সমললৈ যাওক

পাঠ-মালা

ৱিকিউৎসৰ পৰা
 

PATH-MALA.
FOR THE
USE OF THE SCHOOLS OF ASSAM.
BY
H. C. BARUA.

 

পাঠ-মালা৷
৺হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা,
নানা সংস্কৃত আৰু ইংৰাজী পুথিৰ পৰা সংগৃহীত
আৰু অসমীয়া ভাষাৰে ৰচিত।

 

চতুৰ্দশ তাঙৰণ
 

হেমকোষ প্ৰকাশন
মণিৰাম দেৱান পথ
চান্দমাৰি, গুৱাহাটী-৭৮১০০৩

 

PATH-MALA.
FOR THE
USE OF THE SCHOOLS OF ASSAM.
BY
H. C. BARUA.

পাঠ-মালা
৺হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা,
নানা সংস্কৃত আৰু ইংৰাজী পুথিৰ পৰা সংগৃহীত
আৰু অসমীয়া ভাষাৰে ৰচিত।



চতুৰ্দশ তাঙৰণ




হেমকোষ প্ৰকাশন
মণিৰাম দেৱান পথ
চান্দমাৰি, গুৱাহাটী-৭৮১০০৩

“আপৰিতোষাদ্বিদুষাং ন সাধু মন্যে প্ৰয়োগবিজ্ঞানং।” (শকুন্তলা)


All rights reserved.]

Hemkosh Prakashan
M. R. Dewan Road, Chandmari
Guwahati-781003

 

চতুৰ্দশ তাঙৰণ - ১৯৮৬

বেচ খনে ৫.০০ টকা মাত্ৰ

 

Published by Sri Debananda Barua, Hemkosh Prakashan, M. R. Dewan Path, Chandmari, Gauhati-3 printed at Printing udyog, Bamunimaidam, Gauhati-21

 

পাতনি।

 আগেয়ে অসমীয়া ভাষা সকলোৰে অনাদৃত হৈ থকাৰ নিমিত্তে সেই ভাষাৰে কেৱে পুথি ৰচনা নকৰিছিল; কাৰণ আমাৰ ভাষাত পঢ়িবৰ উপযুক্ত পুথি নাই বুলিলেও মিছা কোৱা নহয়। কিন্তু এতিয়া তাৰ প্ৰতি দেশাধিকাৰবিলাকৰ অলপ কৃপা-দৃষ্টি হোৱাত তাৰ সৌভাগ্য মিটিকিয়াইছে যেন দেখা গৈছে। এই হেতু অনেকেই ভাল ভাল পুথি লিখি তাৰ উন্নতি সাধন কৰিবলৈ ধৰিছে। কিন্তু সম্প্ৰতি অসমীয়া ভাষা শিকিবৰ নিমিত্তে “তলৰ শ্ৰেণীৰ দেশী ভাষাৰ পঢ়াশালি” নামেৰে যি এক শ্ৰেণীৰ স্কুল স্থাপিত হবৰ কাৰণে আসামৰ চিফ্‌ কমিশনৰ চাহাব মহোদয়ে আজ্ঞা কৰিছে, সেই বিলাক পঢ়াশালিত পঢ়াবৰ উপযুক্ত সাহিত্য-পুথি নথকাত বিদ্যাশিক্ষাৰ অধ্যক্ষ চাহাবৰ জাননী অনুসাৰে এই পুথি লিখা হল।

গ্ৰন্থকৰ্ত্তা

ষষ্ঠ তাঙ্গৰণ।

 “পাঠমালা” আসামৰ হাইস্কুলবিলাকৰ উচ্চ শ্ৰেণীৰ পাঠ্য নিৰ্দ্দেশ হোৱা গতিকে ছাত্ৰবিলাকৰ সহায়তাৰ অৰ্থে এইবাৰ বিষয়বিলাকৰ ওপৰত তাৰ ইংৰাজী লিখি দিয়া গল।

শিৱসাগৰ
১লা মাঘ, ১৮৩১
শ্ৰীতুলসীৰাম বৰুৱা
প্ৰকাশক।
 


নৱম আৰু দ্বাদশ তাঙ্গৰণ।

 এই পুথিৰ ছাপা-ভুলবিলাক সংশোধন কৰি পুনঃ ছপোৱা হল৷ ইতি --

শিৱসাগৰ
৮ আঘোণ, ১৮৫৭
শ্ৰীআনন্দৰাম বৰুৱা
প্ৰকাশক।
 

চতুৰ্দশ তাঙৰণ

‘পাঠমালা’ কিতাপখনি আমোদজনক গল্পৰ আকাৰেৰে ল'ৰা-ছোৱালীৰ উপযোগী সকলো ৰকমৰ নীতিমূলক জ্ঞান আহৰণৰ সুলভ সমল ৰূপে বহুদিনীয়া অভাৱ পূৰণ কৰিবলৈকে আটকধুনীয়াকৈ পুনৰ ছপাই উলিয়ালোঁ। ইতি

১০৷১৷৮৬

দেবানন্দ বৰুৱা
সম্পাদক আৰু প্ৰকাশক

নির্ঘণ্ট।
CONTENTS
—⦂৹⦂—

১ আধ্যা
 পাঠ   পিঠি   মূল
১। নীতিসাৰ     (নানা সংস্কৃত আৰু
        ইংৰাজী পুথি)
২।      
৩। বুঢ়া আৰু তাৰ পুতেক     (Æsop)
৪৷ দুই বন্ধু আৰু ভালুক    
৫। গৰখীয়া আৰু বাঘৰ কথা    
৬। বামুণ আৰু পিঠাগুড়ি     (পঞ্চতন্ত্ৰ)
৭৷ বামুণ আৰু সাপ   ১১  
৮। ধৰ্ম্মবুদ্ধি আৰু পাপবুদ্ধি   ১৩  
৯৷ এজন পিতা আৰু পুত্ৰবিলাক   ১৭   (Æsop)
১০। মহগিৰী   ১৭   (নিজৰ)
১১। দুজন উকীল   ১৮  
         
২ আধ্যা
১। সম্মান   ২০   (নিজৰ)
২। নিৰ্ম্মলতা   ২৩  
৩। মিঠা মাত আৰু সদয় ব্যৱহাৰ   ২৪  
৪। পৰিশ্ৰম   ২৭  
 পাঠ   পিঠি   মূল
৫। কৃষি-বাণিজ্য-আদি   ২৯  
৬।     ৩২  
৭৷ অঙ্গ-পৰিচালনা   ৩৫  
৮। সজ লোকৰ কৰ্ত্তব্য   ৩৭  
৩ আধ্যা
১। জন্তুবিলাকৰ স্বভাৱ আদি   ৩৮   (ইংৰাজী)
২।     ৪২  
৩। হাতী   ৪৫  
৪৷ গঁড়   ৪৬  
৫। পানী ঘোঁৰা   ৪৮  
৬। কেঁটেলা   ৫০  
৭৷ নাহৰ-ফুটুকী   ৫১   (ইংৰাজী)
৮। উকহ   ৫২  
৯৷ ম’ৰা চৰাই   ৫৪  
১০। বৰটোকোলা   ৫৬  
১১। তিমি   ৫৮  
১২। উৰণীয়া মাছ   ৬০  
১৩। গাগিনী   ৬২  
১৪। মৌ-মাখি   ৬৩  
         
৪ আধ্যা
১। বৃক্ষৰ-স্বভাৱ-আদি   ৬৬  
২। বট-গছ   ৬৮  
৩। কফি-গছ   ৭০  
 পাঠ   পিঠি   মূল
৪। কুঁহিয়াৰ   ৭১   (ইংৰাজী)
৫। কাঠ-ফুল   ৭২  
৬। ধাতু আদি   ৭৪  
৭৷     ৭৬  
৮। ৰামমোহন ৰায়   ৭৮   (জীবনচৰিত্ৰ আদি)
৯৷ আনন্দৰাম ঢেকীয়াল ফুকন   ৮১  
১০।     ৮৪  
১১। স্বভাৱৰ আচৰিত দৰ্শন   ৮৭   (ইংৰাজী)
১২।     ৮৯  
         
৫ আধ্যা
১। পাণ্ডব-পুত্ৰবিলাকৰ বধ   ৯২   (মহাভাৰত)
২। দ্রৌপদী যুধিষ্ঠিৰ   ৯৬   (ঐ অবিকল)
৩।     ১০০  
৪। ভৰতৰ উক্তি   ১০৩   (ৰামায়ণ)
৫। ৰামচন্দ্ৰৰ উক্তি   ১০৭  
৬। হৰিশ্চন্দ্ৰৰ উপাখ্যান   ১০৮   (মার্কণ্ডেয় পুৰাণ)
৭৷     ১১২  
৮।     ১১৬  
৯৷     ১২১  
১০।     ১২৬  
১২। ধনীনেত্ৰেৰ উপাখ্যান   ১২৯  

পাঠ-মালা।
[ A GARLAND OF LESSONS.]

বালকবিলাকৰ প্ৰতি সম্বোধন ( Address to the Boys.)

 হে প্ৰিয় লৰাবিলাক! তোমালোকে দেখিছা যে,আমাৰ দেশাধিকাৰসকলে তোমালোকৰ হিতৰ নিমিত্তে ধন ভাঙ্গি পঢ়াশালি পাতি দিছে। এনে সূচল পায়ো যদি তোমালোকে বিদ্যা আৰ্জি জ্ঞানী নোহোৱাঁ, তেন্তে সি কেৱল তোমালোকৰ দোষ। তোমালোকে জানিবা, লৰা-বয়সত হে বিদ্যা শিকিবৰ সময়। সেই অমূল্য সময় যদি এলাহত বা ধেমালিত খেদোৱাঁ, তেনেহলে বুঢ়াকালত শোক কৰিব লাগিব। সময় পাখি লগা কাঁড়ৰ দৰে উৰি যায় আৰু সি গলে বহুত ধন-ৰত্ন দিও তাক ওলটাই আনিব নোৱাৰি। এতেকে এতিয়া তোমালোকৰ হাতত যি সময় আছে, তাক জ্ঞান-বিদ্যা শিকাত নিযুক্ত কৰিলে সি ধৰি ৰখাৰ তুল্য হব; নাইবা শুদায় উৰি যাব, আৰু তাক নোপোৱাঁ। মই তোমালোকৰ নিজৰ ভালৰ নিমিত্তেহে এই কথা কৈছোঁ,এতেকে মোৰ সেই সজ আলচলৈ আওহেলা নকৰিবা।

১ আধ্যা।
১ পাঠ।
নীতি-সাৰ (Moral Lessons or Morality.)

 ১৷ কলো বস্তুতকৈ বিদ্যা শ্ৰেষ্ঠ, কিয়নো তাক চোৰে চুৰি কৰিব নোৱাৰে, ভাগীয়েও ভগাই নলয়, আৰু সি কেতিয়াও ক্ষয় নেপায়।
 ২। বিদ্যাই মানুহক নম্ৰ কৰে, নম্ৰ হলে মানুহ সৎপাত্ৰ হয়, সেয়ে হলে ধন বাঢ়ে, ধনৰ পৰা ধৰ্ম্ম আৰু তাৰপৰা সুখ হয়।
 ৩। শাস্ত্ৰে অনেক বিষয়ৰ সংশয় গুচায়, নেদেখা কথাকো দেখাৰ দৰে বুজায়, এতেকে শাস্ত্ৰ সকলোৰে চকুৰ নিচিনা, সেহ শাস্ত্ৰ-জ্ঞান যাৰ নাই, সি কণা।
 8৷ যি বিদ্বান্ আৰু ধাৰ্ম্মিক নহয়; এনে পুত্ৰ হোৱাৰ ফল কি? দেখা-শক্তিহীন চকু থকাতকৈ নথকাই ভাল; কিয়নো তেনে চকুৰে সদায় পীড়া মাথোন দিয়ে।
 ৫। যেনেকৈ সোণৰ লগত পৰিলে কাচেও উজ্জ্বল বৰণ ধৰে সেইৰূপে সজ্জনৰ লগত থাকিলে মূৰ্খও পণ্ডিত হয়।
 ৬। ৰজাও বিদ্বান্ লোকৰ সমান নহয়; কিয়নো ৰজা নিজ দেশত মাথোন মান্য, বিদ্যাৱন্ত মানুহে সকলো ঠাইতে সম্মান পায়।
 ৭। গুণহীন মানুহ উচ্চ বংশত ওপজাৰ কি ফল? বিদ্যাৱন্ত হলে নীচ কুলৰ লোকেও সকলোৰে আদৰ পায়।  ৮। সুগন্ধি ফুল-ধৰা এজোপা গছেই গোটেইখন হাবি মলমলীয়া কৰে, আৰু এটি সুপুত্ৰৰ দ্বাৰাও তেওঁৰ বংশৰ মান-যশ বাঢ়ে।
 ৯। মানুহবিলাকৰ আলস্যৰ সমান শত্ৰু, আৰু উদ্যোগৰ সমান বন্ধু নাই।
 ১০। বড়ৰ আঠাৰ ঢোপ এটা হাতৰ আঘাত লাগি মাটিত পৰিলেও পুনৰায় ডেও দি ওপৰলৈ উঠে, সেইৰূপে আপদত পৰিলেও সাধুৱে তাৰপৰা উদ্ধাৰ পায়।
 ১১৷ কটা গছৰো গজালি ওলায়, ক্ষীণ হোৱা চন্দ্ৰও পুনৰায় পূৰ হয়; এই কথা গমি চাই সন্তসকল, বিপদত পৰিলেও, বিবশ নহয়।
 ১২। যি, যি কামত পাৰ্গত তেওঁক সেই কামত নিযুক্ত কৰিব লাগে; কিয়নো নজনা কাম কৰিব লাগিলে পণ্ডিতৰো বুদ্ধি হেৰায়।
 ১৩। যাৰ জন্মৰ দ্বাৰা তেওঁৰ বংশৰ উন্নতি হয়, তেওঁৰ জন্মেই হে জন্ম; নতুবা এই অনিত্য সংসাৰত কোন্ নোপজে, আৰু কাৰ নো মৃত্যু নহয়?
 ১৪। উদ্যোগী পুৰুষ সিংহৰ তুল্য শ্ৰেষ্ঠ; তেওঁ অৱশ্যে লক্ষ্মীৰ কৃপা পায়। মন্দ বুদ্ধিৰ মানুহে মাথোন দৈৱৰ ওপৰত ভাৰসা কৰে, এতেকে আপোনাৰ শক্তিৰে দৈৱক ঠেলি পুৰুষালি কৰা; যত্ন কৰিলে যদি সিদ্ধি নহয়, তাত দোষ কি?
 ১৫। আপদত পৰিলে, মূৰ্খে দৈৱক দোষে; আপোনাৰ কৰ্ম্মৰ দোষত যে আপদ হৈছে, তাক নেজানে।
 ১৬। সৎলোকে বিদ্যা হলে জ্ঞান পায়, ধন হলে দুখীয়াক দান, আৰু শক্তি হলে আনক আপদৰ পৰা ৰক্ষা কৰে; কিন্ত দুষ্ট মানুহৰ এই কেইটা গুণ হলে বিপৰীত ফল হয়, অৰ্থাৎ সি বিদ্যাক বিবাদত মাথোন লগায়, ধনৰ দ্বাৰা তাৰ অহঙ্কাৰ হয়,আৰু শক্তি হলে সি লোকক হিংসা কৰে।
 ১৭। পৰৰ উপকাৰৰ নিমিত্তে যি লোকে ধন ব্যয় কৰে,তেওঁৰ সাৰ্থক জীৱন। যি জনে ধন আৰ্জ্জি আপোনাৰ পেট মাথোন পোহে, সি একো প্ৰশংসাৰ যোগ্য নহয়; কাৰণ বগেও দীঘল ঠোঁটেৰে মাছ ধৰি আপোনাৰ পেট পূৰণ নকৰে নে?
 ১৮। বিনা দুখেৰে সুখ নহয়, দুখ কৰিলে হে মুখ ভৰে।
 ১৯। আপোনাক অজৰ-অমৰ যেন ভাবি বিদ্যা আৰু ধন উপাৰ্জ্জন আৰু যমে চুলিত ধৰি টানিছে, এনে ভাৱে ধৰ্ম্মৰ চৰ্চা কৰিব লাগে।

২ পাঠ।
নীতি-সাৰ (সমাপ্ত)

 ১। তোমাৰ পিতৃ-মাতৃক সম্মান কৰিবা।
 ২। অকাৰণত জীব-হত্যা নকৰিৱা।
 ৩। লোকৰ তিৰোতাৰ প্ৰেমত আসক্ত নহবা।
 ৪। চুৰ নকৰিবা; মিছা কথাকো নকবা।
 ৫। তোমাৰ চুবুৰীয়াৰ ঘৰ, ভাৰ্য্যা, দাস, দাসী, মহ-গৰু বা আন কোনো বস্তুলৈ লোভ নকৰিবা।
 ৭। মানুহৰ দশা সদায় সমানে নবৰ্ত্তে, ৰথৰ চক্ৰৰ দৰে ঘুৰি থাকে; চন্দ্ৰ সূৰ্য্যৰে৷ উদয় অস্ত আছে; এতেকে আজি যি ওখ হৈ উঠিছে, কালিলৈ সি তললৈ নামিব পাৰে। ইয়াকে বুজি জ্ঞানীলোক, বৰ ধনী বা ক্ষমতাৱন্ত হলেও অহঙ্কাৰী নহয়।
 ৮। যি ঠাইত মানুহে সম্মান আৰু প্ৰীতি নেপায়, কোনো বন্ধু নাই, বিদ্যা আৰু ধন অৰ্জ্জিবও নোৱাৰে, তাত থকাই অনুচিত।
 ৯। প্ৰথম বয়সতে যি শান্ত, তাকেহে শান্ত বুলিব লাগে; শৰীৰ দুৰ্ব্বল হলে নো শান্ত কোন নহয়?
 ১০। সন্ত লোকে এশ টকা ভৰিও আনেৰে সৈতে বিবাদ নকৰে, কিন্তু মূৰ্খ হলে অকাৰণতে দন্দ্ কৰি ফুৰে।
 ১১। অনুপস্থিত বিপদৰ নিবাৰণৰ নিমিত্তে যি আগেয়েই সাৱধান হৈ থাকে,সদায় তেওঁৰ সুখ হয়; কিন্তু যি উপস্থিত আপদৰ প্ৰতিকাৰৰ কাৰণে চেষ্টা নকৰে, তেওঁ অৱশ্যে কষ্টত পৰে।
 ১২। দুখীয়াক প্ৰতিপালন কৰিবা, কিন্তু আঢ্যৱন্ত মানুহক ধন নিদিবা; কিয়নো ঔষধৰ দ্বাৰা ৰোগীৰ উপকাৰ হয়, নিৰোগীৰ দৰবত কি সকাম?
 ১৩। উপকাৰীৰ শলাগ লবা, অশলাগীৰ সমান পাপী নাই।
 ১৪। পৰৰ উপকাৰ কৰাৰ সমান পুণ্য আৰু হিংসা কৰাৰ সমান পাপ নাই।
 ১৫। আপদত পৰিলে অধৈৰ্য্য নহৈ স্থিৰ মনেৰে তাৰপৰা উদ্ধাৰ পাবৰ উপায় চিন্তিব লাগে, নতুবা আপদে জালৰ দৰে মেৰাই ধৰে।
 ১৬। দয়া বা মৰমৰ বশ হৈ যি শত্ৰুত বিশ্বাস কৰে, সি অৱশ্যে আপদত পৰে।

৩য় পাঠ।
এটা বুঢ়া মানুহ, তাৰ পুতেক আৰু এটা গাধৰ কথা
(An old man, his son and an Ass. )

 এই জগতত অনেক প্ৰকাৰৰ মানুহ আছে; সেই সকলোৰে মত একে নহয়; এতেকে আমি কোনো কাম কৰি একেবাৰেই সকলোকে সন্তোষ দিব নোৱাৰোহঁক, আৰু সকলোকে সন্তোষ দিব খুজিলে, আমাৰ যত্ন সফল হওক ছাৰি, আমি অনেক সময়ত হাস্যাস্পদ, আৰু হানিৰ অধীন হব লাগে। এই কাৰণে যি লোকক জ্ঞানী আৰু সৎলোক বুলি জনা যায়, অকল সিবিলাকৰ মত অনুসৰি কাম কৰা উচিত।
 টা বুঢ়া মানুহে তাৰ এটা গাধ বিকিবৰ নিমিত্তে হাটলৈ লৈ যাওঁতে তাৰ পুতেকক সেই গাধত তুলি আপুনি তাৰ ওচৰত খোজ কাঢ়ি গৈছিল। বাটত কিছুমান পথিকে সিহঁতৰ লগ পাই পুতেকক নিন্দ৷ কৰি বুলিলে,—“চোৱাঁচোন, সেইটো কেনে নিৰ্ব্বোধ ডেকা! সি গাধৰ পিঠিত উঠি সুখেৰে গৈছে, বুঢ়াটোক হলে খোজ কঢ়াই মাৰিছে এই কালত বুঢ়া মানুহৰ একো সম্মান নাইকিয়া হল।” তাতে বুঢ়াই বাটৰুৱাবিলাকৰ এই কথা উচিত যেন বুজি, আৰু পুতেকৰো নিন্দ৷ গুচাবৰ ইচ্ছা কৰি তাকে নামিবলৈ কলে আৰু নিজে গাধত উঠিল। এইৰূপে অলপ দূৰ গৈ আকৌ কিছুমান বাটৰুৱাৰ লগ পালে, তাতে সিহঁতে একেবাৰেই মাত লগাই কলে, “চোৱাঁচোন! সেইটো কেনে এলেহুৱা বুঢ়া। সি গাধত উঠি সুখেৰে যাব লাগিছে, তাৰ সেই কুমলীয়া পুতেকটিয়ে লৰ দিও তাৰ লগত যাব পৰা নাই। সি ইমান দুখ পাইছে, তেওঁ বুঢ়াই তালৈ দৃক্পাতকে নকৰে। আজি কালি মানুহৰ মনৰ পৰা মৰম-বেথা দূৰ হল।” হোজা বুঢ়াই এই কথা শুনি সেই কাম বেয়া যেন বুজিলে আৰু তেতিয়াই পুতেকক তাৰ পাচ-ফালে তুলি ললে। সেইদৰে গৈ হাটৰ ওচৰ পোৱাপুই হওঁতেই আন এজন পথিকে বুঢ়াক মাত লগাই বুলিলে, – “আপ! এই গাধটি তোমাৰ নিজা নে আন মানুহৰ?” তাতে বুঢ়াই উত্তৰ কৰিলে, “সি মোৰ আপোনাৰ বস্তু।” এই কথা শুনি বাটৰুৱাই কলে “তুমি তাৰ ওপৰত যিমান বোজা দিছা, তালৈ চালে তাক তোমাৰ নিজা বুলিব নোৱাৰি; নিজা বস্তুক মানুহে ইয়াতকৈ অধিক মৰম কৰে; তোমালোক দুটা মানুহ তাৰ ওপৰত উঠি তাক দুখ দিয়াতকৈ, দুটাই তাক কনত তুলি লৈ যোৱাই ভাল।” তাতে বুঢ়াই বোলে, “ভাল দেও!” আপুনি যি বুলিছে তাকে কৰিম,” এই বুলি এডাল কান-মাৰি আনিলে, আৰু বাপেক পুতেকে গাধটোক সাঙ্গী বান্ধি লৈ এখন দলং পালে গৈ,কিন্তু সেই কাৰ্য্যটো এনে হাস্যজনক আছিল যে, দলঙ্গত বহি থকা কিছুমান মানুহে একেবাৰেই হাত-চাপৰি মাৰি হাঁহিবলৈ আৰু বুঢ়া আৰু তাৰ পুতেকক নিৰ্ব্বোধ ইত্যাদি বুলি নিন্দিবলৈ ধৰিলে; তাতে সিহঁতৰ হাইত, চঁক খাই উচাল মাৰি দিয়াত,জৰী ছিগি গাধ নৈত পৰিল। তেতিয়া বুঢ়াই বৰ লাজ আৰু বেজাৰ পালে, আৰু আগলৈ সকলোকে সন্তোষ দিবৰ চেষ্টা নকৰিবলৈ অঙ্গীকাৰ কৰি পুতেকেৰে সৈতে ঘৰলৈ উলটি গল।

৪ৰ্থ পাঠ।
দুজন বন্ধু আৰু ভালুকৰ কথা (Two friends and Bear.)
সম্পদৰ সময়ত বন্ধু পোৱা যায়, আপদেহে বন্ধুক চিনায়।

 ক দেশত দুজন বন্ধুৱে, একে লগে বাটত যাওঁতে, এটা ভালুকক দেখা পালে। তাতে এজনে ভয়ত তাৰ সঙ্গীৰ কি দশা হব, তালৈ মন নকৰি লৰ মাৰি গছত উঠিল,আন জনে অকলৈ ভালুকৰ হাতৰ পৰা, সাৰিবৰ উপায় নেদেখি মৰা ভাও ধৰি মাটিত পৰিল; কাৰণ তাৰ শুনা আছিল যে, ভালুকে মৰা শ নোছোৱে। সি সেই দৰে পৰি থাকোঁতে ভালুকে তাৰ মূৰৰ ওচৰলৈ আহি, মুখ, নাক, কাণ আৰু বুকু সুঙ্গি চালে; কিন্তু সি নিশ্বাস বন্ধ কৰি লৰচৰ নোহোৱাকৈ পৰি থকাত তাক মৰা যেন বুজি গুচি গল। তেতিয়া তাৰ সঙ্গী জনে, গছৰ পৰা নামি আহি তাক সুধিলে, “সখি! ভালুকে তোমাৰ কাণত মুখ দিয়া দেখিছিলোঁ, সি নো কাণেকাণে তোমাক কি কথা কলে?” তেতিয়া তাৰ বন্ধুৱেকে উত্তৰ কৰিলে, “সেইটো একো গোপনীয় কথা নহয়, সি মোক ইয়াকে মাথোন কলে বোলে, “যি তাৰ বন্ধুক আপদত এৰি পলাই যায়, তুমি আগলৈ তাৰ লগ নলৱা।”

৫ পাঠ।


এটা গৰখীয়া আৰু বাঘৰ কথা (Cowherd and a Tiger)
 মিছা কোৱা অযুগুত, ধেমালিত কোৱাও উচিত নহয়, কিয়নো মিছলীয়া মানুহে সঁচা কলেও কেৱে নপতিয়ায়।
 টা গৰখীয়া লৰাই এখন গাৱঁৰ ওচৰত গৰু ৰাখিছিল। সি এদিন ধেমালি কৰি মিছাকৈয়ে “বাঘ আহিছে বাঘ আহিছে” বুলি আটাহ পৰাত তাক আৰু গৰুবোৰক ৰক্ষা কৰিবৰ নিমিত্তে দা-যাঠী আদি লৈ কিছুমান গাৱঁলীয়া মানুহে খেদি গল; কিন্তু সিহঁতে বাঘ নেদেখিলে তাতে সেই গৰখীয়াই ইতিকিং কৰি সিহঁতক হঁহাত, লাজ পাই ঘৰলৈ উলটি গল। ইয়াৰ পাচতো এবাৰ কি দুবাৰ সি সেই দৰেই গাৱঁলীয়া মানুহবিলাকক লাজ দিলে। পাচে এদিন সঁচা সঁচিকৈ এটা বাঘ আহি গৰুৰ জাকত সোমোৱাত সি আগৰ দৰে চিঞৰিবলৈ ধৰিলে; কিন্তু সি মিছা কৈছে যেন ভাবি তাৰ কথাত কোনোৱে বিশ্বাস নকৰিলে; তাতে বাঘে ভালেমান গৰু মাৰি এটা লৈ হাবিলৈ গল। তেতিয়া সেই লৰাই বুজিলে যে, মিছলীয়াক কেৱে বিশ্বাস নকৰে।

৬ পাঠ।
এজন বামুণ আৰু পিঠা-গুড়িৰ কথা
(A Brahmin and Rice-flour. )

 আপোনাৰ উন্নতিৰ কাৰণে যত্ন কৰা সকলোৰে উচিত; সেইৰূপে যত্ন কৰোঁতে যি কেতিয়াও সফল হবৰ সম্ভাবনা নাই সেই আশাত মত্ত হোৱা অযুগুত কিয়নো তাৰ দ্বাৰা একো লাভ নহৈ অনেক সময়ত লাজ পোৱা যায়, আৰু হানিও হয়।
 কোনো এক দেশত এজন দৰিদ্ৰ অথচ কৃপণ ব্ৰাহ্মণ আছিল। তেওঁ ভিক্ষা কৰি অনা কিছুমান পিঠা-গুড়ি এটা কলহত ভৰি শোৱা চাঙ্গৰ ভৰি-পথানৰ ফালে বাৰত আৰি থৈছিল। এদিন ৰাতি সেই কলহটে৷ দেখি তেওঁ মনত ভাবিবলৈ ধৰিলে, “ৰবা, এই কলহটো পিঠা-গুড়িৰে পূৰ হৈ আছে; আকাল হলে ইয়াক বেচি এশ পোণ কড়ি পাম। সেই কড়িৰে এহাল মাইকী ছাগ কিনিম। সেই হালৰ পৰা ছমাহৰ ভিতৰতে এজাক ছাগলী হব। সেই বিলাকৰ বিক্ৰয়ৰ দ্বাৰা দুজনী গাই কিনিবলৈ জোৰা ধন পাম। সেই গাইবিলাকৰ গাখীৰ আৰু বাছৰুবিলাক বিকি অলপ কালৰ মুৰতে এজনী মহৰ গৰাকী হব পাৰিম। সেই মহাজনী জগিলে তাইৰ গাখীৰ আৰু পোৱালি বেচি যি ধন পাম তাৰে এজনি ঘুঁৰী কিনিম; সেই ঘুঁৰীৰ পৰা বহুত ঘোঁৰা হব। ঘোঁৰাবিলাকৰ বিক্ৰয়ৰ দ্বাৰা বিস্তৰ সোণ লম। সেইবোৰৰ কিছুমানেৰে অলঙ্কাৰ গঢ়াম, উত্তম ঘৰ কৰিম,আৰু দাস-দাসী কিনিম।
 তেতিয়া মোৰ সম্পত্তি দেখি কোনো এজন উচ্চ শ্ৰেণীৰ ব্ৰাহ্মণে উপযাচি তেওঁৰ সুন্দৰী কন্যাক মোলৈ বিয়া দিব। পাচে তেওঁৰ এটি পুত্ৰ হব, তাৰ সোমশৰ্ম্মা নাম থম। সি আঁঠু কাঢ়ি ফুৰিব পৰা হলে, মই এদিন এখন পুথি লৈ পঢ়াবলৈ ধৰিম।তাতে সোমশৰ্ম্মাই মোক দেখি মাকৰ কোলাৰ পৰা মোৰ ওচৰলৈ আহিব, আৰু মাক ভিতৰলৈ উঠি যাব। তেতিয়া মই তাক নিবৰ নিমিত্তে,মাকক মাতিম; কিন্তু তেওঁ অন্তেসপূৰত থকাৰ কাৰণে মোৰ কথা নুশুনিব। তাতেই মই উঠি গৈ মোৰ খঙ্গৰ কিমান ভমক, তাকে দেখুৱাবৰ নিমিত্তে তেওঁক এই দৰে গোৰ মাৰি দিম”, এই বুলি ভৰি চলোৱা মাত্ৰেই তাৰ ঠেলা লাগি বামুণৰ সকলো আশাৰ ভঁৰাল, পিঠা গুড়িৰ কলহটো খণ্ড-খণ্ড হৈ ভাগি পৰিল, আৰু বপুৰাক শোকৰ অগ্নিত পেলাই তেওঁৰ ধন, জন, পুত্ৰ, ভাৰ্য্যা বাৰী-ঘৰ, সকলো অদৃশ্য হল।

৭ পাঠ।
এটা সাপ আৰু বামুণৰ কথা (A Brahmin and a Serpent.)

 লোভৰ পৰা পাপ, পাপৰ পৰা মৃত্যু হয়; এতেকে অতি লোভ বৰ্জ্জনীয়।
 কোনো এক দেশত কৃষিৰ দ্বাৰা জীৱিকা কৰা হৰিদত্ত নামেৰে এজন বামুণ আছিল। তেওঁ বৰ পৰিশ্ৰমেৰে খেতি কৰে, তথাপি তাৰ সম্পূৰ্ণ ফল কেতিয়াও নেপায়; এদিন বৰ শ্ৰান্ত হৈ খেতিৰ মাজত থকা এজোপা গছৰ ছাঁত শুই থাকোঁতে তেওঁৰ ওচৰতে এটা উই-হাঁফলুত এটা বৰ ডাঙ্গৰ সাপ দেখি তেওঁ মনত ভাবিলে “অ। ৰবা, এৱেঁই ক্ষেত্ৰৰ অধিপতি দেৱতা, মই কেতিয়াও এওঁৰ পূজা কৰা নাই, এই কাৰণে হে মোৰ কৃষি নিষ্ফল হয়, এতেকে আজি মই এওঁক পূজিম,” এই কথা মনতে থিৰ কৰি বামুণে এটা মাটিৰ মলাত কিছুমান এৱাঁগাখীৰ লৈ সেই হাঁফলুৰ গুৰিলৈ গৈ উচ্চৈঃস্বৰে বুলিলে, “হে ক্ষেত্ৰপাল দেৱতা! তুমি যে ইয়াত আছা, তাক মই ইমান দিনে নেজানিছিলোঁ, এই কাৰণে হে তোমাৰ পূজা কৰা নাই; কৃপা কৰি সেই দোষ ক্ষমা কৰা আৰু এই গাখীৰ খোৱাঁ” এই কথা কৈ গাখীৰৰ মলাটো থৈ তেওঁ ঘৰলৈ গল।
 পাচ দিনা খেতি চাবলৈ আহি ব্ৰাহ্মণে সেই চৰুত এটা সোণাৰ মোহৰ পালে। তাতে বহু দিনলৈকে তেওঁ সেই দৰে সাপক গাখীৰ দি নিতৌ একোটা সোণৰ মোহৰ পাই আছিল। এদিন পুতেকক হাঁফলুত গাখীৰ দিবলৈ কৈ বামুণ অন্য এক গাৱঁলৈ গল; তাতে তেওঁৰ পুতেকে সেই ৰূপে গাখীৰ দি ঘৰলৈ উলটি আহিল। আন দিনা সি সেই ঠাইত এটা সোণৰ মোহৰ পাই ভাবিলে, “এই হাঁফলুটো সোণেৰে পূৰ হৈ আছে, সাপটোক মাৰিব পাৰিলেই সমুদায় মোহৰ একেবাৰেই পাম৷” এইৰূপে মনতে আলচি পাচ দিনা সি গাখীৰ দিবৰ ছলেৰে গৈ সাপৰ মূৰত টাঙ্গন মাৰিলে; কিন্তু দৈবাৎ সেই আঘাত তাৰ গাত নেলাগিল। তাতে ব্ৰাহ্মণ পুত্ৰই তাৰ অনিষ্ট চেষ্টা কৰা দেখি ক্ৰোধান্বিত হৈ সাপে তাক এনে মাৰাত্মকৰূপে খোঁট মাৰিলে যে, তৎক্ষণাৎ গতায়ুস হল।
 পৰ দিনা আকও গাখীৰ লৈ গৈ ব্ৰাহ্মণে উচ্চস্বৰে সাপক স্তুতি কৰিবলৈ ধৰিলে; তাতে সাপে হাঁফলুৰ ভিতৰৰ পৰা উত্তৰ কৰিলে,—“বাপু! তুমি কেৱল ধনৰ লোভত ইয়ালৈ আহিছা। তোমাৰ পুত্ৰই যৌৱনৰ মদেৰে মত্ত হৈ মোৰ গাত প্ৰহাৰ কৰিলে ময়ো তাক দংশিলো; এতিয়া তোমাৰ আৰু মোৰ মাজত প্ৰীতি থাকিব নোৱাৰে, মোৰ মনে সেই প্ৰহাৰৰ বেদনা কেনেকৈ বিস্মৃত হব? তুমি বা তোমাৰ পুত্ৰশোক কিৰূপে পাহৰিবা?” এই বুলি সাপে বহুমূল্য-হীৰা এখন দি, পুনৰায় তালৈ নাহিবলৈ কৈ, বামুণক বিদায় দিলে; তাতে বামুণে পুতেকৰ দুৰ্ব্বুদ্ধিক নিন্দি ঘৰলৈ উলটি গল।
 সাপে যে সেইৰূপে কৈছিল এনে নহয়, কিন্তু কোনো জ্ঞানী মানুহে তেনে অৱস্থাত যি কথা কলেহেঁতেন, এই উপকথাৰ দ্বাৰা তাকে মাথোন দেখোৱা হৈছে।

৮ পাঠ।
ধৰ্ম্ম-বুদ্ধি আৰু পাপ-বুদ্ধিৰ কথা
( A Story of Dharmabuddhi and Papabuddhi. )

 সন্ত লোকে দুষ্টেৰে সৈতে হাট-বাট কৰিলে দুষ্টই সন্তৰপৰা পোৱা উপকাৰক যে শলাগ নলয়েই, সেই উপকাৰৰ সলনি অপকাৰ কৰিবলৈও যত্ন কৰে; কিন্তু ধৰ্ম্মপথত থাকিলে একো ভয় নাই।
 কোনো এক দেশত ধৰ্ম্ম-বুদ্ধি আৰু পাপ বুদ্ধি নামেৰে দুজন বন্ধু আছিল। এদিন পাপ-বুদ্ধিয়ে মনত ভাবিলে যে, “মই মূৰ্খ আৰু দৰিদ্ৰ; এতেকে, এই ধৰ্ম্ম-বুদ্ধিক লগত লৈ দেশান্তৰলৈ গলে তেওঁৰ সহায়তাৰ দ্বাৰা ধন আৰ্জিব পাৰিম, আৰু তেওঁক বঞ্চি তেওঁৰ ধনখিনিকো লব পাৰিলে মই এজন বৰ আঢ্যৱন্ত হম।” ইয়াকে মনত আলচি পাচ দিনা সি ধৰ্ম্মবুদ্ধিক কলে,—“সখি! এতিয়া ডেকা-কালত বিদেশ নেচালে বুঢ়া হলে সন্তানাদিৰ আগত কি কবা? এতেকে বিদেশলৈ যাওঁ আহঁ৷।” এই কথাত ধৰ্ম্ম-বুদ্ধি মান্তি হল, আৰু আনন্দিত মনেৰে পিতৃ-মাতৃৰ অনুমতি লৈ পাপ-বুদ্ধিৰে সেতে পৰদেশলৈ যাত্ৰা কৰিলে। দেশান্তৰত উপস্থিত হৈ ধৰ্ম্ম-বুদ্ধিয়ে নিজৰ সৎস্বভাৱ আৰু সুগুণৰ নিমিত্তে সকলোৰেপৰা আদৰ আৰু বহু ধন পালে; আৰু তেওঁৰ সাহায্য দ্বাৰা পাপ-বুদ্ধিয়ে বিস্তৰ ধন আৰ্জিলে। এইৰূপে কিছুকাল বিদেশত থাকি দুয়ো অতিশয় হৃষ্ট চিত্তেৰে ঘৰলৈ উলটি আহিল।
 ঘৰৰ ওচৰ পাই পাপ-বুদ্ধিয়ে ধৰ্ম্ম-বুদ্ধিক কলে,—“বন্ধু! এই সকলোবিলাক ধন একেবাৰেই ঘৰলৈ নিয়া উচিত নহয়, কিয়নো আমাৰ মিতিৰ কুটুমে খুজিলে আমি সিবিলাকক পৰাঙ্মুখ কৰিব নোৱাৰিম, এতেকে সৰহ ভাগ এই অৰণ্যত পুতি থৈ কিছুমান লৈ ঘৰলৈ যাওঁহঁক, আকও ধনৰ প্ৰয়োজন হলে পুনৰায় এই ঠাইলৈ আহিম।” এই কথা শুনি অকপটচিত্ত ধৰ্ম্ম-বুদ্ধিয়ে কলে,—“ভাল বন্ধু! তুমি যেনে উচিত বুজা, তেনে কৰাঁ।” পাচে সেইৰূপে ধন পুতি থৈ দুয়ো ঘৰলৈ গল।
 এদিন ৰাতি পাপ-বুদ্ধিয়ে সেই হাবিলৈ গৈ সমুদায় ধন উলিয়াই ললে, আৰু গাঁতটো পূৰাই ঘৰলৈ উলটি আহিল। ইয়াৰ কিছু দিনৰ পাচত পাপ-বুদ্ধিয়ে ধৰ্ম্ম বুদ্ধিক কলে,—“সখি! আমাৰ পোষ্য অনেক; ধনৰ অভাৱত বৰ দুখ হৈছে; আহাঁ, সেই ঠাইৰপৰা কিছু ধন আনোহঁক গৈ।” ধৰ্ম্ম-বুদ্ধি তাতে মান্তি হল।
 পাচে সিবিলাকে সেই ঠাই পাই মাটি খানিলত ধনৰ শুদা ভাণ্ডটো মাথোন ওলাল! তেতিয়া পাপ-বুদ্ধিয়ে কপালত ভুকুৱাই দুঃখিত ভাৱেৰে ধৰ্ম্ম-বুদ্ধিক সম্বোধন কৰি কলে,— ‘বন্ধু! আনে ধন নিয়া নাই তুমিয়েই হে এইটো কাম কৰিলা। ইয়াত ধন থোৱাৰ কথা আন কোনোৱে নেজানে, আৰু চোৱাঁচোন গাঁতটোও পূৰাই থোৱা হৈছে, আন চোৰে তেনে কিয় কৰিব? এতেকে তাৰ অৰ্দ্ধেক মোক দিয়া; নাইবা মই ৰজাৰ আগত গোচৰ কৰিম।” তাতে ধৰ্ম্ম-বুদ্ধিয়ে খঙ্গেৰে মাত লগালে,—‘দুৰাত্মা! এনে কথা নকবি ধৰ্ম্ম-বুদ্ধিয়ে চুৰ নকৰে।” এইৰূপে দন্দ লাগিলত দুয়ো বিচাৰালয়লৈ গৈ এজনে আনজনৰ ওপৰত দোষাৰোপ কৰিবলৈ ধৰিলে। তাতে বিচাৰকসকলে শপতৰ দ্বাৰা বিবাদ মিটাবৰ প্ৰস্তাৱ কৰিলে; কিন্তু পাপ-বুদ্ধিয়ে সেই কথাত মান্তি ন হৈ কলে—“এই কথা অন্যায়, মই বনদেৱতাক সাক্ষী মানিছোঁ, তেওঁ আমাৰ দুজনৰ ভিতৰত যেয়ে ধন নিছে বুলি কয়, সেয়ে চোৰ।” বিচাৰকবিলাকে সেই কথা যুগুত যেন বুজি কলে বোলে,—“কালিলৈ ৰাতিপুৱা তোমালোকে সৈতে আমি সেই বনলৈ যাম।”
 পাচে পাপ-বুদ্ধিয়ে, ঘৰলৈ গৈ, পিতাকক কলে,—‘পিতৃ! মই ধৰ্ম্ম-বুদ্ধিৰ বহুত ধন চুৰ কৰি আনিলোঁ। এতিয়া সেই ধন তোমাৰ বাক্যৰ দ্বাৰা হে জীণ যাব; নতুবা আমি ধন, প্ৰাণ দুইকো বিসৰ্জ্জন দিব লাগিব। তাতে তেওঁৰ বাপেকে উত্তৰ কৰিলে,—“বাপা! মই যি কৰিলে তোমাৰ মন থিৰ হয় তাক শীঘ্ৰ কোৱাঁ।” পাপ-বুদ্ধিয়ে উত্তৰ দি বুলিলে— “পিতৃ! সৌ হাবিৰ ওচৰত থকা এজোপা শমীধ-গছত এটা বৰ গভীৰ কোটৰ আছে। তুমি এতিয়াই তাত সোমোৱা গৈ। কালিলৈ ৰাতিপুৱা যেতিয়া মই ধৰম চিয়াই সঁচা কথা কবলৈ বনদেৱতাক প্ৰাৰ্থনা কৰিম, তেতিয়া তুমি “ধৰ্ম্ম-বুদ্ধি চোৰ” এই উত্তৰ দিবা।” বাপেকে সেই ৰূপে কৰিবলৈ গাত লোৱাত, পাপ-বুদ্ধিয়ে পাচ দিনা প্ৰত্যুষে স্নান কৰি, ধৰ্ম্ম-বুদ্ধি আৰু বিচাৰকবিলাকেৰে সৈতে সেই গছৰ ওচৰলৈ গৈ উচ্চস্বৰে বুলিলে,— “হে ভগৱতি বনদেবি! আমাৰ দুজনৰ ভিতৰত কোন জন চোৰ, তাক তুমি কোৱাঁ।” তাতে গছৰ খোৰোঙ্গৰপৰা পাপ-বুদ্ধিৰ বাপেকে উত্তৰ কৰিলে, —“তোমালোকে সকলোৱে শুনিবা, ধৰ্ম্ম-বুদ্ধিয়ে সেই ধন চুৰ কৰিছে।” এই কথা শুনি বিচাৰকসকল বিচুৰ্ত্তি হল। তেতিয়া ধৰ্ম্ম-বুদ্ধিয়ে কিছুমান শুকান খৰি আৰু বন গোটাই গছৰ খোৰোঙ্গত জুই লগাই দিলে। তাতে আধা-পোৰা আৰু কণা হৈ পাপ বুদ্ধিৰ বাপেক শমীধৰ কোটৰৰপৰা ওলাই বিলাপ কৰিবলৈ ধৰিলে। তেওঁৰ তেনে অৱস্থা দেখি সকলোৱে সুধিলে,—“ই কি?” তেতিয়া তেওঁ সেইটো পাপ-বুদ্ধিৰ কুমন্ত্ৰণাৰ ফল বুলি কৈ প্ৰাণ এৰিলে।
 তাতে সেই বিচাৰকসকলে ধৰ্ম্ম-বুদ্ধিক বহুত প্ৰশংসা আৰু পাপ-বুদ্ধিক শমীধ গছৰ ডালত ওলমাই প্ৰাণ দণ্ড কৰিলে, আৰু কলে যে, মানুহে কোনো কাৰ্য্যৰ উপায় চিন্তোতে সেই উপায়ৰ দ্বাৰা কোনো অমঙ্গলৰ সম্ভাবনা আছে নে নাই, তাকো গমি চাব লাগে। এই পাপ বুদ্ধিয়ে অৰ্থোপাৰ্জ্জনৰ উপায় চিন্তিলে তাৰ দ্বাৰা যি অনিষ্ট হব পাৰে, তালৈ মন নকৰিলে, এই কাৰণে তেওঁ তাৰ ফল পালে।

৯ পাঠ।
এজন পিতা আৰু তেওঁৰ পুতেকবিলাকৰ কথা
( A father and his sons.)

