পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
অকণি বীৰাংগনা কনকলতা

পিছে কনকলতাই বুকু ফিন্দাই ক’লে-“মোৰ শিৰাই শিৰাই দেশত্মকবোধ। মই মোৰ দেশক প্ৰাণভৰি ভাল পাঁও। দেশৰ বাবে মৃত্যু হ’লে মোৰ জীৱন সাৰ্থকহে হ'ব৷” অকণি কনকলতাৰ মুখত যুক্তিপূৰ্ণ কথা শুনি দাস বাইদেউ হতবাক হ’ল। কণমানি জনীৰ প্ৰাণত যে গভীৰ দেশৰ বাবে ভালপোৱা আছে তাক ভালদৰে উমান পালে। তেওঁ মনতে ভাবিলে মৃত্যু বাহিনীত যোগ দি ছোৱালীটি মৃত্যু দুৱাৰলৈ আগ বাঢ়িলেও নিশ্চয় পুলিচৰ গুলিয়ে তাইক চুবলৈ নাহে। এধানমানিটিক মৃত্যুৰ মুখলৈ পঠিয়াবলৈ কাৰো মন নেযাব। বহু ভাবিগুনি পুষ্পলতা দাসে ‘মৃত্যু বাহিনী'ত কনকলতাক সুমুৱাই ললে।

 

 স্বাধীন ভাৰত এখনৰ আশা কৰি দলে দলে অহা যুৱক যুৱতীৰ দলত কনকলতাৰ নামো চামিল হ’ল।

18