পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
অকণি বীৰাংগনা কনকলতা

এইবোৰ দেখিশুনি কনকলতাৰ মনটোও তেনেই দেশপ্ৰেমত উথলি উঠিল। দেশক ভালপোৱাভাৱে দেশৰ বাবে কাম কৰা ভাৱে কনকলতাক জুমুৰি কৰিবলৈ ল'লে। জাতি সংস্কৃতিৰ প্ৰতি থকা এইভাৱে ছোৱালীজনীক সাহসী কৰি তুলিলে। সভা-সমিতিবোৰলৈ কনকলতা যাবলৈ ল'লে। ভাষণবোৰো মনদি শুনে।

 কনকলতা অলপ বুজন হ’ল। বুজন হৈয়ে গাওঁবাসীক পৰাধীন দেশৰ দুখৰ কথা বুজাবলৈ ল'লে। কনকলতাই গাঁওবাসীক ক'লে-“এইখন মোৰ দেশ। মোৰ প্ৰাণ। ইয়াৰ এটুকুৰা মাটিও পৰক নিদিও।” কনকলতাৰ এনে কথাত গহপুৰবাসীৰ মনত দেশপ্ৰেমে গোজপুতি ল’লে। কনকলতাৰ ভাষণত সকলো মোহিত হ'ল।

 লাহে লাহে একতাই গোটেই দেশখনকে বান্ধি পেলালে, ইজনৰ মনৰ কথাই সিজনক ছানি পেলালে। ক'ৰবাত কোনোবাই ইংৰাজ শাসকৰ বলি হলে গোটেই ভাৰত বৰ্ষই জাঙুল খাই উঠে। নহ’বনো কিয়? একেই দেশ, একেই জনতা একেই পৰাধীনতাৰ যাতনা।

 জধেমধে ইংৰাজ শাসকে মানুহবোৰক মাৰপিট কৰি আন্দোলনত বাধা দিবলৈ ধৰিলে। বহুত পুৰুষ মহিলাক নি জেলতো ভৰালে। অসমত এশতকৈ বেছি তিৰোতা সকল জেলৰ ভাত খাব লগা হ'ল। নগা পাহাৰৰ ৰাণী গাইডলু নামৰ সাহসী সংগ্ৰামী মহিলা গৰাকীক জেললৈ টানি আজুৰি লৈ গ'ল। তেওঁক ১৯৩৩ চনৰ পৰা ১৯৪৯ চনলৈ ১৬ বছৰ জেলত ভৰাই বহু থৈছিল। এনে অমূল্য ৰত্ন অসম জীয়ৰী সকলে অসমৰ নাম আৰু উজ্বল কৰি তুলিছিল।

14