 একতাই মানুহৰ শক্তি; অনেক মানুহে মিলি যি কাম কৰিব পাৰে, এজনে কেতিয়াও নোৱাৰে। বহুত তৃণ গোটাই ৰচা; এডাল ফয়েৰে দঁতাল হাতীকো বন্ধা যায়।
 জন সুশীল আৰু পৰিশ্ৰমী মানুহে তেওঁৰ পুতেকবিলাকৰ মাজত কন্দল হোৱা দেখি সিবিলাকক মাতি আনিলে, আৰু একটি খাগৰি সিবিলাকৰ হাতত দি তাক ভাঙ্গিবলৈ কলে। কিন্তু সিবিলাকে গাই পতি পাৰে মানে যত্ন কৰিও সেই আটিটোক মোকটাবই নোৱাৰিলে তাতে বুঢ়াই কলে— “বাপু আটিটো এতিয়া মেলা, আৰু খাগৰিবোৰ। এডাল এডাল কৰি ভাঙ্গিব পাৰা নে চোৱাঁহঁকচোন।” তেতিয়া সিবিলাকে সেইৰূপ কৰি আটাইবিলাক খাগৰি অনায়াসে ভাঙ্গি খণ্ড-খণ্ড কৰিলে। ইয়াকে দেখি সিবিলাকৰ শিক্ষাদাতা বাপেকে কলে,— “এইয়ে তোমালোকৰ অৱস্থাৰ দৃষ্টান্ত। যদি মিলেৰে একে লগে থাকাঁ, তেন্তে একো ভয় নাই; কিন্তু দন্দ কৰি বেলেগ হলেই নষ্ট হবাহঁক।”

১০ পাঠ।
এজন মহগিৰীৰ কথা (An owner of a Buffalo.)

 যি মানুহে কোনো অনিশ্চিত বস্তুৰ আশাৰে আপোনাৰ হাতত থকা বস্তুক পৰিত্যাগ কৰে, সি কেৱল সেই হাতৰ বস্তুকে মাথোন হেৰুৱায়, এনে নহয়; আশা কৰা বস্তুকো নেপাই দুখত পৰে।  টা মানুহৰ নিতৌ পাঁচ সেৰ মান গাখীৰ দিয়া এজনী ডিৰা মহ আছিল, আৰু সেই গাখীৰৰ দ্বাৰা তাইৰ গৰাকীৰ কোনো প্ৰকাৰে জীৱিকা চলিছিল। কিছু কালৰ পাচত সি ভাবিলে যে, মহজনী খুঁটিত বান্ধি নথৈ হাবিত মেলি দিলে, তাই মুকলিমূৰে, আপোন ইচ্ছাৰে, ভাল ঘাঁহ খাবলৈ পাই আৰু অধিক গাখীৰ দিব, আৰু বনৰীয়া মতাৰ লগ পোৱাত জাগিবও পাৰিব; তাতে তাৰ লাভৰ পৰিমাণ বেচি হৈ সি চহকী হব। এইৰূপে চিন্তা কৰি সি মহ হাবিলৈ এৰি দিলে, কিন্তু তাই বনৰীয়া মহৰ জাকত সোমাই ঘৰলৈ উলটি নাহিল। তাতে তাৰ আগৰ সম্পত্তিও হেৰাল।

১১ পাঠ।
দুজন উকীলৰ কথা ( Two Pleaders. )

 “লোকলৈ বুলি হুল পাতি আপুনি মৰে ফুটি।” যি লোকে বুদ্ধি আৰু চতুৰতাৰ দ্বাৰা আনক ছলিবলৈ উপায় কৰে, তেওঁ কেতিয়াবা আপোনাৰ ফান্দতে আপুনি পৰে।
 জন বৰ বুধিয়ক আৰু তৰ্ক-শাস্ত্ৰত পাৰ্গত ডেকাই তেওঁক গোচৰৰ উত্তৰ-প্ৰত্যুত্তৰ শিকাবৰ নিমিত্তে এজন প্ৰাচীন উকীলক প্ৰাৰ্থনা কৰি তেওঁক ছলিবৰ মনেৰে এইৰূপে কথা বান্ধিলে যে, শিক্ষা-সমাপ্তিৰ পাচত গোচৰত জিকিলে তেওঁ সেই শিক্ষকক দহ হেজাৰ টকা দিব।
 পাচে উত্তৰ-প্ৰত্যুত্তৰত পাৰ্গত হৈ আৰু অনেক গোচৰত জিকিও অঙ্গীকৃত পুৰস্কাৰ নিদিয়াত শিক্ষকে গোচৰ কৰিলে; তাতে সেই ডেকা উকীল উপস্থিত হৈ এই উত্তৰ দিলে যে, তেওঁ সেইৰূপে নিয়ম বান্ধি বিদ্যা শিকা সঁচা; কিন্তু সেই নিয়ম মতে কোনো প্ৰকাৰেই গোচৰত টকাৰ বাবে দায়ী নহয়। কিয়নো, বাদী যদি গোচৰত জিকে, তেন্তে তেওঁ হাৰিব; কিন্তু পূৰ্ব্বে তেওঁ জিকিলেহে ধন দিবৰ প্ৰতিজ্ঞা কৰিছিল; এতেকে গুচৰীয়াই তেওঁৰ পৰা একো নেপায়; আৰু যদি তেওঁহে জিকে, তেনেহলে গুচৰীয়া হাৰিব, সুতৰাং গোচৰৰ টকা পাবৰ তেওঁৰ একো অধিকাৰেই নাই; কাৰণ জিকা পক্ষৰ পৰা হৰা পক্ষে ধন পোৱাটো প্ৰচলিত বিধি আৰু ৰীতি বিৰুদ্ধ।
 গুচৰীয়াই প্ৰত্যুত্তৰ কৰিলে যে, যদি তেওঁ গোচৰত জিকে তেন্তে পদকীয়া হাৰিব; তেতিয়া তেওঁ অৱশ্যে সেই টকা পাব; কিয়নো ব্যৱস্থা শাস্ত্ৰৰ বিধান অনুসাৰে হাৰোঁতাৰ পৰা গোচৰৰ ধন উলিয়াই জিকোঁতাক দিবৰ নিমিত্তে বিচাৰক বাধ্য তেওঁ তাৰ বিপৰীত আচৰণ কৰিব নোৱাৰে; আৰু যদি গোচৰত তেওঁৰ পৰাজয় হয়, তেন্তে পদকীয়াৰ জয় হব, তেতিয়া পদকীয়াই নিজ অঙ্গীকাৰ অনুসৰিয়েই গোচৰৰ ধন দিবলগীয়া হব; এতেকে দুয়ো প্ৰকাৰে তেওঁ গোচৰৰ ধন পাবৰ অধিকাৰী।
 বিচাৰকে দুয়ো ফালৰ উত্তৰ-প্ৰত্যুত্তৰ গমি চাই গুচৰীয়াৰ কথা সঙ্গত বুজিলে আৰু বাঢ়িৰে সৈতে গোচৰৰ ধন তেওঁ পাবৰ সিদ্ধান্ত কৰিলে।

২ আধ্যা।
১ পাঠ।
সম্মান (Respect. )

 ঈশ্বৰ, পিতৃ-মাতৃ, শিক্ষক, দেশৰ অধিকাৰ আৰু বুঢ়া লোক, এই সকল সম্মানৰ পাত্ৰ।
 যি আদি কাৰণৰ পৰা এই পৰিদৃশ্যমান জগতৰ উৎপত্তি হৈছে সেই কাৰণৰ নামেই ঈশ্বৰ। তেওঁ সকলোৰে আদি, কিন্তু তেওঁৰ আদি নাই; সকলোৰে অন্ত আছে, তেওঁৰ অন্ত নাই। তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা আৰু সকলোৰে সৃষ্টি আৰু পালন কৰ্ত্তা; এতেকে তেওঁক শ্ৰদ্ধা আৰু ভক্তি কৰা সকলোৰে উচিত। পৃথিৱীত মানুহৰ যত মান্য লোক আছে, তেওঁ সেই সকলোবিলাকতকৈ অধিক মান্য। সকলো দেশৰ, সকলো জাতিৰ, সকলো ধৰ্ম্মৰ জ্ঞানী লোকবিলাকে তেওঁত বিশ্বাস আৰু ভক্তি কৰে, আৰু যাৰ তেওঁত শ্ৰদ্ধা ভক্তি নাই, তাক নাস্তিক বুলি ঘিণায়; এতেকে তোমাৰ সমুদায় মন বুদ্ধি আৰু শক্তিৰে তেওঁত শ্ৰদ্ধা আৰু ভক্তি কৰিবা।
 ঈশ্বৰৰ পাচতে পিতৃ-মাতৃ আমাৰ মাননীয়; তেওঁবিলাকেই আমাক জন্ম দিছে, আৰু তেওঁলোকৰপৰাই আমি এই বিচিত্ৰ সংসাৰ দেখিবলৈ পাইছোহঁক। আমি যেতিয়া কেঁচুৱা আছিলোঁ, আমাৰ উঠি লৰি ফুৰিবৰ শক্তি নাছিল, তেতিয়া তেওঁবিলাকে কত দুখ সহি, কোলাত লৈ আমাক তুলিছিল; আমি নেখালে তেওঁবিলাকৰ আহাৰত ৰুচি নহৈছিল; আমি গাত দুখ পালে বা নৰিয়া পৰিলে শোকত বিহ্বল হৈ তেওঁবিলাকে আমাৰ আৰোগ্যৰ নিমিত্তে যত্ন কৰিছিল; আন কি? আমাৰ কুশলৰ কাৰণে প্ৰাণকো উচৰ্গিছিল। আমি অলপ ডাঙ্গৰ হলত সিবিলাকে আমাক জ্ঞান-বিদ্যা শিকাই ভাল লোক কৰিবৰ নিমিত্তে পাৰে মানে যত্ন কৰিছিল, আৰু এতিয়াও আমি ধনী, মানী, যশস্বী হলে সিবিলাকৰ আনন্দৰ সীমা নেথাকে; কিন্তু আমাৰ দুৰ্যশ বা দুৰ্ভাগ্যৰ কথা শুনিলে মুখ মলিন, আৰু চক্ষু লোতকেৰে পূৰ হয়। সেই পিতৃমাতৃতকৈ মনুষ্যৰ ভিতৰত আন কোনো আমাৰ অধিক মান্য নহয়। এতেকে আমি সদাই তেওঁলোকৰ আজ্ঞা মানিব আৰু সিবিলাকক সম্মান কৰিব পাওঁহঁক। আৰু তেওঁবিলাকৰ বুঢ়া কালত আমাৰ শক্তি অনুসাৰে শুশ্ৰূষা কৰা আৰু পোহ-পাল দি তেওঁবিলাকক সুখেৰে ৰখাও আমাৰ কৰ্ত্তব্য।
 কণা মানুহক যি জনে চকু দিয়ে, তেওঁ যে কণাৰ পৰম উপকাৰী আৰু মান্য, তাত একো সংশয় নাই। সেইৰূপে শিক্ষকেও ছাতৰক চকু দিয়ে। ছাতৰে চকু থাকোঁতেও যি বস্তু নেদেখি আৰু যি কথা নুবুজি কণাৰ নিচিনা হৈ থাকে, অধ্যাপকৰ অনুগ্ৰহত চক্ষু মুকলি হৈ তাক দেখিব আৰু বুজিব পৰা হয়। এনে অধ্যাপকৰ প্ৰতি যি সম্মান নকৰে, তাৰ সমান অশলাগী মানুহ নাই। আমাৰ শাস্ত্ৰত লিখা আছে যে, এটি মাথোন আখৰ ছাতৰক শিকায়, তেওঁ পৃথিৱীত এনে বস্তু নাই; যাক দি ছাতৰে সেই শিক্ষকৰ ধাৰ শুজিব পাৰে। এতেকে তুমি তোমাৰ শিক্ষকৰ প্ৰতি মান-সৎকাৰ কৰিবা, আৰু তেওঁৰ বশ হবা।
 দেশৰ অধিকাৰসকল দুষ্টৰ দমন, আৰু শিষ্টৰ পালন কৰোঁতা। যি দেশৰ অধিকাৰ নাই, শাসনকৰ্ত্তা নাই, সেই দেশ অৰাজক, আৰু ধুমূহাবতাহত গুৰিয়াল-নথকা নাৱৰ দৰে অস্থিৰ। তাত সকলো মানুহে ‘স্বপ্ৰধান’ হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে। এই কাৰন নিজ বলেৰে নোৱাৰিলে মানুহৰ ধন-প্ৰাণৰ ৰক্ষাই টান হয়, আৰু কাৰো সুখশান্তিও নেথাকে। কিন্তু দেশৰ অধিকাৰে দুষ্টক দমি সন্তক পালন কৰা হেতু কেও কাৰো প্ৰতি অন্যায় কৰিব নোৱাৰে আৰু দেশত শান্তি প্ৰৱল হয়। এতেকে যিসকলৰ ভয়ত চোৰ ডকাইত আৰু আন দুষ্ট মানুহবিলাক শঙ্কিত হৈ থকাৰ কাৰণে আমাৰ ধন, প্ৰাণ, আৰু মান ৰক্ষা পৰিছে, আৰু আমি নিৰ্ভয় মনেৰে আছোঁহঁক সেই শাসন-কৰ্ত্তাসকল আমাৰ অৱশ্যে মান্য, আমি তেওঁলোকৰ শলাগ লব আৰু সিবিলাকক সম্মান কৰিব লাগে।
 যি লোক তোমাতকৈ কোনো কথাত শ্ৰেষ্ঠ, তেৱেঁই তোমাৰ মান্য; বুঢ়া মানুহবিলাক তোমাতকৈ বয়সে শ্ৰেষ্ঠ, তেওঁৱিলাকৰ কোনো জন তোমাৰ জ্যেষ্ঠ ভ্ৰাতৃৰ, কোনো জন মাতৃৰ, কোনো জন বা পিতৃৰ বয়সীয়া আৰু কোনো জন তোমাতকৈ বহুদৰ্শী, এতেকে তুমি তেওঁবিলাকৰ প্ৰতি সমুচিত সন্মান কৰিব লাগে; আৰু সিবিলাক, নিঃকিন হলেও উপালম্ভৰ যোগ্য নহয়।

২ পাঠ।
নৰ্ম্মলতা ( Cleanliness. )

 যি নিৰ্ম্মল, সেয়ে শুদ্ধ। নিৰ্ম্মল শব্দে মল ন-থকা বুজায়, ‘শুদ্ধ’ শব্দৰ অৰ্থ বেয়া বস্তুৰে মিহলি নোহোৱা; এতেকে ইয়াৰো সেয়ে অৰ্থ, এই কাৰণে শুদ্ধ বা শুচি হব লাগিলে নিৰ্ম্মল হব লাগে। যি বস্তু মলিন, সি অশুচি, আমি যদি সাত কলহো নিজনী পানী মূৰত ঢালি কাকো নোছোৱাকৈ ঘৰৰ ভিতৰত সোমাই থাকোঁ, আমাৰ গা মলিন থাকে,তেওঁ আমি শুচি নহওঁ। আৰু অকল গাটো নিৰ্ম্মল হলেই সকলো হল, এনে নহয়; আমাৰ কাপোৰ, আসন, লোটা, বাটি, শয্যা আৰু ব্যৱহাৰ কৰা আন সকলো বস্তু নিকা হব লাগে; কিয়নো মলিন বস্তু মাত্ৰেই অপবিত্ৰ। আমাৰ ঘৰ-চোঁতাল ছাই, জাবৰ আৰু গোবৰেৰে পূৰ হলে আন-বিলাক বস্তু নিৰ্ম্মল আৰু পৰিস্কৃত হলেও কোন ফল নহয়। এতেকে আমাৰ গা আৰু কাপোৰ আদিৰ দৰে চোঁতাল-ঘৰকো নিকাকৈ ৰাখিব লাগে। নিৰ্ম্মল হলে পবিত্ৰ হোৱা যায়, অকল সেয়ে নহয়; নিৰ্ম্মলতাৰপৰা আমাৰ মন প্ৰফুল্ল হয়, আৰু গা ভাল থাকে। আমাৰ গা, কাপোৰ, ঘৰ-চোঁতাল আদি মলিন হলে সেই বিলাকৰ পৰা দুৰ্গন্ধ ওলাই মন সঙ্কুচিত কৰে, আৰু গাতো ৰোগ জন্মে। মলেই ৰোগৰ আকৰ। আমাৰ গাৰ ভিতৰৰপৰা নাক, মুখ, কাণ আৰু নোমৰ গুৰিয়ে দি প্ৰতি-উশাহতে কিছুমান দূষিত বস্তু অৰ্থাৎ মলি ওলাব লাগিছে, আৰু বাহিৰৰ ধূলি, মাটি পৰিও গাত মলি বন্ধ যায়; এতেকে নিতৌ অতি কমেও এবাৰ মুখ আদি শৰীৰৰ সকলো ভাগ ধুই পৰিষ্কাৰ কৰিব লাগে। কিন্তু গা ধোৱাৰ পাচত মলিন কাপোৰ পিন্ধিব, বা জেগেলা ঠাইত থাকিব লাগিলে গা ধুই নিকা হোৱাৰ একো সকাম নাই। এতেকে সেইবিলাকো যেন মলি নথকা হয়, তালৈ যতন কৰিব লাগে। সেয়ে হলেই মন, গা দুয়ো ভাল থাকে। মলিন মানুহ সমাজৰ অযোগ্য আৰু তেওঁক সকলোৱে ঘিণায়। এতেকে কোনো এজন জ্ঞানী লোকে কৈছে— “নিৰ্ম্মলতাই ঈশ্বৰ-পৰায়ণতা।”

৩ পাঠ।
মিঠা মাত আৰু সদয় ব্যৱহাৰ
(Sweet words and good behaviour. )

 কলোকে মিঠা মুখেৰে মাতিব লাগে। কৰ্কশ মাত কেৱে ভাল নেপায়; মিঠা কথাই হলে সকলোকে বশ কৰে। আমাৰ শ্ৰেষ্ঠ, কি সমনীয়া মানুহৰ কথাকে নকওঁ, আমাতকৈ নিহ মানুহকো সাদৰেৰে কথা কোৱাত একো হানি নহয়, বৰং তাৰ বাবে আমি প্ৰশংসা হে পাওঁহঁক। কিন্তু বৰ ডাঙ্গৰ লোকৰো আনক কটুকথা কোৱা অভ্যাস হলে তেওঁ আটাইৰে অপ্ৰিয় হয়। সকলো মানুহ একে জাতিৰ জীৱ, কেৱল কোনো বিশেষ কাৰণৰ নিমিত্তে অৱস্থাৰ হীন-ডেঢ়ি হয়, এই মাত্ৰ প্ৰভেদ; এতেকে যি যেনে অৱস্থাৰ মানুহ তেওঁক তেনে অৱস্থাৰ উপযুক্ত সম্বোধন কৰি মতাটো ভদ্ৰতা আৰু সুশিক্ষাৰ চিন; কিন্তু হুঁটামাত যাৰ প্ৰতি প্ৰয়োগ কৰা যায়, সেই মাতে তেওঁৰ অসন্তোষ জন্মাইয়ে নেথাকে, যি সেই মাত ব্যৱহাৰ কৰে তেওঁৰো নীচতা আৰু শিক্ষাৰ অভাৱ দেখায়। লোকে আমাক টেঙ্গা কথা কলে আমি ভাল পাওঁ নে? তেন্তে লোকে নো তেনে মাত কিয় ভাল পাব? এতেকে সকলোকে মিঠা মুখেৰে মতা উচিত।
 লোকৰ দুখ দেখি মন কোমল হোৱাৰ নাম দয়া। এই দয়া মানুহৰ মনৰ এটি কোমল আৰু মধুৰ ভাব। সি মানুহক দেৱতাৰ তুল্য কৰে, আৰু তাৰ অভাৱত মানুহ পিশাচৰ সদৃশ হয়। যাৰ দয়া নাই, তাৰ মন শিল বা কাঠৰ দৰে টান, আৰু যাৰ হৃদয়ে কাঠ, সি ‘মানুহ’ এই নামৰে অযোগ্য। দয়াই তাক পাওঁতা আৰু দিওঁতা দুইকো ধন্য কৰে, কিন্তু তাৰ বিপৰীত নিষ্ঠুৰতাই তাক পাওঁতাক ক্লেশ দিয়ে, আৰু দিওঁতাকো সকলোৰে গৰিহণাৰ পাত্ৰ কৰে। দয়ালু লোকৰ সকলো বন্ধু, নিষ্ঠুৰ মানুহক তাৰ পুত্ৰ-ভাৰ্য্যায়ো ভাল নেপায়। যি আনৰ প্ৰতি দয়া কৰে, সি দয়া পায়, কিন্তু নিষ্ঠুৰ মানুহ টানত পৰিলে তাক পুতৌ কৰোঁতা কেও নাই, এতেকে সকলোৰে প্ৰতি সদয় ব্যৱহাৰ কৰা উচিত। লোকে তোমাৰ প্ৰতি যেনে ব্যৱহাৰ কৰিলে তুমি ভাল পোৱাঁ, তুমিও লোকৰ প্ৰতি তেনে ব্যৱহাৰ কৰিব লাগে, ঘাইকৈ কণা, খোৰা, অসহায় আৰু আতুৰ, এনেবিলাক মানুহৰ প্ৰতি দয়া কৰা, আৰু সাধ্য অনুসৰি সিবিলাকৰ সহায় হোৱা সকলোৰে উচিত। তেনে কোনো অৱস্থাত পৰিলে তুমি লোকৰপৰা সহায়তা নিবিচাৰিবানে? তেন্তে এতিয়া তুমি তেনেবিলাক মানুহৰ প্ৰতি মন কোমল কৰাঁ আৰু সিবিলাকৰ দুখ উপশম কৰিবৰ নিমিত্তে দয়া-মোনাৰ মূৰ মেলা। তোমাৰ পৰিয়াল আৰু আশ্ৰিত লোকৰ প্ৰতিও সদয় হোৱা আৰু সিবিলাকক পোহপাল দি সুখেৰে ৰখা উচিত; কিয়নো সিবিলাকৰ তোমাতে সৰ্ব্ব ভাৰসা, তুমি সিবিলাকক পুতৌ নকৰিলে কোনে কৰিব? এতেকে সিবিলাকৰ প্ৰতিও সদয় হবা।
 মানুহৰ কথাকে নকওঁ, ইতৰ জন্তুৰ প্ৰতিও সদয় ব্যৱহাৰ কৰিব লাগে। মানুহৰ দৰে সিহঁতৰো সুখ-দুখ বুজিবৰ শক্তি আছে, আৰু সিহঁতে সুখ-দুখ প্ৰকাশ কৰিবও পাৰে। লৰাই চৰাইৰ ঠেঙ্গত জৰী লগাই টানিলে সি যে চেঁ-চেঁ কৰি আটাহ পাৰে, তাৰ দ্বাৰা সি কি বুজায়? সি যে লৰাৰ সেই কাৰ্য্যৰ দ্বাৰা দুখ পাইছে, তাকে মাথোন কৈ তাক এৰি দিবলৈ কাকূতি কৰো তেনে অৱস্থাত পৰিলে লৰা বা ডাঙ্গৰ মানুহেও কাকূতি কৰে, কিন্তু সি মানুহৰ দৰে পষ্ট মাতেৰে সেই কথা ব্যক্ত কৰিব নোৱাৰে, এই মাত্ৰ প্ৰভেদ। সেই দৰেই আন কোনো জন্তুকো আমি দুখ দিলে বা সি আহাৰ নেপালে নিজ মাতেৰে তাৰ দুখ আমাক জনায়, তেতিয়া আমি তাৰ প্ৰতি আওকাণ নকৰি তাৰ দুখ গুচাব, বা তাক আহাৰ দিব লাগে; কিয়নো আমি তাতকৈ জ্ঞানী আৰু সি আমাৰ অধীন; এতেকে আমি তাৰ দুখ বুজি দয়া নকৰিলে তাৰ উপায় নাই; তাৰ যে মানুহৰ সমান জ্ঞান আৰু পষ্ট মাতেৰে নিজ-দুখ জনাবৰ শক্তি নাই, এই বাৰেই আমি আৰু অধিকৰূপে তাৰ প্ৰতি সদয় হোৱা উচিত, কিয়নো তেনে শক্তি থকা হলে সি আমাৰ সমান হলহঁতেনে সেই শক্তি নথকা হেতু সি আমাতকৈ নিকৃষ্ট, আৰু যি আমাতকৈ নিকৃষ্ট, সি আমাৰ সমনীয়াতকৈ অধিক দয়াৰ পাত্ৰ। এতেকে তুমি কোনো জন্তুৰ প্ৰতি নিষ্ঠুৰ আচৰণ নকৰিবা, কিন্তু সকলোৰে দুখত পুতৌ কৰিবা।

৪ পাঠ।
পৰিশ্ৰমৰ সুগুণ (Good effects of diligence. )

 মানুহে চৰাই-পহু আদি সামান্য জন্তুৰ দৰে অনায়াসে আহাৰ নেপায় আৰু তেওঁৰ গাৰ আচ্ছাদন স্বভাৱ জাত নহয়; এতেকে জীৱন ৰাখিবৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় অন্ন আৰু বস্ত্ৰ, দুইকো পৰিশ্ৰমৰ দ্বাৰা উৎপন্ন কৰিব লাগে। এই কথাত ইতৰ প্ৰাণীতকৈ মানুহৰ অৱস্থা নিকৃষ্ট। কিন্তু মানুহে অভ্যাস আৰু যত্নৰ দ্বাৰা বৰ্দ্ধিত হোৱা যি মন বুদ্ধি পাইছে, তাৰ দ্বাৰায় তেওঁৰ সকলো অভাৱ দূৰ হয়। অন্ন-বস্ত্ৰাদি আৱশ্যকীয় বস্তুৰ উপাৰ্জ্জনৰ নিমিত্তে যত্ন কৰোঁতেই মন বুদ্ধি পৰিচালিত আৰু তীক্ষ্ণ হৈ মানুহ সকলো জন্তুতকৈ শ্ৰেষ্ঠ হৈছে, আৰু ইন্দ্ৰিয়বিলাকক বশ কৰি সিহঁতৰ দ্বাৰা আপোনাৰ কাম কৰাই লৈছে। মানুহৰ লগতিয়াল বস্তুবিলাক পৰিশ্ৰম দ্বাৰা উৎপন্ন কৰিব লগীয়া নহৈ অন্যান্য জন্তুৰ দৰে অনায়াসে পাব পৰা হোৱা-হলে তেওঁৰ বুদ্ধি ইমান চোকা নহলহেঁতেন; এতেকে পৰিশ্ৰমেই মানুহক ইতৰ জন্তুতকৈ শ্ৰেষ্ঠ কৰিহে। এনে পৰিশ্ৰমক দুঃদায়ক বা ঘৃণাৰ বিষয় বুলি ভবা বৰ ভ্ৰমৰ কথা। যি পৰিশ্ৰমৰ দ্বাৰা আমাৰ জীৱনৰ উপায় ভাত-কাপোৰ অৰ্জ্জা যায়, আৰু যাৰ অভাৱত আমি মনুষ্য হৈ থাকিব — আন কি?— জীৱনকে ৰাখিব নোৱাৰোঁহঁক, সেই পৰিশ্ৰমলৈ ঘিণ কৰাতকৈ, আৰু যিবোৰ মানুহে আমাৰ প্ৰাণ-ৰক্ষাৰ নিমিত্তে অন্ন-বস্ত্ৰ আৰ্জিবলৈ পৰিশ্ৰম কৰে, সেই বিলাকক তুচ্ছ ভবাতকৈ আৰু ডাঙ্গৰ ভ্ৰম কি আছে?
 স্বৰূপাৰ্থত গোটেই এলেহুৱা, অকামিলা আৰু অসাঠন কিছুমান মানুহত বাজে প্ৰায় সকলোৰে কোনো এক প্ৰকাৰৰ পৰিশ্ৰম কৰে। খেতিয়কে খেতি কৰি সকলোকে আহাৰ যোগাইছে, তাঁতিয়ে কাপোৰ বৈ মানুহৰ শৰীৰ ঢাকিছে, আন শিল্পকাৰকে আমাৰ প্ৰয়োজনীয় নানাবিধৰ শিল্প কৰ্ম্ম কৰি আমাৰ অভাৱ গুচাইছে; আৰু সুখ বঢ়াইছে, গ্ৰন্থকৰ্ত্তাই আপোনাৰ মস্তিষ্ক ঘাঁটি অনেক প্ৰকাৰৰ জ্ঞানৰ বা আমোদৰ পুথি লিখি আমাৰ জ্ঞান বদ্ধিত কৰিছে, আৰু আমাক আনন্দ দিছে; ৰজাই আৰু তেওঁৰ বিষয়াবিলাক দুষ্টৰ দমন, শিষ্টৰ পালন কৰি ৰাজ্য সুথিল কৈ ৰাখিছে। এই বিলাকৰ ভিতৰত এজনে পৰিশ্ৰম কৰিবলৈ হেলা কৰা হলেও পৃথিবীৰ এনে উন্নত অৱস্থা হওক ছাৰি, মানুহৰ মহা কষ্ট হলহেঁতেন। কিন্তু যি পৰিশ্ৰমৰ দ্বাৰা জীৱনৰ উপায় অন্ন-বস্ত্ৰ উৎপন্ন হয়, সি সকলোতকৈ শ্ৰেষ্ঠ আৰু আৱশ্যকীয়, আৰু যি লোকে সেই দুই বস্তু উৎপন্ন কৰিবলৈ পৰিশ্ৰম কৰে, তেওঁ সমাজৰ বৰ উপকাৰী আৰু প্ৰয়োজনীয় অঙ্গ। এতেকে নাঙ্গলৰ খুটিত ধৰি যি খেতি কৰে, তেওঁ লাখ-পতি বৰ লোকতকৈ অধিক আদৰৰ যোগ্য, আৰু সকলোৰে কৃতজ্ঞতাৰ পাত্ৰ।
 পৰিশ্ৰমৰপৰা আমাক লগা বস্তুবিলাক উৎপন্ন হয়, অকল সেয়ে নহয় তাৰ দ্বাৰা শৰীৰ সঞ্চালিত হৈ দৃঢ় আৰু বলিষ্ঠ হয়, মনো প্ৰফুল্ল থাকে। ঘৰৰ ভিতৰত বৰ গাঁৰুত আঁউজি বহি থকা বৰ লোকৰ গাটোৱেই মহা ভাৰ, আৰু তেনে লোকে দুটা মান খোজ কাঢ়িলেই ঘামি ফোঁপাই বিতত হয়, আৰু সদায় গা বেয়া বুলি কয়; কিন্তু হালকোৰ বাই ফুৰা চহাৰ গা আটিল, লঘু আৰু নিৰোগী। এই কাৰণে অন্ন-বস্ত্ৰৰ উপাৰ্জ্জন কৰিবৰ নিমিত্তে পৰিশ্ৰম কৰা, আন কি? নাঙ্গলৰ খুটিত ধৰাও, একো লাজৰ বা নিন্দাৰ কথা নহয়, বৰং স্বাধীনতাক জলাঞ্জলি দি লোকৰ চাকৰ হৈ জীৱিকা কৰাতকৈ এশ গুণে উত্তম আৰু প্ৰশংসনীয়।

৫ পাঠ।
কৃষি, বাণিজ্য আৰু অন্যান্য ব্যৱসায়
(Agriculture, Trade and other Occupations.)

 মানুহৰ জীৱন ৰাখিবৰ উপায় আহাৰ। খেতিৰ দ্বাৰা সেই আহাৰ উৎপন্ন হয়। শৰীৰ ৰক্ষাৰ নিমিত্তে আহাৰ যেনে, কাপোৰো তেনে প্ৰয়োজনীয়। সেই কাপোৰ ঘাইকে কপাহৰপৰা হয়, কপাহো খেতিৰ বস্তু। যি খেতিৰপৰা মানুহৰ অন্ন-বস্ত্ৰৰ উৎপত্তি হয় আৰু যাৰ অভাৱত এই দুই ঘাই বস্তুৰ অভাৱ হৈ মানুহৰ প্ৰাণৰক্ষা টান হয়, সি নো কিমান প্ৰধান কাৰ্য্য, তাক কৈ ওৰ পেলাব নোৱাৰি। আমি দেখিছোঁ, কোনো ঠাইত দৈবাৎ একে লীলায়ে দুবছৰ খেতি নহলে তাত আকাল হৈ হেজাৰ হেজাৰ প্ৰাণী যমৰ ঘৰলৈ যায়; এতেকে খেতিয়েই মানুহৰ জীৱন ৰক্ষাৰ ঘাই উপায়। পৰ্ব্বতৰ সমান সোণ থাকিলেও অন্ন নহলে মানুহৰ প্ৰাণ নৰয়। যদি পৃথিবীৰ সকলে মানুহে খেতি কৰিবলৈ এৰে, তেন্তে অন্নৰ অভাৱত একেদিনায় পৃথিবী নিৰ্জ্জন হব! খেতিয়ে মানুহৰ প্ৰাণ ৰাখে; অকল সেয়ে নহয়, মানুহক সভ্যও কৰে। যেতিয়া মানুহে খেতি কৰিব নেজানিছিল তেতিয়া তেওঁ কেঁচা মঙ্গহ আৰু আপুনি হোৱা ফল-মূল মাথোন খাই আৰু পহুৰ ছালেৰে গা ঢাকি বনৰীয়া জন্তুৰ দৰে হাবিত বস কৰিছিল। পাচত খেতি কৰি অন্ন উপাৰ্জ্জন কৰিবলৈ শিকিবৰপৰা হে সভ্যতাই মানুহৰ লগ ললে; আৰু খেতিৰ উন্নতিৰ লগেলগে সভ্যতাও বাঢ়ি আহিল; এতেকে খেতিয়েই মানুৰ ঘাই কাৰ্য্য। সেই খেতিলৈ আওহেলা বা তাক হীন কাম বুলি ঘিণ কৰা মূৰ্খতাৰ চিন। আমাৰ দেশৰ মানুহৰ কেনে দুৰ্ব্বুদ্ধি! যি লোকে চাকৰি নকৰাকৈ গাৱঁত খেতি কৰি খাই থাকে, অনেক মানুহে তেওঁক কাছাৰীত এটা ক্ষুদ্ৰ কাম-কৰা মানুহৰ সমানো আদৰ নকৰে। এতেকে সকলোৱেই খেতিক ঘিণ কৰি টকাচেৰেক ৰূপৰ কাৰণে আপোনাৰ স্বাধীনতাকে বিকিবলৈ ওলায়, আৰু তাকে কৰিব পাৰিলে আপোনাক কৃতকাৰ্য্য মানে। যেতিয়ালৈকে আমাৰ দেশৰ মানুহৰ এই ভ্ৰম নগুচে, তেতিয়ালৈকে এই দেশৰ কুশল নহয়।

 ওপৰত দেখুওৱ৷ হৈছে যে কৃষিৰ দ্বাৰা মানুহৰ জীৱন ৰাখিবৰ উপায় অন্ন আৰু বস্ত্ৰৰ উৎপত্তি হয়; কিন্তু বাণিজ্য নহলে এজনে উৎপন্ন কৰা অন্ন বা অস্ত্ৰ আন এজনে নেপায় আৰু সেই কথা সহজেই বুজিব পাৰি যে, পৃথিবীৰ প্ৰত্যেক মানুহ খেতিত নিযুক্ত হব নোৱাৰে; আৰু সকলো মানুহ খেতিত আবদ্ধ হৈ থাকিলে সমাজৰ হিতৰ নিমিত্তে আন আন যি বিলাক কাৰ্য্যৰ আৱশ্যক, সেইবিলাক কৰোঁতা নথকাৰ গুণে মানুহবিলাকৰ সুখ-শান্তি নহয়। ৰাজ্যৰ শাসন,বিদ্যাশিক্ষা আৰু শিল্প কৰ্ম্ম আদিত নিমুক্ত থকা মানুহ-বিলাকৰ খেতি কৰিবলৈ আজৰি নাই; এতেকে বাণিজ্যৰ অভাৱ হোৱা হলে তেওঁবিলাক ভাত কাপোৰৰ দুখত পৰি নিজ নিজ কাৰ্য্য চলাব নোৱৰাৰ কাৰণে সমাজৰ বৰ অনিষ্ট হলহেঁতেন আৰু এঠাইত উৎপন্ন খেতিৰ বস্তুবিলাক উৎপন্ন হোৱা ঠাইতে দৌলায়মান হৈ থাকি আন ঠাইৰ মানুহৰ অপ্ৰাপ্য হোৱাত যত মাটি-পানী-আদিৰ অৱস্থাব প্ৰভেদৰ কাৰণে যি শস্যৰ উৎপত্তি নহয়, সেই ঠাইৰ মানুহে তাৰ ভোগৰপৰা বঞ্চিত আৰু সেই শস্য অৰ্জ্জা মানুহবিলাকে তাৰ অতিৰিক্ত ভাগ বেচি ধন উপাৰ্জ্জন কৰিব নোৱৰা হলহেঁতেন। যদিও খেতি অতি উত্তম কাৰ্য্য, তথাপি তাৰপৰা উৎপন্ন বস্তুৱে আমাৰ সকলো অভাৱ পুৰ কৰিব নোৱাৰে; আমাৰ সুখ বৃদ্ধিৰ কাৰণে আৰু অনেক বস্তু লাগে। বাণিজ্য নথকা হলে যি লোকে সেইবিলাক আপুনি যুগুত কৰিব নোৱাৰে, তেওঁ অৱশ্যে কষ্ট পালেহেঁতেন।

 বেহাৰ দ্বাৰা বিদেশত হোৱা অনেক বস্তু আমি পাওঁহঁক তদ্দ্বাৰাও আমাৰ সুখ বাঢ়ে। বাণিজ্যৰ অভাৱ হোৱা হলে সেই বিলাক বস্তু পাব নোৱাৰাত আমি সেই পৰিমাণে সুখৰ-পৰা বঞ্চিত হলোহঁকহেঁতেন। বিশেষ এজনে অৰ্জ্জা বস্তু আন এজনে পাবৰ ঘাই উপায় ধন; এতেকে ধন নহলে মানুহ বৰ বিপদত পৰে। বাণিজ্যৰ দ্বাৰা সেই ধনৰো বৃদ্ধি হৈ মানুহ সুখীয়া হয়। আমাৰ নীতি শাস্ত্ৰে কয় যে, ( বাণিজ্যে বসতি লক্ষ্মীঃ ) বেপাৰতে লক্ষ্মীৰ নিবাস। এতেকে জন-সমাজৰ উন্নতি আৰু সুখ-বৃদ্ধিয়ে ঘাইকৈ বাণিজ্যত আশ্ৰয় কৰে। যি দেশত যি পৰিমাণে বেপাৰ চলে, সেই দেশৰ মানুহে সেই পৰিমাণে সুখীয়া হয়। আসামৰ মানুহে আন সভাদেশৰ মানুহৰ দৰে বেপাৰৰ মোল নেজানে; এই কাৰণে ইয়াৰ মানুহবিলাক নিৰ্ধনী। যেতিয়ালৈকে তেওঁবিলাক বেপাৰত নিযুক্ত নহয়, তেতিয়ালৈকে দেশৰ উন্নতি হবৰ উপায় নোলায়।

৬ পাঠ।
কৃষি বাণিজ্য আৰু অন্যান্য ব্যৱসায় (সমাপ্ত)
(Agriculture, Trade and other occupations.)

