সমললৈ যাওক

পদ্মা-পুৰাণ (ভাইঠেলি খণ্ড)

ৱিকিউৎসৰ পৰা

পদ্মা-পুৰাণ।
(ভাইঠেলি খণ্ড)



সংগ্ৰাহক আৰু প্ৰকাশক—
শ্ৰীমুকুন্দমল্ল বৰুৱা।
পোঃ আঃ নলবাড়ী
গাঁ‌ও—নিজ পকোৱা।

শ্ৰীহৰিনাৰায়ণ বৰুৱা।

ৰণাকুছি।
পোঃ আঃ আঠঘৰীয়া।

✷প্ৰথম সংস্কৰণ✷
১৮৫৩ শঁ‌ক।

প্ৰিণ্টাৰ—শ্ৰীশশিধৰ দত্ত;
নলবাড়ী বান্ধৱ প্ৰেচ।

 

পদ্মা-পুৰাণ।
(ভাইঠেলি খণ্ড)


সুকবি ৺নাৰায়ণদেৱ ৰচিত।


সংগ্ৰাহক আৰু প্ৰকাশক—
শ্ৰীমুকুন্দমল্ল বৰুৱা।
পোঃ অঃ নলবাড়ী
গাঁ‌ও—নিজ পকোৱা।

শ্ৰীহৰিনাৰায়ণ বৰুৱা।

ৰণাকুছি।
পোঃ আঃ আঠঘৰিয়া।

মূল্য ॥৵৹ আনা।

 

ভূমিকা।

 সৰু কালত মাৰেপূজা (মনসা পূজা) চাওঁতে অশিক্ষিত ওজাবিলাকে সুকনান্নি পদ গোৱা শুনি মনত ৰং লাগিছিল; তাতে আকৌ ওজা-পালিৰ নাচ-গান আৰু হাস্যোদ্দীপক কথাবোৰ দেখি শুনি তধা লাগি চাই আছিলোঁ।

 অলপ লিখা পঢ়া শিকি জনা বুজা হোৱাৰ পিছত বনিক জাতীয় স্থিৰ প্ৰতিজ্ঞ চন্দ্ৰধৰৰ জীৱনৰ ঘটনাৱলীয়ে মন আকৰ্ষণ কৰিব ধৰিলে। এই ঘটনাৱলীৰ সত্যতা উপলব্ধি কৰিবলৈ মন গল। গাওঁলীয়া অশিক্ষিত ওজাবিলাকে যি পদ গাই ফুৰে সেই পদ মুখ যোৰানি নে ইয়াৰ লিখা পুথি পোৱা যাই, এই বিষয় অনুসন্ধান কৰিবলৈ মন হয়। লাহে লাহে অনুসন্ধানৰ চেষ্টা কৰা হয়। বহুদিনৰ যত্ন আৰু অনুসন্ধানৰ ফলত এইটো বুজি পোৱা হ’ল যে, চন্দ্ৰধৰৰ জীৱনি পদ্য আকাৰে কাইথেলি আখৰেৰে হাতে লিখা অৱস্থাত আছে। সমুদায় অংশ আজিলৈ ছপাহৈ ওলোৱা নাই; আৰু ইয়াৰ পুথি সুকনান্নি পদ গোৱা ওজাবিলাকৰ প্ৰায় ঘৰে ঘৰে পোৱা যায়। ওজাবিলাকৰ বেছিভাগে পুথিখন দিবলৈ ইতস্ততঃ কৰে। কাৰণ তেওঁলোকৰ হেনো ব্যৱসায় হানী হয়।

 ই এখন সুকবি নাৰায়ণ দেৱৰ সুলেখনীৰপৰা ওলোৱা ধৰ্ম্ম ভাবাপন্ন প্ৰাচীন সুকবিতা। বোধ হয় এইবাবে ইয়াৰ নাম সুকনান্নি। এই পুথিখন মানুহ মাত্ৰৰে উপদেশ মূলক পুথি। সাহিত্যিক সকলৰ সাহিত্য, ঐতিহাসিক সকলৰ ইতিহাস স্বৰূপ, বনিকসকলৰ বানিজ্যত সহায়ক, কামাতুৰৰ কামাগ্নি নিৰ্ব্বাপক ব্ৰহ্মচৰ্য্যৰ ৰাবি ধাৰা, ৰসিকসকলৰ ৰসময় লীলাখেলা, সতী পতিব্ৰতা তিৰোতাসকলৰ আদৰৰ ধন, বেজসকলৰ বেজালিৰ উপাদান আৰু অসমীয়া সাহিত্য ভাণ্ডাৰৰ উজ্জ্বল ৰত্ন।

 এনে ৰত্নগৰ্ভা অমূল্য পুথিখন আজিলৈ হাতেলিখা অৱস্থাত থকাত কালক্ৰমে ই অসমীয়াৰ হাতৰপৰা নাইকিয়া হব পাৰে। ইয়াকে ভাবি অৰ্থ কষ্টৰ দিনত আৰ্থিক অৱস্থাৰ অকুলন স্বত্বেও কিয়দংশ ৰাইজৰ ওচৰত প্ৰকাশ কৰিবলৈ আগ বাঢ়িলোঁ। মোৰ হাতত যি খণ্ড পুথি পৰিছে সি একেবাৰে অপৰিমাৰ্জ্জিত আৰু অশিক্ষিত মানুহৰ লিখা বুলি অনুমান হয়। ইয়াৰ মূল লিখক সুকবি নাৰায়ণ দেব বুলি বুজা যায়। নাৰায়ণ দেবৰ পিতা নৰসিংহ বুলি জনা যায়। যথা:-

X X X X

নৰসিংহ সুত কবি নাম নাৰায়ণ।
ৰচিলা প্ৰবন্ধ কৰি ভবানী চৰণ॥
 (হাতে লিখা সুকনান্নি।)

X X X

 এওঁৰ জন্মভূমি এওঁৰ ৰচিত পুথিত লিখা নাথাকিলেও জনশ্ৰুতিমতে কামৰূপ জিলাৰ অন্তৰ্গত পচেৰিয়া গাওঁত বুলি জানা যায়।

 এওঁৰ ভাষা, ভাব, আচাৰ-ব্যৱহাৰেও এওঁক কামৰুপী বুলি প্ৰমাণ কৰে।

X X X

প্ৰথমে ললিতা শাকে  ভাজি তোলে ঘৃত পাকে
তাৰ সঙ্গে মোয়া আলু কাটি।
মৰিচা শাক ঘৃতে ভাজে  ময়দা দিয়া তাৰ মাজে
কবি শাকে জিৰা লং বটি।
জীম দিয়া ৰান্ধিলেক মাগুৰৰ জোল।
মূলা কাটি ৰান্ধি থৈলা থৈকাৰা অম্বল।

X X X

তোমাৰ মুখৰ বাণী প্ৰভু বৰ ভাল নহয়।
আপেন্তা বাঁহে কি পূৰাঠৰ কোব সই॥

X X X

 চন্দ্ৰধৰৰ বিষয় পৰিচয় পোৱা যায়—এওঁ বৰ্ত্তমান কামৰূপ জিলাৰ অন্তৰ্গত ছয়গাওঁৰ ওচৰত (ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণে) চৰকীয়া নামে ঠাইত চান্দৰ মেৰঘৰৰ ভগ্নাবশেষ আছে; সেইয়ে চম্পক নগৰ আছিল। চান্দ সদাগৰৰ ঘৰ যে আসাম প্ৰদেশৰ অন্তৰ্গত কামৰূপ জিলাত ইয়াত অলপো সন্দেহ নাই। কিয়নো হাতী মুৰা পাহাড়ত গোধাই বৰশি বোৱা চিন, ধুবুড়ীত নেতা ধুবুনীৰ ঘাটৰ ভগ্নাৱশেষ, হাজোত (দেৱৰ পুৰিত) লখিন্দাৰৰ পুনৰ্জ্জীৱিত সময় দেৱ সভাৰ চিন। ছয়গাওঁৰ ওচৰত কাকড়া সাগৰৰ চিন ইত্যাদিয়ে জল জল পট পটকৈ সাক্ষ্য দিব লাগিছে।

