পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
অকণি বীৰাংগনা কনকলতা

 জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে সংগ্ৰামী দলক দুটা ভাগত ভাগ কৰিলে- ‘মৃত্যু বাহিনী’ আৰু ‘শান্তি বাহিনী’। ‘মৃত্যু বাহিনী’য়ে মৃত্যুক ভয় নকৰি যুঁজিব। ‘শান্তি বাহিনী’য়ে নিৰৱে দেশৰ কাম কৰি যাব। ‘মৃত্যু বাহিনী’ত ডেকা-গাভৰু সকলক ল’লে আৰু ‘শান্তি বাহিনী’ত বয়সিয়াল লোকসকলক ল’লে।

 কনকলতাই ডাঙৰ বয়সিয়াল তিৰোতাসকলৰ লগত সংগ্ৰামৰ কামত ঘূৰি ফুৰে। প্ৰচেছন, কানি ভাং নিবাৰণী যঁতৰত সূতাকটা, বৰঙণি তোলা কামবোৰতো মহিলাদলৰ লগত যায়। সৰু হ’লেও কনকলতাৰ আগ্ৰহক কোনেও বাধা দিবলৈ ভাল নেপায়। ‘শান্তি-বাহিনী’, বাহিনী’ৰ কথা কনকলতাৰ কাণত পৰিল। তাইৰ মন আনন্দেৰে নধৰা হ’ল। দেশৰ কাম কৰাৰ এই সুযোগ তাই এৰি দিব নিবিচাৰিলে। ‘মৃত্যু বাহিনী’ত নাম দিবলৈ কনকলতা ল’ৰি গ'ল।

 মহিলা গোটৰ দায়িত্বত আছিল নেত্ৰী পুষ্পলতা দাস। কনকলতাই পুষ্পলতা দাসক গৈ মনৰ কথা ক'লে। পুষ্পলতা দাসে বিচুৰ্তি খালে ‘এই এধানমানি ছোৱালীজনীয়ে কয় কি’- তেওঁ ভাবিলে হয়তো উৎসাহতে লৰি আহিছে। তেৰ বছৰ হৈ গৈছেহে। মাকৰ আচল এৰিব হোৱাই নাই, সেয়েহে কনকলতাক ‘মৃত্যু বাহিনী’ত ল’ব নোৱাৰি বুলি ক'লে। কনকলতাই তেওঁৰ এষাৰো কথা নেমানিলে। মৃত্যু বাহিনী’ত নাম লিখাবলৈ আঁকোৰ গোজ হৈ থাকিল। দাস বাইদেৱে ক’লে- ‘ভন্টি, দেশৰ কামলৈ আগবাঢ়ি আহিছা, এয়ে বৰ ডাঙৰ কথা। সেইবুলি ‘মৃত্যু বাহিনী’ৰ দৰে ভয়ংকৰ সংগঠনটোত সোমাব নোৱাৰা। ‘মৃত্যু বাহিনী’ত মৃত্যুও হ’ব পাৰে। তোমাৰ এতিয়াই এনে কামত ভাগ ল’ব হোৱা নাই।

17