 খেতি আৰু বেহাৰ বাজে আইনৰ ব্যৱস্থা দিয়া, চিকিৎসা-কৰা, কপোৰ-বোৱা, পাচি-খৰাহি-সজা, সূতাৰ, কঁহাৰ, সোণৰি, বাঢ়ৈ বা আন শিল্পীৰ কাৰ্য্যকৰা আদি অনেক স্বাধীন ব্যৱসায় আছে। সেইবিলাকৰ পৰা সুসভ্য দেশবিলাকত ৰহু লোকে জীৱিকা কৰে আৰু সুখে-স্বচ্ছন্দে থাকে। প্ৰত্যেক মানুহে এই সকলোবিলাক ব্যৱসায় জানিব বা কৰিব লাগে এনে নহয়; কিন্তু আপোনাৰ সুচল, বুদ্ধি আৰু ইচ্ছানুসাৰে এই বিলাকৰ ভিতৰৰ কোনো এটা বা অধিক ব্যৱসায় জনা সকলোৰে উচিত, আৰু তদ্দ্বাৰা মানুহৰ সুখ আৰু দেশৰে শ্ৰীবৃদ্ধি হয়।
 সাধাৰণ কথাত কোৱ৷ যায় যে “হাৰিৰ বিদ্যা শিকিলেও কালে উপকাৰ হয়।” কিন্তু আমাৰ দেশৰ চাকৰিৰ দ্বাৰা জীৱিকা উলিওৱা বৰলোকসকলে এই হিত বাক্যলৈ মন নকৰি পাচি-খৰাহি-সজা-আদি হাতৰ কামবিলাকক নীচ কাৰ্য্য বুলি ঘিণায়; ই যে তেওঁবিলাকৰ ভ্ৰম তাক তলত লিখা সত্য ইতিহাসটিৰপৰা বুজিব পাৰি। জৰ্ম্মানী দেশৰ কোনো এজন ধনী আৰু ডাঙ্গৰ লোকে ধন আৰু বিষয় অনিত্য, এতেকে দুখত পৰিলে উপজীব্য কৰিবৰ নিমিত্তে কোনো এটা হাতৰ বিদ্যা জনা উচিত, ইয়াকে বুজি তেনে বিদ্যা শিকাত উৎসাহ দিছিল। তেওঁৰ এটী সুন্দৰী আৰু বিদ্যাবতী কন্যা আছিল। পাচে বিষয় আৰু সম্পত্তিৰে তেওঁৰ সমান আন এজন বৰ লোকৰ পুতেক এটিয়ে সেই কন্যাৰ-ৰূপ গুণৰ দ্বাৰা মোহিত হৈ তেওঁ পিতাকৰ আগত বিয়াৰ প্ৰস্তাব কৰিলে সেই বুঢ়া ভদ্ৰলোকে ডেকাক সুধিলে বোলে “মোৰ জীক সুখেৰে ৰাখিবৰ কাৰণে তোমাৰ কি উপায় আছে?” এই কথাত ডেকা আচৰিত হৈ কলে, তেওঁ বৰ লোকৰ লৰা, তেওঁৰ ধন-সম্পত্তি অলেখ, একোৰে অভাব নাই; এতেকে তেওঁৰ ভাৰ্য্যাক সুখেৰে ৰখা একো টান কথা নহয়। তাতে ভদ্ৰলোকজনাই উত্তৰ কৰিলে যে, সেই কথা সঁচা, কিন্তু ধন-সম্পত্তি অনিত্য, দেশৰ বিভ্ৰাট হৈ কেতিয়া নাশ পায়, তাৰ একো নিশ্চয় নাই; এতেকে দুখত প্ৰবৰ্ত্তিবৰ কাৰণে এটা হাতৰ বিদ্যা নিশিকিলে সেই ছোৱালী পাবলৈ তেওঁ আশা কৰিব নোৱাৰে। যুৱাই তেওঁৰ জীয়েকক বিয়া কৰিবলৈ ইমান ব্যস্ত হৈছিল যে, তেনে কোনো এক বিদ্যা শিকিবৰ কাৰণে তেওঁ ছমাহ কাল খুজি কলে বোলে সেই কালৰ ভিতৰত তেওঁ অৱশ্যে কৃতকাৰ্য্য হব। তাতে বুঢ়া ভদ্ৰলোকে সন্তোষ পাই মান্তি হল।ডেকাই বিদায় লৈ ঘৰলৈ গল।
 ছ মাহৰ মুৰত ডেকা উলটি আহি পৰীক্ষাৰ দ্বাৰা দেখুৱালে যে, তেওঁ পাচি-সজা বিদ্যাত বৰ পাৰ্গত হৈছে; তাতে সেই ভদ্ৰলোকে বৰ ৰঙ্গেৰে জীয়েকক তেওঁলৈ বিয়া দিলে। তাৰ কিছু কালৰ পাচত ৰাজ্যৰ বিভ্ৰাট হৈ সেই ডেকাৰ আৰু তেওঁৰ শহুৰেকৰ সকলো ধন-সম্পত্তি হেৰাল, আন কি উপজীব্যৰ উপায়েই নাইকিয়৷ হল। তেতিয়া সেই যুৱাই পাচি-খৰাহি বেচিবলৈ ধৰিলে, আৰু তেওঁৰ পাচ আনতকৈ ভাল হোৱা হেতু সেই কাৰ্য্যৰপৰা বৰ লাভ হৈছিল; আৰু তেওঁ তাৰ দ্বাৰায়ে নিজৰ আৰু শহুৰেকৰ দুইৰো পৰিয়ালৰ উপজীব্য চলাইছিল। এইৰূপে তেওঁ বুঢ়া হৈ কালৰ হাতত প্ৰাণ নোশোধোৱালৈকে দুয়োঘৰ মানুহক প্ৰতিপাল কৰি আছিল। পাচি-সজা বিদ্যা নজনা হলে তেওঁৰ যি গতি হলহেঁতেন, তাক অনায়াসে বুজিব পাৰি। এতেকে হাতৰ বিদ্যা যে মানুহৰ বৰ প্ৰয়োজনীয়, তাত সংশয় নাই।

৭ পাঠ।
অঙ্গ-পৰিচালনা (Physical Exercise.)

যাৰ গা নিৰ্ব্বল আৰু ৰুগীয়৷ তাৰ কোনো সুখ নাই আৰু জীৱনেই অসাৰ্থক, ইয়াক সকলোৱে জানে; এতেকে শৰীৰ যেন সবল আৰু নিৰোগী হয়, এইটো সকলোৰে বাঞ্ছা; কিন্তু কি প্ৰকাৰে সেয়ে হব পাৰে, আমাৰ দেশৰ সৰহ ভাগ মানুহে তাক গমি নেচায়, আৰু নেজানে। শৰীৰ বলিষ্ঠ কৰিবৰ ঘাই উপায় শাৰীৰিক পৰিশ্ৰম। সেই পৰিশ্ৰম নকৰা মানুহৰ গা আটিল নহয়, কেঁচা কুমাৰ-মাটিৰ দৰে কোমল। যি বস্তু, আটিল নহয় সি কেওিয়াও বলৱান্ হব নোৱাৰে। কোমল বস্তু যে বলৱান্ন হয়, তাৰ দৃষ্টান্ত দেখাওঁতে লৰা আৰু বয়সীয়া মানুহৰ তুলনা দিলেই হয়। বয়সীয়া মানুহতকৈ লৰাৰ গা কোমল, এতেকে ডেকাতকৈ লৰা নিৰ্ব্বল।
 বলৱান্ মানুহ উৎসাহী আৰু সাহিয়াল হয়, আৰু বৰ পৰিশ্ৰমৰ কামো অনায়াসে কৰিব পাৰে। নিৰ্ব্বল মানুহ এলেহুৱা, ভয়াতুৰ; আৰু অলপ পৰিশ্ৰম হোৱা এটা কাম কৰিলেই শ্ৰান্ত হয় বা কৰিবই নোৱাৰে। দুৰ্ব্বল মানুহক ৰোগেও অতি শীঘ্ৰে পীড়ে। আটিল গাবে বলৱন্ত মানুহক নৰিয়াই সিমান কষ্ট দিৱ নোৱাৰে। এই কাৰণেই আপোনাৰ শৰীৰ দৃঢ় আৰু বলিষ্ঠ কৰা উচিত; তাকে কৰিব লাগিলে নিতৌ উত্তমৰূপে অঙ্গ বিলাকক পৰিচালনা কৰিব লাগে। হাত ভৰি আৰু গা এই বিলাকক চলাই থাকিলে সিহঁত আট মাৰে, লঘু, আৰু কাৰ্য্য কৰিবৰ যোগ্য হয়, আহাৰেও শীঘ্ৰে পাক পায়; আৰু তেজ মাংস হৈ গোটেই গালৈ চলি যায়; তাতে গা পুষ্ট আৰু সৱল হয়। কিন্তু যি অঙ্গকে চলোৱা নেযায়, সিয়েই দুৰ্ব্বল আৰু অকৰ্ম্মা হয়। অনেকেই ঊৰ্দ্ধবাহু সন্ন্যাসী দেখিছে। তেনে মানুহে হাত এটা ওপৰলৈ দাঙ্গি লৰ-চৰ নকৰাকৈ থকাত সেইটো হাত একেবাৰেই অকামিলা হৈ পৰে। কিন্তু সদায় হাঁতুৰী মাৰি থকা কমাৰৰ হাত বলৱান আৰু টান। ইয়াৰ দ্বাৰা বুজা যাব পাৰে যে, যি মানুহে যি পৰিমাণে অঙ্গবিলাক চলায়, সেই পৰিমাণে তাৰ গা দৃঢ় আৰু সৱল হয়। অঙ্গ-চালনাৰ অনেক উপায় আছে। প্ৰথম ব্যায়াম, যাক হিন্দী-ভাষাত “কুস্তী” বোলা যায়, কিন্তু নিশিকিলে; তাক কৰিব নোৱাৰি; এতেকে সি সকলোৰে সাধ্য নহয়। তাত বাজে নাও বোৱা, কোৰ মৰা, খোজ কাঢ়ি ফুৰা, ভটা-গুটি, ঢোপ, বা বল খেলোৱা আদি শাৰীৰিক পৰিশ্ৰমৰ কাম অনেক আছে। সেই বিলাকৰ ভিতৰৰ যি যিটো পাৰে, তাক নিতৌ এই পৰিমাণে কৰা উচিত, যেনে গাৰ সকলো অঙ্গ পৰিচালিত হয়, অথচ নিজে সহিব পৰাতকৈ অধিক শ্ৰম নহয়।
 যিবিলাক মানুহ কামত নিযুক্ত হৈ সদায় পুৰি থাকে, সেই বিলাকতকৈ যি সকলে লিখি, পঢ়ি বা এনেই ঘৰত বহি থাকি কাল খোদায়, সিবিলাক ওপৰত কোৱাৰ দৰে শাৰীৰিক পৰিশ্ৰম কৰিবৰ অধিক আৱশ্যকতা পৰে। গাৰ অঙ্গ নচলাই সদায় মনটো চলাই থাকিলে শৰীৰ আৰু মন দুয়ো অতি শীঘ্ৰে নিস্তেজ আৰু জীৰ্ণ হয়। এতেকে মনেৰে শ্ৰম কৰা লোকবিলাকে গাৰেও শ্ৰম কৰিব লাগে। কোনো এজন জ্ঞানী বৈদ্যে কৈছে যে, “নিৰ্ম্মল বতাহ, বিশুদ্ধ পানী আৰু শাৰীৰিক পৰিশ্ৰম, এই তিনিয়েই মানুহৰ ঘাই চিকিৎসক।”

৮ পাঠ।
সজ লোকৰ কৰ্ত্তব্য কৰ্ম্ম (Duties of wise men.)

 কলো জন্তুতকৈ মানুহবিলাক অধিক সঙ্গ-প্ৰিয়, এতেকে তেওঁবিলাকে অকলশৰীয়া অৱস্থাক ভাল নেপায়, আৰু অনেকে গোট খাই সমাজ পাতি থাকে। সিবিলাকৰ অভাৱো অনেক, সেইবোৰ পূৰাবলৈ যত্ন কৰিব লাগে। কিন্তু একে জনৰ যত্নৰ দ্বাৰা সেই সকলোবিলাক পূৰ নহয়, আৰু অন্যান্য নানাপ্ৰকাৰৰ দুখ-কষ্ট গুচোৱাও টান, এতেকে আনৰ সাহায্যৰ আৱশ্যক। এই কাৰণে সজ লোকে আপোনাৰ শক্তি অনুসৰি সঙ্গীবিলাকৰ সহায়তা কৰে। বলীৰপৰা নিৰ্ব্বলীৰ ৰক্ষাৰ, আৰু পৰৰ অন্যায় আচৰণৰ দ্বাৰা দুখ-পোৱা লোকৰ প্ৰতি ন্যায় বিচাৰৰ নিমিত্তে যত্ন কৰাও সজ লোকৰ কৰ্ত্তব্য কৰ্ম্ম। টানত পৰা মানুহক হিত পৰামৰ্শ দি বা অন্য কোনো প্ৰকাৰে সহায়তা কৰি তাৰপৰা উদ্ধাৰ, আৰু সমাজৰ অহিতকাৰী মানুহবিলাকে যেন ৰজাৰ পৰা উচিত দণ্ড পায় তালৈ চেষ্টা কৰিবৰ নিমিত্তে সজ লোকে সদায় সষ্টম হৈ থাকে। তেওঁ পৰৰ ধন, ধান, গৰু, মহ, মাটি, বাৰী বা অন্য কোনো বস্তুলৈ লোভ কৰি বা আন কোনো প্ৰকাৰে লোকৰ অহিত নকৰে, কিন্তু পাৰে মানে হিতকেহে চিন্তে; আৰু কূচ্চূট-কপটক ঘিণায়। সঙ্গীবিলাকৰ দুজন বা অধিক লোকৰ মাজত বিবাদ বা বিৰোধ হলে তেওঁবিলাকৰ পুনৰ মিল কৰিবলৈ যত্ন কৰাকো তেনেলোকে আপোনাৰ কৰ্ত্তব্য বুলি জানে; আৰু দুখীয়াকো পুতৌ, আৰু নৰিয়াৰ চিকিৎসাৰ উপায় কৰাত বা মৰা-ঘৰীয়াক প্ৰবোধ দিয়াত কেতিয়াও পৰাঙ্মুখ নহয়, তাত বাজে হিত উপদেশ দি আৰু আপোনাৰ সজ আচৰণৰ আৰ্হি দেখাই সকলোকে সাধু কৰিবলৈ যত্ন কৰা আদি পৰোপকাৰৰ কামত তেওঁ অতিশয় আনন্দ পায়। যি এই বিলাক কাৰ্য্যৰ বিৰুদ্ধ আচৰণ কৰে, সি সজ লোক নহয়।

৩ আধ্যা।
১ পাঠ।
জন্তুবিলাকৰ স্বভাৱ, বোধ ইত্যাদি
(The nature and instinct of animals. )

 ন্তুবিলাকক মানুহৰ দৰে সজীৱ, আৰু সিহঁতৰ সুখ-দুখ বুজা শক্তি মানুহৰ সেই শক্তিতকৈ কম নহয়। সিহঁতৰ এক প্ৰকাৰ ভাষাও আছে, অৰ্থাৎ সিহঁতৰ মনৰ নানা ভাব ব্যক্ত কৰিবৰ নিমিত্তে বেলেগ-বেলেগ শব্দ আছে। এই কাৰণে কোনো জন্তুৱে মাত মাতিলে তাৰ জাতিৰ অন্য জন্তুৱে তাৰ মনৰ ভাব বুজে। কিন্তু সিহঁতৰ মনৰ ভাব অতি অলপ; এতেকে মাতৰ সংখ্যাও কম, আৰু সেইবিলাক মাত মানুহৰ মাতৰ বা বাক্যৰ দৰে পষ্ট নহয়, তথাপি ভাটৌ-মইনা শালিকা-আদি কোনো কোনে৷ চৰায়ে মানুহৰ ভাষাও ভালকৈ ফুটাই কব পাৰে।

 মানুহৰ দৰে, জন্তুবিলাকৰ অভ্যাসৰ দ্বাৰা বহলাব পৰা বুদ্ধি নাই। সিহঁতৰ নিজৰ ৰক্ষাৰ আৰু বংশ বৃদ্ধিৰ নিমিত্তে যিমানৰ আৱশ্যক, সেই পৰিমিত বোধ মাথোন আছে। তাৰ নাম “প্ৰাকৃত ব্যুৎপত্তি” *। সেই বোধ অলপ, সি নেবাঢ়ে, নুটুটেও। এই কাৰণে এজাতিৰ জন্তুৱে আন এজাতিৰ অৱস্থা দেখি মানুহৰ দৰে আপোনাৰ উন্নতি সাধন কৰিব নোৱাৰে। এই নিমিত্তেই সৃষ্টিৰ আদিৰেপৰা জন্তুবিলাকৰ অৱস্থা একে দৰেই আছে। ই বৰ আচৰিত কথা যে, প্ৰত্যেক জাতিৰ সকলো চৰায়ে ঠিক এক দৰেই বাহ সাজে, আৰু সেই কাৰ্য্য কৰিবলৈ শিকিব নেলাগে, স্বভাৱতে তাৰ জ্ঞান পায়। যদি কাউৰীৰ কণী এটা হাঁহৰ উমনিত জগাই পোৱালিটোক কেতিয়াও আন কোৱা দেখিবলৈ বা তাৰ মত শুনিবলৈ নিদি ভিতৰত ৰখা যায়, তেও সি আন কাউৰীৰ দৰে মাতিব, আৰু বাহো সাজিব। এই বিষয়ত জন্তু- বিলাক মানুহতকৈও শ্ৰেষ্ঠ; কিয়নো শিক্ষা নেপালে মানুহে কথা কবও নোৱাৰে। কিন্তু কাউৰীয়ে টোকোৰাচৰাইৰ দৰে সুন্দৰ বাহ সাজিবৰ-শক্তি পোৱা নাই। এই কথাত হলে জন্তুবিলাক মানুহতকৈ নিকৃষ্ট।  জন্তুবিলাকৰ অপত্য-স্নেহ, যেতিয়ালৈকে পোৱালিবিলাকৰ ৰক্ষাৰ নিমিত্তে অনিবাৰ্য্যৰূপে সি প্ৰয়োজনীয় হয়, তেতিয়ালৈকে মাথোন থাকে। আমি জানোহঁক যে যি পৰ্য্যন্ত পোৱালিবিলাকে আপুনি চাব ফুৰিব, আৰু আপোনাকো ৰক্ষা কৰিব পৰা নহয়, তেতিয়ালৈকে মাকে সিহঁতক নিজৰ লগত ৰাখি প্ৰতিপাল কৰে, কিন্তু যেতিয়াই সেই প্ৰতিপালৰ আৱশ্যক গুচে, তেতিয়াই সিহঁতৰ লগ এৰাএৰি হৈ এট৷ আনটোৰে নিচিনা হয় আৰু জন্তুবিলাকৰ যি সময়ত অপত্য-স্নেহ থাকে, তেতিয়া সি বৰ প্ৰৱল; জ্ঞান বুদ্ধি থকা মানুহৰো সিমান নহয়। কোনো এজন ইংৰাজী বৈদ্য ব্যৱচ্ছেদ-বিদ্যাৰ অভ্যাস কৰোঁতে এজনী জীয়৷ কুকুৰাৰ পেট ফালিছিল, তাতে তাই যাতনাত মূৰ্চ্ছিত হৈ পৰি থাকোঁতে তাইৰ পোৱালি এটা তাইৰ ওচৰলৈ অনা হল, তেতিয়া তাই পোৱালিৰ গম পোৱা মাত্ৰেই তাইৰ যেন একো দুখ হোৱা নাই, এনেভাৱে পোৱালিটোক চেলেকিবলৈ ধৰিলে, আৰু তাক আঁতৰাই লৈ গলতো তাৰ ফাললৈ চাই শোকৰ ধ্বনি কৰি বেজাৰ প্ৰকাশ কৰিছিল।

 জন্তুৰ চেনেহ পিতা-মাতাৰপৰা সন্তানলৈ নামে; কাৰণ সেই চেনেহৰ অভাৱত পোৱালিৰ ৰক্ষা হব নোৱাৰে, তাতে জন্তুৰ বংশ-ৰক্ষাত বিঘিনি জন্মে। কিন্তু বংশ-ৰক্ষাৰ নিমিত্তে পোৱালিয়ে বাপেক মাকক স্নেহ কৰাৰ সকাম নাই; এই কাৰণে তাৰ মৰম ওপৰলৈ নুঠে।

 কোনো কোনো জন্তুৱে এনে চতুৰতা দেখুৱায় যে মানুহৰো তেনে আচৰিত চতুৰতা নাই; কিন্তু সিও নিজৰ ৰক্ষা আৰু পৰচ বঢ়োৱা কাৰ্য্যৰ অঙ্গ মাথোন; এই দুই কথাৰ বাহিৰে সিহঁতৰ একো বোধ নাই বুলিলেও মিছা কোৱা নহয়। উটৰ ঘাই ঠাই আৰব দেশ, সেই দেশৰ সৰহ ভাগ বালিময়, তাতে মুঠেই পানী নাই; এই কাৰণে সেই ঠাইত ফুৰোঁতে উটে কেতিয়াবা কেইবা দিনো পানী নেপায়, এতেকে সি যি ফাললৈ যায়, সেই ফালৰ কোনো পৰ্ব্বতৰ নিজৰাত পানী থাকিলে সি বহুত দূৰতে তাৰ গন্ধ পাই তাৰ ফাললৈ বেগ দিয়ে, আৰু পানী পালে ভৰিৰে ঘোদালি বোকা কৰি খায়। তাৰে কিছুমান তাৰ পেটত থকা জোলোঙ্গাত সুমাই থয়। উটে জানে যে, তাৰ পাচত কেই দিনৰ মূৰত সি আকও পানী পাব, তাৰ নিশ্চয় নাই; এতেকে বোকা কৰি নেখালে শুদা পানী অতি শীঘ্ৰে ঘাম- আদি হৈ ওলাই যাব, আৰু পিয়াহত তাৰ কষ্ট হব। এই দৰে পানীৰ গোন্ধ পোৱা শক্তি নথকা হলে আৰবৰ বালিত উটৰ প্ৰাণ ৰখাই টান হলহেঁতেন। ইওৰোপৰ হাবিত পহুমৰীয়া কুকুৰ অহাৰ গম পালে, মাইকী শহাই তাইৰ যত পোৱালী থাকে, তাৰ অলপ আঁতৰত দেখা দিয়েগৈ; তাতে কুকুৰে তাইলৈ খেদি গলে তাই বৰ টেঙ্গৰালিৰে ঘূৰি-ঘূৰি লৰ দিয়ে, কুকুৰে কোনো প্ৰকাৰে তাইৰ লগ ধৰিব নোৱাৰে পাচত চল পালেই তাই এডোখৰ হাবিৰপৰা আন এডোখৰলৈ এনে বেগেৰে জাঁপ মাৰে যে কুকুৰে তত ধৰিবই নোৱাৰে, আৰু গন্ধো হেৰায়। তাৰ দ্বাৰা শহাৰ আপোনাৰ আৰু পোৱালিৰো ৰক্ষা হয়।
 কোনো কোনো জন্তুৱে উপকাৰ আৰু হিংসা মনত ৰাখিব পৰাৰো প্ৰমাণ পোৱা যায়। কুকুৰে তাৰ উপকাৰী আৰু গৰাকীৰ প্ৰতি যে প্ৰগাঢ় ভক্তি দেখায়, সেয়ে সি উপকাৰ মনত ৰাখিব পৰাৰ চিন ৷ আৰু কোনো এক সময়ত দিল্লী নগৰত বাটে দি এটা হাতী লৈ যাওঁতে সি এখন দৰ্জীৰ দোকানত তাৰ শুঁড় সুমোৱাত দৰ্জীয়ে বেজীৰে তাৰ শুঁড়ত খোঁচ মাৰি দিলে, তাতে দুখ পাই হাতী পাচ হুঁহকি গল। পাচত হাতীটো উলটি সেই বাটে যাওঁতে তাৰ শুঁড়ৰ কিছুমান বোকা পানী সেই দৰ্জীৰ গালৈ এনেকৈ মাৰি দিলে যে, তাৰ গোটেই গা আৰু সিয়া কাপোৰ একেবাৰেই বোকাৰে লিপ্ত হল। এতেকে ইও এটা তাৰ মনত ৰখা প্ৰতিহিংসাৰ প্ৰমাণ নহয় নে ?

২ পাঠ।
জন্তুবিলাকৰ স্বভাৱ, বোধ ইত্যাদি
(সমাপ্ত)।

 প্ৰত্যেক জাতিৰ জন্তুবিলাকৰ গাৰ গঠন সেই জাতিৰ স্বভাৱৰ সম্পূৰ্ণ উপযোগী। হাতী ঘাঁহ-খোৱা জন্তু, কিন্তু সি বৰ ওখ আৰু তাৰ ডিঙ্গি নিচেই চুটি হোৱাত অন্য জন্তুৰ দৰে সি ঘাঁহত মুখ দিব নোৱাৰি আহাৰ কৰাত বৰ কষ্ট পালেহেঁতেন, এই কাৰণে সি অনায়াসে মুখলৈ আহাৰ নিবৰ কাৰণে মানুহৰ হাতৰ নিচিনা শুঁড় পাইছে ৷ উতনুৱা নামেৰে এন্দুৰৰ নিচিনা যে এবিধ জন্তু আছে, সি সদায় মাটিৰ তলত থাকে। সেই ঠাই আন্ধাৰ, তাতে চকুৰ একো সকাম নাই, এই কাৰণে তাৰ চকু ইমান ক্ষুদ্ৰ আৰু অনুজ্জ্বল যে, আগেয়ে অনেকে তাক গোটেই কণা বুলি ভাবিছিল। আৰু সি চকুৰে নেদেখে, এতেকে তাৰ শুনা শক্তি বৰ প্ৰবল, সি ভালেমান আঁতৰত শত্ৰু অহাৰ শব্দ শুনি আপোনাৰ ৰক্ষাৰ উপায় কৰে। সি মাটিৰ তলত গাঁত খানিব লাগে, এই দেখি তাৰ আগঠেঙ্গৰ নখবোৰ চোকা, আৰু পতা বহুল। মাটিৰ তলত দীঘল নেজৰ কোনো প্ৰয়োজন নাই, আৰু সি থাকিলেও এখন ভাৰ মাথোন হলহেঁতেন। এই কাৰণে তাৰ সেই অঙ্গটো নিচেই চুটি। উতনুৱাৰ যেনে স্বভাৱ, তালৈ চালে তাৰ গাৰ গঢ় আন প্ৰকাৰৰ হোৱা যে নিচেই অনুচিত, তাক অনায়াসে বুজিব পাৰি।
 প্ৰত্যেক জাতিৰ জন্তুবিলাকৰ গাৰ গঢ় সেই জাতিৰ যেনে উপযুক্ত সিহঁতৰ শৰীৰ ঢাকনীও তেনে ৷ কোনো জাতি জন্তুৰ নোম, কোনো জাতিৰ পাখি, কোনো জাতিৰ কাঁইট, গাৰ আচ্ছাদন; কিন্তু সেই ঢাকনি প্ৰত্যেক জাতিৰ স্বভাৱৰ ইমান উপযোগী যে যদি এবিধ জন্তুৰ আচ্ছাদন আন এবিধক দিয়া যায়, তেন্তে আত্মৰক্ষা, আৰু শীত নিবাৰণৰ সম্বন্ধে তাৰ অৱস্থা গোটেই বেয়া হয়। চৰাইবিলাকৰ আকাশত উৰি ফুৰা স্বভাব; এতেকে সিহঁতৰ সেই কাৰ্য্যৰ সম্পূৰ্ণৰূপে উপযোগী পাখা আছে। সেই পাখিবিলাক লঘু, আৰু পাচ ফাললৈ মুখ কৰি জাঁপি দিয়া হৈছে। সেই পাথিৰ দ্বাৰা চৰাইবিলাকৰ অকল শোভা মাথোন হয়, এনে নহয়, তাৰ দ্বাৰা সিহঁত পানী বতাহ আৰু জাৰে বিন্ধিব নোৱৰাও হয়। বামৰ চাৰাইতকৈ পানীত সাঁতুৰি ফুৰা চৰাইৰ বুকুৰ পাখি অধিক ডাঠ; এই কাৰণে সাঁতোৰোতে তাক পানীয়ে ভেদিব নোৱাৰে। শীত-প্ৰবল ঠাইৰ অনেক জন্তুৰ গা মিহি, কোমল আৰু চুটি নোমেৰে আবৃতি, আৰু জাৰকালি পৰিলে সেই নোম ঘন হয়; তাৰ দ্বাৰা সেই বিলাক জন্তু জাৰৰ পৰা ৰক্ষা পৰে। পাচে ঘামকালি হলে সিমান ডাঠ অকামিলা আৰু কষ্টকৰ হয়; এতেকে সি আপোনা আপুনি সৰি পাতল পৰে। মাংসাহাৰী জন্তুবোৰতকৈ ঘাঁহ বা শস্য-খোৱা জন্তুবিলাকৰ স্বভাৱ অধিক নম্ৰ, আৰু পাচত কোৱা বিধৰ জন্তুৰ প্ৰথম বিধৰ দৰে দাঁত নখ বা ঠোট নাই; এই কাৰণে সেই বিধৰ জন্তু অধিক ভয়াতুৰ; তাৰ প্ৰমাণ — বাঘৰ দৰে ছাগ চোকা দাঁত-নখযুক্ত নহয়; কপৌ-চৰাইৰো শেনৰ দৰে জোঙ্গা ঠোঁট আৰু নখ নাই। এতেকে বাঘ আৰু শেনতকৈ ছাগ আৰু কপৌ অধিক নিৰ্জু আৰু ভয়াতুৰ।

 চতুষ্পদী জন্তুবিলাকৰ কিছুমান মাংসাহাৰী আৰু কিছুমান তৃণভোজী। পাচৰ শ্ৰেণীৰ জন্তুবিলাকৰ দুবিধ আছে;—এজাতি ৰোমন্থকাৰী অৰ্থাৎ সেই জাতিয়ে প্ৰথমতে ঘাঁহ পেটত ভৰাই আকও উলিয়াই পাগুলি গিলে; গৰু-ছাগ-আদি এই জাতিৰ জন্তু। আন জাতিয়ে ঘাঁহ একেবাৰেই গিলে; হাতী, ঘোঁৰা, গৰু ইত্যাদি এই জাতিত পৰে।

চতুষ্পদী জন্তু।
(The Quadruped.)
৩ পাঠ।
হাতী (The Elephant.)

 হাতী পৃথিবীৰ সকলে৷ চাৰি ঠেঙ্গীয়া স্থলচৰ জন্তুতকৈ ডাঙ্গৰ। তাৰ বৃহৎ আকাৰ, বল আৰু চতুৰতা দেখি সকলো কালৰ মানুহ আচৰিত হৈছে। যদিও সি সকলো চতুষ্পদী জন্তুত কৈ অধিক বলৱন্ত, তথাপি তাৰ খংনুতুলিলে সি কাৰো অনিষ্ট নিচিন্তে। এচিয়া আৰু আফ্ৰিকাৰ হাবিত অনেক হাতী অতি নম্ৰ আৰু শান্তভাৱে থকা দেখা গৈছে। হাতীবিলাকৰ অনেকে লগলাগি জাক পাতি থাকে, আৰু গছৰ ডালপাত আহাৰ কৰে। হাতী ঈষৎ ধোঁৱা বৰণেৰে মিহলি মুগা বা কলা চানেকীয়া; কিন্তু কোনো কোনো ঠাইত বগা হাতীও পোৱা যায়। হাতীবিলাকে বৰ জাৰ আৰু বৰ ঘাম, দুইকো সহিব নোৱাৰে; এতেকে ছায়া-যুক্ত কাঠনি-হাবিত থাকে পানীত ধেমালি কৰিবলৈ ভাল পায়, আৰু অনায়াসে সাঁতুৰিব পাৰে। হাতীৰ শুঁড় স্বভাৱৰ। এটা আচৰিত শিল্প কৰ্ম্ম। তাৰ দ্বাৰা হাতীয়ে উশাহ লয়, আৰু আহাৰ পানী মুখলৈ তোলে। এই আচৰিত অঙ্গ অসংখ্যাত কোমল আৰু লেকেটা আঙ্গঠিৰে নিৰ্ম্মাণ কৰা হৈছে। তাৰ দুটা চুঙ্গ৷ আছে, আৰু আগৰ ভাগ চেপেটা, ঘূৰণীয়া; সেই ভাগৰ মুখ ডোখৰ আঙ্গুলিৰ দৰে জোঙ্গা, তাৰ দ্বাৰা হাতীয়ে অতি ক্ষুদ্ৰ বস্তুকো ধৰিব পাৰে। শুঁড়ৰ পাচ ফাল অলপ চেপেটা, আগ ফাল গোল, আৰু তাক সকলো ফাললৈ দোঁৱাব পাৰি; এই হেতুকে সি মানুহৰ হাত আৰু বাহুৰ কাৰ্য্য কৰে। হাতীয়ে দাঁতৰ দ্বাৰা গছ, আৰু শুঁড়ৰ দ্বাৰা ডাল ভাঙ্গে। কল গছ ইহঁতৰ প্ৰধান খাদ্য। মখনা বা মতা হাতীৰ শুঁড়ৰ দুয়ো ফালেদি দুটা দীঘল দাঁত ওলায়৷ সেই দাঁত বগা আৰু মূল্য- বান! হাতীয়ে অনায়াসে শিকনি লয়, আৰু এই কথাত সি আন অনেক চতুষ্পদী জন্তুতকৈ অধিক বুদ্ধিমান। লঙ্কা উপদ্বীপত মানুহে হাতীক শিকাই শিল বা ইটৰ ঘৰ আদি সজা কাৰ্য্যত নিযুক্ত কৰে। সি মানুহৰ দৰে ইটা আৰু শিল পাৰে আৰু সেই শিল-আদি ভালকৈ খাইছে নে নাই জানিবৰ নিমিত্তে পাচলৈ হুহঁকি গৈ স্থিৰ ভাৱে চাই থাকে, আৰু কোনো দোষ দেখিলে আগ বাঢ়ি শুঁড়েৰে শিল-আদিক ভালকৈ খুৱাই দিয়ে।

 বনৰীয়া হাতীবিলাক প্ৰায়ে একে লগে থাকে আৰু সময়ে সময়ে খেতিৰ অনিষ্টও কৰে। বহুত মানুহে বলে নোৱৰা গছ আদি এটা হাতীয়ে সহজে লৈ যাব পাৰে।

৪ পাঠ।
গঁড় ( The Rhinoceros.)

 ড় এবিধ বলৱান জন্তু। কেৱল হাতীতকৈ মাথোন নীহ। সি প্ৰায় হাতীৰ সমান ডাঙ্গৰ, কিন্তু তাৰ ঠেং চুটি; আৰু কপালত এটা শিং থাকে, তাৰ নাম খড়গ। তাৰ ওপৰ ওঁঠ দীঘল, জোঙ্গা আৰু লন্দন; তাৰ দ্বাৰায় সি আহাৰ মুখলৈ সুমায়। তাৰ ছাল ডাঠ, টকলা আৰু কোঁচ খাই জাঁপ যোৱা;টিকা আৰু চেউৰাৰ ওপৰ-ভাগত সেই ছাল গাৰ আন-আন ঠাইতকৈ অধিক জাপ খোৱা। ছালৰ বৰণ মুগা, আৰু তাক চোকা অস্ত্ৰেও সহজে ভেদিৱ নোৱাৰে। কোনো কোনো গঁড়ৰ খড়গ দুহাত দীঘল হয়। আৰু সি একেবাৰেই হাড়ৰপৰা ওলায়। এই অস্ত্ৰৰ দ্বাৰা গঁড়ে হাতী আৰু বাঘকো খেদাব পাৰে, আৰু তাৰ ছাল ইমান টান যে, সিংহৰ নখো তাত নবহে; এতেকে কোনো জন্তুৰ পৰা গঁড়ৰ ভয় নাই।

 এই জন্তু এচিয়া আৰু আফ্ৰিকাৰ সিংহ, বাঘ আৰু হাতী থকা ডাঙ্গৰ হাবিত থাকে। ঘাঁহ মাথোন তাৰ আহাৰ; এতেকে তাৰ স্বভাৱ উগ্ৰ নহয়। কিন্তু সি বৰ ভয়াতুৰো নহয়, এই কাৰণে আন জন্তুৱে তাক আক্ৰমণ কৰিলে সি লৰ নেমাৰে। যদিও গঁড়ৰ যুজ কৰিবৰ শক্তি আছে, তথাপি সি নিৰ্ব্বিঘিনিয়ে থাকিব পাৰিলেই ভাল পায়, নোজোকালে কাৰো অপকাৰ নিচিন্তে। অন্য জন্তুৰ অভ্যক্ষ কাঁইটীয়া ঘাঁহ তাৰ বৰ প্ৰিয়। পূৰ্ব্ব কালত কোনো কোনো সময়ত, হাতীৰ দৰে, গঁড়কো ৰণলৈ নিয়া হৈছিল। কিন্তু সি মাউতৰ বশ নহয়, এতেকে যুদ্ধৰ অনুপযুক্ত। এই জন্তুৱে অহাযোৱা কৰা বাটত মানুহে, খাল খানি তাক কেঁচা বন আৰু পাতেৰে ঢাকি থয়, তাতে সি তালৈ যে ফান্দ পতা হৈছে, তাক বুজিব নোৱাৰি সেই খালত পৰাত ধৰা যায়। আৰু কোনোৱে মাইকী আৰু পোৱালি একেলগে থাকোঁতে মাকক গুলীয়াই মাৰি পোৱালিটো ধৰে। হাতীৰ দৰে গঁড়ৰো একে বাৰতে এটা পোৱালি মাথোন জগে। এচিয়াৰ গঁড়ৰ খড়গ একেটা মাথোন, কিন্তু আফ্ৰিকাত দুটা খড়গৰে এজাতি গঁড় আছে বুলিও শুনা যায়।

৫ পাঠ।
জল ঘোটক বা পানী ঘোঁৰা ( The Hippopotamus.)