 প্ৰবাদ আছে যে, শাহে ৰজা অৰ্থাৎ পতিপ্ৰাণা বেউলাৰ বাপেকৰ ঘৰ কামৰূপ—শোৱালকুছিত আছিল।

 এই পুথিখনৰ ভাষা পুৰণি অসমীয়া ভাষা অৰ্থাৎ যি ভাষা পুৰণি কালত কামৰূপী বুলি জনাজাত আছিল।

X X X

যথা:-
 ছুলিকোছা দকিম বালাৰ হাৰোৱা চোৱঁৰ।
মূৰগোট দকিম বালাৰ ঝুনা নাৰিকল॥

X X X

সুবৰ্ণৰ খাট দিলা লখাইক ঘুমাইবাৰ।
মহৰি টানিয়া দিলা তাহাৰ উপৰ॥

X + X

 সীতা, সাবিত্ৰী, জয়মতী আদি সতীসকলে পৃথিবীত যি অক্ষয় কীৰ্ত্তি ৰাখি গৈছে, তাতকৈও বেউলাৰ সতীত্বৰ মাহাত্ম্য উচ্চ ধৰণৰ। কিয়নো সাবিত্ৰীয়ে মৰা স্বামীৰ শবদেহত সেই দিনাই প্ৰাণৰ সঞ্চাৰ কৰাইছিল। কিন্তু বেউলাই হলে ৬ মাহ পানীৰ মাজত অকলসৰে ভাহি ভাহি গৈ কত বাধা-বিঘ্ন, আপদ-বিপদ, দুখ-শোক, শঙ্কট অতিক্ৰম কৰি স্বামীৰ অস্থিলৈ নিৰ্ভয় মনে দেৱৰ পুৰিত (হাজোত) গৈ দেৱ সমাজত পদ্মাৱতীৰ বিৰুদ্ধে গোচৰ কৰি যুক্তি যুক্ত প্ৰমাণ দি সতীৰ তেজেৰে যমক জয় কৰি নিজৰ স্বামী আৰু ভাইশহুৰ ছয়জনক জীৱাই আনিছিল। আৰু শহুৰ চন্দ্ৰধৰৰ পদ্মাৱতীয়ে অন্যায়ৰূপে হানী কৰা ধনবস্তু আদি চৈধ্যখন ডিঙা (সাগৰত চলোৱা নাও) বাইচাৰে সৈতে উদ্ধাৰ কৰিছিল।

 এনে সতী পতিব্ৰতা অসীম সাহসী বীৰ নাৰীৰ জন্মভূমি মাই কামাখ্যাৰ ৰঙ্গভূমি। এনে উচ্চ ধৰণৰ আদৰ্শই ঘাইকৈ কামৰূপৰ মাতৃ স্থানীয়, ভগ্নীস্থানীয় নাৰীসকলৰ চৰিত্ৰ নিৰ্ম্মলকৈ ৰাখিছে। এনে সতীৰ  চন্দ্ৰধৰৰ বিষয় পৰিচয় পোৱা যায়— এওঁ বৰ্ত্তমান কামৰূপ জিলাৰ অন্তৰ্গত ছয়গাওঁৰ ওচৰত (ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণে) চৰকীয়া নামে ঠাইত চান্দৰ মেৰঘৰৰ ভগ্নাবশেষ আছে; সেইয়ে চম্পক নগৰ আছিল। চান্দ সদাগৰৰ ঘৰ যে আসাম প্ৰদেশৰ অন্তৰ্গত কামৰূপ জিলাত ইয়াত অলপো সন্দেহ নাই। কিয়নো হাতী মুৰা পাহাড়ত গোধাই বৰশি বোৱা চিন, ধুবুড়ীত নেতা ধুবুনীৰ ঘাটৰ ভগ্নাৱশেষ, হাজোত (দেৱৰ পুৰিত) লখিন্দাৰৰ পুনৰ্জ্জীৱিত সময় দেৱ সভাৰ চিন। ছয়গাঁওৰ ওচৰত কাকড়া সাগৰৰ চিন ইত্যাদিয়ে জল জল পট পটকৈ সাক্ষ্য দিব লাগিছে।

 প্ৰবাদ আছে যে, শাহে ৰজা অৰ্থাৎ পতিপ্ৰাণা বেউলাৰ বাপেকৰ ঘৰ কামৰূপ—শোৱালকুছিত আছিল।

 এই পুথিখনৰ ভাষা পুৰণি অসমীয়া ভাষা অৰ্থাৎ যি ভাষা পুৰণি কালত কামৰূপী বুলি জনাজাত আছিল।

X X X

 যথা :—

 ছুলিকোছা দকিম বালাৰ হাৰোৱা চোৱঁৰ।
 মুৰগোট দকিম বালাৰ ঝুনা নাৰিকল॥

X X X

সুবৰ্ণৰ খাট দিলা লখাইক ঘুমাইবাৰ।
মহৰি টানিয়া দিলা তাহাৰ উপৰ॥

X + X

 সীতা, সাবিত্ৰী, জয়মতী আদি সতীসকলে পৃথিবীত যি অক্ষয় কীৰ্ত্তি ৰাখি গৈছে, তাতকৈও বেউলাৰ সতীত্বৰ মাহাত্ম্য উচ্চ ধৰণৰ। কিয়নো সাবিত্ৰীয়ে মৰা স্বামীৰ শৱদেহত সেই দিনাই প্ৰাণৰ সঞ্চাৰ কৰাইছিল। কিন্তু বেউলাই হলে ৬ মাহ পানীৰ মাজত অকলসৰে ভাহি ভাহি গৈ কত বাধা-বিঘ্ন, আপদ-বিপদ, দুখ-শোক, শঙ্কট অতিক্ৰম কৰি স্বামীৰ অস্থি লৈ নিৰ্ভয় মনে দেৱৰ পুৰিত (হাজোত) গৈ দেৱ সমাজত পদ্মাৱতীৰ বিৰুদ্ধে গোচৰ কৰি যুক্তি যুক্ত প্ৰমাণ দি সতীৰ তেজেৰে যমক জয় কৰি নিজৰ স্বামী আৰু ভাইশহুৰ ছয়জনক জীৱাই আনিছিল। আৰু শহুৰ চন্দ্ৰধৰৰ পদ্মাৱতীয়ে অন্যায়ৰূপে হানী কৰা ধনবস্তু আদি চৈধ্যখন ডিঙা (সাগৰত চলোৱা নাও) বাইচাৰে সৈতে উদ্ধাৰ কৰিছিল।

