সমললৈ যাওক

পৃষ্ঠা:অতুল পাঠমালা (তৃতীয় ভাগ).pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কথা শাসক-জাতিৰ বিৰোধী হয়। স্বাধীনতা পোৱাৰ পৰা লাভ হ'ল এই; এতিয়া আমাৰ নিজৰ ভাল আৰু দেশৰ ভাল কৰাত একো বাধা-নিষেধ নাই। এইটো সকলো সভ্য জাতিয়ে কামনা কৰে।
যদু— বুজিলোঁ, পতাকা খন কিয়?
নৰেন্‌— শিক্ষক মহাশয়ে কৈছিল বোলে প্ৰত্যেক স্বাধীন জাতিৰে নিজা এখন জাতীয় পতাকা আছে। ই জাতিৰ আদৰ্শ আৰু গৌৰৱৰ চিন; ইয়াৰ সম্মানেই জাতিৰ সম্মান।
যদু— ও বুজিলোঁ, সেই কাৰণেহে গায় “ঝাণ্ডা উচা ৰহেঁ হমাৰা”। ভাই নৰেন্‌! সঁচাকৈয়ে আমি এই উৎসৱ নিয়ম মতে পালন কৰি আনন্দ কৰিব লাগে। আহা! বেগাই যাওঁ; শোভাযাত্ৰাৰ সময় উকলি যাব পাৰে।
 

অনুশীলনী

 ১। স্বাধীনতা পোৱাৰ পৰা আমাৰ কি কি সুবিধা হ'ল?
 ২। অসম কিমান দিন ইংৰাজৰ অধীনত আছিল?

৩