  এবিধ চাৰি ঠেঙ্গিয়া দ্বিচৰ জন্তু। তাৰ গাৰ পৰিমাণ প্ৰায় হাতী বা গঁড়ৰ সমান, গঢ়ো তদ্ৰূপ। কিন্তু তাৰ ঠেং নিচেই চুটি আৰু-মূৰ বৰ ডাঙ্গৰ। আফ্ৰিকা দেশৰ নদীবিলাকেই তাৰ ঘাই নিবাসৰ ঠাই; কিন্তু আন কোনো ঠাইৰ নৈতো তাক পোৱা যায়। সি হাতী, গঁড়, গাহৰি আৰু ঘোঁৰাৰ দৰে চতুষ্পদী স্তন পান কৰি ডাঙ্গৰ হয়, পেটৰপৰা ঘাঁহ উলিয়াই নেপাগুলে, আৰু তাৰ খুৰা বা নখ আছে, এতেকে ইওৰোপৰ জন্ততত্ত্ব- বেত্তাসকল তাক সেইবিলাক জন্তুৰ শ্ৰেণীত গণনা কৰিছে, আৰু তাৰ প্ৰকৃতি ঘোঁৰাতকৈ বেলেগ হোৱাতো ঘোঁৰাৰে সৈতে একে শ্ৰেণীৰ জন্তু দেখি তাক “হিপ্পপট্মাচ্” অৰ্থাৎ নৈৰ ঘোঁৰা নাম দিছে। এই কাৰণ তাক আমি জল-ঘোটক বা পানী- ঘোঁৰা বোলোহঁক।

 এই ভয়ানক জন্তুৰ গাৰ জোখ দীঘে দহ হাততকৈও অধিক। সি ওখয় কিছু অধিক চাৰি হাত; তাৰ অকল মূৰটোৰেই প্ৰায় আঢ়ৈ হাত, গাৰ মেৰ ছহাততকৈ অধিক। তাৰ প্ৰতি ভৰিত চাৰিটা নখ থাকে, ছাল বড় ডাঠ, আৰু হিলৈৰ গুলীয়ে তাক ভেদিব পাৰে হয়; কিন্তু দাৰ কোবে একো কৰিব নোৱাৰে। তাৰ নোম নিচেই পাতল আৰু ঈষৎ বগা। সি আন জন্তুৰে সৈতে যুঁজ কৰিবলৈ সম্পূৰ্ণ সমৰ্থ, তথাপি তাৰ সমান কোনো শত্ৰুৰে সৈতে বিৰোধ কৰিবলৈ ইচ্ছুক নহয়। সি আফ্ৰিকাৰ ডাঙ্গৰ নদীবিলাকত আলস্যৰ বশ হৈ কাল খেদায়, আৰু আহাৰ বিচৰাত বাজে তাৰ আন কোনো কাম নাই। আহাৰ বিচাৰিবৰ সময়ত তিনি বা চাৰিটা একে লগ হৈ পানীৰ তলত শাৰী পাতি খাপ দি থাকে, তাতে সোঁতৰ বেগত মাছ আহি সমুখত পৰিলে তাক ধৰি খাই থয়। পানী-ঘোঁৰা সাঁতোৰাত বৰ পাৰ্গত আৰু কোনো সময়ত মাছ-আদি খেদিও ধৰে; সি উশাহ লবৰ নিমিত্তে ওপৰলৈ নুঠাকৈ আধাঘণ্টাতকৈও অধিক কাল পানীৰ তলত থাকিব পাৰে। তাৰ আহাৰৰ নিমিত্তে যিমান লাগে, সিমান মাছ নেপালে সি বামলৈ গৈ ঘাঁহ আৰু মানুহৰ শস্য খায়, কিন্তু বামত বেগাই ফুৰিবলৈ সমৰ্থ নহয়। তাৰ ছাল শিল যেন টান হোৱাত শস্যৰ গৰাকীয়ে তাৰ একো অপকাৰ কৰিব নোৱাৰে। কিন্তু বামত সি বৰ ভীত, এই কথা জানি খেতিয়কে বৰ জুই ধৰি ঢোল কোবায়, তাতে পানী-ঘোঁৰা ভয়ত বিচুৰ্ত্তি হৈ পলায় যায়। এই উপায়ৰ সলনি তাৰ গাত ঘা লগালে বা আন কোনো প্ৰকাৰে তাক দুখ দিলে তাৰ শুই থকা সমুদায় শক্তি জাগি উঠে, আৰু সি অতি উগ্ৰ খঙ্গেৰে তাৰ আগত যিহকে পায়, তাকেই কাতি কৰি পেলাই পীড়া দিয়ে। তাৰ খং নতুলিলে সি বামৰ দৰে পানীতো নম্ৰভাব দেখায়, আৰু কেতিয়াও নৈত যাতায়াত কৰা নাৱক আক্ৰমণ নকৰে; কিন্তু কোনো প্ৰকাৰে তাৰ খং উঠিলে নাও আৰু নাৱৰীয়া দুয়ো সঙ্কটত পৰে। বামত থাকোঁতে পানী-ঘোঁৰাক কোন শত্ৰুৱে খেদি আহিলে সি যদি তাৰ কোনো প্ৰতিকাৰ কৰিবৰ উপায় নেদেখে, তেন্তে লৰ মাৰি পানীত পৰে গৈ। তাৰ মাইকীয়ে বামত পোৱালি জগায়; আৰু একে বাৰতে এটাতকৈ সৰহ পোৱালি নহয়। এনে সময়ত তাই বৰ ভয়াতুৰ হয়, আৰু অলপ হাই শুনিলেই লৰ দি পানীত পৰে। তাইৰ পোৱাৰিলেও তাইৰ পাচতে লৰিগৈ পানীৰ আশ্ৰয় লয়।

৬ পাঠ।
কেঁটেলা-পহু (The Porcupine. )

 ই জাতিৰ জন্তুক আসাম দেশৰ সকলো লোকে দেখিছে। তাক গোটেইটো গা বাৰ আঙ্গুল-মান দীঘল বহুত শলাৰে আবৃত। শলাবিলাকৰ মাজ-ভাগ দুই মূৰতকৈ শকত আৰু কলা। সেইবিলাক চৰাইৰপাখিৰ দৰে পাচ ফাললৈ মুখ কৰি তাৰ গাত গজে, আৰু তাৰ খং উঠিলে থিয় হয়। কেঁটেলাৰ সেই প্ৰবল অস্ত্ৰ আনক আক্ৰমণ কৰাতকৈ তাৰ গা ৰাখিবৰ নিমিত্তে অধিক উপযোগী; এতেকে সি কেতিয়াও আনলৈ খেদি নেযায়। কিন্তু আনে তাক আক্ৰমিলে সি কেৱল তাৰ শলাবিলাক থিয়, আৰু শত্ৰুৰ ফাললৈ পোন কৰি ৰৈ থাকে, তদ্দ্বাৰায়ে তাৰ ৰক্ষা হয়। সি তাৰ শলাবিলাক থিয় কৰিলে সিংহেও তালৈ সাহ কৰিব নোৱাৰে।

 কেঁটেলা আৰু সাপৰ মাজত বৰ বৈৰ ভাৱ দেখা যায়। সিহঁতৰ দেখা দেখি হলেই যুঁজ নহৈ নেথাকে। সাপে আক্ৰমণ কৰিলে কেঁটেলাই শলাবিলাক থিয় কৰি তাৰ ওপৰত বাগৰ দিয়ে, তাতে মহাবিষ সাপ অকল পৰাস্ত হয়; এনে নহয়, সি প্ৰাণকো হেৰুৱায়। এইবিধ জন্তুৰে ঘাঁহ খায়, আৰু শস্যৰ বৰ হানি কৰে। সিহঁত ভয়াতুৰ, মানুহৰ নিচিনা প্ৰবল শত্ৰুৱে আক্ৰমিলে বেগাই লৰ মাৰি গছত উঠে। কিন্তু পহুমৰীয়াবিলাকৰ হাতৰ পৰা ৰক্ষ৷ পোৱা অসম্ভৱ। সিহঁতে এই জন্তুৰ মঙ্গহ খায়, আৰু কাঁইটবিলাক শিল্প-কৰ্ম্মত লগায়।

৭ পাঠ।
নাহৰফুটুকী বাঘ ( The Leopard. )

  এক ভয়ানক জন্তু। তাক আসামৰ প্ৰায় সকলো মানুহে দেখিছে, আৰু তাৰপৰা ভয়ো পাইছে। এটা সামান্য নাহৰ- ফুটুকীৰ গাৰ পৰিমাণ নাকৰপৰা নেজৰ গুৰিলৈ আঢ়ৈ হাততকৈ অধিক; তাৰ নেজ দুহাতৰ কিছু কম। এই জন্তু যদিও হিংসক, তথাপি তাৰ শৰীৰটো এনে সুন্দৰ যে, তাক দেখিলে এটা নিৰীহ জন্তু যেন বোধ হয়। তাৰ গাৰ ওপৰৰ ভাগ অলপ হালধীয়া আৰু প্ৰায় নাহৰ-ফুলৰ আকৃতিৰ বহুত ফুটেৰে শোভিত, এই কাৰণেই তাৰ নাম নাহৰফুটুকী হৈছে। তাৰ পেটৰ আৰু বুকুৰ গাৰ নোম আন-আন ভাগৰ নোমতকৈ কিছু দীঘল আৰু বগা। সি মাংসাহাৰী, এতেকে তাৰ স্বভাৱ উগ্ৰ; আৰু সি মানুহ, গৰু দুইকো নষ্ট কৰে। নাহৰফুটুকী-বাঘ আফ্ৰিকা আৰু ভাৰতবৰ্ষত থাকে, আৰু আন ঠাইতো তাক পোৱা যায়। আফ্ৰিকাৰ নাহৰফুটুকী- বিলাক বৰ ভয়ানক; সিহঁতে বনৰীয়া জন্তু ধৰিবলৈ নেপালে জাক পাতি হাবিৰ পৰা গাৱঁৰ ওচৰলৈ আহে, আৰু মেষ-ছাগ- গৰু আদিৰ সৰ্ব্বনাশ কৰে কাফ্ৰিবিলাকে খাল খানি নাহৰফুটুকী বাঘ ধৰে, আৰু তাৰ মঙ্গহ খায়। এই দেশৰ মানুহে হলে আপোনাৰ মঙ্গহ নাহৰফুটুকীক শোধাইয়েই সন্তোষ পায়।

পক্ষিজাতি।
(The Feathered race.)
৮ পাঠ।
উকহ ( A kind of Eagle )

 কহ কুৰুৱা জাতিৰ চৰাই, কিন্তু কুৰুৱাতকৈ ডাঙ্গৰ আৰু হিংসক। এই চৰাইৰ গাৰ ভাৰ প্ৰায় ছ সেৰ। সি দীঘলে দুহাত, তাৰ এখন ডেউকাৰ মূৰৰ পৰা সিখন ডেউকাৰ মূৰলৈ কিছু অধিক চাৰি হাত; ঠোঁট তিনি আঙ্গুলমান দীঘল, বেঁকা আৰু বৰ চোকা। ইওৰোপত গোল্ডেন ইগল ( সোণৰ উকহ ) নামেৰে যি এবিধ উকহ আছে, সি আন সকলো বিধৰ উকহতকৈ ডাঙ্গৰ, আৰু ভয়ানক। কিন্তু আমাৰ দেশৰ উকহ সিমান ডাঙ্গৰ আৰু হিংসক নহয়। এতেকে আমি ইয়াত ঘাইকৈ ইওৰোপৰ উকহৰ কথাকেহে লিখিম।

 উকহ প্ৰায়ে পৰ্ব্বত বা নিৰ্জন হাবিত থাকে, আৰু বৰ ওখ গছ বা পৰ্ব্বতৰ টিঙ্গত বাহ লয়। সি নিৰ্জ্জন ঠাইত থাকি বনৰীয়া জন্তু ধৰি খাবলৈ ভাল পায়, কিন্তু অনেক সময়ত গাৱঁলৈ আহে, আৰু অকলৈ থকা কেঁচুৱা লৰা পালে থাপ মাৰি লৈ যায়। চাৰি-ঠেঙ্গিয়া জন্তুৰ ভিতৰত সিংহ যেনে, চৰাইৰ ভিতৰত উকহ তেনে। এতেকে তাক পক্ষীৰ ৰজা বুলিব পৰা যায়। উকহে আপুনি যি জন্তু ধৰে, তাকে হে মাথোন খায়; তাৰ যিমানকে ভোক লাগোক, আনে মৰা জন্তু বা শৱ সি কেতিয়াও নোছোৱে। তাৰ আহাৰৰ যি অৱশেষ থাকে, সি তাক নেখায়।

 সকলো চৰাইতকৈ, উকহ অধিক ওখলৈ উৰে। তাৰ দৃষ্টিও বৰ চোকা; কিন্তু ঘ্ৰাণ-শক্তি যদিও তীক্ষ্ণ, তথাপি শগুনৰ সমান নহয়। সি তাৰ চোকা নখেৰে অনায়াসে ৰাজ-হাঁহ আৰু বগলী চৰাই ধৰি লৈ যাব পাৰে, আৰু প্ৰায়ে মেৰ-ছাগলীৰ পোৱালী আৰু শহা-পহু ধৰি লৈ উৰি যায়, আৰু কেতিয়া-কেতিয়াবা পহু-পোৱালি আৰু দামুৰিকো মাৰি তেজ পিয়ে। উকহৰ যেতিয়া পোহালি জগে, তেতিয়া সি অতি ভয়ঙ্কৰ হয়। সেই সময়ত তাৰ মতা আৰু মাইকী, দুয়ো পাৰে মানে যত্ন কৰি পোৱালিক আহাৰ যোগায়, আৰু অকলৈ থকা কেঁচুৱা লৰা পালে পোৱালিক খুৱাবলৈ থাপ মাৰি লৈ যায়। উকহক জাতি কৰা বৰ টান, নিচেই সৰুতে আনি ঘৰত পৰিশ্ৰমেৰে পুহিলেও সি বশ নহৈ সঙ্কটজনক ভৃত্য হে হয়; কিয়নো সি চল পালেই তাৰ শক্তি, তাৰ গৰাকী বা তেওঁৰ লৰাছোৱালীৰ অহিত ব্যৱহাৰ কৰে; সি স্বভাৱতে অহঙ্কাৰী, আৰু মুকলিমূৰে থাকিবলৈ ভাল পায়; এতেকে তাক বাহিৰলৈ নি চৰাই ধৰিবলৈ এৰি দিলে সেই সুচলতে সি যে তাৰ নিজা নিৰ্জ্জন হাবিলৈ উলটি নাযাব, তাত বিশ্বাস কৰিৰ নোৱাৰি। কিন্তু কেতিয়াবা সি তাক পোহোঁতাৰ বৰ বশ হয়। এই কথা শুনা আছে যে, উকহ কেইবা সপ্তাহলৈকে অনাহাৰে থাকিব পাৰে, আৰু এশ বছৰত- কৈও অধিক কাল জীয়াই থাকে।

৯ পাঠ।
ম’ৰা চৰাই (The Peacock. )

 ৰাক্ৰমৰ দ্বাৰা নহৈ শৰীৰৰ শোভাৰ দ্বাৰা ৰাজত্ব পাব পৰা হলে ময়ূৰ নিৰ্ব্বিবাদে চৰাইবিলাকৰ ৰজা হলহেঁতেন কিয়নো গাৰ শুৱনি গঢ়, আৰু পাখিৰ বৰণত পক্ষিজাতিৰ ভিতৰত তাতকৈ শ্ৰেষ্ঠ কেও নাই। সকলো জন্তুৰ মাইকীতকৈ মত৷ শুৱনি, এতেকে এই জাতিৰ চৰাইৰো মতাবিলাক হে ধুনীয়া, মাইকীবিলাক দেখিবলৈ বৰ ভাল নহয়। তাৰ ডাঙ্গৰ গা, মনোৰম আচৰণ, স্থিৰ খোজ, শুৱনি গঢ়, সুন্দৰ বৰণীয়া, জঁৰে ভূষিত মূৰ আৰু চকুৰ আনন্দ জন্মোৱা নিৰুপম পাখি; এই বিলাকে মৰা-চৰাইক আমাৰ আদৰৰ অতি ওখ ভাগলৈ তোলে। কিন্তু তাৰ সেই সুন্দৰ পাখিবিলাক চিৰ- স্থায়ী নহয়, বছৰি সৰে। সেই সময়ত সি লাজ পোৱাৰ দৰে পলাই ফুৰে, আৰু বসন্ত কালত পুনৰায় নতুন পাখি নগজে- মানে হাবিৰপৰ৷ নোলায়।
 ম'ৰাৰ পাচ ফালৰ বিচিত্ৰ পাখিবিলাক তাৰ নেজ নহয়; কাৰণ সেই বিলাক তাৰ টিকাত নগজে, পিঠিৰপৰা হে ওলায়; তাৰ টিকাত থকা চুটি, মুগা আৰু ঠৰঙ্গা পাখিবিলাক তাৰ স্বৰূপ নেজ, আৰু সেই দীঘল পাখিবিলাকৰ আধাৰ। কিন্তু সিহঁতক তাৰ নেজ বুলি গণনা কৰা নাযায়; পিঠিত গজা নেই দীঘল পাখিবিলাকে হে নেজ নাম পায়। যেতিয়া ম’ৰাই তাৰ সুন্দৰ নেজ থিয় কৰি চালি ধৰে, তেতিয়া আগফালৰপৰা তাৰ মূৰ আৰু ডিঙ্গিত বাজে গাৰ আন কোনো ভাগ দেখা নাযায়। মৰা-চৰাই এচিয়া আৰু আফ্ৰিকাৰ হাবিত পোৱা যায়। কিন্তু ভাৰতবৰ্ষৰ চাপৰিবিলাকত যিবোৰ ম’ৰা আছে, সিবিলাক আন সকলো ঠাইৰ সেই জাতিৰ চৰাইতকৈ ডাঙ্গৰ আৰু শুৱনি। পোৱালি হবাৰ সময়ত মাইকী মৰাই প্ৰত্যেক তৃতীয় বা চতুৰ্থ দিনত দুটামান কণী পাৰে৷ কণীবিলাক ফুটুকা-ফুটুকী। সমুদায় কণী পৰা হলে তাই সাতাইশ বা ত্ৰিশ দিন উমনি লৈ পোৱালি জগায়। মৰাচৰাই বৰকৈ উৰিব নোৱাৰে; কিন্তু গছৰ ই ডালৰপৰা সি ডাললৈ বগাই বহুত ওখলৈ উঠে, আৰু তাৰপৰা সি ভেৰীৰ নিচিনা উচ্চ আৰু চোকা শব্দ কৰে। সি জাৰকালি কদাচিত হে মাতে, কিন্তু বাৰিষা মেঘৰ গজনি শুনিলে মনে মনে থাকিব নোৱাৰে ৷

১০ পাঠ।
বৰটোকোলা ( The stork. )

 ই নামেৰে এবিধ চৰাই আমাৰ দেশৰ সকলো মানুহে দেখিছে। সি বৰ ডাঙ্গৰ, চাৰি হাত মান ওখ, আৰু তাৰ মূৰটো টকলা; এই কাৰণেই তাৰ সেই নম হৈছে। তাৰ ডিঙ্গিৰ আগফালে এটা ছালৰ ডাঙ্গৰ মোনা থাকে, তাৰ নাম টোঁটোলা। তাতে সি তাৰ আহাৰ সুমাই থয়। এই চৰাই শুৱনি নহয় আৰু মলিন, কিন্তু মানুহৰ বৰ উপকাৰী; কাৰণ সি সাপ আদি অপকাৰী জন্তুবিলাক খাই নষ্ট কৰে। সি শৱো খায়, আৰু হাড়বিলাক ডোখৰে-ডোখৰে গিলে। সৰু চাৰিঠেঙ্গীয়া জন্তু আৰু চৰাই-আদিও তাৰ ভক্ষ্য, আৰু চাৰিজন মানুহক যিমান মাছে জোৰে, এটা বৰ-টোকোলাই সিমানতকৈও অধিক খাব পাৰে।
 কোনো এক সময়ত এটা বৰটোকোলা মাৰি কাটোতে তাৰ টোঁটোলাত দহ আঙ্গুল-মান দীঘল এটা দুৰাকাছ আৰু এটা ডাঙ্গৰ মেকুৰী পোৱা গৈছিল। এইবিধ চৰাইয়ে মানুহলৈ বৰ ভয় নকৰে; এতেকে পুহিলে সোনকালে জাতি হয়, আৰু মাছ-আদি দিলে ততালিকে তুলি লৈ গিলি পেলায়। আফ্ৰিকা দেশৰ মানুহে তাক পবিত্ৰ বুলি সৎকাৰ কৰে। সেই দেশত এবাৰ আইভ্ নামেৰে এজন ইংৰাজে বৰটোকোলা মাৰিবৰ ইচ্ছা কৰি তালৈ অনেক বাৰ গুলীয়াইও বাঞ্ছা পূৰ্ণ কৰিব নোৱাৰিলে, তাতে সেই কাৰ্য্য দেখা মানুহবিলাকে বৰ সন্তোষ পাই গণ্ডপ মাৰি কবলৈ ধৰিলে যে, তেওঁ যিমান পাৰে সিমান গুলী মাৰিও সেই চৰাইক বধ কৰিব নোৱাৰে।

 স্মিথমেন নামেৰে এজন ইংৰাজে লিখিছে যে কোনো এজন ভদ্ৰলোকে এই জাতিৰ এটা চৰাই পুহিছিল; সি ইমান পোহ লৈছিল যে, নিতৌ তাৰ গৰাকীৰ ভোজনৰ সময়ত তেওঁ খাবলৈ নৌ বহোঁতেই সি তেওঁৰ আসনৰ পাচফালে থিয় হয় গৈ, পাচে চল পালেই মেজৰ পৰা মঙ্গহ-আদি খোঁট মাৰি নি গিলি থয়, আৰু এদিন সিজোৱা কুকুৰা এটা নি গোটে-গোটে গিলিলে।

 সেই জন ইংৰাজে আৰু লিখিছে যে, সেই চৰাৰ্টো নিতৌ ৰাতি পুৱা দুই বা তিন মাইলৰ আঁতৰলৈকে উৰি গৈ আহাৰ বিচাৰি ফুৰে; ফুৰাৰ পাচত এজোপা শিমলু-গছৰ ওখ টিঙ্গত পৰি চাই থাকে, আৰু তাৰ গৰাকীৰ ভোজনৰ বস্তু খোৱা ঠাইলৈ অনা দেখিলেই ততালিকে আহি সেই বস্তু আনাতাঁবিলাকেৰে সৈতে একে লগে ঘৰলৈ সোমাই আপোনাৰ ভাগ লয়।

জল-জন্তু
An aquatic animal.
১১ পাঠ।
তিমি ( The Whale. )

  এবিধ সাগৰৰ জন্তু। স্থলচৰবিলাকৰ ভিতৰতযেনেকৈ হাতী, তেনেকৈ জলচৰবিলাকৰ ভিতৰত তিমি ডাঙৰ জন্তু। কিন্তু হাতীও তাৰ সমান নহয়। এটা সম্পূৰ্ণ বয়স পোৱা তিমি দীঘলে ৪০ বা ৪৫ হাত, আৰু তাৰ গাৰ মেৰ প্ৰায় ৩ হাত হব। তাৰ শৰীৰৰ পৰিমাণ যেনে বৃহৎ বলো তেনে অপৰিমিত। সি নিজে ছাটি মাৰিয়েই এখন নাও বুৰাব পাৰে আৰু তাৰ বেগো শক্তিৰ অনুৰূপ। সাধাৰণ গতিত সি এক ঘণ্টাত দুই ক্ৰোশ যায়। কিন্তু ভয় পালে চাৰি ক্ৰোশ, আঠ ক্ৰোশে৷ যাব পাৰে। কতিয়াবা সি মূৰটো পানীৰ তলত থৈ তাৰ ঠৰঙ্গা আৰু বলৱান নেজ পোনেই ওপৰলৈ তুলি এনে প্ৰবলৰূপে পানীত কোবায় যে, তাৰ শব্দ বহুত দূৰলৈকে শুনা যায়। তেতিয়া সাগৰ ফেনেৰে আৰু আকাশ বাষ্পেৰে পূৰ হয়। কিন্তু এই তিমি যদিও ইমান ডাঙ্গৰ আৰু বলৱান তথাপি তাৰ গা-ৰক্ষা, শত্ৰুক আক্ৰমণ কৰিবৰ নিমিত্তে কোনো অস্ত্ৰ নাই;এই হেতু সি বৰ ভয়াতুৰ; কোনো নাও অহা দেখিলেই তৎক্ষণাৎ বুৰ মাৰি পানীৰ তললৈ যায়। তথাপি সি পীড়া পালে ভয়ানক সাহ নেদেখাই নেথাকে, তেতিয়া যিয়েই তাৰ সমুখত পৰে তাকে সি ভাঙ্গি চূৰ্ণ কৰে।  তিমিয়ে মুখেৰে মাতিব নোৱাৰে কিন্তু তাৰ মূৰত থকা নিশ্বাসৰ ৰন্ধৰ দ্বাৰা বৰ উচ্চ শব্দ কৰে, আৰু সেই বিন্ধাৰপৰা বায়ু উলিয়াই বহুত ওপৰলৈকে পানী মাৰী পঠিয়ায়। সেই পানী দূৰৰপৰৰা ধোঁৱা যেন দেখা যায়। তিমিক কেৱে নোজো- কালে সি দুই মিনিট-মান পানীৰ ওপৰত দৰক্‌লৈ থাকে, আৰু ন বাৰ-মান উশাহ লয়; পাচে পানীৰ তললৈ গৈ এনেই হলে দহ মিনিট মান, আৰু আহাৰ বিচাৰিব লাগিলে প্ৰায় কুৰি মিনিট থাকি আকৌ ওপৰলৈ উঠে। সাধাৰণৰূপে হলে তিমি পানীৰ বহুত তললৈ নাযায় কিন্তু মাছমৰীয়াই ওভোতা কোলেৰে খোঁচ লগালে প্ৰায় আধা ক্ৰোশ-মান তললৈ নামে। সি পানীৰ ওপৰৰপৰা তললৈ যাওঁতে প্ৰথমতে মূৰটো দাঙ্গে, পাচে বুৰ মাৰি পিঠিখন ওখ কৰে, আৰু নেজ ডাল ওপৰলৈ তুলি একেবাৰে নেদেখা হয়। তিমিয়ে আহাৰ বিচাৱোঁতে পানীৰ তলত মুখ মেলি বৰ বেগেৰে সাঁতৰি যায়, তাতে তাৰ সেই বহল মুখত সোঁতৰ পানী সোমায়, আৰু তাৰ লগত অনেক মাছ আৰুসাগৰৰ আন ক্ষুদ্ৰ জন্তুও ভিতৰলৈ যায়। পাচে পানীবিলাক দুই কোৱাৰিয়ে দি ওলাই পৰে; কিন্তু সেই তিমিৰ যিমান প্ৰবল, আন কোনো জন্তুৰ সিমান দেখা নেয়ায়। কেনো এক সময়ত কিছুমান মাছ-মৰীয়াই মতা-মাইকী এহাল তিমিৰ এটাক আঘাত কৰাত সেই পীড়া-পোৱা তিমিটোৰে তাৰ নেজৰ একেটা কোবে- ৰেই তিনটা মানুহ থক৷ এখন নাও নাৱৰীয়া-বিলাকেৰে সৈতে সাগৰৰ গৰ্ভলৈ পঠালে। পাচে আন এখন নাৱে খেদি আহি তাক আঘাত কৰাত সি প্ৰাণ এৰি পানীৰ ওপৰত ঢেলওপঙ্গা দিলে। এই কালত তাৰ সঙ্গী টোৱে তাৰ লগ নেৰি পাৰে মানে তাৰ সহায়তা কৰিছিল; কিন্তু তাৰ প্ৰাণ যোৱা দেখি সি অতিশয় শোকেৰে জীৱনৰ আশা এৰি সেই মৰা তিমিটোৰ ওচৰত দীঘল হৈ পৰিল, আৰু তাৰ দৰেই আপোনাৰো প্ৰাণ হেৰুৱালে।
 গ্ৰীণ্লণ্ড আৰু অন্যান্য ঠাইৰো মানুহে বছৰি ওভোতা কোলেৰে খুঁচি বিস্তৰ তিমি মাৰে আৰু সেই বিলাকৰ মঙ্গহৰ পৰা তেল উলিয়াই বেচি বহুত ধন লয়।

১২ পাঠ।
উৰণীয়া মাছ ( The flying fish. )

 ই মাছ সাগৰত থাকে। তাৰ কাণ-পাখি দুখন চৰাইৰ ডেউকাৰ সদৃশ, আৰু তাৰ দৰে কাৰ্য্যও কৰে। প্ৰত্যেক খন পাখি নিচেই পাতল ছালেৰে জোঁটা, সাতোটা কি আঠোটা খৰিকাৰ নিচিনা সৰু আৰু কোমল হাড়েৰে নিৰ্ম্মিত, আৰু তাৰ কলৰ কাষত থাকে। এই পাখি দুখান সি আগ-পাচকৈ বৰকৈ সঞ্চালিত কৰিব পাৰে; তদ্দ্বাৰা সি আকাশলৈ উঠে আৰু পানীতো বেগাই গতি কৰে।

মাছেই মাছৰ ঘাই আহাৰ। ডাঙ্গৰ মাছে ডাঙ্গৰ, আৰু সৰু বিলাকে নিচেই ক্ষুদ্ৰ বা পোনা মাছ খাই জীৱন ৰাখে। ডৰেডো নামেৰে এবিধ মাছ আছে, সি উৰণীয়া মাছৰ পৰম শত্ৰু। ডৰেডো প্ৰায় চাৰি হাত দীঘল; কিন্তু তাৰ গা বৰ শকত নহয়, আৰু সি পানীত আচৰিত বেগেৰে চলিব পাৰে। উৰণীয়া মাছৰো গাতকৈ দীঘল আৰু বৰ দৃঢ় দুখন পাখি থকাত সি বেগত তাৰ শত্ৰুতকৈ হীন নহয়। এই কাৰণ যেতিয়া ডৰেডোৱে ইয়াক খেদে, আৰু ই তাৰ হাতৰপৰা সাৰিবলৈ আচৰিত চতুৰতা আৰু তীব্ৰ বেগেৰে ইফালৰপৰা সি ফাললৈ গতি কৰে, তেতিয়া সাগৰত এটা মনোৰম দৃষ্টি হয়। ডৰেডোৱে ইয়াক খেদোঁতে ই যেতিয়ালৈকে পানীত বেগাই ফুৰিব পাৰে, তেতিয়ালৈকে আকাশলৈ নুঠে; কিন্তু শ্ৰান্ত হৈ পানীত সাঁতৰিব নোৱাৰা হলে হেঙ্গাল কুকুৰে খেদা শহাৰ দৰে প্ৰাণ ৰক্ষাৰ আন উপায় কৰে, অৰ্থাৎ আকাশলৈ উৰা মাৰে। তাৰ সেই দীঘল পাখি, যি পানীত সাতৰোঁতে অকামিলা হৈছিল, এতিয়া তাক আন প্ৰকাৰে চলোৱাত, বিশেষ উপকাৰী হয়। এইৰূপে সেই ভয়াতুৰ জন্তু ওপৰলৈ উঠি দুশ কি তিনি শ গজৰ দূৰলৈ উৰি যায়। পাচে উৰি ফুৰোঁতে তাৰ পাখি দুখন দুৰ্ব্বল হলে সি আৰু উৰিব নোৱৰা হয়; কিন্তু তেতিয়া সি সাগৰত চলিবলৈ নতুন শক্তি পায়, আৰু পানীত পৰি বেগাই সাঁতৰিবলৈ ধৰে। তেতিয়াও তাৰ শত্ৰুৱে তাৰ পাচ নেৰে, তাতে সি পুনৰায় উৰে; কিন্তু এইবাৰ সিমান উৰিব নোৱাৰে, অলপ দূৰলৈ গৈয়ে আকও পানীত পৰি পুনৰায় উৰে, শেষত শ্ৰান্ত আৰু নিৰূপায় হৈ শত্ৰুৰ মুখত পৰে।

 অকল ডৰেডো হে এই ক্ষুদ্ৰ জীৱৰ শত্ৰু, এনে নহয়; সকলো প্ৰাণীয়েই তাৰ অহিতে মুঠ বন্ধা যেন দেখা যায়, কিয়নো সি সাগৰত থকা শত্ৰুৰ হাতৰপবা সাৰিবলৈ উৰা মাৰিও ৰক্ষাৰ উপায় নেপায়; কাৰণ তেতিয়া সি মাছৰ হাতৰপৰা এৰাই চৰাইৰ মুখত পৰে। এইৰূপে পানী আৰু আকাশ দুয়ো ঠাইত পৰিত্ৰাণ নেপাই, সি কেতিয়াবা আন শত্ৰুৰ হাতত আপোনাক সমৰ্পণ কৰে, অৰ্থাৎ জাকে জাকে উৰি আহি জাহাজত পৰি মানুহৰ আনন্দ বঢ়ায়, আৰু ভোক গুচায়।

পতঙ্গ।
( The Grasshopper)
১৩ পাঠ।
গাগিনী ( The Mantis )

 ই নামেৰে এবিধ ফৰিঙ্গৰ নিচিনা জন্তু আমাৰ দেশৰ অনেকে দেখিছে; কিন্তু তাৰ স্বভাৱৰ কথা নেজানি তাক কেৱল গছৰ পাতখোৱ৷ ফৰিং বুলি হে ভাবে। সি গছৰ পাত মাথোন খায়, এনে নহয়; সৰু সৰু পোক আৰু মাখিও তাৰ আহাৰ। সি পোক ধৰিবৰ কাৰণে প্ৰায়ে তাৰ পাচ ঠেঙ্গত ভৰ দি আগ হাঁতোৰা দুখন ওপৰলৈ দাঙ্গি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ দৰে থিয় হৈ থাকে; এই কাৰণ ইংৰাজী ভাষাত তাক মেণ্টিচ্ (Mantis) অৰ্থাৎ ভবিষ্যৎ-বক্তা বোলে; আৰু সেই কাৰণেই কোনো কোনো দেশৰ অজ্ঞ মানুহবিলাকে তাক বৰ পবিত্ৰ বুলি সম্মান কৰে, আৰু নেমাৰে; আমাৰ কোনো কোনো চহ৷ মানুহে বাৰিষাৰ আদিতে গাগিনী ধৰিব পাৰিলে তাক সোধে “গাগিনী! পানী কিমান?" তাতে সি তাৰ হাঁতোৰা দুখন বহলাই মেলিলে সেই বাৰ পানী ডাঙ্গৰ আৰু চপাই ধৰিলে অলপ হব বুলি ভাবে৷ এইৰূপে সিহঁতেও তাৰ ওপৰত ভবিষ্যৎবক্তাৰ শক্তি আৰোপিত কৰে।

 গাগিনীয়ে কোন পোক ধৰিবৰ কাৰণে তালৈ লক্ষ্য কৰিলে যদি দুই তিনি ঘণ্টা অপেক্ষা কৰিব লাগে, তেওঁ সি তাৰপৰা চকু নুগুচোৱাকৈ খাপ লৈ থাকে, আৰু সেই পোক আঁতৰি গলে সিও উৰি বা এন্দুৰ ধৰিবলৈ যোৱা মেকুৰীৰ দৰে লাহে-লাহে চুঁচৰি যায়; পাচে পোকটো গলেই সি আগৰ দৰে থিয় হয়। শুনা যায় যে, গাগিনীবিলাকে ইটোৰে সিটোৰে সৈতে যুঁজ কৰে, আৰু যুঁজত জিকাটোৱে হৰাটোক খণ্ড-খণ্ড কৰি ছিঙ্গি খাই পেলায়।

১৪ পাঠ।
মৌ-মাখি (The Bees. )

  এটা স্বভাৱৰ আচৰিত সৃষ্টি। মৌ-মাখিৰ জিভা তাৰ অতি লাগতিয়াল অঙ্গ। তাৰ দ্বাৰা সি ফুলৰপৰা মৌ উলিয়ায়। সেই জিভা আন মাখিৰ জিভাৰ দৰে ফোঁপোলা ব৷ চুঙ্গাৰ নিচিনা নহয়, সি গোটা; এতেকে মৌ-গুটিয়ে মৌ চুহি নুলিয়ায়, কিন্তু চেলেকি বা চুঁচি নিয়ে তাৰ দাঁতো আছে, তাৰ দ্বাৰা সি ফুলৰ পৰা মম গোটাই তাৰ পাচ ঠেঙ্গৰ তপিনাত থকা খোৰোঙ্গত সুমাই থয়। পাচে তাৰ শক্তিৰ জোখায় মৌ আৰু মম গোট খালে সি বাহলৈ উলটি যায়। মৌ গুটিৰ-পেটটো ছটা আঙ্গঠি বা চক্ৰেৰে নিৰ্ম্মিত; সি সেই আঙ্গঠিবিলাকৰ এটাৰ তলত আনটো সুমাই গাটো চুটি কৰিব পাৰে। তাৰ পেটৰ ভিতৰত নাড়ীভুৰুত বাজে মৌৰ জেলোঙ্গা, বিষৰ জোলোঙ্গা আৰু শুং থাকে। মৌৰ জোলোঙ্গাটে৷ ফটিকৰ দৰে ফট্‌ফটীয়া; তাতে মৌ-গুটিয়ে ফুলৰ পৰা অনা মৌ থয়। তাৰ কিছুমান সি ৰহঘৰাত ঢালি দিয়ে, অৱশিষ্ট ভাগ তাৰ আহাৰ হয়। বিষৰ জোলোঙ্গাত বিষ থাকে। মৌ-গুটিৰ শুং দুডাল, সিহঁত এটা জোঙ্গামুখযুক্ত ফাঁকৰ ভিতৰত থাকে। দুয়োটা শুঙ্গৰ মুখ বৰশীৰ শুঙ্গৰ দৰে চোকা আৰু ওভোতা। মৌ গুটিয়ে কোনো জন্তুৰ গাত কামৰোঁতে প্ৰথমতে ফাঁকৰ আগটোৰে দুটা ফুটা কৰে, সেই ফুটাত শুং দুটা সুমাই দিয়ে, তাৰ পাচত বিষৰ জাল ঢালি দিয়ে। এই কাৰণেই তাৰ পীড়া অসহ্য হয়। কেতিয়াবা শুং দুডাল সেই ফুটাতে লাগি ৰয়, তেতিয়া ঘাৰ বেদনা বৰ প্ৰবল হয়, আৰু মৌ গুটিৰো প্ৰাণ যায়। এই শুং নথকা হলে মৌ-মাখিৰ নিজ পৰিশ্ৰমৰ ফলৰ ৰক্ষণ আৰু উপভোগ দুষ্কৰ হলহেঁতেন।

 এই ক্ষুদ্ৰ জন্তুবিলাক কিছুমান নিৰূপিত নিয়মৰ অধীন মাথোন, এনে নহয়, সিহঁত উদ্যোগী, পৰিশ্ৰমী, সাৱধান আৰু স্বাৰ্থপৰতা-শূন্য। সিহঁতৰ প্ৰত্যেকে যি বস্তু গোটায়,তাক সকলোৰে আহাৰৰ নিমিত্তে সাঁচি থোৱা হয়, আৰু সিহঁতৰ বাহত যি শিল্প-কৌশল দেখা যায়, তাৰ দ্বাৰায় সিহঁতে সিহঁতৰ সন্তানবিলাকৰ উপকাৰৰ চেষ্টা মাথোন কৰে। মৌ-গুটিবিলাকে ফুলৰপৰ৷ যি মৌ আনে, তাক গিলি জীৰ্ণ কৰে; পাচে পেটৰ পৰা উলিয়াই তাৰ দ্বাৰ৷ বাহ সাজে। কাম কৰিবলৈ আৰম্ভ কৰোতেই সিহঁত চাৰি জাক হয়। এজাকে বাহৰ নিমিত্তে হজ-গড় বিচাৰি ফুৰে, আন এজাকে বাহৰ তলভাগ আৰু খোঁটালীবিলাক সাজে তৃতীয় জাকে সেইবোৰৰ ভিতৰফাল পৰিস্কৃত আৰু মিহি কৰে; আৰু চতুৰ্থ জাকে কামকৰোঁতা- বিলাকলৈ আহাৰ বিচাৰি আনে। এই সময়ত মৌ-গুটিবিলাকে সিহঁতৰ কাম প্ৰায়ে সলায়, অৰ্থাৎ যিবিলাকে ঘৰত কাম কৰে, সেইবিলাক বাহিৰলৈ যায়, আৰু আহাৰাদি বিচাৰি ফুৰোঁতা বিলাক ঘৰৰ কামত নিযুক্ত হয়। ইঙ্গিতৰ দ্বাৰা এটা মৌ-গুটিৰ মনৰ ভাব আনটোৱে বুজে; কোনো এটাৰ ভোক লাগিলে যাৰপৰা সি আহাৰ পাব পাৰে, তাৰ ফাললৈ জিভা মেলে তাতে সিটোৱে তাৰ মৌ জোলোঙ্গাৰপৰ৷ টোপাচাৰেক মৌ তাৰ মুখত পেলাই দিয়ে, তাৰেই তাৰ ভোক গুচে। সিহঁতে ইমান পৰিশ্ৰম কৰে যে, একে দিনৰ ভিতৰতে তিনি হেজাৰমান খোঁটালীথকা বাহ এটা সাজি এটায়। খোঁটালীবিলাক ছ-চুকীয়া, গাত-গা-লগা; আৰু আটাইবোৰ ঠিক এনে সমান। মৌ- গুটিবিলাকক, বাহত কাম কৰি থাকোঁতে, পোনেই দেখিলে আটাইবোৰে ওপৰাউপৰি হৈ হুলস্থূল কৰি থকা যেন হে বোধ হয়। কিন্তু ভালকৈ গমি চালে দেখা যায় যে প্ৰত্যেক মাখি একোটা নিৰ্দিষ্ট কামত নিযুক্ত আছে, আৰু বৰ পৰিশ্ৰমেৰে সেই কাম কৰিব লাগিছে।  সিহঁতে পোৱালিৰ কোঁঠালীবিলাক বৰ সাৱধানে ৰাখে। বাহত এজনী সকলোবিলাক মৌ-গুটিৰ গৰাকিনী আৰু কিছুমান নিষ্কৰ্ম্মা মৌ-গুটি থাকে, সিহঁত মতা আৰু সিহঁতৰ পৰাই মৌ কুৱঁৰীয়ে অৰ্থাৎ বাহত থকা মাইকী মৌ গুটি জনীয়ে পোৱালী। জন্মায়। সিহঁতৰ কোঁঠালীবিলাক আনবিলাকতকৈ বহল, কিন্তু পোৱালিবিলাক জন্মিলেই সিহঁতক বাহৰপৰা খেদাই দিয়া বা মাৰি পেলোৱা যায়। তাইৰ ঘৰটো সকলোতকৈ ডাঙ্গৰ।

৪ আধ্যা
১ পাঠ।
বৃক্ষাদিৰ স্বাভাৱিক গুণ
(The natural disposition of trees, Plants &c.)

 বৃক্ষ, গুল্ম ইত্যাদিক স্থাৱৰ বা অচল বোলা যায়। কিয়নো সিহঁতে এঠাইৰপৰা আন ঠাইলৈ যাব নোৱাৰে; কিন্তু গমি চালে গছ প্ৰভৃতিৰো কোনো প্ৰকাৰৰ গতি দেখা যায়। গছৰ শিপা মাটিৰ তললৈ সোমাওঁতে যদি বাটত শিল, ইটা বা আন কোন বস্তুৰ লগ, নাইবা আন কোনো প্ৰকাৰৰ বাধা পায়, তেন্তে সি পোন বাট এৰি এফলীয়া হৈ যায়। এজোপা গছৰপৰা বা গছ নথকা ঠাইত এডাল গোঁজ মাৰি তাৰপৰা, অলপ আঁতৰত এটা লতাৰ পুলি ৰুলে সি আপোনাআপুনি সেই গছ বা গোঁজৰ ফাললৈ ঢাল লৈ তাত বগাই উঠে গৈ, আৰু কোনো গছ ঘৰৰ ভিতৰত থলে সি যি ফালে খিড়িকী বা ঘৰলৈ পোহৰ আৰু মাহ সোমোৱা বাট থাকে, সেই ফাললৈ ভাঁজ লয়, আৰু গছৰ পুলি এটা তললৈ দোৱাঁই থলে তাৰ আগ ফাল ক্ৰমে পোন হৈ থিয় হয়। কোনো কোনো গছৰ পাতবিলাক সূৰ্য্যৰ গতি অনুসাৰে ঘূৰে—ৰাতিপুৱা সিহঁতৰ ওপৰৰ পিঠি পুবফালৰ সমুখ, হয়, দুপৰীয়া দক্ষিণলৈ ঘূৰে আৰু বেলি মাৰ গলে পশ্চিম ফাললৈ মুখ কৰে। কোনো কোনো গছৰ পাতবিলাকে অবিচ্ছেদে গতি কৰে, অৰ্থাৎ সিহঁতৰ কেতবিলাক তললৈ নামে; কেতবোৰে আকও সিহঁতৰ ঠাৰিবোৰ পকাই চাৰিওফাললৈ ঘূৰি থাকে। কোনো কোনো গছৰ ফুল- বিলাকে গধূলি নিয়ৰ পৰিলে আপুনি জাঁপ খায়, আৰু ৰাতিপুৱা সূৰ্য্যৰ পোহৰ পালে মূকলি হয়; আৰু কোনোবিলাকৰ স্বভাৱ ইয়াৰ সম্পূৰ্ণ বিপৰীত !

 গছে সিপাৰ দ্বাৰা মাটিৰ ৰস টানি আহাৰ কৰে, তাৰ দ্বাৰা তাৰ প্ৰাণ ৰয় আৰু তাক নেপালে মৰি যায়৷ অকল শিপাৰে নহয়, পাতেৰেও গছবিলাকে আহাৰ কৰে।

 “অঙ্গাৰাম্লক”*[] নামেৰে যে এবিধ ভাপ ওলায়, তাক গছৰ পাতবিলাকে আকৰ্ষণ কৰে, আৰু তাৰ দ্বাৰা গছে বৃদ্ধি পায়। ই বৰ আচৰিত কথা যে সকলো গছে মাটিৰপৰা ৰস টানে, কিন্তু প্ৰত্যেক বিধে নিজৰ গুণৰ তুল্য, আৰু আপোনাৰ নিমিত্তে উপযোগী ৰস মাথোন লয়। যদি একে ঠাইতে এজোপা কুঁহিয়াৰ আৰু এজোপা নিম ৰোৱা যায়, তেন্তে দুয়ো সেই একে মাটিৰে পৰা ৰস আকৰ্ষণ কৰিব; কিন্তু তথাপি প্ৰথম বিধ মিঠা, আৰু দ্বিতীয় বিধ তিতা হব। কোনো বিধ গছৰ গুটিৰপৰা কোনো বিধৰ ডালৰ পৰা বংশ-বৃদ্ধি হয়, কোনো বিধৰ আকৌ পাত আৰু ফুলৰপৰাও পুলি গজে। “দুপৰীয়া টেঙ্গা” নামেৰে যে এবিধ টেঙ্গা পাতেৰে ক্ষুদ্ৰ গছ আছে, তাৰ পাত মাটিত পৰি থাকিলে তাৰ চাৰিও দাঁতিৰপৰা পুলি ওলায়; আৰু ফুলৰপৰা যে গছ গজে, নাৰ্জী-ফুল তাৰ প্ৰমাণ।

 যেনেকৈ গৰ্ভত স্থিতি ললেই লৰাক আহাৰ লাগে তেনেকৈ বৃক্ষাদিৰ অঙ্কুৰকো উৎপন্ন হোৱা মাত্ৰকেই আহাৰ লাগে। গুটিৰ ভিতৰত যি কণ থাকে, তাৰপৰা অঙ্কুৰ হয়; কিন্তু পোনেই উৎপন্ন হৈয়েই সি মাটিৰপৰা ৰস টানি আহাৰ কৰিব নোৱাৰে; এই কাৰণে সি সেই শক্তি নেপায় মানে গুটিৰ ভিতৰৰ শাহটোৰ দ্বাৰা প্ৰতিপালিত হয়, সেয়ে তাৰ আহাৰ; এতেকে গুটিৰপৰা গাজ ওলালেই শাহটোৱে চেনিৰ গুণ পাই তাৰ আহাৰৰ উপযুক্ত হয়; কিন্তু সি অধিক দিন সেই আহাৰত নিৰ্ভৰ নকৰে, অলপতে তাৰ শিপা মাটিত সোমাই ৰস টানিবলৈ ধৰে আৰু তাৰ দ্বাৰা সি বাঢ়ি যায়।

২ পাঠ।
বট-গছ ( The Indian fig tree. )

 ই সুন্দৰ গছ ভাৰতৰ অনেক ঠাইত পোৱা যায়। তাৰ সাৰ নাই আৰু কাঠো অকাঠী; কিন্তু তাৰ ডালবিলাক বৰ ওখ হয়, আৰু বিস্তৰ দূৰ জোৰে। অন্যান্য গছৰ দৰে বুঢ়া হলেও এই গছৰ ক্ষয় নাই, বৰং সি ক্ৰমে বৃদ্ধি হে পায়; এতেকে বহু কাল জীয়াই থাকে। ইয়াৰ প্ৰত্যেক ডালে শিপা মেলে। সেই শিপা প্ৰথমতে সূতাৰ নিচিনা সৰু কিন্তু লাহে-লাহে ডাঙ্গৰ আৰু দীঘল হৈ মাটিত লাগে; পাচে কিছু কালৰ মূৰত সিও এজোপা গছ হৈ ডাল-পাত ধৰে। সেই ডালৰপৰাও আকৌ সেই দৰে শিপা ওলাই সিও গছ হয়। এইৰূপে যেতিয়ালৈকে ই মাটিৰ ৰস পায়, তেতিয়ালৈকে ক্ৰমে বাঢ়ি গৈ থাকে। হিন্দু শাস্ত্ৰৰ মতে ই এবিধ পবিত্ৰ গছ। তাৰ চিৰস্থায়িতা, বহুব্যাপী শাখা- প্ৰশাখা আৰু সূৰ্য্যৰ তাপে ভেদিব নোৱৰা শীতল ছায়াৰ নিমিত্তে, বোধ হয়, পূৰ্ব্ব কালৰ হিন্দুবিলাকে তাক সম্মান কৰিছিল, সেই সম্মান আজিলৈকে গুচা নাই।

 হিন্দুস্থানত “কবিৰ-বড়” নামেৰে এজোপা বৰ ডাঙ্গৰ বটগছ আছিল। তাৰ ঘাই গা-গছবিলাকৰ চাৰিও ফালৰ জোখ বাৰ শ বাসত্তৰ হাত আছিল। সেই বিলাকৰ শিপা নধৰা ডালৰোৰে আৰু অনেক দূৰ ব্যাপিছিল এই গছৰ ঘাই গাৰ সংখ্যা তিনিশ পঞ্চাশ আৰু সৰু কিন্তু মাটিতশিপা ধৰা গাৰ লেখ তিনি হেজাৰ তকৈও অধিক আছিল। আৰু সেইবিলাকৰ প্ৰত্যেক জোপাৰ ডালৰপৰা আকৌ ন-কৈ শিপা ওলাইছিল। শুনা আছে যে, তাৰ তলত সাত হেজাৰ মানুহে বিশ্ৰাম কৰিবলৈ প্ৰচুৰ ঠাই পাইছিল। হাইঠা, পৰ্ঘুমা ইত্যাদি অসংখ্য চৰাই আৰু বাদুলিয়ে তাত অকল জিৰাইছিল এনে নহয় তাৰ গুটি খাই ডাঙ্গৰ লোক সকলোৱে বহু-ধন ভগা ষড়ৰস ভোজনৰ সমান, তৃপ্তি লভিছিল। এতিয়া সেই গছ বৰ্ত্তমান আছে নে নাই, কব নোৱাৰি।

৩ পাঠ।
কফি-গছ ( The Coffee plant.)