 এনে সতী পতিব্ৰতা অসীম সাহসী বীৰ নাৰীৰ জন্মভূমি মাই কামাখ্যাৰ ৰঙ্গভূমি। এনে উচ্চ ধৰণৰ আদৰ্শই ঘাইকৈ কামৰূপৰ মাতৃ স্থানীয়, ভগ্নীস্থানীয় নাৰীসকলৰ চৰিত্ৰ নিৰ্ম্মলকৈ ৰাখিছে। এনে সতীৰ মাহাত্ম্য জগতত কেইজনে ৰাখিব পাৰিছে? এনে সতীৰ পদৰেণু পাবলৈ শত শত লোকে বাটে বাটে চুপি থাকে।

 দুৰ্গাবৰে লিখা পদ্মাপুৰাণো আছে। এওঁৰ ভাষা আৰু ভাব দেখি অনুমান কৰা যায় যে, এওঁ সুকবি নাৰায়ণ দেবৰ বহু আগৰ। দুৰ্গাবৰ ভাষা অসমীয়া হলেও এওঁৰ ভাষা নাৰায়ণ দেবৰ ভাষাতকৈ কঠিন। যথা:—

X X X

গঙ্গাবন্দনা — পশ্চিমত বহে গঙ্গা গহীন গম্ভীৰ।
অমৃত সদৃশ স্বাদ সুবাসীত নীৰ॥
পাতাল ভেদিয়া বহে বহল বিস্তৰ।
তৰিত ৰঙ্গিনী গঙ্গা কৰয় জোকাৰ॥

X X X

 দুৰ্গাবৰ ৰচিত পদ্মাপুৰাণ ইতি পূৰ্ব্বে মুছলমান ওজাবিলাকে বেছিকৈ মনসা পূজাত গাইছিল। আজি কালিও সেই আৰ্হিলৈ বাটে ঘাটে গোৱা শুনা যায়। মুছলমানৰ ভিতৰত মনসা পূজা কৰা প্ৰথা যে আছিল তাত সন্দেহ নাই। কিয়নো পূজা কৰা দিনৰে মানুহ আজিও আছে। যথা:—

শুনা কমাৰ কেণই  হাচান হুচান দুই ভাই
 দিল্লীপুৰে আছিল মহাৰাজা।
মোৰ সঙ্গে বিবাদ কৰি  ভাঙ্গিলা মোৰ ঘৰ বাৰি
 ভয়ে দিয়ে নব লক্ষ পূজা।

X X X

 কামৰূপৰ হিন্দু মুছলমানৰ মিলাপ্ৰীতি ধৰ্ম্ম জগতত এটি আদৰ্শ স্বৰূপ। হিন্দুৰ উৎসবত, হিন্দুৰ বিপদে সম্পদে, মুছলমানে প্ৰাণপনে সহায় কৰা; মুছলমানৰ বিপদে সম্পদে, বিয়াই বিহুই হিন্দুই সহায় কৰা প্ৰথা প্ৰায় গাৱে গাৱে আজিও চলি আছে। ই এটি ভাল দস্তুৰ।

 পদ্মাপুৰাণ কেইবা খণ্ডে বিভক্ত। এই খণ্ডটিক ভাইঠেলি বোলে। এই খণ্ড পদ বুলিলে সাপৰ বিষ ভাঠিয়াই যাই এই নিমিত্তে এই খণ্ডক ভাইঠেলি বোলে। এই খণ্ডৰ শেষৰ কেই আধ্যামানেৰে সাপে খোৱা মানুহক জাৰা শুনিছোঁ‌। নিৰ্ভুলে জাৰিলে সাপৰ বিষ নামি যাই বুলি প্ৰবাদ আছে। এই খণ্ডৰ আদিতে লখিন্দাৰক সাপৰ হতুৱাই খুৱাবলৈ পদ্মাৱতীৰ যড়যন্ত্ৰ, লখিন্দাৰক সৰ্প দংশন, লখিন্দাৰৰ মৃত্যু, বেউলাৰ, সনেকা, চন্দ্ৰধৰ আদি আত্মিয়সকলৰ শোক সন্তাপ। দ্বিতীয়ত ভেলতকৈ লখিন্দাৰৰ মৃত শব লৈ বেউলা অকলসৰে পানী পানী উজান মুখে ভাহি যোৱা, বাটত নানা প্ৰকাৰ দুখ-দুৰ্গতি, বাধা-বিঘ্ন, অতিক্ৰম কৰা। তৃতীয়তঃ দেৱপুৰিতগৈ মেল ঠুপুৰিয়াই পদ্মাৱতীৰ কপটাচাৰৰ প্ৰমাণ দি লখিন্দাৰক জীৱাই আনা ভাইশহুৰ কেইজনক জীৱাই আনা আৰু নষ্ট সম্পত্তিবোৰ উদ্ধাৰ কৰা।

 এনে পুৰণি স্মৃতিবোৰ লৌপ পাবৰ উপক্ৰম হৈছে। বোধহয় কামৰূপ অনুসন্ধান সমিটি বা আসাম সাহিত্য সভাৰ এনেবোৰ পোট খোৱা উজ্জ্বল ৰত্ন চকুত পৰা নাই। এইবাবে ইয়াক ৰাইজৰ চকুত পেলাবলৈ আগবাঢ়িলোঁ‌। ই ৰাইজৰ চকুত পৰি ধূলি কণা বা বালিৰ দৰে চকু খচ্​ খচ্​ নকৰি শীতলত্ব প্ৰদানি চকুৰ তৃপ্তি বঢ়ালে আৰু অসমীয়া সাহিত্য ভাণ্ডাৰৰ অকণমান ঠাই পূৰা কৰিলেও মোৰ যত্ন সফল হোৱা বুলি ভাবিম। ইয়াৰ প্ৰচাৰ দেখিলে বাকী অনূদিত কেইখণ্ড ৰাইজৰ আগত আগ বঢ়াবলৈ মন খেলিব।

 এই পুথিখনৰ ভাষা আৰু ছন্দ যেনে ধৰণে আছিল তেনে ধৰণে ছপোৱাটোহে গৌৰৱ বুলি ভাবি সালসলনি কৰা নহল। মাথোন যথা সাধ্য বৰ্ণ শুদ্ধ কৰি দিয়া হল। আৰু একেবাৰে অমিল অসঙ্গত ২টা ৪টা শব্দহে পৰিবৰ্ত্তন কৰা হল।

 এই সংস্কৰণত আৰু মোৰ ৰচিত বন্দনা কেইটিত কোনো দোষাদোষ থাকিলে উপহাস নকৰি অনুগ্ৰহকৈ আঙ্গুলীয়াই দিলে পিছৰ বাৰত শুধৰাবলৈ যুগুত কৰি ৰাখি শুধৰাবলৈ চেষ্টা কৰা হব।

 বিনীত—
শ্ৰীমুকুন্দ মল্ল বৰুৱা
  সাং নিজ পকোৱা।
 

শ্ৰীশ্ৰী সৰস্বতী বন্দনা।

বান্দা মাতা সৰস্বতী  চৰণে তোমাৰ নতি
বিয়াল্লিশ ৰাগ লৈয়া সঙ্গে।
আপুনি বোলাস গান  আমাৰ কণ্ঠে অধিস্তান
যে হৰি শুনিলা গীত ৰঙ্গে।
বীণা বাদ্য শক্তিম্বৰ  নাৰায়ণ মনোহৰ
মৃদঙ্গ বাদিনী বাগ্দেবী।
ব্যাস আদি বাল্মিকী মুণি  পুৰাণ আদি তত্ব জানি
তোমাক সেবিয়া হৈলা কবি॥
শ্বেত বৰ্ণে ধৱলিত  শ্বেত পুষ্পে সুশোভিত
শ্বেত ৰথে পয়ান তোমাৰ।
কৰ্ণে শোভে কুণ্ডল  যেন এক মণ্ডল
গলে শোভে মনিময় হাৰ॥
তোমাৰ অনন্ত ৰূপ  ঘটে ঘটে স্বৰূপ
নানা বাণী বোলা ভাল মুখে।
তুমি যাক দেহ বৰ  সুবুদ্ধি সুস্বৰ তাৰ
নিত্য গীত গাই বৰ সুখে॥
তুমি দেবী বাগ্দেবী  ত্ৰৈলক্যে তোমাক সেবি
বৈস আমাৰ কণ্ঠৰ উপৰে।
লাৰায়ণ দেবে বোলে  সৰস্বতীৰ পদ তলে
গায়নে বায়নে তাল ধৰে॥

