পৃষ্ঠা:অনিমা গুহ.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এগৰাকীয়ে কিতাপখনত তেওঁৰ নাম উল্লেখ থকা বাবে সেইখন উপহাৰ হিচাপে দিছে। সময়ৰ অভাৱত কি লিখিছো ছাত্ৰীগৰাকীয়ে পঢ়ি শুনাব পৰা নাই। এদিন শুনাব।

 অমিতাভ যোৱাৰ পাছত পঢ়ি চালো বেয়াকৈ একো লিখা নাই। আন কিছুমান কথাৰ মাজত লিখিছিলো তেওঁ তেতিয়াৰ বিখ্যাত কথাছবি আৰাধনাত কিশোৰ কুমাৰে গোৱা ‘ৰূপ তেৰা মস্তানা, প্যাৰ মেৰা দিৱানা’ গীতটো প্ৰায়েই আমাৰ আগত গাইছিল। অমিতাভৰ মাতটো মিঠা। এতিয়া যদি তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলে গান গোৱা কথাষাৰ গম পায় আৰু তেওঁক কয়— ‘ছাৰ ৰূপ তেৰা মস্তানা গীতটো এবাৰ গাই শুনাওক’ তেতিয়া অমিতাভৰ মনত কি প্ৰতিক্ৰিয়া হ’ব নাজানো। গতিকে কাৰো নাম উল্লেখ নকৰি স্বনামধন্য কেইগৰাকীমানৰ চৰিত্ৰৰ নজনা দিশটোৰ কথা উত্থাপন কৰা যাওক।

 এগৰাকী হ’ল সাধাৰণতকৈ ওখ-পাখ এক বিৰাট ব্যক্তিত্ব। ধৰ্মীয় ৰীতি-নীতি ইত্যাদিত তেওঁ অবিশ্বাসী। পিছে তেওঁৰ পত্নী আধুনিকা হ'লেও পৰম্পৰাগত নীতি-নিয়ম কিছুমান মানি চলে। যোৱা শতিকাৰ আশীৰ দশকতে হ’বলা ভদ্ৰলোকৰ পিতৃ বিয়োগ হ’ল। ধৰ্মীয় নিয়মমতে শ্ৰাদ্ধ নোহোৱালৈ পুত্ৰই নানা ধৰণৰ নিয়মপালন কৰিব লাগে। পিছে দায়িত্বশীল পদাধিকাৰীয়ে কেইবাদিন ধৰি ঘৰত বহি থকা সম্ভৱ নহয়। তেওঁ নিয়মীয়াকৈ কৰ্মক্ষেত্ৰলৈ গৈ থাকিল। পত্নীয়ে তেওঁক নিৰামষ আহাৰ ফল-মূল আদি খুৱাই শুদা ভৰিৰে গাড়ীত তুলি দিছিল। গাড়ীত চালকে ষ্টাৰ্ট দিয়াৰ লগে লগে তেওঁ আসনৰ তলত লুকুৱাই ৰখা জোতাযোৰ পিন্ধি লৈছিল। কৰ্মক্ষেত্ৰত নামিয়ে পিয়নক অৰ্ডাৰ দিছিল কেইটামান কণীৰ অমলেট, কাটলেট আদি বিবিধ আমিষ বস্তু ৰেস্তোঁৰাৰ পৰা কিনি আনিবলৈ। শুনিছো নিৰামিষ তেওঁ খাবই নোৱাৰে আৰু আমিষো খায় সাধাৰণে খোৱাতকৈ বেছি পৰিমাণে। নাজানো তেওঁৰ পত্নীয়ে এই খবৰবোৰ পাইছিল নে নাই।

 খাবলৈ সকলোৱে ভাল পায়, কিন্তু কিছুমান খাদ্য ৰসিকৰ কাহিনী জনমানসত চিৰস্থায়ী হৈ থাকে। ড° অমুক চন্দ্ৰ এনে এগৰাকী ভোজনবিলাসী অধ্যাপক। ডায়েবেটিচ ৰোগ বা ক’লৈষ্টৰেল নাথাকিলেও তেওঁৰ পৰিবাৰে ঘৰৰ পৰা চেনি আৰু ঘিউ মাখন কমকৈ থকা স্বাস্থ্যকৰ টিফিন সযতনে পঠাই দিছিল নিয়মীয়াকৈ। এওঁক মই ওচৰৰ পৰা পাইছিলো। মন কৰিছিলো মিঠাই খাবলৈ মন গ'লেই টেবুলৰ ওপৰত মূৰটো থৈ কৈছিল তেওঁৰ হেনো হাইপ’গ্লাইছিমিয়া হৈছে অৰ্থাৎ তেজত চেনি কমিছে।

১০২/ বাকীছোৱা জীৱন