 ই বিধ গছৰ ঘাই ঠাই আৰব দেশ। তাৰ গুটি- বিলাকক ভাজি গুড়ি কৰি সেই গুড়ি তপত পানী আৰু গাখীৰ চেনিৰে মিহলাই চাহৰ দৰে খোৱা যায়। তাৰ গুণ তপত; এতেকে সি তেজৰ তাপ অধিক কৰি জাৰ গুচায়।

 কফি-গছ প্ৰায়ে পাঁচ হাত মান ওখ হয়; কিন্তু কেতিয়াৱা তাক আঠ হাত ওখ হোৱাও দেখা যায়। তাৰ গাৰ বেৰ দহ কি পোন্ধৰ আঙ্গুলমান, ছাল ঈষৎ বগা আৰু নিমজ। গোটেই গাৰ পৰা ডাল ওলায়; আৰু এফালে যি ঠাইত এটা ডাল হয়, সিফালে ঠিক সেই ঠাইতে আন এটা গজে। তাৰ পাতবিলাকো যোৰ-যোৰ, পাতৰ গুৰিৰ পৰা সুগন্ধি বগা ফুল ওলায়। ফুল- বিলাক সৰি গলে গুটিবোৰে দেখা দিয়ে সেইবিলাক প্ৰথমতে সেউজীয়া হৈ থাকে, পাচে পকিলে ৰঙ্গা পৰে। একে জোটাতে দুই তিনি বা ততোধিক গুটি হয়। প্ৰত্যেক গুটিত এটা ডাঠ বাকলিৰ ভিতৰত এখান পাতল ছালেৰে ঢকা দুটা শাহ থাকে, সেই দুটাৰে নাম কফি। প্ৰায়ে মেই (বহাগ, জেঠ ) মাহ তাৰ গুটি-সংগ্ৰহৰ কাল। সেই সময়ত তলত কাপোৰ পাতি গছবিলাকজোকাৰি দিয়া যায়; পাচে সেই কাপোৰৰ ওপৰত সৰি পৰা গুটি- বিলাক ঢাৰিত মেলি শুকাই এডোখৰ গোটা কাঠ বা লোৰে ডলিলে তাৰ ডাঠ বাকলিবিলাক ভাগি যায়। তাৰ পাচত আকও গুটিবোৰ ৰদত দি চালি-ললে সেইবিলাক ব্যৱহাৰৰ উপযুক্ত হয়।

৪ পাঠ।
কুঁহিয়াৰ ( The Sugarcane plant. )

 ল খাগৰিকে আদি কৰি অসাৰ, গাত গাঁঠি থকা আৰু দীঘল পাতযুক্ত গছবিলাকেই তৃণ। এতেকে কুঁহিয়াৰো তৃণৰ লগতে গণ্য। যি সেই কাপোৰৰ ওপৰত সৰি পৰা গুটিবিলাক ঢাৰিত মেলি শুকাই এডোশ্বৰ গোটা কাঠ বা লোৰে ডলিলে তাৰ ডাঠ বাকলিবিলাক ভাগি কুঁহিয়াৰৰপৰা আমি অতি সোৱাদ আৰু মনোৰম ৰস পাওঁ, আৰু খাই পৰম তৃপ্তি লভোহঁক, সি চাপৰি-হাবিত বা নৈৰ দাঁতিত আপুনি গজা খাগৰিৰে সৈতে একে জাতিৰ গছ। কিন্তু খাগৰিৰ ছাল টান আৰু নীৰস আৰু তাৰ মজ্জাতে৷ একো ৰস নাই; কুঁহিয়াৰৰ ছাল কোমল আৰু ভিতৰৰ ভাগ ৰসাল। তাক সাৰুৱা মাটিত ৰুই ভালকৈ আপডাল কৰিলে পূৰঠ নৌ হওঁতেই নেকাটিলে সি ডাঙ্গৰ আৰু অধিক ৰসাল হয়।

 কুঁহিয়াৰ, তাৰ পাত আৰু ফুল-ধৰা আগটোক এৰি, প্ৰায়ে চাৰি হাত-মান দীঘল হয়; কেতিয়াবা তাক ইয়াতকৈও দীঘল হোৱা দেখা যায়। তাৰ গাত অনেক গাঁঠি বা জোৰা থাকে। সেই বোৰৰ পাৰও পাত ওলায়; কিন্তু কুঁহিয়াৰ ডাঙ্গৰ হৈ গলে এই বিলাক পাত সৰি যায়। গাঁঠি বিলাকত পাত থকাই কুঁহিয়াৰ ভাল বা পূৰঠ নোহোৱাৰ চিন। কুঁহিয়াৰ পূৰঠ হলে অলপ হালধীয়া হয়। তেতিয়৷ তাক কাটি কুঁহিয়াৰ শাললৈ নিয়া যায়। সেই শালত চেপিলে তাৰ যি ৰস ওলায়, চেনি কৰোঁতাই তাক সীহৰ নলাই দি বোৱাই চেনি-শাললৈ নিয়ে, তাক তাত জকাত পাগি পৰিষ্কাৰ কৰিলে সি চেনি হয়। আমাৰ দেশৰ মানুহে চেনি কৰিব নেজানে, মলিন গুড় পাগি তাকে খায়েই সন্তোষ পায়।

৫ পাঠ।
কাঠ-ফুলা ( The Mushroom. )

 কাঠ-ফুলা এবিধ সোপসুপীয়া উদ্ভিদ সি প্ৰায়ে গছ বা পচা কাঠৰ পৰা উৎপন্ন হয়; এতেকে সেই নাম পাইছে। তাৰ অনেক উপজাতি আছে। সেই বিলাকৰ কোনো জাতি ৰসাল আৰু সাৰুৱ৷ মাটি বা গোবৰ-আদিতো জন্মে। কোন জাতি কাঠ-ফুলাৰ আকৃতি ঠিক ছাতি নিচিনা, কোনো জাতিৰ মূৰটো গোলাকাৰ, আৰু তাৰ ভিতৰত কিছুমান ধূলি থাকে। কিছুমানৰ ওপৰৰ ভাগ মঠৰ কলচীৰ দৰে অলপ জোঙ্গা। কোনো বিধ ইমান পাতল আৰু মৃদু যে, হাতেৰে ধৰিলেই দ্ৰৱ হৈ যায়। অনেক বৰণৰ কাঠ-ফুলা আছে, কিন্তু সৰহ ভাগ বগা।

 কাঠ-ফুলা অনেক সভ্য আৰু অসভ্য দেশৰ মানুহৰ খাদ্য-বস্তু, আৰু তাৰ কোনো কোনো জাতি খাবলৈ ভাল; কিন্তু অনেক বিধ বিহ, সেই বিলাক খালে মানুহ বলিয়া হয়। হিন্দুশাস্ত্ৰে যে কাঠ-ফুলা খাবলৈ মান৷ কৰিছে, অনুমান হয়, তাৰ বিষাক্ত গুণেই সেই নিষেধৰ কাৰণ। আগেয়ে আমাৰ দেশৰ অন্যান্য নীচ জাতিত বাজে আনে তাক ব্যৱহাৰ নকৰিছিল; কিন্তু এতিয়া ইংৰাজবিলাকৰ আৰ্হি লৈ উচ্চ জাতিৰ কোনো কোনো ভদ্ৰ- লোকেও তাক তেওঁলোকৰ খাদ্দ্ৰব্য বিলাকৰ ভিতৰত লেখিবলৈ ধৰিছে। কাঠ-ফুল৷ ব্যৱহাৰ কৰাত বৰ সাৱধান হব লাগে কাৰণ বৰণ বা গঢ়ৰ দ্বাৰা তাৰ কোন জাতি খাদ্য, আৰু কোন জাতি অখাদ্য, তাক নিশ্চয় কৰা টান; কেৱল গন্ধ আৰু আস্বাদৰ দ্বাৰা হে তাক বুজিব পৰা যায়। সি কাঠ-ফুলাৰ সোৱাদ মুখত ভাল লাগে সি অপকাৰী নহয়, কিন্তু সি যদি বেয়া গোন্ধায় বা তাৰ আস্বাদ তিতা, কেহ৷ বা জিভাৰ কষ্টদায়ক হয়, তেন্তে সি বিহ, তাক খোৱা অনুচিত।

 উদ্ভিদ-তত্ত্বজ্ঞ ইংৰাজী পণ্ডিতবিলাকে কয় যে বগা-বৰণীয়া, আৰু মুকলি ঠাইত গজা কাঠ-ফুলাবিলাক প্ৰায়ে অপকাৰী নহয়; কিন্তু কাঠনিৰ চেঁচুকত হোৱা বিবৰ্ণ, গন্ধক-বৰণীয়া, তেজী ৰঙ্গা বা সেউজীয়৷ কাঠফুলা বিহ। তাক খোৱা উচিত নহয়।

 চাইবেৰিয়া দেশত এজাতি কাঠ-ফুল৷ আছে; আসাম আৰু চীনদেশৰ মানুহবিলাক যেনে কানিৰ ভক্ত, সেই দেশৰ মানুহ- বিলাক তাৰ তেনে ভক্ত; আৰু মতা-তিৰোতা, দুয়ো তাক ব্যৱহাৰ কৰে। তাৰ ৰাগী ফটিকাৰ নিচিন৷, তাক খোৱাৰ এক ঘণ্ট৷-মানৰ মূৰত তাৰ ৰাগীয়ে ধৰে, আৰু প্ৰথমতে মনত বৰ ৰং লগায়; পাচে ক্ৰমে মুখ ৰঙ্গ৷ পৰে, মূৰ কঁপে জিভাই আবৰি- বিবৰি বকে, আৰু শেষত চেতন নষ্ট হয়। চাইবেৰিয়াৰ মানুহে তাক মোহাৰি বৰি কৰি নোচোবোৱাকৈ গিলে আৰু কয় যে, চোবালে সি পেটত পীড়া কৰে। এটা ডাঙ্গৰ আৰু দুটা সৰু কাঠ ফুল৷ এইৰূপে খালে অতি আনন্দদায়ক ৰাগী লাগে, আৰু দিনটো থাকে; এই পৰিমাণতকৈ অধিক খালে কষ্ট জন্মে। তাকে খাই পানী খালে ৰাগী প্ৰবল আৰু সিজাই খালে কম হয়।

 ডাক্তৰ চেবৰ্ চচাহাবে, তেওঁ লিখা “ভৈষজ্যস্মৃতিতত্ত্ব”,*[] নামেৰে পুথিত লিখিছে যে, বঙ্গদেশত এজন ইংৰাজে এদিন ৰাতি- পুৱাৰ ভোজনত কাঠ-ফুলাৰ আঞ্জা খাই উন্মতাৰ সম্পূৰ্ণ চিন দেখাইছিল, অনেক চিকিৎসা কৰাত হে ভাল হল। এতেকে কাঠ-ফুলাৰ ব্যৱহাৰত বৰ সাৱধান হোৱা উচিত।

৬ পাঠ।
ধাতু আৰু আকৰত জন্মা আন বস্তুৰ ব্যৱহাৰ
(The use of metals and other mineral Substances.)

 সোণ, ৰূপ, তাম, ৰাং, সীহ, লো, কাঁহ, পিতল, তীখা, এই সকলোবিলাকক ধাতু বোলা যায়। এই বিলাকৰ প্ৰথম ছ-বিধ মূল ধাতু আৰু আকৰত হয়। শেষৰ তিনি বিধ মানুহে কৰা মিশ্ৰিত ধাতু। এই বিলাকক বহু কালৰ আগৰে- পৰ৷ মানুহে নানা কাৰ্য্যত লগাই আহিছে আৰু তদ্দ্বাৰা মানুহ বিলাকৰ সুখ বৃদ্ধিও হৈছে। সিহঁতৰ কোনো বিধ শৰীৰৰ শোভাৰ নিমিত্তে অলঙ্কাৰ গঢ়োৱাত, কোনো বিধ, কাঁহী-বাটি কৰাত আৰু কোনো বিধ দা-কটাৰী-আদি অস্ত্ৰ নিৰ্ম্মাণত ব্যৱহৃত হয়। সেই বিলাকৰ এবিধৰ অভাৱ হোৱা হলেও কিঞ্চিৎ পৰিমাণে আমাৰ সুখ কমিলহেঁতেন। সিহঁতৰ ভিতৰৰ যাক্ যিমান পাবলৈ টান, তাৰ মূল্য সিমান অধিক। সকলোতকৈ সোণ অধিক দুষ্প্ৰাপ্য, এতেকে সি অধিক মূল্যবান। সোণ, ৰূপ আৰু তাম এই তিন বিধ কেৱল অলঙ্কাৰ গঢ়ি গা-সজোৱাত আৰু লোটা-বাটি গঢ়াত মাথোন ব্যৱহৃত হয় এনে নহয়, ৰজাৰ আজ্ঞাৰে চাকলি কৰি মোহৰ মৰা হলে সিহঁত ধন বা টকা হয়। সেই টকা পৰিবৰ্ত্তনৰ ঘাই উপায়, অৰ্থাৎ তাক দি আমাৰ আৱশ্যকীয় সকলো বস্তু আমি পাওঁহঁক, এতেকে সিহঁত বৰ লাগতিয়াল ধাতু। কিন্তু ভালকৈ গমি চালে জনা যায় যে, সকলো ধাতুতকৈ লো মানুহৰ অধিক প্ৰয়োজনীয়, আৰু মানুহৰ উন্নতি আৰু সভ্যতা বঢ়োৱাৰ পৃথিবীৰ সমুদয় বস্তুতকৈ সি অধিকৰূপে সহায় হৈছে। এই একেটা বস্তুৰ দ্বাৰায়ে মানুহে অতি মহৎ আৰু কঠিন কাৰ্য্যকো অনায়াসে কৰে। লো নোহোৱা হলে বীৰৰ বীৰত্ব, শিল্পকাৰকৰ শিল্প-কৌশল, খেতিয়কৰ খেতিৰ উদ্যোগ, এই সকলো নিস্ফল হৈ মানুহ এতিয়াও অসভ্য অৱস্থাতে পৰি থাকিব লাগিলহেঁতেন। লোৰ গুণ মানুহে অতি প্ৰাচীন কালতে বুজাৰ, আৰু তেতিয়াই তাক নানা কাৰ্য্যত লগোৱাৰ প্ৰমাণ পোৱা যায়। কিন্তু ইমান গুণ থাকোঁতেও সি সোণৰ দৰে চক্‌চকীয়া আৰু দুষ্প্ৰাপ্য নহয় দেখি, তাৰ মূল্য কম। ক্ষুৰ-তৰোৱাল-আদি চোকা অস্ত্ৰবিলাক গঢ়া তীখাও পৰিষ্কাৰ কৰা লো মাথোন।

৭ পাঠ।
ধাতুৰ, আৰু আকৰত জন্মা আন আন বস্তুৰ ব্যৱহাৰ
(সমাপ্ত)

The use of metals and other mineral
substances (concluded.)

কৰত হোৱা আনবিলাক বস্তুৰ ভিতৰত হীৰা বৰ উজ্জ্বল আৰু বহু-মূল্য; কিন্তু শৰীৰৰ শোভা-বঢ়োৱাত বাজে সি আমাৰ অতি অলপ কামত হে লাগে; প্ৰয়োজনলৈ চাই বস্তুৰ মূল্য নিৰূপণ কৰিলে হীৰাতকৈ নাগ-মাটি অধিক মূল্যবান্ হব; কাৰণ লোৰ দৰে সিও এটা বৰ প্ৰয়োজনীয় বস্তু। সভ্যতাৰ বৃদ্ধিৰ লগে-লগে তাৰ আৱশ্যকো বাঢ়ি গৈছে। এতেকে এতিয়া সুসভ্য দেশবিলাকত নাগ-মাটি বৰ লাগতিয়াল হৈছে। শিল্পকৰ্ম্ম সভ্যতা বঢ়োৱাৰ এটা ঘাই উপায়; বাষ্পযন্ত্ৰ সেই শিল্পকৰ্ম্মৰ সহায়, নাগমটি নহলে বাষ্প-যন্ত্ৰ চলোৱা টান; অতএব নাগমাটিয়ে মানুহৰ সুখ আৰু সভ্যতা বঢ়োৱাত বহুত সহায়তা কৰিছে। যি ভাপৰ গাড়ী আৰু ভাপৰ জাহাজৰ দ্বাৰা বৰ দূৰণি ঠাইও নিচেই ওচৰ হৈছে, নাগমাটিৰ অভাৱ হোৱা হলে সেই দুইকো সুচাৰুৰূপে চলোৱা টান হলহেঁতেন, অধিক কি? বিলাতী কাপোৰ যে আমি ইমান সস্তাকৈ পাওঁহঁক, নাগ-মাটি তাৰ ঘাই কাৰণ কিয়নো বিলাত কাপোৰবোৱা যন্ত্ৰ ভাপৰ দ্বাৰা চলোৱা যায়; নাগ-মাটিয়ে সেই ভাপ উৎপন্ন কৰে; এতেকে নাগ-মাটি নোহোৱা হলে সেই যন্ত্ৰ চলোৱাত অসুচল হৈ বিলাতী কাপোৰ মৰগ হলহেতেন। এইবিলাক কাৰণৰ নিমিত্তে নাগ-মাটি যে বৰ লাগতিয়াল বস্তু, তাক অনায়াসে বুজিব পাৰি।

 নাগ-মাটিৰ পাচতে চম্বুক এটা বৰ প্ৰয়োজনীয় বস্তু; কাৰণ চম্বুকে কেৱল লোম আকৰ্ষণ কৰে মাথোন, এনে নহয়, তাৰ আৰু এটা বৰ ভাল আৰু মানুহৰ উপকাৰী গুণ আছে। চম্বুকৰ এডাল সৰু সলা কৰি লৰ-চৰ কৰিব পৰাকৈ পথালিভাৱে থলে সদায় তাৰ এটা মূৰ দক্ষিণলৈ সমুখ হৈ আনটো মূৰ দক্ষিণলৈ সমুখে হৈ থাকে;তাৰ এই গুণৰ দ্বাৰা সাগৰত জাহাজ চলোৱা সুকৰ হৈছে। জাহাজত ফুৰোঁতে সাগৰৰ দাঁতি দেখা নেযায়, এই কাৰণ কোন ফালে কোন দিশ তাক নিশ্চয় কৰা টান। চম্বুকৰ এই গুণ জনাৰ আগেয়ে জাহাজত ফুৰোঁতাবিলাকে দিনত সূৰ্য্য আৰু ৰাতি কোনো তৰালৈ চাই দিশ নিৰূপণ কৰিছিল; কিন্তু ডাৱৰীয়া বতৰত সূৰ্য্য আৰু তৰাবিলাক মেঘৰ দ্বাৰা ঢকা হোৱাত অনেক সময়ত দিগ্‌ভ্ৰম হৈ জাহাজবিলাকে বাট হেৰুৱাইছিল। পাচত মানুহে চম্বুকৰ দিশনিৰূপণ কৰিব পৰা গুণ জানি দিগ্‌দৰ্শন-যন্ত্ৰ নিৰ্ম্মান কৰিবৰপৰা হে নাৱৰীয়াবিলাকে নিৰ্ভৰ মনেৰে দিনে ৰাতিয়ে, জাহাজ চলাব পৰা হৈছে। এতেকে নাগ-মাটিৰ দৰে ইও দূৰতাক নাশ কৰি মানুহৰ উপকাৰ সাধিছে।

৮ পাঠ।
ৰাজা ৰামমোহন ৰায় (Raja Rammohan Roy)

 ৰাজা ৰামমোহন ৰায়ৰ নাম আমাৰ দেশৰ অনেক মানুহে শুনিছে। তেওঁ বৰ বুদ্ধিমত্ত আৰু জ্ঞানী লোক আছিল, আৰু ব্ৰাহ্মণৰ ঘৰত উপজিও নিজৰ গুণৰ বলেৰে দেশাধিকাৰৰ পৰা “ৰাজা” উপাধি পাইছিল।

 ইংৰাজী ১৭৭৬ শঁকত বঙ্গদেশৰ বৰ্দ্ধমান-খণ্ডত ৰামমোহন ৰায়ৰ জন্ম হয়। তেওঁৰ বাপেৰ বৰ নৈষ্ঠিক আছিল, আৰু লৰাকালত তেওঁক সংস্কৃত ভাষা আৰু হিন্দুধৰ্ম্মৰ শিকনি দি সুনিপুণ কৰিছিল; কিন্তু প্ৰচলিত হিন্দু-ধৰ্ম্মৰ অনেক মত দেখি সেই বিলাকৰ ভিতৰত কোনটো সত্য, এই বিষয়ত তেওঁৰ মনত বৰ আশঙ্কা হল। এই কাৰণে সত্য বিচাৰিবৰ নিমিত্তে তেওঁ বিদেশলৈ যাবৰ ইচ্ছা কৰিলে; পাচে বৌদ্ধধৰ্ম্মত প্ৰবৰ্ত্তা তিব্বত দেশলৈ গৈ তাত কিছুকাল থাকি নিজ দেশলৈ উলটি আহিল। ইয়াৰ পাচত মছলমানী ধৰ্ম্মত কি সত্য আছে তাক জানিবৰ নিমিত্তে ব্যগ্ৰ হৈ সেই ধৰ্ম্মৰ ঘাই শাস্ত্ৰ কোৰাণ পঢ়িবলৈ সমৰ্থ হবৰ বাঞ্ছাৰে তেওঁ আবৰী আৰু ফাৰ্চী ভাষা শিকাত নিযুক্ত হল,আৰু অতি শীঘ্ৰে সেই দুয়ো ভাষাত তেওঁৰ পটুতা জন্মিল। এই সময়ত তেওঁ বৰ্দ্ধমান প্ৰদেশৰ ৰাজহৰ কাৰ্য্যৰ ঘাই দেশী বিষয়া হল। যদিও অকল এজনা সৃষ্টিকৰ্ত্তা পৰমেশ্বৰত বাজে আন কোনো দেৱ-দেৱী নাই, আৰু সেই বিলাকৰ উপাসনা কৰা অনুচিত, এই কথাত তেওঁৰ দৃঢ় বিশ্বাস আছিল, তথাপি বাপেকৰ মনত অসন্তোষ জন্মাবৰ ভয়ত তেওঁ জীয়াই থাকোঁতে ৰামমোহন ৰায়ে সেই মত চলাবলৈ একো যত্ন নকৰিছিল। পাচে ইংৰাজী ১৮০৩ শকত বাপেকৰ মৃত্যু হলত স্বাধীন হৈ তেওঁ হিন্দুধৰ্ম্ম সংশোধন কৰিবলৈ ইচ্ছা কৰিলে। ইয়াৰ পাচতে ৰাজকাৰ্য্যত তেওঁৰ মুৰ্সিদাবাদলৈ যোৱা হল। তাতে থাকোঁতে তেওঁ প্ৰচলিত হিন্দুধৰ্ম্মৰ অসত্যতা দেখাই ফাৰ্চী ভাষাৰে “একেশ্বৰবাদী সকললৈ দিয়া “ভেঁটী” নামেৰে এখন পুথি লিখি প্ৰচাৰিত কৰিলে। এই কাৰ্য্যৰ দ্বাৰা যদিও তেওঁ অনেকৰ অপ্ৰিয় হৈছিল, তথাপি কালৈকো দৃকপাত নকৰি তেওঁৰ নিজ-মত প্ৰচাৰ কৰাত আগতকৈও অধিক উদ্যোগী হল।

 ইং ১৮১৪ শঁকত তেওঁ কলিকতালৈ আহি খ্ৰীষ্টিয়ান বিলাকৰ বাইবল-শাস্ত্ৰত নো কি সত্য আছে, তাক জানিবৰ ইচ্ছাৰে ইংৰাজী শিকিবলৈ আৰম্ভ কৰিলে, আৰু অলপ কালতে তাত সুনিপুণ হল। ইয়াৰ পাচত এজনা ঈশ্বৰৰ উপাসনা যে বেদৰ সম্মত, তাক সকলোৰে আগত ব্যক্ত কৰিবৰ মনেৰে তেওঁৰ “বেদান্ত” নামেৰে এখন ঘাই হিন্দুশাস্ত্ৰ বঙ্গালী আৰু হিন্দুস্থানী ভাষাৰে প্ৰচাৰিত কৰিলে এই সময়ত তেওঁ উপনিষদ আদি হিন্দু-ধৰ্ম্মৰ আন-আন অনেক পুথিকো ইংৰাজী ভাষাৰে ভাঙ্গি- ছিল, আৰু ধৰ্ম্মৰ বিষয়ে সম্বাদ-পাত্ৰতো অনেক ৰচনা লিখিছিল। তেতিয়৷ ৰামমোহন ৰায়ৰ মতত প্ৰবৰ্ত্তা লোকৰ সংখ্যা অধিক নাছিল; তথাপি তেওঁ সেই অলপ মানুহৰ সহায়তাৰেই এজনা পৰমেশ্বৰৰ উপাসনাৰ বাট বহলাবৰ মনেৰে কলিকতাত প্ৰথমে “ব্ৰাহ্ম সমাজ” স্থাপিত কৰিলে। সেই সভা এতিয়া “আদি- ব্ৰাহ্মসমাজ” নামেৰে প্ৰখ্যাত। তেওঁ বঙ্গালী ভাষাৰ উন্নতিৰ নিমিত্তে বৰ যত্নবান্ আছিল, আৰু সেই ভাষাৰ এখান ব্যাকৰণ প্ৰচাৰিত কৰিছিল।
 ভাৰতত স্বামীৰ শৱৰ লগত তিৰোতাই চিতাত উঠি প্ৰাণ এৰাৰ যি ৰীতি আছিল, সি যে অতি নিকৰুণ আৰু নিদাৰুণ তেওঁ তাক বুজি সেই আচাৰ গুচাবৰ নিমিত্তে বহু পৰিশ্ৰম কৰিছিল। পাচত সেই সময়ৰ ভাৰতবৰ্ষৰ শাসন-কৰ্ত্তা লৰ্ড বেন্টিঙ্ক মহোদয়ৰ আজ্ঞাৰে “সহমৰণ নিবাৰক” আইন প্ৰচলিত হোৱাত তেওঁৰ যত্ন সফল হল। এই আইনত প্ৰায় গোটেই ভাৰতবৰ্ষৰ হিন্দুবিলাক অসন্তুষ্ট হৈ তাক অন্যথা কৰিবৰ প্ৰাৰ্থনাৰে বিলাতত থকা ভাৰতবৰ্ষৰ শাসন-কৰ্ত্তাসকলৰ সভালৈ এখন আবেদন-পত্ৰ পঠাইছিল। তাতে সেই উদ্যোগৰ বিৰুদ্ধে যত্ন,আৰু ভাৰতবৰ্ষৰ অন্যান্য হিতৰ চেষ্টা কৰিবৰ ইচ্ছাৰে তেওঁ বিলাতলৈ যাত্ৰা কৰি ইং ১৮৩১ শঁকৰ এপ্ৰিল মাহত সেই ঠাই পালে গৈ। তাত তেওঁ বিদ্যাৱন্ত ধাৰ্ম্মিক আৰু ৰাজ-নীতিজ্ঞ লোকসকলৰপৰা সমানে আদৰ পাইছিল; আন কি? ভাৰতৰ সুশাসনৰ কথাত ৰাজমন্ত্ৰীবিলাকেও তেওঁৰে সৈতে আলচ কৰিছিল। বিলাতলৈ গৈ সতী যোৱা নিবাৰণৰ বিষয়ত তেওঁ কৃতকাৰ্য্য হল হয়; কিন্তু দুৰ্ভগীয়া ভাৰতৰ কুদশাৰ গুণে তেওঁ তাৰ অৱস্থাৰ উন্নতিৰ নিমিত্তে আন যিবিলাক যত্ন কৰিছিল, সেই সকলোবিলাক সফল কৰিবলৈ সময় নেপালে; কিয়নো বৃষ্টল নগৰ চাবলৈ গৈ ইং ১৮৩৩ শঁকৰ অক্টোবৰ মাহত তেওঁ মৃত্যুৰ মুখত পৰিল, আৰু যৰপৰা কোনো লোক কেতিয়াও উলটি নাহে,তলৈ গমন কৰিলে।

৯ পাঠ।
আনন্দৰাম ঢেকীয়াল ফুকন
(Ananda Ram Dhekial Phukan.)

 ৭৫১ শঁকৰ ৭ আহিনত আনন্দৰাম ফুকনৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম হলিৰাম ঢেঁকীয়াল ফুকন; তেওঁ লক্ষ্মী- নাৰায়ণ ব্ৰহ্মচাৰীৰ তোলনীয়া পুতেক পৰশুৰাম বৰুৱাৰ সন্তান আছিল, আৰু নিজৰ বিদ্যা-বুদ্ধিৰ গুণে আসাম ৰজাৰ পৰা আদৰ আৰু ডাঙ্গৰ বিষয়ো পাইছিল। তেওঁ আনন্দৰাম ফুকনৰ ৩ বছৰ বয়সতে মৃত্যুৰ নিকট মুখত পৰে। তেওঁৰ পুতেকে কিছু সংস্কৃত শিকি ১৭৫৯ শঁকত গুৱাহাটীৰ ইংৰাজী বিদ্যালয়ত প্ৰবেশ কৰে।

 আনন্দৰাম ফুকনৰ দদায়েক যজ্ঞৰাম খাৰঘৰীয়া ফুকনো এজন বিদ্যাৱন্ত আৰু গুণী লোক আছিল। তেওঁৰ জেষ্ঠ হলিৰাম ফুকনৰ পাচতে তেওঁৰো পৰলোক প্ৰাপ্তি হল। আনন্দৰাম ফুকনৰ পিতাক আৰু খুৰাকে সৈতে আসামৰ ওপৰ শ্ৰেণীৰ ইংৰাজী বিষয়াবিলাকৰ ঘাইকৈ কাপ্তান জেন্‌কিঞ্চ, কমিশ্যনৰ, আৰু তেওঁৰ সহায়ক কাপ্তান মেথি ডেপুটি কমিশ্যনৰ চাহাবৰ বৰ প্ৰীতি থকাত তেওঁৰ পিতাক আৰু দদায়েকৰ মৃত্যুৰ পাচত সেই চাহাব- বিলাকে ফুকনৰ বৰ মৰম কৰিছিল।  ফুকনে কিছুকাল গুৱহাটীত ইংৰাজী পঢ়ি শিক্ষা সাঙ্গ কৰিবৰ কাৰণে কলিকতালৈ যাবৰ ইচ্ছা কৰিলে। সেই কথাত তেওঁৰ মাতৃ প্ৰথমতে অমান্তি হৈছিল। কিন্তু জেন্‌কিঞ্চ্ আৰু মেথি চাহাবৰ সহায়তাৰে সকলো বাধাবিঘিনি এৰাই ফুকনে ইং ১৮৪১ শঁকত কলিকতালৈ যাত্ৰা কৰিলে আৰু সেই ঠাই পাই তাত থকা ‘হিন্দুকলেজ্’ নামেৰে সেই সময়ৰ ঘাই বিদ্যালয়ত পঢ়িবলৈ ধৰিলে। তেওঁ তাত তিনি বছৰ মাথোন পঢ়িয়েই নিজৰ চোকা বুদ্ধিৰ আৰু কঠিন পৰিশ্ৰমৰ ভাল প্ৰমান দেৱখালে; কিয়নো সেই অলপ কালৰ ভিতৰতে তেওঁ ইংৰাজী আদ বঙ্গালী ভাষাত উত্তম ব্যুৎপত্তি লভিলে। কিন্তু সেই পৰিমাণৰ বিদ্যাৰ দ্বাৰা তেওঁৰ সন্তোষ নজন্মাত তেওঁ আৰু কিছুকাল কলিকতাত পঢ়ি হিন্দুকলেজৰ নিচেই ওপৰ শ্ৰেণীৰ মহলা দিবৰ ইচ্ছা কৰিছিল; এনে সময়তে নানা কাৰণত নিজ দেশলৈ উলটি আহিব লগা হোৱাত সেই বাঞ্ছা সিদ্ধ নহল।

 উলটি আহি গুৱাহাটী পোৱাৰ পাচত ফুকনে, ইংৰাজী বিদ্যাত সুনিপুণ পাদ্ৰী ব্লেণ্ড-চাহাবৰ সাহায্যেৰে, পুনৰায় বিদ্যাৰ অভ্যাস কৰিবলৈ ধৰিলে, আৰু ক্ৰমে বিদ্যাত পৰিপক্ক হৈ এজন অসাধাৰণ লোক বুলি প্ৰখ্যাত হল; এই সময়তে ফুকনৰ বিবাহ হয়। বিয়াৰ পাচত গৃহী হলত বিষয়ৰ চিন্তাই তেওঁৰ মনত ঠাই ললে; সেই কাৰণে ৰাজকাৰ্য্যৰ উপযুক্ত হবৰ ইচ্ছাৰে তেওঁ আইন অভ্যাস কৰিছিল আৰু মেথি এবং জেন্‌কিঞ্চ চাহাবৰ অনুমতিৰে কাছাৰীত প্ৰধান সদৰ-আমীনৰ ওচৰত বহি কাৰ্য্য- প্ৰণালী শিকিবলৈ ধৰিলে, আৰু আপোনাৰ বুদ্ধি আৰু পৰিশ্ৰমৰ বলত অলপ কালেতে তেওঁ আইন আৰু কাৰ্য্যৰ নিয়মত পাৰ্গত হল।

 এতিয়ালৈকে ফুকন ইংৰাজী আৰু বঙ্গালী ভাষা শিকাত আবদ্ধ আছিল, মাতৃ-ভাষাত তেওঁৰ সিমান মন নপৰিছিল। এই দেশ ইংৰাজী শাসনৰ অধীৰঅধীন হোৱাৰ কিছুকালৰ পাচতেই দেশাধিকাৰসকলৰ ভ্ৰমত ৰাজসভাৰপৰা অসমীয়া গুচাই সকলো কাৰ্য্য বঙ্গালী ভাষাৰে চলাবৰ, আৰু পঢ়াশালিবিলাকতো সেই ভাষা শিকাবৰ নিয়ম হয়। তাতে বঙ্গভাষা ধন আজিবৰ উপায় হোৱাত আমাৰ দেশৰ সকলো লোকে অসমীয়া ভাষালৈ পিঠি দি সেই ভাষাত আদৰ কৰিবলৈ ধৰিলে। কিন্তু আনন্দৰাম ফুকনে দেশী ভাষাৰ উন্নতিৰে সৈতে দেশৰ মানুহৰ উন্নতিৰ যে বৰ সম্পৰ্ক, তাক বুজি এই সময়ৰ পৰা অসমীয়া ভাষাৰ শ্ৰবৃদ্ধি কৰিবলৈ যত্নবান্ হল। ইংৰাজী ১৮৪৩ শঁকত শিৱসাগৰপৰা ‘অৰুণোদয়’ নামেৰে এখন অসমীয়া সম্বাদপত্ৰ ওলোৱাত তেওঁ সেই কাকতত অসমীয়া ভাষাৰে অনেক সদুপদেশ-পূৰ্ণ ৰচনা লিখি দেশী লোকবিলাকৰ জ্ঞানৰ আৰু অসমীয়া ভাষাৰ উন্নতিৰো চেষ্টা কৰিবলৈ ধৰিলে; আৰু অনেক সুশিক্ষা আৰু জানিব লগীয়া কথাৰে পৰিপূৰ্ণ “অসমীয়া লৰাৰ মিত্ৰ” নামেৰে দুখন পুথি লিখি প্ৰচাৰিত কৰিলে। এই সময় পৰ্যন্ত অসমীয়ালৈ সকলোৰে আওহেলা অছিল; কিন্তু এতিয়া তেওঁৰ আৰ্হি লৈ অনেক অসমীয়াই নিজ দেশৰ ভাষাক আদৰ কৰিবলৈ ধৰিলে। অসমীয়া ভাষাৰ উন্নতিৰ নিমিত্তে ফুকন বৰ যত্নবান্ আছিল, আৰু তাৰ হিত আৰু অহিত, দুয়ো পক্ষে সৈতে সেই ভাষাৰ বিষয়ে অনেক বাদানুবাদ কৰিছিল। তেওঁ অসমীয়া ভাষাৰ কেৱল উন্নতিৰ নিমিত্তে চেষ্টা কৰিয়েই ক্ষান্ত নাছিল; বঙ্গালী ভাষা এই দেশৰ ভাষা নহয়, এতেকে তাৰ সলনি কাছাৰীৰ কামত আৰু পঢ়াশালি- বিলাকত অসমীয়া ভাষা ব্যৱহৃত হোৱা উচিত। এই কথা দেশাধিকাৰসকলক বুজাবলৈও যত্নৱান হৈছিল আৰু সেই বিষয়ে ইংৰাজী ভাষাৰে এখন পুথি লিখিও প্ৰচাৰিত কৰিছিল। তেওঁৰ যত্নত অসমীয়া ভাষাৰ বহুত উন্নতি হল, আৰু এতিয়া যে সি আদৰ পাইছে, আৰু ৰাজকাৰ্য্যত—চলিছে সিও পাকলাগি তেওঁৰ পশ্ৰিমৰ ফল মথোন।

১০ পাঠ।
আনন্দৰাম ফুকন (সমাপ্ত )
(Anandaram Dhekial Phukan (concluded.)

 নন্দৰাম ফুকন প্ৰথমতে খাতা-পৰগণাৰ চৌধাৰী নিযুক্ত হয়, আৰু সেই কালৰ অন্যান্য চৌধাৰীবিলাকৰ দৰে প্ৰজাৰ ওপৰত উপদ্ৰৱ নকৰাকৈয়ে সুন্দৰৰূপে কাৰ্য্য কৰে। তাৰ পাচত তেওঁ নলবাৰীৰ মুনচুফৰ একটিং নিযুক্ত হৈ সেই কাৰ্য্যতো বিলক্ষণ যশস্যা আৰ্জিলে, আৰু ভবিষ্যৎ উন্নতিৰ বাট মুকলি কৰিলে। ইয়াৰ কিছুদিনৰ পিচত তেওেঁ বজিনীৰ ৰজাৰ দেৱান হৈছিল। তেতিয়া বেজিনী-ৰাজ্যৰ অৱস্থা বৰ বেয়া হৈছিল, আৰু বহুত ধাৰ লাগি ৰজাও কষ্টত পৰিছিল। কিন্তু ফুকন দেৱান হৈ সুনিয়মেৰে কাৰ্য্য কৰাত ৰজাৰ অৱস্থা আগতকৈ বহুত ভাল হল। ইং ১৮৫০ শঁকত আনন্দৰাম ফুকন একটিং চব- এচিষ্টেণ্ট কমিশ্যনৰ নিযুক্ত হৈ নগাৱঁলৈ যায় আৰু ইং ১৮৮২ শঁকত নিগাজীৰূপে সেই পদ পায়।এইপদত থকা কালৰ সৰহ ভাগ তেওঁ নগাৱঁতে গত কৰে, আৰু তাতে ১৭৮১ শঁকৰ ৩ আষাৰত তেওঁৰ মৃত্যু হয়। তেতিয়া তেওঁৰ বয়স ৩০ বছৰৰ অধিক নাছিল।

 আনন্দৰাম ফুকনৰ ইংৰাজী আৰু বঙ্গালী ভাষাত প্ৰগাঢ় ব্যুৎপত্তি আছিল আৰু তেওঁ সংস্কৃতো কিছু জানিছিল। তেওঁৰ উদ্ভাৱিকা শক্তিও কম নাছিল। সদৰ দেৱানী আদালতৰ ইংৰাজীৰে লিখা নিষ্পত্তিবিলাক দেশী কোনো ভাষাৰে ভঙ্গা নোহোৱাত ইংৰাজী নজনা উকীল মুক্তিয়াৰ বিলাকৰ বৰ অসুচল হৈছিল, ইয়াকে বুজি তেওঁ সেই নিষ্পত্তিবিলাক বঙ্গালী ভাষাৰে ভাঙ্গি কলিকতাত ছপাই প্ৰকাশিত কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ অৰ্হি লৈ হে বঙ্গালীবিলাকে পাচত সেই কামত হাত দিয়ে। ইয়াত বাজে তেওঁ বঙ্গালী ভাষাৰে এখন আইনৰ পুথি লিখি তাৰ প্ৰথম ভাগ ছপাইছিল, কিন্তু তাকে সম্পূৰ্ণ কৰিবলৈ সময় নেপালে। তেওঁ নিজৰ বুদ্ধি, বিদ্য়া আৰু সজ স্বভাৱৰ গুণে সকলোৰে আদৰ পাইছিল, আৰু যিবিলাক পদত নিযুক্ত হৈছিল, সেইবিলাকৰ কাম অতি উত্তমৰূপে কৰাত উচ্চ পদৰ চাহাববিলাকৰ প্ৰিয় হৈছিল, আৰু প্ৰশংসাও লভিছিল। নগাৱঁত থাকোঁতে তেওঁ অনেক বাৰ সেই জিলাৰ সম্পূৰ্ণ ভাৰ পাইছিল আৰু তেওঁৰ তলে কোনো ইংৰাজী বিষয়া নথকাকৈ অকলৈ কাম চলাইছিল। গৱৰ্ণমেণ্টৰো তেওঁৰ ওপৰত বৰ বিশ্বাস আছিল। ইং ১৮৫৭ শঁকৰ ৰাজবিদ্ৰোহৰ সময়ত গোটেই আসাম দেশত তোলপাৰ লগাতো ভালেমান মাইলৈকে সেই জিলাৰ সম্পূৰ্ণ ভাৰ তেওঁৰ ওপৰত আছিল। তেওঁৰ শোৱা-খোৱা-আদি সকলো কাম নিয়মিত আছিল, আৰু নিৰূপিত সময়ত কৰা হৈছিল।তেওঁ অসৎ কাৰ্য্যবিলাকক ঘিণ কৰি সেইবোৰৰপৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছিল, আৰু তাত কৃতকাৰ্য্যও হৈছিল; সংক্ষেপকৈ কব লাগিলে তেওঁ এজনা অসাধাৰণ মানুহ আছিল। আসামৰ আগৰ কমিশ্যনাৰ কৰ্ণেল হপ্‌কিন্‌সন্ চাহাবে তেওঁৰ কথা এই দৰে লিখিছিল যে, “বঙ্গদেশত ৰামমোহন ৰায় যেনে, আসামত আনন্দৰাম ফুকনো তেনে আছিল; কিন্তু সেই দুই দেশৰ অৱস্থাৰ প্ৰভেদলৈ, আৰু আনন্দৰাম ফুকনৰ নিজৰ উন্নতিৰ নিমিত্তে যিমান সুচল আছিল, তালৈ চাই তেওঁক ৰামমোহন ৰায়তকৈও অসাধাৰণ লোক বোলে উচিত।”

 আনন্দৰাম ফুকনে এই দেশৰ উন্নতিৰ কাৰণ বৰ যত্ন কৰিছিল, আৰু তাৰ কোনো প্ৰকাৰে মঙ্গল হলে বৰ ৰং পাইহিল। ডেকা অসমীয়াবিলাকক কোনো হিত উপদেশ দিবৰ সুচল পালে তেওঁৰ মন আনন্দিত হৈছিল। এই পুথি কৰোঁতালৈ এবাৰ এইদৰে লিখিছিল,—“বঙ্গদেশত ‘যুবা বঙ্গালী’ নামেৰে যে এক শ্ৰেণী মানুহ ওলাইছে, আসামত সিবিলাকৰ দোষ এৰি গুণ-লোৱা কিছুমান লোক এটি অঙ্কুব হোৱা দেখি মোৰ মন আনন্দেৰে পূৰ হৈছে, আৰু এনে আশা হৈছে যে সেই গজালিটি সোনকালে এজুপি উত্তম গছ হব, আৰু সুগন্ধি ফুল আৰু মধুৰ ফলেৰে আসামৰ শোভা আৰু সুখ বঢ়াব।”

 ইং ১৮৫৩ শঁকত গৱৰ্ণমেণ্টৰ আজ্ঞাৰে সদৰ আদালতৰ জজ্মি ল্‌চ্ চাহাব আসামৰ অৱস্থা আৰু ৰাজ-কাৰ্য্যৰ বুজ লবলৈ অহাত ফুকনে তেওঁক এই দেশৰ উন্নতিৰ উপায় দেখাই ইংৰাজী ভাষাৰে লিখা এখন বাহুল্য আবেদন দিছিল, আৰু মিল্‌চ চাহাবে সেই আবেদন আদৰেৰে লৈ আপোনাৰ ৰিপোৰ্টৰ লগত ছপাই গৱৰ্ণমেণ্টলৈ পঠাইছিল। কিন্তু ৰিপোৰ্টলৈ গৱৰ্ণমেন্টে আওকাণ কৰাত ফুকনৰ আবেদনৰ একো ফল হল।

১১ পাঠ।
স্বভাৱৰ আচাৰত দৰ্শন
(The wonderful penomena of nature.)

