বাইচাইকল আৰু মটৰৰ কথ৷
আজিকালিৰ উন্নত যান-বাহনৰ ভিতবত বাইচাইকলে মানুহৰ অধিক সমাদৰ লাভ কৰিছে। ইয়াত উঠি মানুহে কম সময়তে, কম আরাসতে আৰু কম খবচতে এঠাইৰ পবা আন ঠাইলৈ অহা-যোৱা কৰিছে। ইয়াব পিচফালে কিছু মাল-বস্তুও বান্ধি নিব পাবি। আজিকালি বাইচাইকলেৰে অনেক সক সক বেপাৰীয়ে হাট-বজাৰ কৰি জীবিকা চলাইছে। দুবণিবটীয়া বহুত স্কুলীয়া ল'বাই বাইচাইকলত উঠি অহা-যোৱা কৰে। এজন মানুহে ঘণ্টাত তিনি-চাৰি মাইলহে খোজ কাঢ়ি যাব পাবে ; কিন্তু বাইচাই-_ কলত উঠি ঘণ্টাত ১৭১২ মাইল - যাব পাৰি। ইয়াৰ দাম কম। থবলৈকো নিচেই কম ঠাই লাগে ৷ এখন বেবতে আওজাই থব পাবি। চলাবলৈ বিশেষ ধন খবচ কৰিব নালাগে। মাজে মাজে কেৱল প্টায়াব, টিউব’ বদলি কৰাই যি ঘাই খবচ। এইবোৰ কাৰণে গোটেই পৃথিবীতে ইয়াৰ ব্যাপক ব্যৱহাৰ হৈছে । বাইচাইকল ইংৰাজী নাম, ইয়াৰ অর্থ দুচকাৰ গাড়ী । মেক্মিলান নামে এজন ইংৰাজে ১৮৪২ খ্ৰীষ্টাব্দত পোন প্রথমে বাইচাইকল আবিষ্কাৰ কৰিছিল৷
৫৭