বামুণ, বামুণনী আৰু তেওঁলোকৰ এটি ল’ব| আৰু এজনী ছোৱালী ৷ Ws বাবে কোন যায়, সেই কথাকে লৈ বামুণৰ ঘৰৰ ইজনে পিজনব ডিঙিত ধৰি কান্দিছিল আৰু প্রতিজনেই বাকীবোৰৰ পৰা বিদায় লৈ ৰাক্ষসৰ কাৰণে বাবলৈ ওলাইছিল।
আশ্ৰয়দাতাৰ এনে অথন্তৰত কুন্তীদেরীব দয়া উপজিল। তেওঁ গৈ বামুণক কলে-_‘‘দেউ ! আপোনালোক কান্দি-কাটি জুৰুলা নহব, মই ৰাক্ষসৰ বাবে মোৰ ল'বা এটিকে পঠিয়াম ।”
কুম্ভীৰ কথা শুনি ধৰ্ম্মভীৰু বামুণে কলে--“আই ! তেনে কথা৷ কিয় cata! তোমালোক অতিথি ৷ অতিথি সাক্ষাত দেৱত| ৷ তেনে স্থলত প্রাণলৈ মায়া কবি অতিথিক বধ কৰালে বৌ ৰৌ নবকত চিৰকাল পচিব লাগিব 1”
তাৰ উত্তৰত কুস্তীদেরীরে কলে--“‘দেউ ! আপুনি মোৰ ল'বাবোৰৰ বিক্ৰমৰ কথা নাজানে। সেইদেখিহে তেনেকৈ কৈছে। সিহঁতে বকান্ুবৰ দবে অনেক ৰাক্ষস বধ কৰিছে। ভগৱানৰ FA আৰু আপোনাৰ A পালে বকাস্থৰকো বধ কৰিব।”” টু
কুম্ভীৰ এই কথা শুনি বামুণ আশ্বস্ত হ'ল। তেওঁলোক আটাই- কেইজনে শান্ত মুন্ডি ধাৰণ কবিলে। কুম্তীদেরীয়ে বহালৈ গৈ ভামক লগ পালে। বাকীকেইজন কিবা কামত ওলাই গৈছিল । তেওঁ ভীমকে বাক্ষস বধৰ কাৰণে যাবলৈ কলে। ভীমে মাকৰ কথামতে যাবলৈ ওলাল। যোৱাৰ আগতে মাকক সেরা কৰাত মাকে আশীৰ্ব্বাদ দিছিল--“বোপাই ! আতুৰক বক্ষা কৰাৰ সমান aq নাই। ধৰ্ম্মত থাকিলে ঈশ্ববব কৃপা পায়। ঈশ্ববব কৃপা পালে
৪৩