বন্দনা।

শ্ৰীশ্ৰীকৃষ্ণায় নমঃ।

বন্দো প্ৰভু জগন্নাথ  তুমি অনাথৰ নাথ
 জগতৰ পৰম কাৰণ।
তোমাৰ অনন্ত নাম  ধৰ্ম্ম অৰ্থ মোক্ষ কাম
 সিদ্ধি হয় নাম সুমৰণে॥
তুমি জল তুমি স্থল  তুমি অনিল অনল
 ৰবি শশী তোমাৰ মহিমা।
তুমি ভূত তুমি ভাৱন  তুমি নিদ্ৰা জাগৰণ
 বেদে যাৰ নাপৱন্ত সীমা॥
সাকাৰ নিৰাকাৰ তুমি  সৰ্ব্বব্যাপী অন্তৰ্য্যামী
 সৰ্ব্ব ঘটে তোমাৰ বসতি।
জীৱৰূপে সৰ্ব্বভুতে  আত্মাৰূপে স্বৰূপতে
 অলক্ষিতে চৰাচৰ স্থিতি॥
জ্ঞানৰূপে তুমি হৰি  মোহ মায়া দূৰ কৰি
 বিধে বিধে ধৰা অৱতাৰ।
দুষ্টক দমন কৰি  সন্তক পালক হৰি
 যুগে যুগে হৰা ভূমীভাৰ॥

চাৰি মুখে ব্ৰহ্মাদেৱ  পঞ্চ মুখে সদাশিৱ
 অনন্তেও অন্ত নাপাই যাৰ।
কিঙ্কৰ মুকুন্দে ভনে  ৰাখা প্ৰভু শ্ৰীচৰণে,
 মই অতি অধম পামৰ॥

 

শ্ৰীশ্ৰীগণেশায় নমঃ

বন্দো গজানন  মুষিক বাহন
 সৰ্ব্ব বিঘ্ন বিনাশন।
চাৰু চাৰি ভুজ  কাৰ্তিক অগ্ৰজ
 এক দত্ত কুঞ্জৰ বদন।
অতি স্থুল তনু  জিনি কোটি ভানু
 ৰক্তবৰ্ণ কলেবৰ।
অতি খৰ্ব্বাকৃতি  প্ৰভু গণপতি
 দেখি তুষ্ট মহেশ্বৰ।
নমো লম্বোদৰ  শঙ্কৰ কুমাৰ
 পূজা কৰে সৰ্ব্বদেৱ।
ভবানী তনয়  তুমি কৃপাময়
 তুৱা পদে কৰো সেৱ।
শণিৰ দৃষ্টিত  ভৈলা বিখন্দিত
 আচম্বিতে মুণ্ড যাৰ।

গজ মূণ্ডধাৰী  বিঘ্নিৰ কেশৰী
 প্ৰণামোহো বাৰম্বাৰ॥
মাতৃ ভক্তি বলে  আগে পূজা থলে
 শিৱ যে পিতা তোমাৰ।
অবোধ মুকুন্দ  মুকুন্দ শ্ৰীপদ
 ভনিল আশে লাভৰ॥

 

শ্ৰীশ্ৰীগণেশায় নমঃ।

বন্দো প্ৰভু লম্বোদৰ  ৰক্তবৰ্ণ কলেবৰ
 চতুৰ্ভজ মুষিক বাহন।
বন্দো শূলপাণি সুত  মহিমা যাৰ অদ্ভুত
 এক দন্ত কুঞ্জৰ বদন॥
বন্দো বিঘ্ন বিনাশন  ভাতৃ যাৰ ষড়ানন
 সৰ্ব্বদেৱে কৰে যাক সেৱ।
তুমি অতি খৰ্ব্বাকৃতি  শম্ভুসুত গণপতি
 সিদ্ধিপ্ৰদ কৰা কৃপা দেৱ॥
বন্দো গিৰিজা কুমাৰ  ৰূপ অতি মনোহৰ
 পট্টবস্ত্ৰ শোভে যাৰ গলে।
বন্দো বিঘ্নিৰ ঈশ্বৰ  শণিৰ দৃষ্টিত যাৰ
 মুণ্ড চিঙি পৰে ৰসাতলে॥

দশ প্ৰহৰণ ধাৰিণী  মহিষাসুৰ মৰ্দ্দিনী
 কাৰ্ত্তিক গণেশৰ জননী।
গাৱে শোভে পট্টবাস  ভূবন মোহিনী বেশ
 সুলোচনা উচ্চ নিতম্বিনী॥
সোখ্য মোক্ষ্যদায়িনী  চতুৰবৰ্গ বিধায়িনী
 ত্ৰিভূবনে তব যশ ঘোষে।
শ্ৰীৰাম স্বৰূপে হৰি  তব পূজা কৰি গৌৰি
 ৰাক্ষসক সমূলে বিনাশে॥
নাজানো মিনতি স্তুতি  অৰ্চ্চন বন্দন ৰীতি
 কিবা দিয়া পূজিম চৰণ।
ৰাতুল চৰণ তলে  পূজোঁ আই বিল্বদলে
 ভনে ইটো অৰুণ নন্দন॥

 

শ্ৰীশ্ৰী দুৰ্গাদেব্যৈ নমঃ।

বন্দো দশভূজা  মহীতলে পূজা
 অসুৰ বধৰ হেতু।
বন্দো ত্ৰিনয়নী  কেশৰী বাহিনী
 পাপ নাশে ধূমকেতু॥
বন্দো মহামায়া  গিৰিজা অভয়া
 আদ্যাশক্তি নাৰায়ণী।

বন্দো কাত্যায়নী  অসুৰ মৰ্দ্দিনী
 শৈলস্থতা সুবদনী॥
বন্দো দাক্ষায়িনী  কামাখ্যা ভবানী
 দশভুজে অস্ত্ৰ যাৰ।
বন্দো মহেশ্বৰী  নগেন্দ্ৰ কুমাৰী
 বক্ষে শোভে পয়োধৰ॥
বন্দো সুভাষিনী  জগত জননী
 বীণাপাণি সৰস্বতী।
সঙ্কট সময়  কৃপা কৰা আই
 আমি অতি মূঢ়মতি॥
মঙ্গল দায়িনী  অজ্ঞান নাশিনী
 দিয়া শিৰে পদছায়া।
পকোৱা গ্ৰামস্থ  মুকুন্দ কায়স্থ
 আশে ভনে তব দয়া॥

 

বম্ শ্ৰীশ্ৰীশিবায়ে নমঃ।

বন্দো দেব পশুপতি  বৃষভ বাহনে গতি
 শূলপাণি শিব ত্ৰিপুৰাৰি।
বন্দো প্ৰভু ভোলানাথ  ত্ৰিনয়ণ ভুতনাথ
 উমাকান্ত কৈলাশবিহাৰী॥