 পীয়া-তৰা। ৰাতি আকাশৰ এঠাইৰ পৰা উৰি আন এঠাইত মাৰ যোৱা যেন যি এটা দীপ্তি দেখা যায়, তাৰ নাম পপীয়া-তৰা। আমাৰ দেশৰ অনেক লোকে ভাবে হে পুণ্যৱন্ত লোকৰ নিজ পুণ্য অনুসাৰে কিছুকাল সুখভোগ কৰিবলৈ স্বৰ্গলৈ যোৱা আত্মাৰ পুণ্য শেষ হলে পাপ-ভোগ কৰিবৰ নিমিত্তে সি পুনৰায় তললৈ আহে, সেয়ে পপীয়া-তৰা। কিন্তু ই নিচেই মিছা আৰু লৰাৰ নিচিনা ভাৱ। আত্মাক কেৱে দেখা নাই; আৰু যি আত্মাক স্বৰ্গ লৈ উঠোঁতে দেখা নাযায়,সি পুনৰ নামি আহোঁতে নিতৌ গধূলি স্পষ্টৰূপে মানুহৰ চকুত পৰে, এই কথা, অলপমান যাৰ জ্ঞান আছে, সিও পতিয়াব নোৱাৰে। ইংৰাজী পণ্ডিত- বিলাকে ভাবে যে,সি এবিধ ক্ষুদ্ৰ গোলাকাৰ বস্তু, আৰু নিজ গতিৰে সূৰ্য্যৰ চাৰিও ফালে ভ্ৰমে, সেই ভ্ৰমণত পৃথিবীৰ ভেটাভেঁটি হব লগীয়া হলে সি অতি বেগেৰে আকাশত গতি কৰে, তাতে কান্তি অধিককৈ ওলোৱাত তাৰ তিৰবিৰণি মানুহৰ চকুত পাৰে। কিন্তু স্বৰূপাৰ্থত সি নো কি বস্তু বিজ্ঞান জনা পণ্ডিতবিলাকে এতিয়ালৈকে তাক নিসংশয় ৰূপে নিশ্চয় কৰিব পৰা নাই। আগষ্ট মাহৰ ১০ আৰু নৱেম্বৰ মাহৰ ১৩ দিনৰ ৰাতি বহু পপীয়া-তৰা দেখা যায়। ইং. ১৮৩৮ শঁকৰ ১৩ নৱেম্বৰ ৰাতি জৰ্ন্মানী দেশত এজেহাৰ দুটা পপীয়া তৰা দেখা গৈছিল। ইংৰাজী ১৮৩৯ শঁকৰ ৮ চেপ্টেম্বৰৰ ৰাতি লণ্ডন নগৰৰ উত্তৰ ফালে আকাশৰপৰা ইমান পপীয়া-তৰা খহি পৰিছিল যে, সেইবিলাকৰ দীপ্তিৰ দ্বাৰা গোটেই খন নগৰ দিনৰ দৰে পোহৰ হৈছিল, আৰু জুই লাগিছে বুলি হাজাৰ হাজাৰ মানুহে সেই ফাললৈ লৰ দিছিল, আৰু জুই নুমোৱা যন্ত্ৰকো তালৈ নিয়া হৈছিল। এই আচৰিত দৃষ্টি দুই ঘণ্টা-মান থাকি অদৃষ্ট হল। কিন্তু তাৰ দ্বাৰা কাৰো অনিষ্ট নহল। এনে ঘটনাক ইংৰাজীত “উল্কা-বৃষ্টি” বোলা যায়।

 নেজাল-তৰা। নেজাল-তৰা আমাৰ দেশৰ সকলো লোকে দেখিছে; কিন্তু তাৰ স্বভাৱ নজনাৰ নিমিত্তে তাক উৎপতীয়া বুলি ভাবে। স্বৰূপাৰ্থত নেজাল তৰা পৃথিবীৰ পৰা বৰ দূৰ; এতেকে সি কেতিয়াও চন্দ্ৰসূৰ্য্যৰ দৰে পৃথিবীৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নাৱাৰে। তাৰ নেজ পাতল, ভাপময় বস্তু আৰু সূৰ্য্যৰ দিপ্তিৰে প্ৰকাশিত হয়। সি হাঁহ-কণীৰ আকৃতিৰ বাটে দি সূৰ্য্যৰ চাৰিও ফালে ঘূৰে। তাৰ মূৰ সূৰ্য্যৰ ফালে, আৰু নেজ তাৰ বিপৰীত ফালে থাকে। এইৰূপে ঘূৰোঁতে সি কেতিয়াবা সূৰ্য্যৰ ওচৰ চাপে আৰু কেতিয়াবা বহুত দূৰলৈ যায়। নেজাল-তৰা অনেক আছে, আৰু সিহঁতৰ বেগো বৰ প্ৰখৰ। কিন্তু সিহঁত পৃথিবীৰ পৰা বৰ দূৰ হোৱাত কোনোটোক, যি ঠাইত সি ওলায়, পুনৰায় সেই ঠাই পাবলৈ ৭৬ বছৰ মান লাগে; আৰু সেই কাৰণেই সিহঁত বৰ ডাঙ্গৰ হোৱাতো নিচেই সৰু দেখা যায়। কোনো-কোনো নেজাল তৰাৰ নেজ বৰ দীঘল। ইং১৮৪৩ শঁকত যি এটা নেজাল-তৰা ওলাইছিল, তাৰ নেজে এহেজাৰ তিনি শ লাখ মাইলৰ দূৰ ব্যাপিছিল। ইংৰাজী জ্যোতিষীয়া পণ্ডিতবিলাকে কোনো-কোনো নেজাল-তৰাক একো নাম দিছে, আৰু গণনাৰ দ্বাৰা সিহঁতৰ ভ্ৰমণৰ কাল এনেৰূপে স্থিৰ কৰিছে, যে সিহঁত যত ওলায়,তত সিহঁতক আকও কেতিয়া দেখা যায়, তাক নিশ্চয়কৈ কব পাৰে।

১২ পাঠ।
স্বভাৱৰ আচৰিত দৰ্শন (সমাপ্ত)
The wonderful phenomena of nature (concluded.)

 ন্দ্ৰ ধনু। এই নামেৰে ধেনুৰ নিচিনা যি এটা বিচিত্ৰ আৰু আচৰিত বস্তু আকাশত দেখা যায়, সি কোনো ধেনু নহয়; আমাৰ দেশৰ আগৰ কালৰ মানুহবিলাকে সি নো কি বস্তু,কেনেকৈ উৎপন্ন হয়, তাক নজানিছিল; অথচ সি আকাশত ওলায় আৰু ধেনুৰ দৰে বেঁকা, এই কাৰণ তাক ইন্দ্ৰ-দেৱতাৰ ধেনু যেন ভাবি সেই নাম দিছিল। সি পানীৰ ক্ষুদ্ৰ কণিকাবিলাক আকাশত মেঘ হৈ থাকোঁতে সেইবিলাকৰ ওপৰত সূৰ্য্যৰ ৰশ্মি পৰি সূৰ্য্যৰ বিপৰীত ফালে উৎপত্তি হয়। সূৰ্য্যমণ্ডল ঘূৰণীয়া; কিন্তু তাৰ ছায়াৰ দ্বাৰা উৎপত্তি হোৱা বস্তুটো ধেনুৰ দৰে বেঁকা দেখা যায়; তাৰ কাৰণ এই যে, যি আকাশত সি ওলায়, তাৰ গোটেই ভাগ আমি নেদেখাঁ; কিছুমান দূৰলৈ মাথোন আমাৰ দৃষ্টি যায়, তাতে আকাশত মাটিত লগা যেন দেখোহঁক; এতেকে পানীৰ কণাৰ ওপৰত প্ৰতিবিম্বিত হোৱা সূৰ্য্যমণ্ডলৰ সমুদায় ভাগকে আমি দূৰৰপৰা মনিব নোৱাৰোঁ, এভাগত মাথোন দৃষ্টি পৰে, আৰু সেই ভাগৰ দুই মূৰ আকাশেৰে সৈতে মাটিত লগা যেন বোধ হৈ তাক ধেনুৰ নিচিনা দেখা যায়; কিন্তু সূৰ্য্য আকাশৰ ওপৰলৈ উঠি মাজত থাকোঁতে সমুদায় সূৰ্য্যমণ্ডল আমাৰ চকুত পৰা হেতু, তেতিয়া তাৰ ৰশ্মি বৰষুণৰ বিন্দুৰ ওপৰত পৰিলে আমি সেই দীপ্তিক সূৰ্য্যৰ চাৰিও ফালে বেৰি থকা এটা গোলাকাৰ বস্তু যেন দেখোঁহঁক, আৰু তেতিয়া তাক “মড়ল্” বোলা যায়। সূৰ্য্য আকাশৰ এফালে থাকোঁতে আন ফাললৈ মুখ ৰৰি কুঁচি এতাৰেৰে বা তদ্ৰূপ আন কোনো বস্তুৰে ওপৰলৈ পানী ছটিয়ালে পানীৰ কণিকাবিলাকত ৰশ্মি পৰি ইন্দ্ৰধনুৰ সদৃশ এটা বস্তু দেখায়। সূৰ্য্যৰ দৰে চন্দ্ৰৰ ৰশ্মিৰ দ্বাৰাও ধেনুৰ আৰু মড়লৰ উৎপত্তি হয়; কিন্তু চন্দ্ৰৰ কান্তি মৃদু; এতেকে তাৰপৰা হোৱা ধেনু আৰু মড়ল সিমান উজ্জ্বল নহয়। ইন্দ্ৰ ধনুত সাতোটা বৰণ থাকে।

 পানী-গছা। বা-মাৰলীৰ দ্বাৰা সাগৰ বা ডাঙ্গৰ নৈৰপৰা বৰ গছৰ আকৃতিৰে আকাশলৈ যি পানী উঠে, তাৰ নাম পানী-গছা। সাগৰত ই এক আশ্চৰ্য্য দৃষ্টি, আৰু সঙ্কট-জনক বস্তু। সাগৰৰপৰা এইৰূপে হাজাৰ-হাজাৰ মোন পানী ওপৰলৈ উঠে; আৰু মেঘেৰে সৈতে মিলি একেলগ হয়; তেতিয়া তাৰ পৰা প্ৰচণ্ড শব্দেৰে বিদুলী আৰু ধুমুহাৰ উৎপত্তি হৈ তাক ঠেলি লৈ যায়; তাতে সি ভাগি পৰে। সেই সময়ত কোনৌ বস্তু তাৰ ওচৰত থাকিলে সি তাৰ দ্বাৰা চূৰ্ণীকৃত হয়। আৰু সি জাহাজত পৰিলে জাহাজ সমূলি নষ্ট হৈ তললৈ যায়। কিন্তু মানুহে বুদ্ধিৰ বলেৰে সকলো সঙ্কটৰপৰা উদ্ধাৰ পাবৰ উপায় কৰিছে; সাগৰত ফুৰা মানুহে পানী-গছা দেখিলে আঁতৰৰ পৰা বৰ ডাঙ্গৰ তোপ তাৰ ফাললৈ ফেৰ কৰে তাৰ দ্বাৰা সঞ্চালিত হৈ পানী গছাত খুন্দা লাগে, তাতে সি ভাগি পৰে। সেয়ে হলেই নিৰ্ব্বিঘিনিয়ে ঘিনিয়ে জাহাজ চলি যায়।

 মেঘ আৰু বৰষুণ। পানী বৰ তপত হলে নিচেই পাতল হয়, আৰু ধোঁৱাৰ দৰে ওপৰলৈ উৰি যায়। পানী তপতাওঁতে আৰু পাক কৰোঁতে যে ধোঁৱাৰ নিচিনা এবিধ পাতল বস্তু পাত্ৰৰপৰা ওপৰলৈ উঠে, সি তাপৰ দ্বাৰা পাতলা হোৱা পানী মাথোন। তাৰ নাম বাষ্প বা ভাপ। সি চেঁচা পৰিলে আকও পানী হয়। সূৰ্য্যৰ বা পৃথিবীৰ ভিতৰৰ তাপৰদ্বাৰা সাগৰ, নৈ আৰু পানীৰ অন্যান্য আধাৰৰ পানীবিলাক তপত হৈ কিছুমান বাষ্প হয়, আৰু বায়ুৰ দ্বাৰা আকাশলৈ উঠে। অধিক বাষ্প একেলগ হলে ঘন হৈ বহুত ঠাই ব্যাপে; তেতিয়া তাক মেঘ বা ডাৱৰ বোলা যায়। সেই মেঘে, কেতিয়াবা খণ্ড খণ্ড হৈ একোটা হাতী বা পৰ্ব্বতৰ আকাৰ ধৰে, আৰু কেতিয়াবা একে বখলা হৈ আকাশৰ, আমি চকুৰে দেখা সমুদায় ভাগকে ঢাকি আন্ধাৰ কৰে। মেঘবিলাক কোনো চেঁচা ঠাইৰ ওপৰলৈ গলে বা চেঁচা বতাহ পালে শীতল পৰি পানী হয়; তেতিয়া বায়ুৰে তাক ধৰি ৰাখিব নোৱৰাত টোপাটোপে তললৈ পৰে; তাৰে নাম বৰষুণ। এই বৰষুণ জগতৰ বৰ উপকাৰী; তাৰ দ্বাৰা তৃণ-তৰু আদিৰ পাত, ফল আৰু ফুল উৎপন্ন হৈ প্ৰাণীবিলাকক আহাৰ যোগায়। সি সূৰ্য্যৰ প্ৰচণ্ড তাপকে৷ শীতল কৰাত সকলোৰে গা শাঁত হয়; আৰু তাৰ দ্বাৰা পানী নথকা, খৰাং ঠাইতো জগতৰ জীৱন-স্বৰূপ পানীৰ অভাৱ গুচে।

৫ম আধ্যা।
ইতিহাস আৰু উপাখ্যান The History and anecdote.
১ পাঠ।
পাণ্ডৱ-পুত্ৰবিলাকৰ বধ
(The Massacre of the sons of the Pandavas.)

 কৌৰৱ আৰু পাণ্ডৱবিলাকক ভিতৰত যি ভয়ঙ্কৰ যুদ্ধ হৈছিল, মহাভাৰতত তাৰ বৰ্ণনা আছে, আৰু ভাৰতত প্ৰায় সকলো মানুহে তাৰ কিছু কথা জানে। কৌৰৱ আৰু পাণ্ডৱ পৰস্পৰে নিচেই ওচৰ-সম্বন্ধীয়া হোৱাতো এই বিবাদত এক পক্ষে আন পক্ষৰ প্ৰতি অজাতশত্ৰুৰ দৰে ব্যৱহাৰ কৰিছিল।তেওঁ- লোকৰ মিত্ৰ ৰাজাবিলাকো সেই যুদ্ধত ইমান মত্ত হৈছিল যে, এফালৰ সহায়বিলাকে সিফালৰ ৰণুৱাবিলাকক অতি নিষ্ঠুৰভাৱে বধ কৰিবলৈ অলপো কোঁচ নেখাইছিল। নানা দেশৰ বুৰঞ্জী পঢ়িলে ধন আৰু ৰাজ্যৰ লোভে মানুহক পিশাচ আৰু ৰাক্ষসৰ নিচিনা কৰায় যে বিস্তৰ প্ৰমাণ পোৱা যায়, মহাভাৰতৰ যুদ্ধ সেই বিলাকৰ ভিতৰৰ এটি ভাল প্ৰমাণ। এই লোভে সকলো দেশৰ মানুহকে বলিয়া কৰে। যুধিষ্ঠিৰ বৰ জ্ঞানী বুলি বিখ্যাত; কিন্তু তেৱোঁ লোভৰ হাত সাৰিব নোৱাৰি স্বজাতি, ভাই, পো, গুৰু আৰু মিতিৰৰ তেজেৰে কুৰুক্ষেত্ৰত সোঁতাবোৱালে। ভাৰতবৰ্ষত যেনেকৈ নিচেই ওচৰ-সম্বন্ধীয়া কৌৰৱ আৰু পাণ্ডৱ- বিলাকৰ মাজত বিবাদ হৈছিল, ইংলণ্ড দেশতো তেনেকৈ ইয়ৰ্ক আৰু লেঙ্কেষ্টৰ নামেৰে ওচৰ সম্বন্ধীয়া দুই পক্ষৰ ভিতৰত অনেক বছৰলৈকে ঘোৰ ৰণ চলি আছিল।

 সকলোৰে জনা আছে যে, দ্ৰৌপদী যুধিষ্ঠিৰ-আদি পাঁচ পাণ্ডৱৰ বেইতা ভাৰ্য্যা আছিল, আৰু সেই পাঁচ জনা স্বামীৰপৰা তেওঁৰ পাঁচুটি পুতেকো হৈছিল। কৌৰৱ আৰু পাণ্ডৱবিলাকৰ মাজত বিবাদ হৈ তেওঁ বিলাকে যুদ্ধৰ দ্বাৰা সেই বিবাদ নিষ্পত্তি কৰিবৰ কাৰণ কুৰুক্ষেত্ৰলৈ যোৱা সময়ত সেই বালক কেইটি অধিক বয়সীয়া নাছিল। কৌৰৱৰ ফালৰ এজনা বীৰৰ নাম অশ্বত্থামা; তেওঁ জাতিত ব্ৰাহ্মণ, আৰু কৌৰৱৰ পাণ্ডৱবিলাকৰ গুৰু দ্ৰোণাচাৰ্য্যৰ পুতেক। সেই যুদ্ধত কৌৰৱৰ ফালৰ ভীষ্ম- দ্ৰোণ আদি সকলোবিলাকৰ বীৰৰ মৃত্যু হোৱাত ৰণত জয়লাভ কৰিবৰ আশা নথকা হৈ পিতৃ বৈৰীবোৰক প্ৰতিহিংসা কৰিবৰ মনেৰে এদিন ৰাতি পাওৱবিলাক শিবিৰত নথকা সময়ত তেওঁ গুপ্তভাৱে তাতে সোমাই, শুই থকা অৱস্থাত সেই পাঁচূটি লৰাক বধ কৰে। তাতে ৰাতিপুৱা দ্ৰৌপদীয়ে পুতেকহঁতক মৃত্যুৰ সম্বাদ পাই শোকেৰে আৰ্ত্ত হৈ বিলাপ কৰি কান্দিবলৈ ধৰিলে; তেতিয়া অৰ্জ্জুনে, দ্ৰোপদীৰ গুৰিলৈ গৈ পুত্ৰবিলাকৰ মৃত্যুৰপৰা হোৱা নিজৰ আৰু দৌপদীৰো শোক আৰু খং শান্ত কৰিবৰ ইচ্ছাৰে প্ৰতিজ্ঞা কৰি কলে, “হে প্ৰিয়া, মই আজিয়েই সেই চাণ্ডাল নৰাধম, অব্ৰাহ্মণ অশ্বত্থামাৰ মূৰটো কাটি আনি তোমাৰ চৰণত অৰ্পণ কৰিম৷” এই কথা কৈ অৰ্জ্জুনে ৰথত উঠি অশ্বত্থামাক খেদি গল। অশ্বত্থামাই, অৰ্জ্জুনে তেওঁক খেদি অহাৰ বুজ পাই, পলায়নৰ আশ্ৰয় ললে, আৰু পলালতো অৰ্জ্জুন ক্ষান্ত নহৈ পাচত খেদা দিয়াত নিৰুপায় হৈ বহ্মাস্ত্ৰ *[] প্ৰহাৰ কৰিলে। কিন্তু তেওঁ সেই অস্ত্ৰৰ ব্যৱহাৰত বৰ পাৰ্গত নথকাৰ গুণে বা আন কোনো কাৰণেই তাৰ দ্বাৰা অশ্বত্থামাৰ একো হানি নহল, অথচ তেওঁ শত্ৰুৰ হাতত পৰিল।

 তেতিয়া অৰ্জ্জুনে অশ্বত্থামাক ধৰি লেজুৰে বান্ধিলে; তাতে অৰ্জ্জুনৰ সাৰথি কৃষ্ণই তেওঁক পৰামৰ্শ দি কবলৈ ধৰিলে “হে অৰ্জ্জুন! এই অধমে নিৰ্দোষী আৰু শুই থকা শিশুবিলাকক বধিলে, এতেকে ই প্ৰাণদণ্ডৰ যোগ্য। প্ৰমত্ত, বলিয়া, জড়, আঁকৰা, বালক, তিৰোতা আৰু শুই থকা মানুহৰ প্ৰাণ মৰা বীৰ পুৰুষৰ অনুচিত। ই টোপনিত অজ্ঞান হৈ থকা শিশুবিলাকক বধ কৰি ধৰ্ম্মৰ বিৰোধে আচৰণ কৰিছে; এই কাৰণে ইয়াক বধিলে তাৰ হিংসা নহয়, বৰং উপকাৰ হে হব; কিয়নো তাৰ দ্বাৰা সি পৰকালক শিশুহত্যা-পাপৰ দণ্ডৰপৰা পৰিত্ৰাণ পাব। বিশেষতঃ তুমি ইয়াৰ নিমিত্তে দ্ৰৌপদীৰ গুৰিত মোৰ আগতে অঙ্গীকাৰ কৰিছিলা এতিয়া সেই প্ৰতিজ্ঞা ৰখা উচিত।” কিন্তু অশ্বত্থামা তেওঁৰ গুৰুৰ পুতেক, এই দেখি অৰ্জ্জুনে তেওঁক বধ নকৰি শিবিৰলৈ লৈ আছিল আহিল

 দ্ৰৌপদীয়ে পাণ্ডৱবিলাকৰ গুৰু-পুত্ৰক, গৰুৰ দৰে পঘাৰে বন্ধা, আৰু শোক আক লাজেৰে মূৰ দাঙ্গিব নোৱৰা হোৱা দেখি মৰমেৰে কলে, “হে অৰ্জ্জুন। এওঁ গুৰুৰ পুত্ৰ, এওঁৰ এনে দশা সহ্য নহয়। আৰু এওঁৰ পিতা দ্ৰোণাচাৰ্য্যে তোমালোকক অস্ত্ৰ বিদ্যা শিকাইছিল, তেওঁ এই অশ্বত্থামাৰ শৰীৰত বৰ্ত্তমান আছে; এতেকে এওঁৰ প্ৰাণ মাৰিলে গুৰুবধৰ পাপ লাগিব, আৰু তোমাৰ কলঙ্কো হব। বিশেষ এওঁৰ মাতৃ গৌতমী একেই পতিৰ শোকত ব্যাকুল হৈ আছে, তাতে আকও তেওঁক পুত্ৰশোক দিয়া অনুচিত। পুত্ৰৰ শোকে যে দাৰুণ কষ্ট দিয়ে, তাক মই বুজিছোঁ। গুৰুৰ ভাৰ্য্যাক সেই শোক দিবৰ মোৰ ইচ্ছু নাই; তুমি শীঘ্ৰে এওঁক মুকলি কৰি দিয়া।” দ্ৰৌপদীৰ এই কথা শুনি অৰ্জ্জুনে ততালিকে অশ্বত্থামাৰ মূৰৰ কিৰীটিটো কাঢ়ি লৈ বান্ধ মেলি দিলে।

 এই কথাৰ দ্বাৰা জানিব পাৰি, দ্ৰৌপদী কেনে ক্ষমাশীলা, আৰু তেওঁৰ কিমান সহন-গুণ আছিল; চোৱাঁচোন, আপোনাৰ পুত্ৰবধীৰো দুখ দেখি তেওঁৰ মৰমেৰে কোমল হৈ পমি গৈছিল। কোনো এজন জ্ঞানী মানুহে কৈছে যে, “যি আমাৰ অনিষ্ট কৰে, আমি তাক হিংসা কৰিলে তাৰ সমান হওঁ; আৰু ক্ষমা কৰিলে তাতকৈ শ্ৰেষ্ঠ হওঁহঁক।” কিন্তু এই বুলিয়েই সদায় সকলোকে ক্ষমিব লাগে, এনে নহয়; আন আন কথাৰ দৰে আমাৰ সীমা আছে; তলত লিখা দ্ৰৌপদী আৰু যুধিষ্ঠিৰৰ কথোপকথনৰ দ্বাৰা তাক বুজিব পাৰি।

২ পাঠ।
দ্ৰৌপদী আৰু যুধিষ্ঠিৰৰ কথোপকথন
Conversation between Draupadi and Judhisthira.

 পাণ্ডৱবিলাক বনলৈ যোৱাৰ পাচত এদিন গধূলি দ্ৰৌপদী আৰু যুধিষ্ঠিৰে একে লগে বহি অতি দুখেৰে কথোপকথন কৰিছিল। তাতে দ্ৰৌপদীয়ে যুধিষ্ঠিৰক সম্বোধন কৰি কবলৈ ধৰিলে, “মহাৰাজ! আমাৰ দুখত সেই দুৰ্জ্জন পাপী ক্ৰূৰ দুৰ্য্যোধনৰ কিঞ্চিৎমানো কষ্ট-বোধ হোৱা নাই; আপোনাক মোৰে সৈতে পহুৰ ছাল পিন্ধাই বনলৈ খেদায়ো তাৰ মন অনুতাপ শূন্য। আপুনি তাৰ জ্যেষ্ঠ আৰু ধৰ্ম্মপৰায়ণ; আপোনাকো কৰ্কশ বাক্য শুনাবলৈ সি সঙ্কুচিত নহল; এতেকে সেই পাপীৰ বুকু লোৰে বন্ধা হৈছে। আপুনি সুখীয়া, দুখ সহিব নোৱাৰে; সি আৰু তাৰ বন্ধুবিলাকে আপোনাক এনে মহৎ দুখ দি আনন্দ হে পাইছে। হে মহাৰাজ! আপুনি পহুৰ ছাল পিন্ধি বনলৈ যাত্ৰা কৰা সময়ত কেৱল দুৰাত্মা দুৰ্য্যোধন, কৰ্ণ, শকুনি আৰু দুৰ্য্যোধনৰ দুষ্ট ভাইয়েক দুঃশাসন এই চাৰি জনৰ মাথোন চকুৰ লোতক নোলাল, অন্য সকলো লোকে মহাশোকেৰে কান্দিছিল। আপুনি এতিয়া যি শয্যাত শুইছে, তাক আপোনাৰ পূৰ্ব্বকালৰ শয্যাৰে ৰিজালে মোৰ মনত অত্যন্ত শোক জন্মে। আপুনি সভাত হাতি দাঁতেৰে নিৰ্ম্মিত, হীৰা- মুকুতাৰে বিভূষিত আসনত বহিছিল; এতিয়া আপোনাক কুশাসনত বহা দেখি মোৰ হিয়া বিদৰি যায়। আগেয়ে আপোনাক ৰজাবিলাকেৰে পৰিবৃত হৈ সভাত বহি থকা দেখিছিলোঁ, এতিয়া অকলৈ থকা দেখি মোৰ মন দুঃখিত হয়। হে ভাৰত! পূৰ্ব্বে চন্দনেৰে লিপ্ত হৈ আপোনাৰ শৰীৰে সূৰ্য্যৰ নিচিনাকৈ কান্তি কৰিছিল; এতিয়া সেই শৰীৰ ধূলি আৰু বোকাৰে মলিন দেখি মোৰ দুখৰ সীমা নাথাকে। আগেয়ে আপুনি নিৰ্ম্মল পাট-কাপোৰ পৰিধান কৰিছিল; এতিয়া ফটা কাপোৰ পিন্ধিছে। পূৰ্ব্বে অলঙ্কাৰ আদিৰে ভূষিত সূপকাৰ- বিলাকে আপোনাক আৰু আপোনাৰ ভ্ৰাতৃবিলাকক অতিশয় স্নিগ্ধ আহাৰ যোগাইছিল; এতিয়া সেই ভ্ৰাতৃবিলাকেৰে সৈতে আপুনি, হাবিত স্বভাৱত জন্মা ফল-মূলৰ দ্বাৰা পেট পূৰাইছে। এনে সুখীয়া লোকবিলাকৰ দুখ দেখি মোৰ মনত শান্তি নাই। ভীমসেনে বন-বাসৰপৰা যি কষ্ট পাইছে, সেই দুখৰ কথা চিন্তা কৰি এতিয়া উপযুক্ত সময়তো আপোনাৰ মনত ক্ৰোধৰ উৎপত্তি নহয় হে? হে প্ৰভু! সেই নিৰ্দ্দয় আৰু বলৱন্ত ভীমসেন সকলো শত্ৰুকে ৰণত পৰাস্ত কৰিবৰ নিমিত্তে ব্যগ্ৰ, তথাপি আপোনাৰ প্ৰতিজ্ঞাৰ বশ হৈ ইমান কষ্ট সহি আছে। অৰ্জ্জুন কেৱল দুই বাহুযুক্ত হৈও শত-বাহু কাৰ্ত্তবীৰ্য্যাৰ্জ্জুনৰ সমান; তেওঁ যুদ্ধ কৰিবলৈ পালে কালান্তক যমৰ দৰে বিক্ৰম প্ৰকাশ কৰি শৰৰ

দ্বাৰা সকলোকে ধ্বংস কৰিব। আপোনাৰ মনত থাকিব পায়, তেওঁৰ অস্ত্ৰৰ দ্বাৰা পৰাস্ত হৈ আপোনাৰ ৰাজসূয় যজ্ঞত পৃথিবীৰ সকলো ৰজা বশ হোৱাত ব্ৰাহ্মণবিলাকে অতি ৰঙ্গেৰে আপোনাৰ যজ্ঞলৈ আগমন কৰিছিল। সেই দেৱ দানৱবিলাকৰ পূজ্য, আৰু পুৰুষ শ্ৰেষ্ঠ অৰ্জ্জুনৰ শোক দেখি আপোনাৰ মনত কিয় খং নোপজে? হে ভাৰত! সেই সুখীয়া আৰু দুখ সহিবৰ অনুপযুক্ত অৰ্জ্জুনক বনবাসী দেখিও আপোনাৰ যে খং উঠা নাই, ইয়াতে মই বিবুদ্ধি খাইছোঁ। ষি জনে দেৱতা, মনুষ্য আৰু নাগবিলাকক অকলৈ দমিলে, তেওঁ এতিয়া বনবাসী হোৱাতো আপোনাৰ যে কোপ নহয়, ইও এটা আশ্চৰ্য্য। তেওঁ অতি আচৰিত ৰথ আৰু হাতী ঘোঁৰাৰে আবৃত হৈ আপোনাৰ ৰাজসূয় যজ্ঞলৈ পৃথিবী-পতিবিলাকৰপৰা অপৰিমিত ধন আকৰ্ষণ কৰিছিল, আৰু যাৰ এপাট শৰেই শতসংখ্যক হয়, তেওঁৰ বন- বাসৰ ক্লেশ দেখিও আপোনাৰ কিয় খং নুঠে? শ্যাম-কলেবৰ, অতি-দীৰ্ঘকায়, যুৱা, ঢাল-তৰোৱালৰ ৰণত পাৰ্গত নকুলক বনবাসী দেখি নো আপোনাৰ খং লুকাই থাকে কিয়? হে যুধিষ্ঠিৰ!

মাদ্ৰী দেৱীৰ পুতেক, দেখনিয়াৰ আৰু বলৱন্ত সহদেৱে বনবাসৰ কষ্ট পোৱাতো আপুনি কিয় সহি আছে? এই নকুল আৰু সহদেৱ, দুয়ো বৰ সুখত উঠিছিল, তেওঁবিলাকৰ দুঃখ সহ্য নহয়; সিবিলাকৰ কষ্ট দেখিও আপোনাৰ ক্ৰোধৰ উদয় নহয়, ই কেনে আচৰিত কথা! মই দ্ৰুপদ ৰজাৰ বংশত জাত, ধৃষ্টদ্যুম্নৰ ভনীয়েক, পাঁচজনা বীৰৰ ভাৰ্য্যা, মহাৰাজা পাণ্ডুৰ বোৱাৰীয়েক মোৰ ক্লেশ দেখিও আপুনি সহি আছে, ইয়াৰ বা কাৰণ কি? হে ভাৰত-কুলৰ প্ৰদীপ! আপোনাৰ বেজাৰ নাই, ই নিশ্চয়; নতুবা আপোনাৰ ভাইয়েকবিলাকৰ আৰু মোৰ বন-বাস দুখ দেখিও আপোনাৰ মনত দুখ নোপজিল! সকলোৱে জানে যে ক্ৰোধ হীন ক্ষত্ৰিয় নাই; ক্ষত্ৰিয়ৰ স্বভাবৰ বিপৰীত আচৰণ কৰা আপোনাকে হে মাথোন দেখিছোঁ। সমুচিত সময়ত যি ক্ষত্ৰিয়ই ক্ৰোধ নকৰে, তেওঁ সকলোৰেপৰা পৰাভৱ পায়; এতেকে শত্ৰুক ক্ষমা কৰা আপোনাৰ উচিত নহয়। ক্ৰোধৰ দ্বাৰায় হে শত্ৰুৰ নাশ হয়। কিন্তু ক্ষমা কৰিবৰ উচিত সময়ত যি ক্ষত্ৰিয়ই ক্ষমা-গুণলৈ আওহেল৷ কৰে, সি সকলোৰে অপ্ৰিয় হয়, আৰু ইহকাল পৰকাল, উভয়তে কষ্ট পায়।”

 “হে মহাৰাজ! এই কথাৰ দৃষ্টান্ত-স্বৰূপে, পূৰ্ব্বে এই বিষয়ত প্ৰহলাদ আৰু বলিৰ, যি কথোপকথন হৈছিল, তাক কওঁ শুনোক। পূৰ্ব্বকালত বলিয়ে তেওঁৰ পিতামহ, সকলো ধৰ্ম্মৰ তত্ত্বজ্ঞ, দৈত্যৰাজ প্ৰহ্লাদক এইৰূপ সুধিলে, “হে পিতামহ, ক্ষমা আৰু ক্ৰোধ এই দুইৰ ভিতৰত কোনটো শ্ৰেষ্ঠ, এই কথাত মোৰ সংশয় আছে; অনুগ্ৰহ কৰি আপুনি সংশয় ছেদ কৰি দিওক।” তেওঁৰ কথা শুনি প্ৰহ্লাদে উত্তৰ কৰিলে, ‘সদায় ক্ৰোধ কৰা অনুচিত, আৰু সদায় ক্ষমা কৰাও ভাল নহয়, ইয়াকে নিশ্চয় ৰূপে জানিবা। যি সদায় ক্ষমা কৰে, সি অনেক দুখ পায়, তাক ভৃত্যবিলাকে নেমানে শত্ৰুৱেও তালৈ ভয় নকৰে, আৰু সকলোৱেই তাক উলাই কৰে। এতেকে সদায় ক্ষমা কৰিবলৈ জ্ঞানী সকলে বাধা কৰিছে৷” পূৰ্ব্বে কোৱা গৈছে যে, ‘ক্ষমাশীল মানুহক ভৃত্যবিলাকে অৱজ্ঞা কৰে, অকল সেয়ে নহয়; সিহঁতে তেওঁৰ ধনবস্তুকো অপহৰণ কৰে, আৰু তেওঁৰ বাহন, বস্ত্ৰ, অলঙ্কাৰ, শয্যা আৰু আসন এবং পান আৰু ভোজনৰ বস্তু-বিলাককো ইচ্ছা হলেই নিজৰ ব্যৱহাৰত লগায়। গৰাকীয়ে কোনো বস্তু দিবলে আজ্ঞা কৰিলে সিহঁতে নিদিয়ে; অধিকাৰক যি সম্মান কৰিব লাগে, তাকো নকৰে। আৰু ক্ষমাৱন্ত লোকে মৃত্যুতকৈ গৰ্হিত অপমান পায়। এই বিলাকত বাজেও সদায় ক্ষমা কৰাৰ আন বিস্তৰ দোষ আছে।”

৩ পাঠ।
দ্ৰৌপদী আৰু যুধিষ্ঠিৰৰ কথোপকথন ( সমাপ্ত )
(Conversation between Draupadi and
Judhisthira (concluded.)

