা। এই ধ্ৰুৱসত্য কথাষাৰে কিন্তু আমাক অলপো আমনি নকৰে। কোনোবা আপোনজন যিদিনা আমাৰ মাজৰ পৰা আঁতৰি যায় চিৰদিনৰ বাবে সিদিনাহে আমি উপলব্ধি কৰো যে মৃত্যু জীৱনৰ এক অৱশ্যম্ভাৱী পৰিণতি। আশীৰ দশকত মৃত্যুই সংহাৰ মূৰ্তি ধাৰণ কৰি প্ৰৱেশ কৰিছিল আমাৰ বৃহত্তৰ পৰিয়ালটোত।

মা ক’লৈ গ'ল : চনটো আছিল ১৯৮৭, ডিচেম্বৰ মাহ। এদিন ৰাতিপুৱা হঠাতে বন বিভাগৰ পদস্থ বিষয়া মোহন মালাকাৰৰ ফোন। তেওঁ আছিল আমাৰ মাৰ পুত্ৰৱৎ, মাক মা বুলিয়ে মাতিছিল। আমাক জনালে মা অসুস্থ। এমাহ আগতে ভনী টুলুৰ জীয়েক বৰ্ণালীৰ বিয়া উপলক্ষে কোকৰাঝাৰলৈ গৈ এটা মাহ মাৰ লগত থাকি আহিছিলো। মা আছিল নিৰোগী দেহৰ অধিকাৰী, গতিকে তেওঁৰ অসুস্থতাই আমাক চিন্তিত কৰি তুলিলে। ঘৰখন অলপ থানথিত লগাই কোকৰাঝাৰলৈ যাবলৈ যো-জা কৰিছিলো, এনেতে পিছদিনা ৰাতিপুৱা ৯ ডিচেম্বৰ তাৰিখে ভনীজোঁৱাই গোপাল

১০৮ / বাকীছোৱা জীৱন