বন্দো প্ৰভু মহেশ্বৰ  কটি যাৰ বাঘাম্বৰ
 নীলকণ্ঠ বিভুতি ভূষণ।
বন্দো প্ৰভু দিগাম্বৰ  শুক্লবৰ্ণ কলেবৰ
 উমা যাৰ অঙ্ক বিভুষণ॥
বন্দো প্ৰভু পঞ্চানন  দিব্যৰূপ বিমোহন
 ফণী যাৰ কিৰিটি শোভন।
বন্দো প্ৰভু আশুতোষ  চন্দ্ৰশেখৰ মহেশ
 মুণ্ডমালা গলে সুশোভন॥
বন্দো প্ৰভু মহাদেৱ  মৃত্যুঞ্জয় সদাশিৱ
 জটাধাৰী শম্ভু গঙ্গাধৰ।
বন্দো প্ৰভু বিশ্ববীজ  বম্‌​ বম্‌​ স্বয়ম্ভূ
 অশিৰ নাশন দুঃখহৰ॥
কাঞ্চন কুক্ষিত তুমি  অৰুণৰ অঙ্গে স্বামী
 জন্ম দিলা কিঙ্কৰ মুকুন্দে।
শমন দমনকাৰী  কৰা দয়া দুখহাৰী
 ৰাখা প্ৰভু অভয় শ্ৰীপদে॥


শ্ৰীশ্ৰীমহালক্ষ্মী দৈব্যে নমঃ।

বন্দো মাতা নাৰায়ণী  নাৰায়ণ অৰ্দ্ধাঙ্গিনী
 হৰিপ্ৰিয়া পেচকবাহিনী।
সিন্ধু পুত্ৰী মহালক্ষ্মী  শৈব্যা ৰমা ৰাজলক্ষী
 গৃহলক্ষ্মী অন্ন স্বৰূপিনী॥

দেবাসুৰ নৰ যত  সিদ্ধ মুণি অবিৰত
 যাৰ ৰূপ ধ্যানে নিমগন
গৌৰবৰ্ণ কলেবৰ  ৰূপ অতি মনোহৰ
 নানা অলঙ্কাৰে সুশোভন।
শিৰত কিৰিটি দ্যুতি  উজ্বল কৰয় কান্তি
 অচলা চপলা মেঘে যেন।
আদ্যা শক্তি সনাতনী  দৰিদ্ৰতা নিবাৰণী
 অন্নদাত্ৰী জীৱৰ জীৱন।
ওঁঙ্কাৰ স্বৰূপা তুমি  বেদ বীজ স্বৰূপিনী
 অন্নৰূপে জগতৰ মাতা।
ব্ৰহ্মা বিষ্ণু মহেশ্বৰে  তোমাকেহে পূজা কৰে
 তুমি কেশবৰ পৰিণিতা॥
তুমি যাৰ সদা তুষ্ট  নাই তাৰ কোনো কষ্ট
 থাকা সদা তাহাৰ ভবনে।
তুমি যাক কৰা দয়া  ধন ধান্য পুত্ৰ জায়া
 অলক্ষিতে বাঢ়ে ৰাত্ৰি দিনে॥
গুচয় আপদ দুখ  মিলয় সম্পদ সুখ
 ৰাজঘৰে হয় জয় জয়।
কমলা বল্লভে যেন  সদা থাকে মোৰ মন
 কায়স্থ মুকুন্দে এভু কয়॥

শ্ৰীশ্ৰীমনসা দেব্যৈ নমঃ।

(জয়) নমো পদ্মাবতী  কৰিয়া ভকতি
 জয় জয় বিষহৰি।
(জয়) জগত অভয়া  জৰুৎকাৰু জায়া
 আস্তিক মুণিৰ মাতা।
(জয়) বাসুকী ভগিনী  নাগ নিস্তাৰিণী
 চন্দ্ৰ শেখৰ দুহিতা॥
(জয়) চৰণ দুখন  অতি বিতোপন
 উৰু ৰম্ভাতৰু সম।
(জয়) নেতৰ বসন  কৰে পৰিধান
 কঙ্কাল ডম্বৰু সম॥
(জয়) উচ্চ কুচ মাজে  ৰত্ন হাৰ সাজে
 চাৰি ভুজ জ্বলে অতি।
(জয়) কঙ্কন বলয়  আদি ৰত্নচয়
 শোভা কৰে যাৰ কান্তি॥
(জয়) নাসা তিল ফুল  অধব ৰাতুল
 কোকিল জিনিয়া ভাষ।
(জয়) বদন কমল  অতি সুবিমল
 মুখে মৃদু মধু হাসি॥
(জয়) হৰিণৰ সম  চক্ষু অনুপম
 ভৰু চাপ সহোদৰ।

(জয়) কৃষ্ণ কেশ পাশ  চামৰ বিশেষ
 সৰ্পৰ কীৰিটি যাৰ॥
(জয়) চন্দ্ৰধৰ সুতা  আযোনী সম্ভূতা
 কৰে বাদ চন্দ্ৰ ধৰে।
(জয়) যুগ হংস যানে  ভ্ৰমে ত্ৰিভূবনে
 তাৰ সঙ্গে বাদ কৰে॥
(জয়) যাৰ হলাহল  ভূবন বিকল
 আৰু নীলকণ্ঠ পিতা।
(জয়) তুমি কৃপাময়ী  কৃপা কৰা আই
 শিবৰ মানস সুভা॥
(জয়) তুমি গতি মতি  অগতিৰ গতি
 কৃপা কৰা অকিঞ্চনে।
(জয়) চিত্ৰগুপ্ত বংশে  অৰুণৰ অংশে
 কিঙ্কৰ মুকুন্দে ভনে॥

শ্ৰীশ্ৰীমনসায়ৈ নমঃ।

পদ্মাপুৰাণ।

(ভাঠিয়ালী খণ্ড)

দিহা:— (অনে) নেতাৰ গলে ধৰি কান্দে বিষহৰি
 হৰি কান্দে বিষহৰি।
 বৈনি! বিবাদ বঢ়াইলে। অকাৰণ॥

পদ— চান্দ নামে সদাগৰ  সৰ্ব্ব নাগে খাইলা তাৰ
 সংসাৰে ৰহিলা চন্দ্ৰধৰে।
 যত আছে সৰ্পগণ  পঠাই দিলা জনেজন
 চান্দৰ কিছু কৰিতে নাপাৰে।
 গুইয়া গোখোৰা গোমা  কিউতিয়া কাছিমা
 খলখলি যে অজাগৰ।
 বাকবাজ ব্ৰহ্মজাল  কাল পাণ্ডু উদয়কাল
 সৰ্ব্বনাগ যাওক ৰসাতল॥
 গশুবৰ মণিৰাজ  তাতো কিছু নাহি কাজ
 সৰ্ব্বনাগ হুইয়োক নাশ।

মহাকাল মহাশঙ্খ  উৎপল কিউতিয়াৰ বংশ
 পশু হুইয়া খাওক ঘাস॥
নেতা কহি আছে যশ  বট বৃক্ষ কৈলা নাশ
 চান্দৰ নামে হেন বিষ টুটে।
অনন্ত তক্ষক ফণী  কেন শিৰে ধৰা মণি
 মহাবিষ ধৰা কেন কণ্ঠে॥
অনন্ত কৰ্কট নাগে  কহে পদ্মাৱতী আগে
 আমাত হন্তে লখাইৰ মৃত্যু নাই।
নাৰায়ণ দেৱে কয়  সুকবি বল্লভ হয়
 কালীনাগক আনয় ধেমাই॥

