পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
অকণি বীৰাংগনা কনকলতা

 এক বিশাল গতিত ভাৰতত এই ‘ভাৰত ত্যাগ’ সংগ্ৰামলৈ হাজাৰ হাজাৰ জনতা খদমদম্ লগাই ওলাই আহিল। এই কথাই ইংৰাজক বৰ ভয় খুৱালে, যাকে পাই বন্দী কৰিলে। যিসকল নেতাই এই সংগ্ৰামৰ গুৰি ধৰিছিল তেওঁলোকক বন্দী কৰিবলৈ উঠিপৰি লাগিল।

 ১৯৪২ চনৰ ৯ আগষ্টৰ দিনা ৰেডিঅ'ত মহাত্মা গান্ধীকে ধৰি নেতা কিছুমানক ইংৰাজে বন্দী কৰাৰ বাতৰি ওলাল। এই বাতৰিয়ে যেন জনতাৰ জ্বলা জুইত ঘিঁউহে ঢালিলে। মানুহবোৰ খঙত টিঙিৰি তুলা হ'ল।

 নানান কাৰ্য্যসূচী মানুহবোৰে হাতত ল'লে। অসমো পিছ পৰি নেথাকিল। নেতাসকলৰ লগতে নেত্ৰীসকলো আগবাঢ়ি আহিল। দিহা পৰামৰ্শ কৰি নেতাসকলে কামবোৰ ভাগ কৰি দিলে। অসমৰ আগশাৰী নেত্ৰী চন্দ্ৰপ্ৰভা শইকীয়া, পুষ্পলতা দাস, স্বৰস্বতী কমাৰনী, যশোদা কেওঁট আদি মহিলাসকলে তিৰোতাসকলৰ দায়িত্ব ল'লে৷ তেওঁলোকৰ-ভিতৰৰ নগাওঁ জিলাত গুনেশ্বৰী দেবী, ভোগেশ্বৰী ফুকননী আইতা, দময়ন্তী বৰা আদি দেশকৰ্মী নেত্ৰীয়ে আগভাগ ল'লে।

 লখিমপুৰত বুদ্ধেশ্বৰী হাজৰিকা আদি। সেইদৰে টিয়ক, গোলাঘাট কামৰূপৰ বজালী, বৰপেটা, গুৱাহাটীতো নেত্ৰীসকলে নিজৰ দায়িত্ব পালন কৰিলে, দৰং জিলাৰ ঢেকীয়াজুলি, কলাবাৰী বৰঙাবাৰী গহপুৰ বিহালী বিশ্বনাথ চতিয়া জামুগুৰি আদিত প্ৰধান নেত্ৰীৰ ভাৰ ল'লে পুষ্পলতা দাস নামৰ অগ্ৰনী দেশপ্ৰেমিকা গৰাকীয়ে। দেশৰ বাবে তেওঁ নিজৰ দুখ-কষ্টৰ প্ৰতি অকণো চিন্তা কৰা নাছিল।

16