তাৰ পাচত তেওঁ কলিকতাৰ প্ৰেচিডেন্সি কলেজত নাম লগায়। তাতো তেওঁ এজন ভাল ল’ব| বুলি সকলোৰে জনাজাত হয়। ১৮৬৯ খ্ৰীষ্টাব্দত তেওঁ তাৰ পৰা সসন্মানে বি-এ পাচ কৰে আৰু বিলাতত পঢ়িবৰ কাবণে মাহে চাৰি-পাঁচ শ টকাৰ কেবাটাও বৃত্তি পায়। বৃত্তিৰ টকাৰে বিলাতত তিনি বছৰ পঢ় আই-চি-এচ. আক বাৰিষ্টাৰি পৰীক্ষা পাচ কৰে। আই, চি, এচ অতি কঠিন পৰীক্ষা। আমাৰ অসমৰ পবা আনন্দবাম বৰুৱাই পোন প্রথমে এই কঠিন পৰীক্ষা পাচ কৰিছিল।
১৮৭২ খ্ৰীষ্টাব্দত তেওঁ বিলাতৰ পবা আহি চবকাবী চাকৰিত সোমায়। পোন প্রথমে তেওঁ শিৱসাগৰ মহকুমাধিপতিব বাব পাইছিল। তাত কিছুদিন কাম কৰাৰ পাচত তেওঁ বদ্গদেশলৈ বদলি হয়। বঙ্গদেশৰ নানা ঠাইত তেওঁ জিলাধিপতিৰ কাম কৰি স্থখ্যাতি আজ্জে।
কিন্তু এইবোৰ চৰকাৰী কামৰ স্থখ্যাতিয়ে তেওঁক অমব কবা৷ নাই I তেওঁক অমব কৰিছে তেওঁৰ অসাধাৰণ পাণ্ডিত্য আৰু বি্যানুৰাগে | দায়িত্বপূৰ্ণ চৰকাৰী কাম কৰিও আনন্দৰাম বৰুৱাই জ্ঞানচৰ্চ্চ কৰিবলৈ এৰা নাছিল। আনকি পঢ়াশুনাত ব্যাঘাত ঘটে বুলি ভয় কৰি তেওঁ বিয়াকে কৰোৱা নাছিল। সকৰে পবা সংস্কৃত সাহিত্যৰ প্রতি তেওঁৰ বিশেষ অনুৰাগ আছিল, আক বয়স বঢ়াৰ লগে লগে সেই অনুৰাগ ক্ৰমে বাঢ়ি গৈছিল। শিক্ষা সাং কবি তেওঁ সংস্কৃত চচ্চাত মন প্রাণ ঢালি দিছিল। এই কাধ্যত তেওঁক সহায় কৰিবলৈ তেওঁ কেবাজনো৷ সংস্কৃত পণ্ডিতক দৰমহ| দি বাখিছিল। সংস্কৃত গ্রন্থ Aart কাৰণে তেও নিজাকৈ এখন ছাপা-খানা পাতিছিল। তাত (তেও কেবাখনে! সংস্কৃত গ্রন্থ ছাপ! কৰাইছিল।
Su