দিহা:— মৈৰাৰ গমনে কালা যায়, (আৰে) যাইবে যাই।
 যশোদাৰ কোলে চাৱাল যদুৰায়।
পদ— নন্দঘৰে জন্ম ভৈলা চাৱাল কানাই।
 ষোল শত শিশু সঙ্গে বনে চাৰে গাই॥
 পিয়াহে পীড়িত হৈয়া শিশু একজন।
 কালীৰ হৃদত গৈয়া জল কৰে পান॥
 এক শিশু মৰে যাই কালীৰ জল খায়।
 ক্ৰোধ কৰি নাৰায়ণে জাম্প দিলা যায়॥
 কালীৰ শিৰত ভৰ দিলা দামোদৰ।
 ক্ৰোধ কৰি কালীনাগে মাৰিলা কামোৰ॥

কালীৰ বিষে পৰি ৰহিলা বনমালি।
নন্দ যশোদা কান্দে হৈয়া উত্ৰাৱলী॥
যত গোপীগণ কান্দে হৈয়া অচেতন।
বলভদ্ৰ আসিয়া লগাইলা চেতন॥
তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ।
আপোন ভুলিয়া তুমি হইছা কাতৰ॥
তুমি অগ্নি তুমি পানী তুমি বিষধৰ।
চৈতন্য স্বৰূপে তুমি দেৱ গদাধৰ॥
তুমি স্বৰ্গ তুমি মৰ্ত্ত্য তুমিসে পাতাল।
তুমি দিন তুমি ৰাত্ৰি তুমি সন্ধ্যা কাল॥
তোমাৰ মৰণে হৈবো জগত বিনাশ।
তুমি জাগৰণে হৈব জগত প্ৰকাশ॥
বলভদ্ৰ বচন শুনিয়া নাৰায়ণ।
মনে মনে গৰুড়ক কৰে সুমৰণ॥
গৰুড় আসিয়া নাগ কৰিব ভক্ষণ।
ভয় পাই গৈলা কালী পাতাল ভূবন॥
কালীক জিনিয়া যে উঠিলা নাৰায়ণ।
দেবগণে মিলিয়া কৰে পুষ্প বৰিষণ॥
হেন কালীৰ আগে যাইবে কোনজন।
ত্ৰিভূবনে নাই দেখি কালীৰ সমান॥
ধেমা বোলে শুনা পদ্মা আমাৰ উত্তৰ।
মহা শঙ্খ আনি দেহ আমাৰ গোচৰ॥

পূৰ্ব্বে শিবৰ শুনি আছো শঙ্খৰ কাহিনী।
শঙ্খ ধ্বনি শুনি সব বিষ হয় পানী॥
শঙ্খগোট আনি পদ্মা দেহ যে আমাৰ।
তেবেসে যাইতে পাৰি কালী আনিবাৰ॥
ধেমাৰ বচন পদ্মা শুনিয়া শ্ৰবন।
হংস ৰথে চৰি পদ্মা কৰিলা গমন॥
সুকবি নাৰায়ণ দেবৰ সৰস পাঁচালী।
পদ্মাৰ বচন বুলি একই লেছাৰী॥

দিহা:— শিবৰ কুমাৰী পদ্মা ধীৰে ধীৰে চলে,
 ৰূপৰ ভঙ্গিমা দেখি মুনিগণ ভুলে॥

পদ— বাপৰ চৰণে পদ্মা কৰে নমস্কাৰ।
 পদ্মা দেখি সদাশিবে লাগে কহিবাৰ॥
 আন দিনা আহা মাতা হৰষিত মনে।
 আজি বিষাদ পদ্মা ভাৰা কি কাৰণে॥
 পদ্মা বোলে শুনা বাপ দেব ত্ৰিনয়ণ।
 চান্দোৰ অপমান পিতা সহিব কেমন॥
 বাৰে বাবে চান্দে মোক দেই অপমান।
 সকলো কহিবো গৈয়া তোমাৰ চৰণ॥
 একবাৰ মাৰি আছে হেমতালৰ বাৰি।
 তাৰ বিষে গাৱ মই লাৰিতে নাপাৰি॥

শিবৰ চৰণে কহে কৰযোৰ কৰি।
তোমাৰ শঙ্খক পাইলে মহা পূৰ্ণ কৰি॥
চান্দ নাম শুনি বোলে দেৱ মহেশ্বৰ।
শঙ্খ নাহি দিবো পদ্মা ফিৰি যোৱা ঘৰ॥
ঘৰে চলি যাহ দুখ নাভাবা হৃদয়।
চান্দৰ গোচৰ আঁৰ উচিত নহয়॥
বাপৰ শুনিয়া পদ্মা নিষ্ঠুৰ বচন।
ভূমিত পৰিয়া পদ্মা যুৰিলা ক্ৰন্দন॥
শুকবি নাৰায়ণ দেৱৰ সুৰস পাঞ্চালী।
পদ্মাৰ ক্ৰন্দন বুলি একই লেছাৰী॥

দিহা:— (অনে) কান্দে পদ্মাৱতী বাপৰ গোচৰে (ভাল)।
 শঙ্খ গোট আনি দেহ কালী আনিবাৰে॥
পদ― মাও নাই বাপ হৰ তাৰো নাই দয়া।
 সেকাৰণে কান্দে পদ্মা ভূমিত পৰিয়া॥
 খোন্চা মাৰি চক্ষু কানা কৰিলা সভাই মাও।
 ককাল ভাঙ্গিলা চান্দই হেমতালৰ ঘাও॥
 সংসাৰৰ ভিতৰে বন্ধু নাহি কোনো জনে।
 নৰ হৈয়া বাদ কৰে দেবাতৰ সনে॥
 মহা শোকে পদ্মাবতী কৰিছে ক্ৰন্দন।
 ভাঙ্গ খাই বহি আছে দেব ত্ৰিলোচন॥

কান্দোতে কান্দোতে পদ্মাৰ বসন খসিলা।
তাক দেখি চণ্ডী মাও বৰ লজ্জা পাইলা॥
চণ্ডী বোলে শুনা তুমি ভাঙ্গাৰা লোচন।
পদ্মাৱতী গুপ্ত অঙ্গ ভৈলা দৰশন॥
পেটৰ বেটীৰ তয় সৰ্ব্বাঙ্গ দেখিলি।
মনৰ মানসা তয় সম্পূৰ্ণ কৰিলি॥
লজ্জা পাই সদাশিবে বুলিলা বচন।
নাকান্দা নাকান্দা বাচা পিন্ধহ বসন॥
শিবে বোলে শুনা পদ্মা আমাৰ উত্তৰ।
চান্দক ৰাখিয়া খাইবা তাহাৰ কুমাৰ॥
হাসি ত্ৰিনয়ণে হেন বুলিলা বচন।
জুলি হস্তে মহাশঙ্খ দিলা তেতিক্ষণ॥
শঙ্খ পাই পদ্মাবতীৰ হৰষিত মন।
হংস ৰথে চৰি পদ্মা কৰিলা গমন॥
শঙ্খ নিয়া দিলা পদ্মা ধেমা নাগৰ হাতে।
শঙ্খ পাই ধেমা নাগে বন্দি লৈলা মাথে॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাঞ্চালী।
ধেমাৰ বচন বুলি একই লেছাৰী॥

