পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
অকণি বীৰাংগনা কনকলতা

 এনেবোৰ কথাই অসমৰ ল'ৰা-বুঢ়াসকলোৰে মন চুই গ'ল। জেলত অনাহাৰ, কষ্টত থকা সকলৰ বাবে মন কান্দি উঠিল। কনকলতাৰ প্ৰাণো দুখত ভাগি পৰিল। মনে মনে বিদেশী শাসকক এসেকা দিয়াৰ কথাও নভবাকৈ নেথাকিল। এই বিষয়ে পিতাকৰ লগত তাই কথা পাতে। পিতাকে কনকলতাৰ দেশপ্ৰেম দেখি মনতে গৌৰৱ বোধ কৰে। দেশত হৈ থকা অনেক কথা কনকলতাক কয়। সভা-সমিতিবোৰলৈ কনকলতা যাবলৈ ওলালে তেওঁ বাধা নিদিয়ে।

ছয়

 ১৯৪২ চনতো ভাৰতৰ ইতিহাসত এটা মনত ৰাখিবলীয়া সোণালী আখৰেৰে লিখা চন। ১৯৪২ চনৰ ৮ আগষ্টৰ দিনা বোম্বাইত অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ অধিবেশন বহিছিল। সেই অধিবেশনৰ সভাত মহাত্মা গান্দীয়ে জনালে- ভাৰতবাসীয়ে নিজকে স্বাধীন বুলি মানিব লাগে। ঐক্যভাৱে সকলো এক হৈ ইংৰাজক ‘ভাৰত ত্যাগ’ হুমকনি দিব লাগে। দলেবলে প্ৰচেছন কৰিব লাগে, ইংৰাজৰ তলত চাকৰি কৰা সকলে চাকৰি এৰিব লাগে, ইংৰাজ শাসকে আদেশ দিলে অমান্য কৰিব লাগে, নিজৰ দেশত নিজৰ অধিকাৰ দাবী কৰিব লাগে ইত্যাদি। তেওঁ ঘোষনা কৰিলে ‘কৰেংগে অৰ মৰেংগে'।

 ‘কৰিম কিম্বা মৰিম’- এই কথাই অসমতো জুই লগালে। সকলো মানুহে ইংৰাজৰ বিৰুদ্ধে খলকনি লগাই দিলে। ‘ভাৰত ত্যাগ’ আন্দোলন চাৰিও দিশে বিয়পি পৰিল।

15