 দ্ৰৌপদীয়ে বুলিলে, ‘মহাৰাজ! ক্ৰোধৰপৰা মানুহৰ যি অনিষ্ট হয়, এতিয়া তাক শুনোক। যি উচিত কাল আৰু ঠাইৰ বিবেচনা নকৰাকৈ সদায় খং কৰে, সি আপোনাৰ খঙ্গৰ দ্বাৰায় আপোনাক বিপদত পেলায়। ক্ৰোধী মানুহৰ বন্ধুৰে সৈতে বিৰোধ হয়; আপোন আৰু পৰ, সকলো লোকে তাৰ অহিত চিন্তে। খঙ্গাল মানুহে নিজ খঙ্গৰ গুণে বিবিধ দণ্ড পায়। তাৰ ধন, জন আৰু প্ৰাণো যায়। যি শত্ৰু মিত্ৰ নুবুজি খং কৰে সাপে বাহ লোৱা ঘৰৰ দৰে তাক মানুহে এৰে; মানুহে যাক ত্যাগ কৰে, তাৰ কুশল কেনেকৈ হব? অলপ ছিদ্ৰ পালেই মানুহে নিশ্চয়ে তাৰ অনিষ্ট কৰে। এতেকে অত্যন্ত ক্ৰোধ ত্যাগ কৰিব লাগে; কিন্তু অতি নম্ৰ হোৱাও অনুচিত। ক্ৰোধ আৰু ক্ষমা; দুইকো উচিত সময় বুজি ব্যৱহাৰ কৰা হে যুগুত।”

 এই বিলাক কথা কৈ দ্ৰৌপদীয়ে আকও যুধিষ্ঠিৰক সম্বোধন কৰি কলে, ‘হে মহাৰাজ! পণ্ডিতবিলাকে সকলো সময়তে যিবিলাকক ক্ষমিবলৈ কৈছে, এতিয়া মই সেই বিলাকৰ কথা কওঁ শুনোক। পূৰ্ব্বে যাৰপৰা উপকাৰ পোৱা গৈছিল, তেওঁ কোনো জগৰ কৰিলে, পূৰ্ব্বৰ উপকাৰলৈ চাই তেওঁক ক্ষমা কৰা উচিত। সকলো মানুহ সমানে বিজ্ঞ নহয়, আৰু মানুহৰ ভ্ৰমো আছে। এতেকে আশ্ৰিত মানুহে বা নুবুজি কোনো লোকে কোনো অপৰাধ কৰিলে তেওঁ ক্ষমাৰ যোগ্য; কিন্তু জানি বুজি কৰা কাৰ্যক যি অজ্ঞানত কৰা বুলি আপত্তি কৰে, সি কপটী; এতেকে তাৰ অপৰাধ লঘু হলেও তাক গুৰু দণ্ড কৰা উচিত। সকলোৰে প্ৰথম অপৰাধ ক্ষমিব লাগে। কিন্তু কোনোৱে পুনৰবাৰ অপকাৰ কৰিলে, সেই অপকাৰ ক্ষুদ্ৰ হলেও সি দণ্ডনীয়। ওপৰত কোৱা লোকবিলাক ক্ষমাৰ স্থল, তদ্ভিন্ন অন্য স্থলত ক্ৰোধ আছে। মহাৰাজ! ধৃতৰাষ্ট্ৰৰ পুতেকহঁত লোভী আৰু সদায় আপোনাৰ অহিত চিন্তে; এতেকে সিহঁতৰ প্ৰতি আপোনাৰ খং উঠা উচিত। এতিয়া কৌৰব বিলাকক ক্ষমা কৰিবৰ সময় নহয়, সিহঁতক হিংসা কৰিবৰ হে উপযুক্ত কাল। এই কাৰণে সিহঁতৰ ওপৰত ক্ৰোধ কৰা আপোনাৰ কৰ্ত্তব্য।”

 দ্ৰৌপদীৰ কথাৰ অন্তত যুধিষ্ঠিৰে উত্তৰ কৰিলে, “দ্ৰৌপদী! ক্ৰোধেই মানুহৰ সুখ আৰু দুখৰ মূল। উচিত ঠাই আৰু সময়ত খং কৰিলে মানুহৰ মঙ্গল, কিন্তু ইয়াৰ বিপৰীত আচৰণ কৰিলে ক্ৰোধ মানুহৰ নাশক হয়। এতেকে ষি লোকে খঙ্গক পৰাস্ত নকৰি সদাই লাই দিয়ে, সি অৱশ্যে বিপদত পৰে। খঙ্গৰ পৰাই মানুহৰ সৰ্ব্বনাশ হোৱা দেখা যায়। ক্ৰোধান্বিত মানুহে পাপত প্ৰবৰ্ত্তমান হয়, গুৰুজনকো প্ৰহাৰ বা কৰ্কশ বাক্যেৰে অপমান কৰে। খং-উঠা মানুহে কৰিব নোৱাৰে এনে কৰ্ম্ম, আৰু বুলিব নোৱাৰে এনে কোনো বাক্য নাই। খঙ্গাল মানুহে আপোনাৰ প্ৰাণকো মাৰিব পাৰে। খঙ্গৰ এই বিলাক দোষ দেখি মঙ্গল-বাঞ্ছা কৰা জ্ঞানী লোকসকলে খঙ্গক দমাই ৰাখে! পণ্ডিত সকলে যি খঙ্গক পৰিত্যাগৰ যোগ্য বুলি কৈছে, তাৰ আশ্ৰয় লোৱা আমাৰ নিচিন৷ মানুহৰ উচিত নহয়। হে দ্ৰৌপদী! এই বিলাক কথা, ভাবি চায়ে মোৰ খং নুঠে। খং কৰোঁতাৰ প্ৰতি যি খং নকৰে, তেওঁ আপোনাক আৰু সি- জনকো ৰক্ষা কৰে। উঠি অহা খঙ্গক যি বুদ্ধিৰ দ্বাৰা দমাই ৰাখে, জ্ঞানী লোকে তেওঁক তেজস্বী বা বীৰ বোলে। ক্ৰোধান্বিত মানুহৰ পাৰকতা, শীঘ্ৰতা, বীৰত্ব, এই সমুদায় গুণেই লোপ পায়। পৃথিবীত ক্ষমাশীল লোক নহলে মানুহবিলাকৰ পৰস্পৰ মিলেই নেথাকিব। কিয়নো খঙ্গৰপৰাই বিবাদ হয়। ক্ষমা তেজস্বীবিলাকৰ শক্তি তপস্বীবিলাকৰ তপস্যা, সত্যবাদীসকলৰ সত্য, আৰু ক্ষমাই যজ্ঞ আৰু ক্ষমাই শান্তি। এতেকে হে কৃষ্ণা! তেনে ক্ষমাক ত্যাগ কৰা আমাৰ নিচিনা লোকৰ অযুগুত। যি সকল লোকে ক্ষমাৰ দ্বাৰা ক্ৰোধক জিনে, তেওঁ- বিলাকে ইহকালত সন্মান, আৰু পৰকালত সদ্‌গতি পায়।”  ওপৰত লিখা কথাৰ দ্বাৰা বুজিৰ পাৰি যে, অতিশয় ক্ৰোধ আৰু অতিশয় ক্ষমা দুয়ো সমানে বেয়া। খং আৰু ক্ষমা-গুণ দুইকো মানুহে স্বভাৱৰপৰা পাইছে; এতেকে উচিত সময়ত দুইৰো ব্যৱহাৰ কৰিব লাগে, তেহে আমাৰ কুশল হয়।

৪ পাঠ।
ৰামচন্দ্ৰৰ প্ৰতি ভৰতৰ উক্তি
(The sayings of Bharat to Ramchandra. )

 যোধ্যাৰ ৰাজা দশৰথে তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰামচন্দ্ৰক যুবৰাজ পাতিবৰ ইচ্ছ৷ কৰিলত তেওঁৰ প্ৰিয়া ভাৰ্য্যা কৈকেয়ীয়ে সেই কথাত অমান্তি হৈ ৰামক বনলৈ পঠাই তেওঁৰ পুতেক ভৰতক যুবৰাজ কৰিবৰ নিমিত্তে কোৱাত বুঢ়া ৰজাই লাগী আৰু যুবতী ভাৰ্য্যাৰ কথা পেলাব নোৱাৰি ইঙ্গিতেৰে সেই কথাত সম্মতি দিলে, আৰু তদনুসাৰে ৰামে বনলৈ যাত্ৰা কৰিলে। তেতিয়া ভৰত অযোধ্যাত নাছিল, উলটি আহি ৰামৰ বনবাসৰ আৰু সেই শোকত দশৰথ-ৰাজাৰ মৃত্যু হোৱাৰ বাৰ্ত্তা পাই অত্যন্ত শোকেৰে ৰামক বিচাৰি গৈ তেওঁৰ আগত তলত লিখা কথা- বিলাক কলে, তাৰ দ্বাৰা নিজ জ্যেষ্ঠ ৰামচন্দ্ৰলৈ তেওঁৰ যিমান চেনেহ আৰু ভক্তি আছিল, সি উত্তমৰূপে প্ৰকাশ পাইছে।

 ভৰতে কলে, “হে শত্ৰুনাশক! পৃথিবীত আপোনাৰ তুল্য কোন্ আছে? আপুনি দুখত কাতৰ নহয়, সুখেও আপোনাৰ অহঙ্কাৰ বঢ়াব নোৱাৰে। বুঢ়া লোকবিলাকেও আপোনাক সৎকাৰ কৰে, আৰু কোনো কথাত সংশয় হলে আপুনিও তেওঁ- বিলাকৰ পৰামৰ্শ লয়। যিবিলাকে আপোনাৰ দৰে নিজৰ হিতাহিত বুজে, তেওঁবিলাক কেতিয়াও কষ্টত নপৰে। আৰু আপোনাৰ মহানুভবতা, সত্যবাদিতা বহুদৰ্শিতা, জ্ঞান আৰু বুদ্ধি আছে; সেইবিলাক গুণেই, আপোনাৰ মন যে দেৱতাৰ তুল্য, তাৰ বিশেষ প্ৰমাণ দিছে। সেই মনত এই সংসাৰ যে অনিত্য আৰু অসাৰ, এই কথাৰ সম্পূৰ্ণ বোধ আছে, এতেক দুঃখ বা হানিৰপৰা তাত বিকাৰ নজন্মে। এই কাৰণে মই প্ৰবাসত থাকোঁতে মোৰ অল্পবুদ্ধি আৰু দুৰ্ম্মতি মাতৃয়ে মোৰ ভালৰ নিমিত্তে ব্যগ্ৰ হৈ যি ঘোৰ অপৰাধ কৰিছে, তাক ক্ষমা কৰোক। তেওঁ পুত্ৰৰ কৰ্ত্তব্যৰ দ্বাৰা আবদ্ধ; এতেকে তেওঁক জগৰৰ উপযুক্ত শাস্তি দিব নোবৰোঁ। মই মহামতি দশৰথৰ পুতেক আৰু পাপ পুণ্য এই দুইৰ প্ৰভেদ জানো; এতেকে কেনেকৈ গৰিহিত কাম কৰিম? আমাৰ পৰম মান্য পিতৃ ৰাজা দশৰথ লোক সকলৰ পূজ্য আছিল, আৰু দেৱতাৰ দৰে সভাক উজ্জ্বল কৰিছিল; তেওঁৰো নিন্দা কৰিব নোৱাৰোঁ। কিন্তু যুক্তি আৰু ধৰ্ম্মৰ বোধ থকা কোনো মানুহে তিৰোতাৰ কথা শুনি এনে অন্যায় আৰু ৰাজনীতিৰ বিৰুদ্ধে কাম কৰিব নোৱাৰে। বেদৰ বচন এটি মোৰ মনত পৰিছে, তাৰ অৰ্থ এই যে মৃত্যু ওচৰ চাপিলে সকলো প্ৰাণীৰ বুদ্ধি আৰু শক্তিয়ে লোপ পায়; আমাৰ পিতৃ ৰাজাৰ কাৰ্য্যৰ দ্বাৰা সেই বচনৰ সত্যতা সপ্ৰমাণ হৈছে। আপুনি সৎপুত্ৰ, এতেকে কুপিত ভাৰ্য্যাৰ বশ হৈ, বিবেচনা নকৰাকৈ আমাৰ পিতৃয়ে যি অকৰ্ম্ম কৰিলে,আপুনি তাক মাৰ্জনা কৰিব লাগে। যি পুত্ৰে পিতৃৰ দোষ গণনা নকৰে, তেওঁ হে স্বৰূপ পুত্ৰ, আঁৰু সকলোৰে পাদৰআদৰ পায়। ইয়াৰ অন্যথা কৰিলে ওলোটা ফল হয়। আপুনিও তেনে পুত্ৰ হওক, আৰু পিতৃৰ কুকৰ্ম্মক প্ৰখ্যাত নকৰিব; কিয়নো তাকে কৰিলে আপুনি সকলোৰে নিন্দাৰ পাত্ৰ হব। হে বীৰ! মোক আৰু মোৰ মাতৃ কৈকেয়ীক ত্ৰাণ কৰোক। পিতাৰ মান-ৰক্ষা, আৰু আমাৰ মিতিৰ, কুটুম আৰু প্ৰজাবিলাকক প্ৰতিপাল কৰা আপোনাৰ উচিত। ক্ষত্ৰিয়ৰ বনবাস কেনে অসঙ্গত। যি লোকে প্ৰজাক পালন কৰিব লাগে, জটাৰ ভাৰ বৈ আৰু বাকলিবসন পিন্ধি হাবিত থকা, তেওঁৰ কেনে অযুগুত। এতেকে পিতাৰ তেনে আজ্ঞা মান্য নহয়।”

 ধৰ্ম্ম-শাস্ত্ৰৰ নিয়ম অনুসাৰে সিংহাসনত উঠি প্ৰজাপালন কৰা ক্ষত্ৰিয়ৰ প্ৰধান কৰ্ম্ম। কোন ক্ষত্ৰিয় ইমান ভ্ৰান্ত হব পাৰে যে, পৰোপকাৰ কৰিবৰ বৰ্ত্তমান, নিশ্চিত আৰু স্থিৰ উপায়ক ত্যাগ কৰি অনিশ্চিত আৰু আশঙ্কা-যুক্ত ভবিষ্যৎ উপায়লৈ আশা কৰে? যদি শাৰীৰিক ক্লেশ সহি কষ্ট-সাধ্য কৰ্ম্ম কৰিবৰ আপোনাৰ ইচ্ছ৷ হৈছে, তেন্তে আপুনি ন্যায় অনুসাৰে চতুৰ্ব্বৰ্ণ প্ৰজাৰ প্ৰতিপালন কৰাত যি দুঃখ হয়, তাক গ্ৰহণ কৰি আপোনাৰ বাঞ্ছা পূৰাওক। নীতিজ্ঞ পণ্ডিত সকলে কৈছে যে, চাৰি আশ্ৰমৰ ভিতৰত গৃহাশ্ৰম শ্ৰেষ্ঠ। আপুনি কিয় সেই আশ্ৰয় এৰিবৰ ইচ্ছা কৰিছে। মই বয়সে আপোনাতকৈ সৰু আৰু জ্ঞানতো হীন; এতেকে আপুনি থাকোঁতে মই কেনেকৈ ৰাজ্য-ভাৰ লম? মোৰ বুদ্ধি অপৰিপক্ক, উপযুক্ত গুণো নাই, পদতো আপোনাৰ তলতীয়া; এই বিলাক কাৰণৰ নিমিত্তে আপুনি নোহোৱাকৈ জন-সমাজত থাকিবলৈ মোৰ সাহ নজন্মে। আপুনি ধৰ্ম্মজ্ঞ; এতেকে পৈতৃক ৰাজ্য গ্ৰহণ কৰি বন্ধু-বান্ধৱেৰে সৈতে তাৰ শাসন কৰোক। ধৰ্ম্ম-কাৰ্য্যৰ বিধি জনা মান্যবৰ বশিষ্ঠে, ইয়াত উপস্থিত থকা ব্ৰাহ্মণ আৰু প্ৰজাবিলাকেৰে সৈতে এই ঠাইতে আপোনাক ৰাজ্যত অভিষিক্ত কৰোক। আমাৰ দ্বাৰা অভিষিক্ত হৈ আপুনি আযোধ্যালৈ যাওক, আৰু ৰাজ্য- শাসন কৰি দেৱতা সকলেৰে সৈতে ইন্দ্ৰৰ দৰে শত্ৰুবিলাকক দমন কৰোক গৈ। মানুহৰ জন্ম হলেই যে তিনটা ধাৰ লাগে, সেই বিলাকৰ পৰিশোধ কৰি মোক আপোনাৰ প্ৰজা বুলি জ্ঞানকৰোক এবং দুষ্টৰ দমন আৰু শিষ্টৰ পালন কৰোক। আপুনি ৰজা হোৱাৰ নিমিত্তে আজি সন্তসকলে আনন্দ পাওক আৰু, দুষ্ট লোকবিলাক দণ্ডৰ ভয়ত দশো দিশে পলাই যাওক। আপুনি মোৰ মাতৃৰ বিদ্বেষ ক্ষমোক, আৰু নগৰগৈ উলটি গৈ আপোনাক বনবাসলৈ পাঠোৱাৰ বাবে পিতৃৰ যি দুৰ্ণাম হৈছে, তাকো দূৰ কৰোক। মই মূৰ দোৱাঁই প্ৰাৰ্থনা কৰিছোঁ, পৰমেশ্বৰে সকলো জীৱজন্তুৰ প্ৰতি যেনে কৃপা কৰে, আপুনি মোক আৰু মোৰ বন্ধুবৰ্গৰ প্ৰতি তেনে কৃপাদান কৰোক।”

৫ পাঠ।
ৰামচন্দ্ৰৰ উত্তৰ ( Reply of Ramchandra. )

 ৰতৰ কথা সমাপ্ত হলত ৰামচন্দ্ৰে উত্তৰ কৰিলে,—“হে কৈকেয়ীৰ আৰু মহাৰাজা দশৰথৰ পুত্ৰ! তুমি যি কথা কৈছা, সি যে যুক্তি-যুক্ত তাত সংশয় নাই। কিন্তু হে ভাই! ভাবি চোৱাচোন, আমাৰ পিতৃয়ে যেতিয়া তোমাৰ মাতৃক বিয়া কৰে, তেতিয়া এই ৰাজ্য তেওঁক স্ত্ৰী-ধন স্বৰূপে দিবলৈ অঙ্গীকাৰ কৰিছিল। তাৰ পাচত দেৱাসুৰৰ যুদ্ধত তেওঁ দেৱতাবিলাকৰ ফলীয়া হৈ ৰণ কৰোঁতে ঘাইল হোৱাত তোমাৰ মাতৃয়ে যি শুশ্ৰূষা কৰে, তাৰ দ্বাৰা সন্তুষ্ট হৈ তেওঁৰ বাঞ্ছিত বৰ দিবৰ নিমিত্তে পুনৰায় প্ৰতিজ্ঞা কৰে। তোমাৰ মান্যৱতী মাতাই এতিয়া সেই প্ৰতিজ্ঞা সোৱাঁৰাই দুটা বৰ খোজে,—প্ৰথমটো এই যে, ৰজাই যেন তোমাক ৰাজ্য দিয়ে, আৰু দ্বিতীয়টো এই যে, মোক যেন তেওঁ বনলৈ খেদায়।

 ৰজাই প্ৰতিজ্ঞাত আবদ্ধ থকাৰ গুণে এই দুই প্ৰাৰ্থনাৰ বিৰোধে আচৰণ কৰিব নোৱাৰি সেই কথাত মান্তি হল। এতেকে পিতৃৰ আজ্ঞাত মই এই ঠাইত থাকিব লগীয়া হৈছোঁ। পিতৃয়ে তোমাৰ মাতৃৰ আগত যি অঙ্গীকাৰ কৰিছিল, তাৰ পালনৰ নিমিত্তে মই চৈধ্য বছৰ বনত থাকিব লাগে; এই কাৰণেই ভাই লক্ষ্মণ আৰু ভাৰ্য্যা সীতাক লৈ এই হাবিলৈ আহিছোঁ, আৰু মই পিতৃৰ আজ্ঞা অৱশ্যে পালন কৰিম। তুমিও সেই ৰূপেই শীঘ্ৰে ৰজা হৈ তেওঁৰ বাঞ্ছা পূৰ কৰিব লাগে। হে মোৰ ভাই ভাৰত! মোৰ কথা লোৱাঁ, আমাৰ পিতৃক অঙ্গীকাৰ স্বৰূপ ধাৰৰ পৰা মুক্ত কৰা। তুমি ধৰ্ম্ম-নজন৷ নোহোৱাঁ, এতেকে পিতাক মুকলি কৰাঁ, আক মাতাকো সন্তোষ দিয়াঁ। অযোধ্যালৈ উলটি যোৱাঁ, এবং শত্ৰুঘ্ন আৰু ব্ৰাহ্মণবিলাকে সৈতে লগ লগি তুমি প্ৰজাবিলাকৰ সুখ-বৃদ্ধি কৰাঁগৈ। মই এতিয়াই সীতা আৰু লক্ষ্মণেৰে সৈতে দণ্ডকাৰণ্যত সোমাম। হে ভাৰত! তুমি মানুহৰ ওপৰত ৰাজত্ব কৰা গৈ, মই বনৰীয়া জন্তুক শাসন কৰিম। তুমি আনন্দচিত্তেৰে আমাৰ অনুপম নপৰলৈনগৰলৈ যোৱাঁ, ম‍ই অৰণ্যত প্ৰবেশ কৰোঁ। তোমাৰ মূৰৰ ওপৰত ৰাজছত্ৰে সূৰ্য্যৰ তাপ চাই শীতল ছাঁ দিয়ক; আৰু এই হাবিত থকা গছৰ ছাঁই ৰদৰ তাপৰ পৰা মোক ৰক্ষা কৰিব। অসীম বুদ্ধি আৰু নীতিজ্ঞ শত্ৰুঘ্নে পৰামৰ্শৰ দ্বাৰা তোমাৰ সহায়তা কৰিব আৰু মোৰ পৰীক্ষিত বন্ধু লক্ষ্মণ মোৰ সহায় হব। হে ভাৰত! শোক নকৰিবা। আমাৰ চাৰি ভাইৰ যত্নৰ দ্বাৰা আমাৰ পিতৃৰ অঙ্গীকাৰ সফল হব।” ধন্য ৰামচন্দ্ৰ! তুমি পিতৃ-ভক্তি আৰু অঙ্গীকাৰ ৰক্ষাৰ শেষ সীমা দেখাই দিলা।

৬ পাঠ।
হৰিশ্চন্দ্ৰ ৰাজাৰ উপাখ্যান
(The Story of Raja Harischandra. )

 দুখীয়াক দান কৰিব লাগে; কিন্তু যি দানে দাতাক সৰ্ব্বস্বান্ত কৰে, সি প্ৰশংসনীয় নহয়, আৰু সাধুলোকে ধন প্ৰাণকো দি আপোনাৰ অঙ্গীকাৰ ৰাখে। পূৰ্ব্বে ত্ৰেতা যুগত “হৰিশ্চন্দ্ৰ” নামেৰে মহাধৰ্ম্মী আৰু সুবিখ্যাত এজনা ৰজা আছিল। তেওঁৰ ৰাজ্যত দুৰ্ভিক্ষ, ৰোগ আৰু কাৰো অকালত মৃত্যু নহৈছিল, আৰু কোনো প্ৰজাৰ অধৰ্ম্মত মতি নাছিল। এদিন তেওঁ মৃগয়াৰ নিমিত্তে বনলৈ গৈ, কোনো এজন তিৰোতাই কাতৰ-ভাবে “মোক ত্ৰাণ কৰাঁ” বুলি বাৰম্বাৰ চিঞৰা শুনিলে। তেতিয়া, ৰজাই মৃগয়া ত্যাগ কৰি “মই শাসন কৰা দেশত কোনে অন্যায় আচৰণ কৰিছে? বলৱন্ত আৰু পৰাক্ৰমী মই দেশাধিকাৰ আগত থাকোঁতে কোন পাপীয়ে কাপোৰৰ আঁচলত জুই বান্ধি লৈছে? কোনে আজি মোৰ শৰৰ দ্বাৰা ক্ষতবিক্ষত হৈ মহানিদ্ৰাৰ আশ্ৰয় লব খুজিছে?” খঙ্গেৰে এইৰূপে কৈ কান্দনৰ শব্দ অনুসৰি যাবলৈ ধৰিলে। ৰজাৰ এইবিলাক কথা শুনি বিশ্বামিত্ৰ ঋষিয়ে দূৰৰেপৰা মাত লগাই বৰ খঙ্গেৰে তেওঁক ৰবলৈ আদেশ কৰিলে। ৰজাই তপস্বিশ্ৰেষ্ঠ বিশ্বামিত্ৰৰ খং হোৱা দেখে ভয়ত আঁহত-পাতৰ দৰে কঁপিবলৈ ধৰিলে, আৰু প্ৰণাম কৰি বিনয়েৰে বুলিলে, “হে মহাভাগ! মই ৰজা; এতেকে এইটো মোৰ কৰ্ত্তব্য কাম। ধৰ্ম্ম-শাস্ত্ৰৰ মতে ধৰ্ম্মজ্ঞ ৰজাই দান আৰু ৰক্ষণ কৰিব লাগে, আৰু ধেনু ধৰি ৰণ কৰিবও লাগে; ইয়াত আপোনাৰ খং হোৱা অনুচিত।”  এই কথা শুনি বিশ্বামিত্ৰে কলে, “মহাৰাজ! দানৰ পাত্ৰ কোন, কাক ৰক্ষা কৰিব লাগে, যুদ্ধ বা কাৰে সৈতে কৰা উচিত, এই কথা কেইটাৰ শীঘ্ৰে মোক উত্তৰ দিওক।” তাতেই ৰজাই উত্তৰ কৰিলে, “সজ ব্ৰাহ্মণ, আৰু দৰিদ্ৰক দান, ভয়াতুৰক ৰক্ষা আৰু শত্ৰুৰে সৈতে ৰণ কৰিব লাগে।” ৰজাৰ উত্তৰ সাঙ্গ হলত বিশ্বামিত্ৰে কলে, “মই ব্ৰাহ্মণ, যদি আপোনাৰ ৰাজ-ধৰ্ম্মৰ বোধ আছে, তেন্তে মোক মোৰ বাঞ্ছিত বস্তু দান কৰোক।” ঋষিৰ এই বাক্য শুনি ৰজাই পুনৰায় প্ৰাণ পালে যেন ভাবি, আতিশয় আনন্দেৰে বিশ্বামিত্ৰক কলে, “হে ভগবান! আপোনাক কি লাগে নিশঙ্ক মনেৰে কওক, আৰু যদিও সেই বস্তু দুৰ্লভ হয়, তেও আপোনাক তাক দিলোঁ বুলি মানোক। মোৰ সোণ, ৰূপ, পুত্ৰ, ভাৰ্য্যা, শৰীৰ, প্ৰাণ ৰাজ্য, নগৰ, সকলো ধন সম্পত্তি, এই বিলাকৰ ভিতৰৰ আপোনাক যিহকে লাগে, কোৱা মাত্ৰেই মই তাক দিম।” তেতিয়া বিশ্বামিত্ৰে বুলিলে, “মহাৰাজ! আপোনাৰ দান মই গ্ৰহণ কৰিলোঁ; আপুনি এতিয়া দানৰ যোগ্য দক্ষিণা দিওক।” বিশ্বামিত্ৰৰ কথা শুনি ৰজাই উত্তৰ, কৰিলে, “ঋষিৰাজ! কি বস্তুৰ দান পাবৰ আপোনাৰ বাঞ্ছা, প্ৰথমতে তাক কওক; দানৰ অন্তত উচিত দক্ষিণা অৱশ্যে দিম।"

 বিশ্বামিত্ৰে বুলিলে, “গাওঁ, নগৰ, পৰ্ব্বত আৰু সাগৰে সৈতে এই পৃথিবী, হাতী, ঘোঁৰা আৰু ৰথে সৈতে ৰাজ্য, ধন, আৰু ধনৰ ভঁৰাল এই সমুদায়, তদ্ভিন্ন পুত্ৰ, ভাৰ্য্যা, নিজ শৰীৰ আৰু লগত যোৱা ধৰ্ম্মত বাজে, অন্যান্য যি বস্তু আছে, সেই সকলোকে মোক দান কৰোক।” ঋষিৰ বাক্য শুনি ৰাজা হৰিশ্চন্দ্ৰই অতিশয় আনন্দিত মনেৰে আৰু হাঁহি-মুখেৰে কৃতাঞ্জলি হৈ “তথাস্তু” বুলি সমুদায় দান কৰিলে। দানৰ অন্তত বিশ্বামিত্ৰে বুলিলে, “মহাৰাজ! ৰাজ্য, পৃথিবী, জন সকলোকে যদি দান কৰিলা, তেন্তে সেই বিলাকত কাৰ অধিকাৰ হল, মোৰ নহল নে?” হৰিশ্চন্দ্ৰই উত্তৰ কৰিলে, “দান কৰাৰ আগেয়ে মই যেতিয়া পৃথিবীৰ ৰাজা আছিলোঁ, তেতিয়াও আপুনি সকলোৰে গৰাকী আছিল; আজি আপুনি ৰজা হৈছে, এতিয়া আৰু সেই বিলাকত আপোনাৰ অধিকাৰ হব, তাত সংশয় কি?” এই কথা শুনি বিশ্বামিত্ৰে বুলিলে, “যদি তুমি মোক ৰাজ্য দান কৰিলা, আৰু সমুদায় পৃথিবী মোৰ হল; তেন্তে তোমাৰ কটি- সূত্ৰ আদি কৰি সকলে৷ অলঙ্কাৰ খহাই থৈ তুমি বাকলি বসন পিন্ধি ভাৰ্য্যাপুত্ৰেৰে সৈতে মোৰ দেশৰপৰা বাজ হোৱাঁ।” হৰিশ্চন্দ্ৰ ৰজাই বজ্ৰ-পাতৰ সমান এই বাক্য শুনি ক্ষণেক কাল নীৰব হৈ আছিল, পাচত ব্ৰহ্ম-শাপৰ ভয়ত সৰ্ব্বস্ব ত্যাগ কৰিবলৈ নিশ্চয় কৰি ঋষিৰ কথতে মান্তি হল, আৰু তেওঁৰ ভাৰ্য্যা শৈব্যা আৰু পুতেকটিৰে সৈতে নগৰৰপৰা যাত্ৰা কৰিলে।
 এনেতে বিশ্বামিত্ৰ ঋষিয়ে বাট ভেঁটি ধৰি বুলিলে, “তুমি দানৰ উপযুক্ত দক্ষিণা নিদিয়াকৈ কলৈ যোৱা?" ৰজাই উত্তৰ কৰিলে, “হে ঋষিৰাজ এই সমুদায় ৰাজ্য আপনাক দান কৰিলোঁ আমাৰ তিনটি দেহ মাথোন অবশিষ্ট আছে।” বিশ্বামিত্ৰে বুলিলে, “তথাপি তোমাৰ অঙ্গীকৃত দক্ষিণা অৱশ্যে দিব লাগে। অঙ্গীকাৰ কৰা বস্তুৰ দান, শত্ৰুৰে সৈতে যুদ্ধ আৰু আৰ্ত্ত মানুহক ৰক্ষা কৰিব লাগে বুলি পূৰ্ব্বে তুমিয়েই কৈছা।” ঋষিৰ কথাত অতিশয় দুঃখিত হৈ ৰজাই কলে, “প্ৰভু! দক্ষিণা দিবৰ নিমিত্তে সম্প্ৰতি মোৰ হাতত ধন নাই, পাচে দিম। মোৰ মনৰ ভাৱ বিশুদ্ধ, আপু তাক গমি চাই মোৰ প্ৰতি প্ৰসন্ন হওক।” বিশ্বামিত্ৰে বুলিলে, “দক্ষিণা পাবৰ নিমিত্তে মই কিমান কাল অপেক্ষা কৰিব লাগিব, তাক কোৱাঁ।” ৰজাই উত্তৰ কৰিলে, “সম্প্ৰতি মোৰ ধন নাই, এমাহৰ মূৰত আপোনাক দক্ষিণা দিম; মোক যাবলৈ অনুমতি কৰোক।” তেতিয়া বিশ্বামিত্ৰে কলে “মহাৰাজ! যাওক, নিজ ধৰ্ম্মৰ পালন কৰোক, বাটত আপোনাৰ কুশল হব, আৰু শত্ৰুৱেও নাপ পাওক।”

৭ পাঠ।
হৰিশ্চন্দ্ৰ ৰাজাৰ উপাখ্যান (ক্ৰমাগত )
Story of Raja Harish Chandra (Contined. )

 ইৰূপে অনুমতি পাই ৰজা খোজ কাঢ়ি নগৰৰপৰা যাবলৈ ওলাল; তাতে ভাৰ্য্যা আৰু পুত্ৰে সৈতে ৰজাক যোৱা দেখি প্ৰজাবিলাকেও তেওঁলোকৰ লগত যাবৰ উপক্ৰম কৰি কবলৈ ধৰিলে,—“হে নাথ! আমাক দুখত পেলাই আপুনি কলৈ যায়? আপুনি ধৰ্ম্মপৰায়ণ, দুখীয়াক দয়া কৰোঁতা; ধৰ্ম্মত যদি আপোনাৰ শ্ৰদ্ধা আছে, তেন্তে আমাকো লৈ যাওক। হে মহাৰাজ! আপুনি অলপ পলম কৰোক, আমি আপোনাৰ মুখ-পদ্ম চাই লওঁহঁক; আমাৰ চক্ষু-স্বৰূপ ভ্ৰমৰে তাৰ মধু পান কৰোক। পুনৰায় আৰু আমি আপোনাকে কেতিয়া দেখিবলৈ পাম? হায় হায়! যিজনা পূৰ্ব্বে ফুৰিবলৈ ওলালে, তেওঁৰ আগে পাচে ৰজাবিলাক গৈছিল, আজি তেওঁৰ পাচত পুত্ৰটি লৈ তেওঁৰ ভাৰ্য্যাই গমন কৰিছে। যিজনা আগেয়ে কোনো ঠাইলৈ যাওঁতে তেওঁৰ ভৃত্যবিলাক হাতীত উঠি আগে আগে গৈছিল, সেই মহাৰাজা হৰিশ্চন্দ্ৰ আজি খোজ কাঢ়ি যাব লাগিছে।”

 “হে ৰাজেন্দ্ৰ! আপোনাৰ সুকুমাৰ আৰু উত্তম ভ্ৰূৱেৰে শোভিত মুখত বাটৰ ধূলি পৰি তাৰ কেনে অৱস্থা হব! হে নৃপতিশ্ৰেষ্ঠ! আপুনি যাব নেলাগে, নগৰত থাকোক, আৰু স্বধৰ্ম্ম প্ৰতিপাল কৰোক দুখীয়াৰ দুখ গুচোৱাই ক্ষত্ৰিয়বিলাকৰ ঘাই ধৰ্ম্ম, তাৰ অনুশীলন কৰোক। আপুনি আমাক এৰি গলে পুত্ৰ, ভাৰ্য্যা, ধন আৰু ধানৰপৰ৷ আমাৰ কি লাভ হব? এই সকলোকে পৰিত্যাগ কৰি আমি ছাঁৰ দৰে আপোনাৰ পাচে পাচে যামহঁক। হে নাথ! হে মহাৰাজ! হে স্বামী! আমাক কিয় এৰি যায়? আপুনি যতে থাকে, আমিও তাতে থাকিলেই আমাৰ সুখ; আপুনি যত থাকে; সেয়ে আমাৰ স্বৰ্গ; আপুনি যত নাই, সেই ঠাই আমাৰ সম্বন্ধে নৰকৰ তুল্য।” প্ৰজাবিলাকৰ এই বাক্য শুনি ৰজা অতিশয় শোকাৰ্ত্ত হল আৰু সিবিলাকৰ মৰমত যাবলৈ এৰি বাটত ৰল। ৰজাক বাটত ৰৈ থকা দেখি বিশ্বামিত্ৰৰ খং উঠিল, আৰু সেই ঠাইলৈ আহি কবলৈ ধৰিলে— “ধিক্‌ দুষ্ট! ধিক্! তই মিথ্যাবাদী। মোক ৰাজ্য দান কৰি তই আকও তাক লব খুজিছ।” ৰজাই এই কৰ্কশ কথা শুনি কম্পিতভাৱে “মই যাওঁ” এই বুলি ভাৰ্য্যাৰ হাতত ধৰি পুনৰায় যাবলৈ আৰম্ভ কৰিলে। তেওঁ এই দৰে সেই সুকুমাৰী, শ্ৰমাতুৰা, প্ৰিয়া ভাৰ্য্যাক হাতত ধৰি লৈ যাওঁতে বিশ্বামিত্ৰে হাতৰ লাখুটিৰে কুৱঁৰীক প্ৰহাৰ কৰিলে; কিন্তু তেওঁক সেইৰূপে মৰা দেখিও হৰিশ্চন্দ্ৰে “মই যাওঁ” এই কথাত বাজে আন একো নকলে!

এই দৰে শৈব্যা ভাৰ্য্যা আৰু শিশু সন্তানটিৰে সৈতে লাহে-লাহে গৈ তেওঁ দিব্য বাৰাণসী নগৰ পালে। এই নগৰত কোনো মানুহৰ অধিকাৰ নাই, সি সদাশিৱৰ সম্পত্তি; এতেকে হৰিশ্চন্দ্ৰে ৰাজ্যদান কৰাৰপৰা বিশ্বামিত্ৰৰ তাত অধিকাৰ জন্মা নাছিল। ৰজাই ভাৰ্য্যাপুত্ৰেৰে সৈতে অতি দুখেৰে খোজ কাঢ়ি গৈ সেই নগৰত সোমায়ে বিশ্বামিত্ৰক দেখা পালে। তেতিয়া হৰিশ্চন্দ্ৰই অতি বিনীতভাবে হাতযোৰ কৰি বুলিলে, “হে ঋষিৰাজ! এই মোৰ প্ৰাণ, এইটি মোৰ পুত্ৰ আৰু এই জনা ভাৰ্য্যা, এই বিলাকৰ ভিতৰৰ যাৰ দ্বাৰা আপোনাৰ কাৰ্য্য চলে, তাকে আপুনি গ্ৰহণ কৰোক, নাইবা, আমি আন কি কৰিব লাগে, আজ্ঞা কৰোক!”

 এই কথা শুনি বিশ্বামিত্ৰে উত্তৰ দিলে, “মহাৰাজ! এমাহ পূৰ হৈ গল, তোমাৰ যদি নিজৰ প্ৰতিজ্ঞা মনত আছে, তেন্তে মোক দক্ষিণা দিয়াঁ।” ৰজাই উত্তৰ কৰিলে, “হে তপোধন! আজিয়েই মাহৰ মূৰ পৰিছে মাথোন; এই দিনৰ এতিয়াও আধা শেষ আছে, এই আধা দিন আপুনি বাট চাওক, অধিক কাল অপেক্ষা কৰিব নেলাগে।” বিশ্বামিত্ৰে কলে, “উত্তম কথা, মই পুনৰায় আহিম, কিন্তু আজিৰ দিনৰ ভিতৰতে দক্ষিণা নিদিলে মই নিশ্চয়ে শাপ দিম।” এই কথা কৈ তেওঁ গুচি গল। ইফালে “মোৰ অঙ্গীকৃত দক্ষিণা কেনেকৈ দিম? মোৰ ধন নাই, ধনৱন্ত মিতিৰো নাই; দক্ষিণাৰ ধন কত পাম? দান লবৰ মোৰ অধিকাৰ নাই; এতেকে ভিক্ষা কৰিবও নোৱাৰোঁ। প্ৰাণকে পৰিত্যাগ কৰিম নে কি? নাইবা কি কৰিম? কলৈ যাম? অঙ্গীকাৰ ৰক্ষা নৌ কৰোঁতেই যদি মোৰ মৃত্যু হয়, তেন্তে ব্ৰহ্মস্ব হৰণৰ পাপৰ নিমিত্তে কৃমি কীট হব লাগিব, আৰু মোৰ কেতিয়াও সদগতি নহব।” এইৰূপে চিন্তা কৰি কৰি ৰজা অতিশয় ব্যাকুল হল। ৰজাক চিন্তিত আৰু মূৰ দোৱাঁই দুঃখিত ভাবে থকা দেখি তেওঁৰ পত্নীয়ে শোকাকুল আৰু গদগদ মাতেৰে ৰজাক সম্বোধন কৰি, কবলৈ ধৰিলে, “মহাৰাজ! ভাৱনা ত্যাগ কৰোক, আপোনাৰ সত্যক ৰক্ষা কৰোক, সত্য-ভ্ৰষ্ট মানুহ শ্মশানৰ দৰে বৰ্জ্জনীয়; হে পুৰুষ শ্ৰেষ্ঠ! সত্যৰক্ষাতকৈ আন ধৰ্ম্ম নাই। যি আপোনাৰ বাক্য নেৰাখে তাৰ হোম, যজ্ঞ, বেদ-পাঠ আৰু দান ইত্যাদি সকলো কাৰ্য্য নিস্ফল! ধৰ্ম্মশাস্ত্ৰে সত্যক সকলোতকৈ শ্ৰেষ্ঠ বুলি কৈছে। সত্যক ৰক্ষা কৰিলে যেনেকৈ সদ্গতি হয়, নকৰিলেও সেই দৰে অধোগতি হয়! যি লোকে সাতোটা অশ্বমেধ যজ্ঞ আৰু ৰাজসূয় যজ্ঞ কৰিছে, তেৱোঁ এবাৰ অসত্য কথা কলে স্বৰ্গৰপৰা পতিত হয়। মহাৰাজ! “মোৰ পুত্ৰ হৈছে”–এই বুলি কুৱঁৰীয়ে বৰকৈ কান্দিবলৈ ধৰিলে,আৰু লোতকেৰে তেওঁৰ চকু আবৃত দেখি ৰজাই তেওঁক এইৰূপে কলে, “কল্যানি!তোমাক কন্দা দেখি লৰাটিয়ে ভয় খাইছে, শোক এৰা আৰু কি কব খুজিছিলা শীঘ্ৰে কোৱাঁ।”

 স্বামীৰ কথা শুনি কুৱঁৰীয়ে বুলিলে, “মহাৰাজ! সন্ত সকলে পুত্ৰৰ নিমিত্তেই ভাৰ্য্যাৰ প্ৰয়োজন বুলি কৈছে; মোৰ পুত্ৰ আছে; এতেকে মোক বেচি যি ধন পায়, তাৰেই ঋষিক দক্ষিণা দিওক।” এই কথা শুনি ৰাজা মূৰ্ছিত হল পাছে পুনৰ জ্ঞান পাই বৰ শোকেৰে বিলাপ কৰি কবলৈ ধৰিলে, “ভদ্ৰে। তুমি যে মোক এনে কথা কলা, ই বৰ দুখৰ বিষয়।পৰম প্ৰীতিৰে আমি হাঁহি-মুখেৰে আলাপ কৰিছিলোহঁক,মোৰ পাপৰ গুণে তুমি তাকো পাহৰিলা নে? হায়! হায়!এনে নিষ্ঠুৰ কথা তুমি কেনেকৈ কলা? সি দুৰ্ব্বচন, মই তাক কেনেকৈ পালন কৰিম?” এই কথা বুলি ৰজাই আপোনাক অনেক বাৰ ধিক্কাৰ কৰিলে, আৰু পুনৰায় মুছকঁছ গৈ ঢলি মাটিত পৰিল।

৮ পাঠ।
হৰিশ্চন্দ্ৰ ৰাজাৰ উপাখ্যান (ক্ৰমাগত )
Story of Raja Harish Chandra ( Continued. )

 তেতিয়া হৰিশ্চন্দ্ৰক এই দৰে মাটিত পৰি থকা দেখি তেওঁৰ কুৱঁৰীয়ে অত্যন্ত শোকেৰে কবলৈ ধৰিলে, “হায়! কাৰ অভিশাপত তোমাৰ এই দশা হৈছে? পূৰ্ব্বে তুমি মৃগৰ নোমেৰে বোৱা বহুমূল্য কাপোৰেৰে আবৃত শয্যাত শুইছিলা, আজি মাটিত পৰি আছা। হে স্বামী! তুমি আগেয়ে কোটি কোটি টকা ব্ৰাহ্মণক দান কৰিছিলা, আজি মাটিত শুইছা। হায়! কি দুখ! দৈৱৰ কেনে শক্তি! সি ইন্দ্ৰ আৰু বিষ্ণুৰ তুল্য এই মহাৰাজাৰ এনে দুৰ্গতি কৰিছে!” এই কথা কৈ স্বামীৰ দুখ সহিব নোৱাৰি তেৱোঁ মূৰ্চ্ছি‌তা হল। পিতৃ-মাতৃক এইৰূপ মুছকঁছ গৈ মাটিত পৰি থকা দেখি লৰাটিয়ে “হে পিতৃ! পিতৃ! অ! আই! আই! উঠা, মোৰ বৰকৈ ভোক লাগিছে, মুখ শুকাই গৈছে, মোক কি আছে খাবলৈ দিয়া।” এই বুলি কান্দিবলৈ ধৰিলে।

 এনে সময়তে মহৰ্ষি বিশ্বামিত্ৰ কালান্তক যমৰ নিচিনা খঙ্গেৰে দক্ষিণাৰ ধন খুজিবলৈ আহি উপস্থিত হল, আৰু ৰজা হৰিশ্চন্দ্ৰক মূৰ্চ্ছিত হৈ মাটিত পৰি থকা দেখি তেওঁৰ মূৰত কমণ্ডলুৰ পানী ছটিয়াই এই দৰে বুলিলে, “হে ৰাজেন্দ্ৰ! উঠাঁ, মোক অঙ্গীকৃত দক্ষিণা দিয়াঁ। ধৰুৱা মানুহৰ নিত্যে নিত্যে দুঃখ বাঢ়ি যায়। সেই শীতল জলৰ স্পৰ্শত ৰজাই চেতন পাই বিশ্বামিত্ৰক দেখিলে, আৰু পুনৰায় মূছকঁছ গল। তাতে তেওঁ বৰ ৰাগান্বিত হৈ ৰাজাক সম্বোধন কৰি বুলিলে, “যদি তোমাৰ ধৰ্ম্ম ৰক্ষাৰ ইচ্ছা আছে, তেন্তে মোক তোমাৰ অঙ্গীকৃত দক্ষিণা দিয়াঁ। সত্য ৰক্ষা কৰিবৰ নিমিত্তেই সূৰ্য্যে দীপ্তি দিছে সত্যতে পৃথিবী ৰৈ আছে, সত্যেই পৰম ধৰ্ম্ম বুলি উক্ত হৈছে; স্বৰ্গো সত্যতে আছে; এহেজাৰ অশ্বমেধ আৰু এক সত্যক তুলত জুখিলে অশ্বমেধ হাজাৰেতকৈ সত্য গধুৰ হয় কিন্তু তুমি অনাৰ্য্য, পাপ- মতি ক্ৰুৰ আৰু মিছলীয়া। তোমাক এই বিলাক কথা কোৱাৰ প্ৰয়োজন নাই; তথাপি হে ৰাজা! ম‍ই তোমাক সদ্ভাৱেৰে কওঁ শুনা, আজি তুমি বেলি মাৰ যোৱাৰ আগেয়ে যদি মোক দক্ষিণা নিদিয়া, তেন্তে মই তোমাক নিশ্চয় শাপি ভস্ম কৰিম। এই কথা কৈ তেওঁ উলটি গল। ইফালে “কলৈ যাম? কি কৰিম? কাক ধন খুজিম?” এইৰূপ চিন্তা আৰু ভয়ত ৰজা বিহ্বল হল। তেওঁৰ তেনে অৱস্থা দেখি তেওঁৰ ভাৰ্য্যাই পুনৰায় তেওঁক মাত লগাই বুলিলে, “মহাৰাজ! আপুনি মোৰ কথাৰ দৰে আচৰণ কৰোক, তেনেহলে ঋষিৰ শাপাগ্নিৰ দ্বাৰা ভস্ম হব নেলাগিব? পুনঃ পুনঃ কুৱঁৰীয়ে এইৰূপে উদগোৱত ৰজাই কলে, “প্ৰিয়ে! ম‍ই নিকৰুণ তোমাক বিকিম, এনে দুৰ্ব্বাক্য যদি মোৰ মুখে ওলায়, তেন্তে ঘোৰ নিষ্ঠুৰ মানুহেও যাক কৰিব নোৱাৰে, মই আজি সেই কাম কৰিম।” ভাৰ্য্যাক এই কথা কৈ ৰজা অতিশয় শোকত চকুৰ লোতকেৰে তিতি নগৰলৈ গল, আৰু গদ্গদ মাতেৰে উচ্চস্বৰে কলে, “হে নগৰীয়া লোক সকল! মোৰ কথা শুনা, আৰু যদি মই কোন, তাক সোধা তেন্তে মই মানুহ নহওঁ, ৰাক্ষস, নাইবা ঘোৰ নিষ্ঠুৰ আৰু মহাপাপী বুলি জানিবা; কিয়নো মই মোৰ প্ৰিয় ভাৰ্য্যাকো বেচিবলৈ আহিছোঁ, তথাপি মোৰ প্ৰাণ যোৱা নাই। মোৰ প্ৰাণপ্ৰিয়াক দাসী কৰি লবৰ যদি তোমালোকৰ কোনো জনৰ প্ৰয়োজন আছে, তেন্তে, তেওঁ শীঘ্ৰ মোৰ জীৱন নৌ যাওঁতেই, সেই কথা কওক।”