দিহা :— (অনে) আকিৰে হায়ৰে হায়;
 চলে নাগ দুৱাৰি ধেমাই।

পদ— পদ্মাৰ আদেশ পায়া  পৰম কৌতুক হৈয়া
 কালী কালী ঘনে ডাক চাৰে।
 শুনিয়া ধেমাৰ বাণী  বোলে কাল নাগিনী
 কোথাই থাকা কি নাম তোমাৰে॥
 আমাক দেখিয়া নৰ  শীঘ্ৰে যাই যমঘৰ
 ভাগ্যে প্ৰাণ বাচিলে তোমাৰ।
 পদ্মাৰ কিঙ্কৰ আমি  সাবধানে শুন তুমি
 দুৱাৰী ধেমা নাম মোৰ॥
 চল চল শীঘ্ৰ কৰি  তলব দিছে বিষহৰি
 সৰ্ব্বনাগ মিলিছে তথায়॥
 যদি নাযা মোৰ বোলে  দুৱাৰি ধেমায় বোলে
 আপুনি আসিব বিষহৰি
 নাৰায়ণ দেবে  কয়সুকবি বল্লভ হয়
 উঠা কালী চলা শীঘ্ৰকৰি॥

দিহা :— (ঐ আৰে) বোলে কাল নাগিনী (আৰে)
 বোলে কাল নাগিনী শুনিয়া ধেমাৰ বাণী।
পদ— কালী বোলে শুনা ধেমা আমাৰ বচন।
 আমাক তলব পদ্মাই কৰে কি কাৰণ॥

বৰ বৰ নাগ আছে পদ্মাৱতীৰ ঠাই।
তাক এৰি পদ্মাই কেনে আমাক ডাকই॥
মোত কৰি দশ গুণ বিষ যাৰ কণ্ঠে।
হেন অষ্ট নাগ আছে পদ্মাৰ নিকটে॥
স্বৰ্গত বসি আছে যত দেবগণ।
কৰিবাক পাৰে ভষ্ম বিষে নয়ণ॥
বামণ হৈয়া চাহে ধৰিতে শশধৰ।
গলে শিলা বান্ধি চাহে তৰিতে সাগৰ॥
মৌপিয়া চৰে হুয়া পৰ্ব্বত লৱে তুলি।
অগ্নিক আঞ্চলে বান্ধে ক্ষুদ্ৰ বস্তু বুলি॥
ধেমা বোলে শুনা কালী আমাৰ বচন।
মন দিয়া শুনা কহো যত বিৱৰণ॥
দেৱতা গন্ধৰ্ব্ব কাৰো নহে হেন কাজ।
মনুষ্যৰ সঙ্গে পদ্মা পাই আছে লাজ॥
ধনেশ্বৰ ৰাজাৰ বেতাৰ নাম কতেশ্বৰ।
তাৰ পুত্ৰ চান্দ পাইছে হৰগৌৰী বৰ॥
পূজা খাইতে যাই পদ্মা জালো-মালো ঘৰে।
ভক্তি কৰে নিলা সনাই পদ্মা পূজিবাৰে॥
চণ্ডীকাৰ আজ্ঞা লই চান্দ অধিকাৰী।
পদ্মাৰ ককালে মাৰে হেমতালৰ বাৰি॥
অপমানে গৈলা পদ্মা শিবৰ গোচৰে।
শিব বোলে পুত্ৰ মাৰি ৰাখা সদাগৰে॥

ছয় বেটা মাৰিলা চান্দৰ সিমত সন্ধানে।
তথাপি দেবতা বুলি পদ্মাক নামানে॥
আকবাৰ পদ্মাবতী গৈলা সুৰপুৰ।
ঊষা অনিৰুদ্ধক আনে ইন্দ্ৰত ভিক্ষা কৰি॥
উষাক জনম দিলা সাঁহে ৰাজাৰ ঘৰে।
অনিৰুদ্ধক জন্ম দিলা সনেকাৰ উদৰে॥
দুই জনক দিলা জন্ম জাতিচৰ কৰিয়া।
সাঁহে চান্দই মিলি দুইকো কৰে দিলা বিয়া॥
স্নান কৰিতে গৈলা মুক্তেস্বৰৰ জলে।
মায়াৰূপে পদ্মাৱতী তাইৰ কাষে মিলে॥
পদ্মাৰ গাৱে পৰে বেউলাৰ পাতনিৰ পানী।
পদ্মাই বোলে খাক স্বামী ইকাল নাগিনী॥
দৈৱৰ নিৰ্ব্বন্ধ কবু নাযায় খণ্ডন।
বিয়াৰ ৰাত্ৰি হইব লখাইৰ মৰণ॥
দেৱৰ দেৱতী মহাদেৱৰ কুমাৰী।
ত্ৰিভূবনে পূজে যাক জয় বিষহৰি॥
ত্ৰিভুবনে বৃথা নহে পদ্মাৰ বচন।
তোমাৰ তলব কালী এহিসে কাৰণ॥
শুকবি নাৰায়ণ দেবৰ সুৰস পাঞ্চালী।
কালীৰ বচন বুলি একই লেছাৰী॥

দিহা :— (ঐ আৰে) সুমৰ সুমৰ প্ৰভু ৰাম নাম লও।
 ও ভাই যাবত চেতন থাকে।

পদ— এত শুনি কালী নাগে গাও দিলা জাৰা।
 বনজন্তু পলায় গৈলা পক্ষী দিলা উৰা॥
 যেতিক্ষণে কালীনাগে গাৱক লাৰিলা।
 সাল তাল বৃক্ষ সব ভাঙ্গিয়া পৰিলা।
 ভয়ঙ্কৰ মূৰ্ত্তিধৰি বায়ু বেগে আসে।
 সূৰ্য্য গ্ৰহণ যেন লাগিছে আকাশে॥
 কালী আসি পদ্মাৱতীৰ বন্দিলা চৰণ।
 গলে ধৰি পদ্মাৱতী যুৰিলা ক্ৰন্দন॥
 সুকবি নাৰায়ণ দেৱৰ সৰস পাঞ্চালী।
 পদ্মাৰ ক্ৰন্দন বুলি একই যে লেছাৰী॥

দিহা :— কালি! তোমাত কহিম মই কোন লাজে।
 যত দুখ চান্দই মোৰে দি আছে বাৰে বাৰ
 সহি আছো ভাঙ্গাৰা বাপৰ কাজে॥

পদ— মাও নাইকা বাপ হব  দুষ্ট সতাই তাৰ ঘৰ
 এক চক্ষু কৰিয়াছে কাণা।
আমাৰ যতেক দুখ  কহিতে বিদৰে বুক
 শুনা কালী আমাৰ বচন॥

তবে বাপ ত্ৰিপুৰাৰি  বিয়া দিলা যত্ন কৰি
 উত্তম বামুণ কুমাৰ আনি।
আমাৰ কৰ্ম্ম ফলে  স্বামী চাৰি গৈলা মোৰে
 বিয়াৰ ৰাত্ৰি কৰি অনাথিনী॥
কালী বোলে হব বীৰ্য্যা  সংসাৰে তোমাৰ পূজা
 কেনে চান্দ কৰে অপমান।
নাৰায়ণ দেবে কয়  সুকবি বল্লভ হয়
 নাৰায়ণ দেৱৰ সুবচন॥

