পৃষ্ঠা:অনিমা গুহ.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কল্পনাৰ বিয়াৰ দিনা দৰা অমৃত নেহৰুক দেখিও বহুতে সুধিব খুজিছিল জৱাহৰলালৰ লগত থকা সম্পৰ্কৰ কথা। পিছে তেওঁ বেয়া পায় বুলি কইনা ঘৰত জাননী দিয়া হৈছিল। এটা কথা শুনিবলৈ ময়ো পছন্দ নকৰো, যদিও আমাৰ সমাজত তেনেদৰে এগৰাকী মহিলাক চিনাকি কৰি দিয়াটোৱে নিয়ম। এওঁ অমুক বৰুৱাৰ পত্নী। কোৱা উচিত এওঁ ভাৰতী বৰুৱা, অমুক বৰুৱাৰ পত্নী। প্ৰতিজন মানুহৰ এটা নিজস্ব পৰিচয় থাকে। তদুপৰি কাৰ পত্নী কোৱাৰ কিবা প্রয়োজনীয়তা আছে নে? আমাৰ মহিলা সমাজৰো অনেকক ‘মই অমুকৰ মিছেচ' বুলি কৈ গৌৰৱবোধ কৰা দেখো।

 দ্বিতীয় প্ৰজন্মৰ বিয়ালৈ উভতি যাওঁ। আমাৰ পুত্ৰ জয়ৰ বিয়াৰ কথা লিখা হৈছে। তাৰ বিয়াৰ আগতে ভণ্টি টুলুৰ দুজনী ছোৱালী পাঞ্চালী আৰু বৰ্ণালীৰ বিয়া হৈ গৈছে। পাঞ্চালীৰ দৰা নলবাৰীৰ ড° বীৰেন তালুকদাৰ এগৰাকী পেপাৰ টেকনল'জিষ্ট। বৰ্ণালীৰ দৰা অভিযন্তা নৱ কলিতা টুলুৰ দ্বিতীয় জোঁৱাই। বৰপেটাৰ এম চি কলেজখন নৱৰ মাকৰ ফালৰ ককাকৰ নামেৰে আৰু জীৱনলতা চৌধুৰী ছোৱালী হাইস্কুলখন আইতাকৰ নামেৰে স্থাপিত হৈছে। টুলুৰ তৃতীয় ছোৱালী কৃষ্ণাক (মিঠু) বিয়া দিছে বৰপেটাৰ আইনজীৱী প্রয়াত পদ্ম বৰুৱাৰ পুত্ৰ অভিযন্তা হিমাংশুলৈ। টুলুৰ একমাত্র পুত্র শান্তনুৰ বিয়া হৈছে অভয়াপুৰীৰ লেখাৰ লগত। তাই চাকৰিয়াল ছোৱালী।

 ভণ্টি প্রতিমাৰ বৰপুত্ৰ দেৱৰ্ষিৰ কইনা দুলীয়াজানৰ এটা বাঙালী পৰিয়ালৰ জীয়ৰী বৰ্ণালী। সৰুপুত্ৰ কৌশিকৰ কইনা ৰাজশ্ৰী কৰ্ণাটকৰ।জীয়ৰী দেৱযানীৰ (পিউ) মুম্বাই নিবাসী নৰেন মেহৰাৰ বিয়ালৈ আমি দলবান্ধি গৈছিলো মুম্বাইলৈ। মেৰিন ড্রাইভাৰ সাগৰৰ পাৰত হোটেল এখনৰ হল এটাত আৰ্যমতে বিয়া হৈছিল তাইৰ। উত্তাল সাগৰৰ ঢৌ চাই চাই আমি বিয়াখন উপভোগ কৰিছিলো। দৰাঘৰে পার্টি দিছিল ওৱাং খাড়ে ষ্টেডিয়ামৰ হল এটাত, বিয়াখন হৈছিল ১৯৯২ চনৰ জুনত। বিয়া খাই আহি গুৱাহাটীত ঘৰ সোমোৱাৰ লগে লগে আমাৰ ভতিজা বোৱাৰীহঁতে উচ্ছাসেৰে চিঞৰি চিঞৰি কৈছিল যে তেওঁলোকক মিঠাই খুৱাব লাগে। আনকি মোৰ ডাঙৰ জা বাইদেৱেও তেওঁলোকৰ ঘৰৰ বেলকনিৰ পৰা অতি উৎসাহেৰে ভাল খবৰ এটা জনাবলৈ উদগ্ৰীৱ হৈ উঠিছিল। তাৰ পাছত আটায়ে হাত চাপৰি বজাই জাননী দিলে— ‘তুমি আইতা হ’বলৈ ওলাইছা। মিঠাই খাবলৈ তোমাৰ ওচৰলৈ আহি আছো। আহি আছো...।’ মোৰ অনুপস্থিতিত এই শুভ সংবাদটো তেওঁলোকে পাইছিল।

বাকীছোৱা জীৱন /৯৯