 এনে সময়তে এজন বুঢ়া বামুণ আহি ৰজাক মাত লগাই, বুলিলে, মই ধন দি কিনো, মোক দাসী দে মোৰ বহু ধন আছে, আৰু মোৰ ভাৰ্য্যা অতি সুকুমাৰী, তেওঁ ঘৰৰ কাম কৰিব নোৱাৰে এতেকে মোক এজনী দাসী লাগে।তোৰ ভাৰ্য্যাৰ কাৰ্য্য-দক্ষতা, বয়স, ৰূপ আৰু স্বভাৱৰ উচিত এই মূল্য মই দিছোঁ, মোক সেই তিৰোতা দে। ব্ৰাহ্মণৰ এই কথা শুনি হৰিশ্চন্দ্ৰ ৰাজাৰ শোকেৰে বুকু ফাটি যোৱা যেন হৈ মুখে মাত নোলাল। তেতিয়া সেই বামুণে ৰজাৰ বাকলি বসনৰ আঁচলত ধন বান্ধি দি ৰাজ-মহিষীৰ হাত বান্ধিলে, আৰু চুলিত ধৰি টানি নিলে। মাকক এই দৰে দিয়া দেখি শিখণ্ড-ধাৰী ৰাজকুমাৰ ৰোহিতাশ্বে মাকৰ আঁচল টানিবলৈ ধৰিলে।

 তেতিয়া ৰাজপত্নীয়ে অতিশয় কাতৰ মাতেৰে কলে, “হে আৰ্য্য ! হে পিতৃ ! মোক আলপমান এৰোক, ম‍ই মোৰ লৰাটিক চাই লওঁ, পাচে আৰু ইয়াক দেখিবলৈ নেপাওঁ এই বুলি পুতেকক সম্বোধন কৰি কলে, “হে ৰাজকুমাৰ ! ম‍ই এতিয়া লোকৰ দাসী হলোঁ, তোমাৰ মই অস্পৃশ্যা মোক নুছুবা।” তেতিয়াও মাকক টানি নিয়া দেখি সেই বালকে “আই আই” বুলি পাচে পাচে যাবলৈ ধৰিলে; সেই কাৰণে ক্ৰোধান্বিত হৈ, ব্ৰাহ্মণে কোৱঁৰক গোৰ মাৰি দিলে, তথাপি বালকে মাকৰ আঁচল নেৰিলে, তাতে ৰাজপত্নীয়ে অতি বিনয়-বাক্যেৰে বুলিলে, হে নাথ ! আপুনি অনুগ্ৰহ কৰি এই লৰাটিকো কিনি লওক; কিয়নো আপুনি মোক কিনিছে হয়; কিন্তু ই মোৰ লগত নেথাকিলে মই আপোনাৰ কোনো কাম কৰিব নোৱাৰিম। এতেকে, এই হতভাগিনীৰ প্ৰতি প্ৰসন্ন হওক, আৰু গাইৰে সৈতে দামুৰিৰ দৰেমোৰে সৈতে মোৰ সন্তানটিক লগ লাগাওক।” তেতিয়া ব্ৰাহ্মণে ৰাজাক সম্বোধন কৰি কলে, “মোৰ হাতত ধনৰ যি অৱশেষ আছে তাক লৈ এই লৰাটো মোক দে।,” এই বুলি তেওঁৰ কাপোৰত ধন বান্ধি দিলে, আৰু লৰাটিক মাকে সৈতে একে লগে বান্ধি আঁজুৰি লৈ গল। তেতিয়া স্ত্ৰী- পুত্ৰক এইৰূপে লৈ যোৱা দেখি ৰজাই মহাশোকেৰে বিলাপ কৰিবলৈ ধৰিলে,—“হায় হায় ! যাক চন্দ্ৰ, সূৰ্য্য, বায়ু আৰু ইতৰ মানুহে কেতিয়াও দেখিবলৈ নেপাইছিল, মোৰ সেই ভাৰ্য্যা এতিয়া লোকৰ দাসী হল। সূৰ্য্য-বংশত জাত এই সুকুমাৰ লৰাটিও বেচা গল। হা ধিক্‌! মোৰ সমান দুৰ্ম্মতি মানুহ পৃথিবীত নাই। হা প্ৰিয়ে! হা পুত্ৰ! মোৰ, অনাৰ্য্যৰ পাপৰ দ্বাৰা তোমালোকৰ এনে দশা হৈছে; তথাপি মোৰ প্ৰাণ যোৱা নাই। ধিক্ ধিক্‌!” এইৰূপে ৰাজাই বিলাপ কৰি থাকোঁতেই সেই বামুণে কোৱঁৰ আৰু কুৱঁৰীক লৈ গৈ অনেক ওখ গছ আৰু ঘৰৰ আঁৰ হল; এনেতে বিশ্বামিত্ৰ পুনৰায় ৰজাক ধন খুজিলে হি। তাতে হৰিশ্চন্দ্ৰে স্ত্ৰী পুত্ৰকে বেচি পোৱা ধন তেওঁক সমৰ্পিলে। কিন্তু সেই ধন অলপীয়া দেখি ঋষিয়ে শোকান্বিত ৰাজাক মাত লগাই বুলিলে, “দুৰাচাৰ ক্ষত্ৰিয়! মোক যজ্ঞৰ দক্ষিণা ইমান হে দিয় নে? ই মোৰ যোগ্য হৈছেনে? আজি মই তোক মোৰ শক্তি দেখাম। তই মোৰ তপস্যা, নিৰ্ম্মল ব্ৰহ্ম-তেজ, উগ্ৰ প্ৰভাৱ আৰু বেদ-পাঠৰ ক্ষমতা বুজিবি।” এই কথা শুনি ৰজাই কাকূতি কৰি কলে, “হে প্ৰভু! পুত্ৰ ভাৰ্য্যা, দুইকো বেচি যি ধন পাইছিলোঁ, সেই সকলোখিনি আপোনাক দিছোঁ, আৰু মোৰ ধন নাই; আন এক সময়ত বাকী ধন দিম, আজিলৈ মোক ক্ষমা কৰোক।” তেতিয়া বিশ্বামিত্ৰে উত্তৰ দি বুলিলে, “এই দিনৰ দি চতুৰ্থ ভাগ অৱশিষ্ট আছে, সেইখিনি কাল মই অপেক্ষা কৰিম, আৰু অধিক কথা নকবি।” এইৰূপে নিৰ্দ্দয় আৰু কৰ্কশ কথা কৈ, ৰজাই দিয়া ধন লৈ কৌশিক ঋষিয়ে প্ৰস্থান কৰিলে।

৯ পাঠ।
হৰিশ্চন্দ্ৰৰ উপাখ্যান ( ক্ৰমাগত )
The Story of Raja Harish Chandra (Continued.)

 বিশ্বামিত্ৰ গলত ৰজা ভয় আৰু শোকসাগৰত তল গল, পাচে সকলো কথা গমি উচ্চস্বৰে এই কথা কলে, “মোক ধন দি দাস কৰিলবৰ যদি কোনো লোকৰ আৱশ্যক আছে, তেন্তে তেওঁ শীঘ্ৰে সূৰ্য্যদেৱতা অস্ত নৌ হওঁতেই, সেই কথা কওক।” এই কথাৰ অন্তত অতি কুৰূপ, কুকুৰবিলাকেৰে আবৃত আৰু হাতত টোকোন লোৱা এটা চণ্ডালে আহি বুলিলে, “হেৰা ! ম‍ই তোক কিনিব খুজিছোঁ, তোৰ বেচ কি ? অলপ নে বহুত, বেগেতে ক৷” ৰজাই তাৰ সে বিকট আকৃতি আৰু তাক অতি নিৰ্দ্দয় যেন দেখি সুধিলে, “তুমি কোন ?” চণ্ডালে উত্তৰ কৰিলে, “মই এই ঠাইৰ প্ৰবীৰ নামেৰে চাণ্ডাল, মৰা মানুহৰ কাপোৰ বেচি উপজীব্য কৰোঁ; ইয়াক এই নগৰৰ সকলোৰে জানে।” তাতে ৰজাই উত্তৰ দি বুলিলে, “মই চাণ্ডালৰ দাসত্বৰূপ গৰ্হিত কাৰ্য্য কৰিবলৈ ইচ্ছক নহওঁ; ঋষিৰ শাপত বৰং দগ্ধ হম, তেও চণ্ডালৰ অধীন হব নোৱাৰোঁ৷” তেওঁ এই কথা কওঁতেই বিশ্বামিত্ৰ উপস্থিত হল হি, আৰু খঙ্গেৰে চকু পকাই ৰজাক কলে, “এই চাণ্ডালে তোক বহুত ধন দিব খুজিছে, সেই ধন লৈ মোক যজ্ঞৰ দক্ষিণা নিদিয় কিয় ?” ৰজাই কলে “প্ৰভু ! আপুনি জানে, মই সূৰ্য্য-বংশত জন্ম, ধনৰ লোভত কেনেকৈ চাণ্ডালৰ দাস হম ? এই কথা শুনি বিশ্বামিত্ৰে বুলিলে “যদি তই চাণ্ডালত বেচা গৈ উচিত সময়ত মোক দক্ষিণা নিদিয়, তেন্তে নিশ্চিয়ে তোক মই শাপিম।”

 তেতিয়া হৰিশ্চন্দ্ৰ ৰাজা চিন্তা-সাগৰত মগ্ন হৈ অতি বিহ্বল- ভাৱে চৰণত ধৰি কবলৈ ধৰিলে, “হে ঋষিৰাজ ! মোৰ প্ৰতি প্ৰসন্ন হওক, মই আপোনাৰ ভক্ত, বৰ ভয় পাইছোঁ : যি অৱশিষ্ট ধন দিব লগীয়া আছে, তাৰ বাৱে মই আপোনাৰ দাস হৈ থাকিম অনুগ্ৰহ কৰি মোক চাণ্ডালৰ সঙ্গী হোৱাৰ কষ্টৰপৰা ৰক্ষা কৰোক।” এই বলি কাকূতি কৰাত বিশ্বামিত্ৰ ঋষিয়ে ৰজাক সম্বোধন কৰি কলে, “উত্তম কথা, তই যদি মোৰ দাস হৈছ তেন্তে মই এক অৰ্ব্বুদ টকাৰ নিমিত্তে তোক এই চাণ্ডালত বেচিলোঁ !” এই কথা শুনি চাণ্ডালে অতিশয় আনন্দেৰে বিশ্বামিত্ৰক সেই ধন দিলে, আৰু ইষ্ট-বন্ধুৰ বিয়োগত ব্যাকুল হৈ থকা ৰাজাক বান্ধি টোকোনেৰে টঙ্গনিয়াই আপোনাৰ ঘৰলৈ লৈ গল। তেতিয়া হৰিশ্চন্দ্ৰ ৰজাই সেই চাণ্ডালৰ ঘৰত থাকি সদায় ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি ইয়াকে মাত্ৰ কৈছিল যে, “হায় ! মোৰ সেই ম্লানমুখী ভাৰ্য্যাই লৰাটিৰ মলিন মুখ দেখি, কি জানি, এই দৰে ভাবিছে, ৰজাই ধন ঘটিব, আৰু বামুণক টকা দি আমাক মোৰলাব'; কিন্তু হায় ! মই যে কি ঘোৰ পাতক কৰিছোঁ, সেই মৃগাক্ষীয়ে তাক নেজানে। মোৰ ৰাজ্য গল, বন্ধুবিচ্ছেদ হল, স্ত্ৰী পুত্ৰ বেচা গেল, শেষত আপুনিও চাণ্ডালতাক পালোঁ। হায় হায় ! ম‍ই কিমান দুখ ভোগ কৰিব লাগিছোঁ ! মোৰ কি কপাল !” সৰ্ব্বস্বহীন হোৱা সেই ৰজাই এইৰূপে নিতৌ পৰমপ্ৰিয় পুত্ৰ ভাৰ্য্যাক সুৱঁৰি অতিশয় দুখেৰে কাল নিয়াবলৈ ধৰিলে।  কিছু কালৰ মূৰত মৰাৰ কাপোৰ হৰণ-কৰা চণ্ডালৰ অধীনে হৰিশ্চন্দ্ৰ শ্মশানৰ ৰজা হল, আৰু সেই চাণ্ডালে তেওঁক মৰা শৱলৈ অপেক্ষা কৰি-দিনে ৰাতিয়ে মৰিশালিত থাকিবলৈ আদেশ কৰি কলে যে, 'প্ৰত্যেক শৱৰ কাপোৰৰ পৰা যি লাভ হয়, তাৰ ছ ভাগৰ এভাগ ৰজাৰ ঘৰত শোধাব লাগে, তিনি ভাগ মোৰ প্ৰাপ্য, আৰু দুভাগ তোৰ পৰিশ্ৰমৰ বেচ।” হৰিশ্চন্দ্ৰে সেই আজ্ঞা পাই বাৰণসীৰ দক্ষিণ ফালে থকা শ্মশানলৈ গল। সেই ঠাই কুকুৰ, শিয়াল, শগুণ আৰু মানুহৰ মূৰৰ খোলাৰে পৰিপূৰ্ণ, ধোঁয়াৰে আবৃত আৰু অত্যন্ত দুৰ্গন্ধি। সি মানুহৰ তেজ, মাংস আৰু তেলেৰে লিপ্ত। তাত ভূত, পিশাচ, ডাইনী আৰু যক্ষ- বিলাকে সদায় বাস কৰে, আৰু মৃতকৰ মিতিৰ কুটুমবিলাকে “হা পুত্ৰ! হা মিত্ৰ! হা বন্ধু! হা প্ৰিয়া! হা স্বামী! অ ভাই! ঔ ককাই! ঔ আই! ঔ মোমাই! ঔ ভগিন! কলৈ গলা?” এই বুলি অতিশয় দুখেৰে আৰু উচ্চস্বৰে কৰা চিৎকাৰৰ দ্বাৰা মানুহৰ কাণত তাল লাগিবলৈ ধৰিলে! আধ পোৰা শৱৰ ওঁঠ সঙ্কুচিত হৈ দাঁত দুপাৰি ওলোৱাত বোধ হয় যেন সি শৰীৰৰ এনে দশা হয় বলি ব্যঙ্গ কৰি হাঁহিছে। জুইৰ চট্‌ চট্‌ ধ্বনি, কাউৰীয়ে হাড় খোঁটাৰ শব্দ আৰু মৰাৰ মিত্ৰ-কুটুম্বৰ কান্দনৰ স্বৰ শুনি আনৰ বেজাৰ আৰু ভয় লাগে, কেবল চাণ্ডালে মাথোন আনন্দ পায়। ভূত, প্ৰেত, পিশাচবিলাকৰ কোহালত প্ৰলয়ৰ কাল হৈছে যেন বোধ হয়।

 হৰিশ্চন্দ্ৰ ৰজাই সেই ঠাই পাই অতিশয় শোকাকুলিত মনেৰে কবলৈ ধৰিলে, “হা মন্ত্ৰী! হা বিপ্ৰসকল! হা ভাতৃবিলাক! হা শৈব্যা! হা পুত্ৰ! বিশ্বামিত্ৰৰ খঙ্গৰ দ্বাৰা ভাগ্যহীন হোৱা মোক এৰি তোমালোক কলৈ গলা?” তেওঁ এইৰূপে সদায় বিলাপ কৰি কৰি চাণ্ডালৰ আদেশ পালি কাম কৰিবলৈ ধৰিলে; আৰু এই ভাগ ৰজাৰ, “এই ভাগ প্ৰধান চাণ্ডালৰ, এই ভাগ মোৰ', নিত্যে ইয়াকে কৈ জীয়াই থাকোঁতেই পুনজন্ম পোৱা যেন হল। বহু-গাঁঠি দিবা ফটা কঁথা তেওঁৰ শৰীৰৰ আবৰণ; মুখ, বাহু, পেট এই বিলাক চিতাৰ ভস্মেৰে এবং আঙ্গুলি আৰু ডিঙ্গি মৰাৰ তেজ, মংস আৰু তেলেৰে লিপ্ত; মৃতকৰ উদ্দেশে দিয়া অন্নেই তেওঁৰ আহাৰ, আৰু মৰাৰ মালা তেওঁৰ শিৰৰ ভূষণ হৈছিল। ৰাতি আৰু দিন কেতিয়াও তেওঁৰ টোপনি নাছিল, আৰু মুখত সদায় হায় হায় শব্দ; এইৰূপে হৰিশ্চন্দ্ৰ ৰজাই বাৰ মাহ গত কৰিলে। সেই কাল তেওঁৰ মনত এশ বছৰৰ সমান যেন লাগিছিল। হৰিশ্চন্দ্ৰ ৰজাই এই অৱস্থাত বাস কৰোঁতে এদিন তেওঁৰ কুৱঁৰীয়ে সৰ্পৰ দংশনত গতায়ুস তেওঁৰ লৰাটিক কোলাত লৈ “অ! পুত্ৰ! অ! বৎস! মোক এৰি কলৈ গলা? বাৰম্বাৰ এই বুলি অতি ক্ষীণ আৰু মলিন বেশেৰে শ্মশানলৈ আহি বিলাপ কৰিবলৈ ধৰিলে—“হে মহাৰাজ! আপুনি পূৰ্ব্বে এই লৰাটিক অতিশয় আনন্দেৰে ধেমালি কৰি ফুৰা দেখিছিল, আজি চাওক সি সাপৰ কামোৰত প্ৰাণ এৰি মাটিত পৰি আছে।” তেওঁৰ কান্দনৰ শব্দ শুনি পুতেকৰ কাপোৰ হৰণ কৰিবৰ কাৰণে ৰজা হৰিশ্চন্দ্ৰ বেগাই সেই ঠাইলৈ আহিল। কিন্তু ৰাজপত্নী বহুদিন কষ্টত থকাৰ নিমিত্তে বিবৰ্ণ আৰু কুৰূপ হৈ পুনৰ্জন্ম পোৱা যেন হৈছিল, এই কাৰণে ৰজাই তেওঁক চিনিব নোৱাৰিলে। হৰিশ্চন্দ্ৰও অতি মলিন আৰু শুকান কাঠৰ নিচিনা হোৱা হেতু কুৱঁৰীয়েও তেওঁ কোন নেজানিলে। তেতিয়া ৰজাই সাপৰ বিষত গতায়ূস হোৱা বালকটিক ৰাজলক্ষ্মণযুক্ত দেখি ভাবিবলৈ ধৰিলে, “হায়! কোনোবা চক্ৰবৰ্ত্তী ৰজাৰ ঘৰত এই বালকৰ জন্ম হৈছিল; কিন্তু দুৰাত্মা যমে তাৰ এই দশা কৰিলে! ইয়াক দেখি মাকৰ কোলত শুই থকা মোৰ সন্তানটি মনত পৰে। যদি দুষ্ট যমে তাক মাৰি নিয়া নাই, তেন্তে মোৰ ৰোহিতাশ্বৰো আকৃতি আৰু বয়স ইয়াৰ তুল্য হব পায়।” সেই সময়তে কুৱঁৰীয়ে “হা পুত্ৰ! কাৰ শাপত আমাৰ এই কষ্ট হৈছে হা মহাৰাজ! হা নাথ! কলৈ গলা? মোৰ এই দুখৰ সময়ত এবাৰো মাত নলগোৱোঁ কিয়? তোমাৰ ৰাজ্য গল, বন্ধুবান্ধবেৰে বিচ্ছেদ হল, পুত্ৰ ভাৰ্য্যা বেচা গল। বিধাতা! হৰিশ্চন্দ্ৰ ৰজাৰ নো তুমি কি দুৰ্গতি নকৰিলা?” এই প্ৰকাৰে বিলাপ কৰি কান্দিবলৈ ধৰিলে। হৰিশ্চন্দ্ৰ ৰজাই তেওঁৰ এই বাক্য শুনি ভাৰ্য্যা আৰু মৃত পুত্ৰক চিনি পালে, আৰু এই জনী মোৰ শৈব্যা ভাৰ্য্যা, এইটি মোৰ সন্তান” এই বুলি অতিশয় দুখেৰে কান্দি মূৰ্চ্ছিত হল। কুৱঁৰীয়ে তেওঁক চিনি পাই আৰু তেওঁৰ তেনে দশা দেখি মূৰ্চ্ছিত হৈ মাটিত পৰিল। তাৰ পাচত দুয়ো চেতন পাই পুনৰায় বিলাপ কৰিবলৈ।

১০ পাঠ।
হৰিশ্চন্দ্ৰ ৰাজাৰ উপাখ্যান ( সমাপ্ত )
(The Story of Raja Harish Chandra ( Concluded )

 জাই বুলিলে, “হা পুত্ৰ! তোমাৰ কেনে সুন্দৰ ভ্ৰুৱ! কেনে শুৱনি নাক! কেনে সুন্দৰ চকু! তোমাৰ এনে দশা দেখি হোৰ হিয়া বিদৰি নেযায় কিয়? এতিয়া পিতৃ, পিতৃ বুলি মোৰ গুৰিলৈ কোন আহিব? ম‍ই বা বাপা, বাপা, বুলি কাক আকোৱালি ধৰিম? কাৰ আঠুৰ ধুলিৰে মোৰ গা, কোলা আৰু কাপোৰ মলিন হব? হা মোৰ, পুত্ৰ! বুকুৰ কুটুম! মোৰ পৰা তোমাৰ জন্ম; কিন্তু মই কু-পিতা, তোমাক সামান্য বস্তুৰ দৰে বিকিলো! মোৰ বিপুল ধন আৰু বৃহৎ ৰাজ্য হৰণ কৰিও সন্তুষ্ট নহৈ দৈৱস্বৰূপ নিষ্ঠুৰ সাপে শেষত সন্তানটিকো দংশিলে! এতিয়া সেই সৰ্পে দংশা পুত্ৰৰ মুখ দেখিয়েই বিষৰ দ্বাৰা মোৰ চকু অন্ধ হৈছে। হৰিশ্চন্দ্ৰ ৰজাই গদ্গদ বাক্যেৰে এইৰূপে বিলাপ কৰি সেই মৃত শিশুটিক বুকত লৈ পুনৰায় মূৰ্ছিত হল।

 তেতিয়া তেওঁৰ কুৱঁৰীয়ে বৰ শোকেৰে কবলৈ ধৰিলে “এওঁ সেই পুৰুষশ্ৰেষ্ঠ আৰু জ্ঞানীবিলাকৰ মনক পোহৰ কৰা চন্দ্ৰস্বৰূপ হৰিশ্চন্দ্ৰ ৰজা; তেওঁৰ বাক্য দ্বাৰায়ে ম‍ই তাক বুজিছো, ইয়াত কোনো সংশয় নাই। সেই বিখ্যাতকীৰ্ত্তি-মহাৰাজাৰ দৰে এওঁৰো উন্নত নাসিকা, আৰু কুন্দকলিৰ সদৃশ দাঁত। এই ৰজা আজি কৰ পৰা শ্মশানলৈ আহিল?” এই বুলি অতি আচৰিত মনেৰে আৰু স্বামীৰ দুখত পুত্ৰশোককো পাহৰি, সেই দুঃখিনী কুৱঁৰীয়ে মাটিত পৰি থকা ৰাজাক চাবলৈ ধৰিলে, আৰু তেওঁৰ স্বামীয়ে অতিশয় নিন্দিত আৰু চাণ্ডালৰযোগ দণ্ড পোৱা দেখি অতি দুঃখেৰে মূৰ্চ্ছিতা হল; পাচত চেতন পাই “ৰে নিদাৰুণ দৈৱ! তোৰ ধিক্! তই অতি নিলাজ আজ নিন্দিত; তই এই দেৱতুল্য ৰাজাক চাণ্ডাল কৰিলি। হৰিশ্চন্দ্ৰ ৰাজাৰ ৰাজ্যনাশ আৰু বন্ধু-বিচ্ছেদ হল তেওঁৰ পুত্ৰ-ভাৰ্য্যাও বেচা গল; তাতো তোৰ সন্তোষ নজন্মিল, তেওঁক তই চাণ্ডাল কৰিলি! হা মহাৰাজ! ম‍ই আজি ইমান দুখেৰে মাটিত পৰি আছোঁ মোৰ ওখ আৰু কোমল শয্যালৈ নোতোলা কিয়? আজি দেখোঁ তোমাৰ ছত্ৰ চামৰ-ব্যজন ভৃঙ্গাৰ-আদি একোৱেই নাই বিধাতাৰ কেনে বিড়ম্বনা! পূৰ্বে যাৰ আগে আগে ৰাজাবিলাকে ভৃত্যৰ দৰে নিজ কাপোৰৰ আঁচলেৰে মাটিৰ ধূলি সাৰি গৈছিল, আজি সেই হৰিশ্চন্দ্ৰ ৰজাই মৰা মানুহৰ মূৰৰ খোলাৰে, মৃতকৰ মালাৰে, শিয়াল, শগুন, আৰু শৱভক্ষণৰ দ্বাৰা আনন্দিত ভূত প্ৰেতেৰে আবৃত, চিতাৰ ধোঁৱাৰে অন্ধকাৰ আৰু অশুচি শ্মশানত অতি দুঃখেৰে নিবাস কৰিছে।” এই বুলি ৰাজ-পত্নীয়ে ৰজাৰ ডিঙ্গিত ধৰি অতি কাতৰ স্বৰেৰে কান্দি কান্দি আকও কবলৈ আৰম্ভ কৰিলে, “হে মহাৰাজ! ই স্বপ্ন নে সত্য, মোক নিশ্চয় কৰি কওক, মোৰ মন মোহিত হৈছে। হে ধৰ্ম্মজ্ঞ! আপুনি পৰম ধাৰ্ম্মিক; তথাপি আপোনাৰ এনে দশা হৈছে, এই কথা যদি সত্য হয় তেন্তে পৃথিবীত দেৱতা-ব্ৰাহ্মণাদিৰ পূজা আৰু পালনত একো ধৰ্ম্ম নাই; সত্যকথন, নিষ্কপটতা আৰু দয়া, এই সকলো বৃথা।” কুৱঁৰীৰ এই কথা শুনি দীঘল হুমুনিয়াহ কাঢ়ি গদ্গদ মাতেৰে হৰিশ্চন্দ্ৰ ৰজাই তেওঁ চাণ্ডাল হোৱাৰ সকলো বিবৰণ কলে, তাতে তেওঁৰ ভাৰ্য্যাই কান্দি কান্দি পুতেকৰ মৃত্যুৰ বৃত্তান্ত ৰজাক জনালে।

 তেতিয়া ৰজাই বুলিলে “প্ৰিয়ে! আৰু অধিক কাল দুখৰ উপাসনা কৰিবৰ মোৰ ইচ্ছা নাই; কিন্তু দুৰ্ভাগ্যৰ গুনে মই স্বাধীন নহওঁ, চাণ্ডালৰ অনুমতি নোহোৱাকৈ যদি অগ্নিতে প্ৰবেশ কৰোঁ তেন্তে পৰজন্মত আকৌ চাণ্ডাল হব লাগিব। মোৰ বংশ ৰক্ষক এটি মাথোন পুত্ৰ আছিল, মোৰ দুদ্দৈৱ-জলৰ সোঁতত সিও উটি গল। দুঃখ-সাগৰত পৰা লোকে প্ৰাণ এৰিব পাৰিলেই পাৰ পায়; কিন্তু মই পৰাধীন প্ৰাণ কেনেকৈ এৰোঁ? সি যিই হওক, কষ্টত পৰা মানুহে পাপলৈ ভয় নকৰে। পুত্ৰৰ বিয়োগত মানুহৰ যেনে দুঃখ হয় পশু-পক্ষীৰ জাতিত জন্ম, অসিপত্ৰ নৰক, আৰু বৈতৰণী, নদী এইবিলাকৰ কতো তেনে ন হয়। এতেকে, হে সুন্দৰি! মোৰ অপৰাধ ক্ষমা কৰিবা, মই পুত্ৰৰ শৱেৰে সৈতে জলা-জুইত জাঁপ দিওঁ; তুমি মোৰ কথা লোৱা। মই অনুমতি দিছোঁ বামুণৰ ঘৰলৈ উলটি যোৱা। যদি মই কিবা দান কৰিছিলোঁ, হোম-যজ্ঞ কৰিছিলোঁ, আৰু যদি মই গুৰু সকলক সন্তোষ দিছিলোঁ, তেন্তে পৰকালত পুত্ৰেৰে সৈতে তোমাৰ সাক্ষাৎ পাম। হে সুন্দৰি! যদি ম‍ই ইতিকিং কৰি, কঠিন কথা কৈ বা আন কোনো প্ৰকাৰে তোমাক কিবা দুখ দিছিলোঁ, তেনে হলে মই প্ৰাৰ্থনা কৰোঁ, মোক ক্ষমা কৰাঁ।”

 এই কথা শুনি কুৱঁৰীয়ে বুলিলে “মোৰো আৰু কষ্ট সহ্য নহয়, জুইত, সোমাই আপোনাৰ সহগামিনী হম।'তেতিয়া ৰজাই চিতা সাজি পুতেকৰ শৱ তাত তুলিলে, আৰু সভাৰ্য্যে কৰযোৰ কৰি হৃদয়ত থকা অনাদি, অনন্ত, পৰমাত্মা পৰমেশ্বৰক চিন্তিবলৈ ধৰিলে। ৰজাই সেইৰূপে চিন্তা কৰি থাকোঁতেই ইন্দ্ৰ সৈতে দেৱতাসকল ধৰ্ম্মক আগত লৈ উপস্থিত হল হি, আৰু ৰজাক সম্বোধন কৰি কলে “মহাৰাজ! শুনা— এই জনা ব্ৰহ্মা, এই জনা ভগবান্ ধৰ্ম্ম, এই সকল দেৱতা আৰু এই জনা বিশ্বামিত্ৰ মুনি। যাৰে সৈতে পূৰ্ব্বে তিনিও লোকত কোনোৱা মিত্ৰতা কৰিব নোৱাৰিলে, সেই বিশ্বামিত্ৰ স্বয়ং তোমাৰে সৈতে বন্ধুতাৰ কামনা কৰিছে।” তেতিয়া ইন্দ্ৰে বুলিলে, “মহাৰাজ! ম‍ই ইন্দ্ৰ, তোমাৰ গুৰিলৈ আহিছোঁ, তুমি তিনিও লোকক জিনিলা। তুমি এতিয়া পুত্ৰ ভাৰ্য্যাৰে সৈতে সশৰীৰে স্বৰ্গলৈ গতি কৰা, এনে অৱস্থা অন্য লোকৰ দুষ্প্ৰাপ্য; কিন্তু তুমি আপোনাৰ কাৰ্য্যৰ দ্বাৰা তাক লাভ কৰিলা।” ইয়াকে কৈ ইন্দ্ৰে, চিতাৰ ওচৰলৈ গৈ অপমৃত্যু- বিনাশক অমৃত বৰষিলে তাতে ৰজাৰ পুতেকে পুনৰায় জীৱন পাই সুকুমাৰ আৰু সুস্থশৰীৰ আৰু প্ৰসন্ন মনেৰে চিতাৰ পৰা নামিল। তেতিয়া হৰিশ্চন্দ্ৰ ৰজাই মৰা পুতেকক পুনৰায় পাই সভাৰ্য্যে অতি আনন্দিত হল আৰু ইন্দ্ৰক সম্বোধন কৰি বুলিলে, হে দেৱৰাজ! মোৰ গৰাকী চাণ্ডালৰ অনুমতি নোপোৱাকৈ ম‍ই স্বৰ্গলৈ যাব নোৱাঁৰো।” তাতে ধৰ্ম্মে ৰাজাক সম্বোধন কৰি কলে যে,হৰিশ্চন্দ্ৰক পৰীক্ষা কৰিবৰ কাৰণে তেৱেঁই চাণ্ডালৰ ৰূপ ধৰিছিল। পাচে ৰজাই ইন্দ্ৰৰ অনুমতি অনুসাৰে পুত্ৰ, ভাৰ্য্যা আৰু অযোধ্যা নগৰত থকা ভৃত্যবিলাকক লগত লৈ সশৰীৰে স্বৰ্গলৈ উঠিল।

১১ পাঠ।
খনীনত্ৰেৰ উপাখ্যান ( The Story of Khoninetra. )

 পূৰ্ব্বকালত খনীনেত্ৰ নামেৰে এজনা ৰজা আছিল। তেওঁ অপুত্ৰক হেতু পুত্ৰ পাবৰ কাৰণ পিতৃসকলক যজিবৰপূজিবৰ ইচ্ছাৰে মাংস আহৰণ কৰিবৰ কাৰণ এদিন অকলশৰে ধেনু- কাঁড় লৈ আৰু ঘোৰাত উঠি বনলৈ গল। হাবিৰ ওচৰ পাওঁতেই এটা হৰিণাই ওলাই আহি, ৰজাক সম্বোধন কৰি কলে, “মহাৰাজ! মোক বধ কৰি আপোনাৰ বাঞ্ছা সিদ্ধি কৰোক।” পহুৰ কথাত আচৰিত হৈ ৰজাই বুলিলে, “মোক দেখিলে মৰিবৰ ভয়ত আন পহু পলাই যায়, তই স্বয়ং মৃত্যুৰ মুখত পৰিব খুজিছ ইয়াৰ কাৰণ কি? হৰিণাই উত্তৰ কৰিলে, “মহাৰাজ! মোৰ পুত্ৰ নাই; এতেকে, মোৰ জীৱন অসাৰ্থক; এনে জীৱন আৰু অধিক কাল ৰাখিবৰ ইচ্ছা নকৰো।"

 এনে সময়তে আন এটা হৰিণাই আহি ৰাজাক কলে, “মহাৰাজ! মোক বধ কৰি মাংসৰ দ্বাৰা ধৰ্ম্মকৃত্য কৰোক, তাতে আপুনি বাঞ্ছিত ফল পাব, মোৰো উপকাৰ হব। আপুনি পুত্ৰ পাবৰ কাৰণে পিতৃ সকলক পূজিব খুজিছে; এই মৃগ অপুত্ৰক, তাৰ মাংসৰ দ্বাৰা আপোনাৰ পুত্ৰ লাভ কেনেকৈ হব? মানুহে যি কাম কৰিব খোজে, তাৰ উপযুক্ত বস্তুৰ আয়োজন কৰিব লাগে। আপুনি জানে, দুৰ্গন্ধি বস্তুৰ পৰা কেতিয়াও সুগন্ধৰ উৎপত্তি নহয়।” এই কথা শুনি ৰজাই বুলিলে, “এই মৃগে পুত্ৰৰ অভাৱত তাৰ সংসাৰত বৈৰাগ্য হোৱাৰ কাৰণ বুলি কৈছে; তোৰ নো জীৱনত বিৰাগ কিয় হৈছে ক-চোন?” হৰিণাই উত্তৰ কৰিলে, “মহাৰাজ! মোৰ বহুত পো-জী আছে; সিহঁতৰ চিন্তাই সদায় মোক দগ্ধ কৰে, হৰিণ-জাতিক সকলো প্ৰাণীয়ে সহজ বধিব পাৰে; এই কাৰণে কিবা জানি মোৰ মৰমৰ সন্তান-সন্ততিবিলাকক কোনোবাই হিংসে, এই ভয়ত সদায় মোৰ মন ব্যাকুল; মোৰ মনত মানুহ, সিংহ, বাঘ, শিয়াল আৰু এই কুকুৰ সকলোৰে পৰা সিহঁতৰ অনিষ্টৰ আশঙ্কা হয়। মোৰ সন্তানবিলাক বাহিৰলৈ গলে কিবা জানি সিহঁত জাল, ফান্দ বা অন্যপ্ৰকাৰ কুট-যন্ত্ৰত, নাইবা সিংহাদিৰ হাতত পৰে মোৰ মনত এনে নানা চিন্তা হয়। চাওকচোন মই কেনে ঘোৰ ভাৱনাত পৰি আছোঁ। এই চিন্তাতে মোৰ ৰাতিয়ে, দিনে সুখ শান্তি নাই। মই আপোনাক মোৰ দুখৰ কাৰণ কলো; এতিয়া প্ৰাৰ্থনা কৰো যেন আপুনি মোক বধ কৰি এই দুখৰ পৰা উদ্ধাৰ কৰোক ইমান কষ্ট পায়ো যে, ম‍ই স্বয়ং প্ৰাণ এৰা নাই, তাৰ কাৰণ এই যে যি আপোন-ঘাতী হয়, সি ‘অসূৰ্য্য' ( সূৰ্য্যৰ পোহৰ নথকা ) নামেৰে নৰকলৈ যায়; কিন্তু যজ্ঞৰ নিমিত্তে পশুৰ সৃষ্টি, এতেকে যজ্ঞত বধ কৰা হলে পশুৱে সদগতি পায়। পূৰ্ব্বে অগ্নি আৰু বৰুণ দুয়ো পশু আছিল, যজ্ঞত প্ৰাণ এৰি দীপ্তিমন্ত দেৱতা হল। এতেকে হে মহাৰাজ! মোৰ প্ৰতি সদয় হওক, আৰু মোক যজ্ঞৰ নিমিত্তে বধি ঊৰ্দ্ধ লোকত ঠাই দিওক। তাকে কৰিলে আপুনিও অভিলষিত পুত্ৰ পাব।”

 ইয়াৰ পাচত প্ৰথমটো হৰিণাই উত্তৰ কৰিলে, “মহাৰাজ! এওঁৰ বহু সন্তান, এতেকে এওঁ ধন্য, আৰু বধৰ আযোগ্য; মই দুৰ্ভগীয়া আৰু অপুত্ৰক এই কাৰণ মোৰ প্ৰাণ মাৰোক। “তেতিয়া দ্বিতীয়টো হৰিণাই পুনৰ মাত লগালে,মহাৰাজ! যি লোকে কেৱল এটা মাত্ৰ দেহৰ দুখ সহে,তেওঁ সুখীয়া; যাৰ দেহৰ সংখ্যা অনেক তেওঁৰ দুখো অধিক; আগেয়ে মই অকলৈ থকা কালত একেটা দেহৰে কষ্ট মাথোন পাইছিলোঁ, যেতিয়া ভাৰ্য্যা বিয়া কৰিলোঁ তেতিয়া মোৰ দুখ দুগুণ হল, আৰু তাৰ পাচত যেতিয়া সন্তানবিলাক জন্মিলে, তেতিয়া সিহঁতৰ সংখ্যা যিমান, মোৰ শৰীৰৰ সংখ্যাও সিমান হল আৰু সেই পৰিমাণে দুখো বাঢ়ি গল। মহাৰাজ! যি লোকে যাতনা নেপায়, তেৱেই ধন্য; মোৰ এই জীৱন কেৱল দুখৰ নিমিত্তেই হে হৈছে আৰু পৰকালতো সুখ নহয়, কাৰণ মোৰ সন্তানবিলাকৰ পোহপালৰ নিমিত্তে মই যিবোৰ কাৰ্য্য কৰিছো তদ্দ্বাৰা নিশ্চয়ে নৰকত হে মোৰ ঠাই হব।”

 সেই দুই হৰিণাৰ এইবিলাক বাদানুবাদ শুনি ৰজাই বুলিলে, “পুত্ৰৱন্ত নে অপুত্ৰক লোক সুখী তাক নিশ্চয় কৰিব নোৱাৰি মোৰ মন অস্থিৰ হৈছে। সন্তানৰপৰা মানুহৰ ইহকালত কষ্ট হয়, ই সচাঁ; কিন্তু এই কথাও মোৰ শুনা আছে যে, অপুত্ৰক লোক ধৰুৱা *[] হৈ থাকে। এতেকে জীৱ-হত্যা নকৰাকৈ পুত্ৰ- লাভৰ নিমিত্তে যজ্ঞ কৰিম। ইয়াকে কৈ তেওঁ নগৰলৈ উলটি গল।

 কোনো হৰিণাই যে ওপৰত লিখা কথা কৈছিল এনে নহয়, তাৰ দ্বাৰা মানুহে যে কোনো অৱস্থাত সম্পূৰ্ণ সুখ নেপায়; ইয়াকে মাথোন বুজোৱা হৈছে। আমি সদায় দেখিছোঁ, অপুত্ৰক লোকে পুত্ৰ পাবৰ নিমিত্তে ব্যাকুল; যাৰ আকৌ বহুত পুতেক-জীয়েক, তেওঁ সিহঁতৰ পোহপালৰ আৰু নৰিয়া চোৱাৰ চিন্তাতে সদায় দুখত কাল নিয়ায়; এতেকে এই সংসাৰত সম্পূৰ্ণৰূপে সুখীয়া কেও নাই। এই হেতু নিৰ্দ্দোষ কাম কৰি যি অলপ সুখ পোৱা যায় তাৰেই সন্তুষ্ট হৈ থাকিব লাগে।

অন্ত।

  1. Carbonic acid gas.
  2. Medical Jurisprudence.
  3. ব্ৰহ্মাস্ত্ৰ এবিধ জুই ওলোৱা অস্ত্ৰ। বোধ হয়, আগৰ কালৰ হিন্দুবিলাকে কলাই খাৰেৰে মৰা হিলৈৰ ব্যৱহাৰ জানিছিল, আৰু তাকে ব্ৰহ্মাস্ত্ৰ বা অগ্ন্যস্ত্ৰ বুলিছিল।
  4. ব্ৰাহ্মণ জন্মা মাত্ৰেই, ঋষি, দেৱতা আৰু পিতৃ এই তিনিৰ ধৰুৱা হয়। ব্ৰহ্মচাৰী হৈ বেদ পাঠৰ দ্বাৰা ঋষিৰ, যজ্ঞ কৰি দেৱতাৰ আৰু সন্তান উৎপাদনৰ দ্বাৰায় পিতৃ সকলৰ ধাৰশুজিৰ লাগে,—দ্বত্তক মীমাংসা।