দিহা :— পদ্মা বোলে শুনা কাৰী আমাৰ উত্তৰ
 কাৰ্য্য সিদ্ধি কৰি দেহ ৰাত্ৰিৰ ভিতৰ
 বোলে মনসা দেবী।

পদ— পদ্মা বোলে কালী আমাৰ উত্তৰ।
 সত্তৰে দংশিয়া দেহ চান্দৰ কুমাৰ॥
 কালী বোলে শুনা পদ্মা আমাৰ উত্তৰ।
 শুনি আছোঁ‌ চান্দই বান্ধিছে লোহাৰ মেৰঘৰ॥
 শ্ৰীখণ্ডি কপাট দিছে জোৰেৰ কৰাল।
 পিপৰা নোৱাৰে তাত পশিব ভিতৰ॥
 সপ্ত হাল হস্তী দিয়া দুৱাৰ টানিলা।
 তথাপিতো মেৰ ঘৰৰ লোম নলৰিলা॥

কাচা কাষ্ঠ কাটি আনি অগনি জ্বালিলা।
তথাপিটো মেৰঘৰৰ চিদ্ৰ নাপাইলা॥
ঠাট কটক দিয়া ৰাখিছে যতনে।
কি কৰিতে পাৰে তাক নাগৰ পৰাণে॥
ৰাজ্যে ৰাজ্যে চন্দধৰে দি আছে ঘোষণা।
এক সৰ্প মাৰি দিলে লক্ষ তোলা সোনা॥
পদ্মা বোলে কালীনাগ নিচিন্তিবা তুমি।
কমাৰৰ হাতে ছিদ্ৰ ৰাখি থৈছোঁ‌ আমি॥
ঐশন্য কোণাত আছে সিন্দুৰৰ ৰেখা।
তাহাৰ নিকটে গৈলে চিত্ৰ পাইবা দেখা॥
মুখৰ সেপ দিয়া কালী গুচাইবা কড়াল।
কেশ সমান হৈয়া কালী পশিবা ভিতৰ॥
তাক শুনি কালীনাগৰ হৰষিত মন।
ভ্ৰমৰাৰ ৰূপ কালী ধৰে তেতিক্ষণ॥
সুকবি নাৰায়ণ দেৱৰ সৰস পাছালী।
কালীৰ চলনা বুলি একই লেছাৰী॥

দিহা :— ইকাল ভোমোৰা হেৰ, উৰিয়া,
 (এ হে এ) উৰিয়া পৰিছে নাগ মেৰে।
পদ— পদ্মাৰ চৰণে কালী কৰিলা বন্দন।
 উৰাণ কৰিলা কালী চান্দৰ ভৱন॥

দেখে কালী জাগি আছে ইপালি প্ৰহৰি।
ভ্ৰমৰাৰ ৰূপে কালী বৰ্ণ কৰে চুৰি॥
পদ্মাক সুমৰি কালী মন্ত্ৰ উচ্চাৰিলা।
ঠাট কতকগণ কেহ নেদেখিলা॥
উৰা দিয়া কালী নাগ মেৰতে পৰিলা।
বজ্ৰ সমান মেঘৰ দক্ষিণে হালিলা॥
বেউলা বোলে শুনা প্ৰভু আমাৰ উত্তৰ।
বায়ু বতাহ নাই কেনে ধলে মেৰঘৰ॥
লখাই বোলে শুনা প্ৰিয়া বচন অশেষ।
লোহাৰ ঘৰৰ মধ্যে হাঁৰাইছে উদিশ॥
লোহাৰ ঘৰ পৰি মৃত্যু নাহিকে আমাৰ।
ক্ষুধাৰ কাৰণে প্ৰিয়া দহে কলেবৰ॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাছালী।
লখাইৰ বচন বুলি একই লেছাৰী॥


দিহা :— উঠিয়া ৰন্ধন চলাও কন্যা বোলেবে লখিন্দাৰ।
পদ— লখাই বোলে শুনা প্ৰিয়া সাহেৰ জীয়াৰী।
 ক্ষুধাৰ কাৰণে প্ৰাণ ধৰিতে নাপাৰি॥
 তোৰ বাপেৰ বাৰীক গৈলোঁ দান পাবাৰ আশে।
 আচোক দান পাইবো চাৰি মৈলো পেটৰ ভোখে॥

সুমিত্ৰা শাহুৰী কন্যা বৰ যতেনাৰ।
জলপান কৰিবাক দিলেক আমাৰ॥
তোৰ সখীগণে কন্যা তুলিলেক হাস।
লজ্জাৰ কাৰণে তাত নেদিলো গৰাস॥
লজ্জা পাই বেউলাই বুলিলা বচন।
চাউল চৰু নাই প্ৰভু কৰিতে ৰন্ধন॥
নাই চাউল নাই চৰু নাই গঙ্গাৰ জল।
কিমতে ৰন্ধন চলাম কাঞ্চন মেৰঘৰ॥
লখাই বোলে শুনা প্ৰিয়া আমাৰ বচন।
সকল সম্ভাৰ আছে কৰিতে ৰন্ধন॥
দুনিত আছে চাউল কন্যা ঘটে আছে পানী।
ধুপৰ হব খৰি কন্যা প্ৰদীপে অগনি॥
বেউলা বোলে শুনা প্ৰভু কহোঁ তোমাৰ ঠাই।
হিন্দুৰ শাস্ত্ৰত ৰান্ধা ব্যৱহাৰ নাই॥
কুঁহিয়াৰ নাৰিকল বৰাটমনি কল।
ফল আহাৰ কৰিবাক বেউলা বুলিল॥
যত বস্তু দিয়া আছে সনেকা সুন্দৰী।
তাহাক খাইলা লখাই কিছু কিছু কৰি॥
বেউলাৰ বচন লখাই নকৰিলা আন।
ক্ষুধাৰ সময় পাইলা অমৃত সমান॥
হৰষিতে ফলাহাৰ কৰিলা লখিন্দাৰ।
শয়ন কৰিলা লখাই বিছিনাৰ উপৰ॥

শয়ন কৰিলা লখাই বানিয়াৰ নন্দন।
ৰথত থাকিয়া পদ্মা হানে কামবাণ॥
কামে কাতৰ লখাই বানিয়াৰ নন্দন।
ঘনে ঘনে বেউলাত মাগে আলিঙ্গন॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাছালী।
লখাইৰ বচন বুলি একই লেছাৰী॥

দিয়া :— (অনে নাৰে) বালায় বোলে প্ৰাণ প্ৰিয়া (ও
 হায় হায়) কোলে চাপি বৈস হিয়া।

পদ— বালাই বোলে প্ৰিয়া মোৰ চাপি বৈস কোলে।
 মধুময় অমৃত পান কৰোঁ কৌতুহলে॥
 থাম্প দিয়া আনে বেউলা কোলাৰ উপৰে।
 খসাই পেলাইলা লখাই বিধি ব্যৱহাৰে॥
 বেউলা বোলে শুনা প্ৰভু কোহো তোমাৰ ঠাই।
 যদি সত্য নষ্ট কৰা ধৰ্ম্মৰ দোহাই॥
 কৰ্ণিকা কমলা পুষ্প মকৰন্দ হীন।
 তাৰ কাষে ভ্ৰমৰা নাযাই কোন দিন॥
 যদি পুষ্প প্ৰকাশিত হোৱে কাল পাই।
 মধু কৰে পিয়ে মধু তাৰ মাজে ৰই॥
 অফুটা ফুলত যাই ভ্ৰমৰাই দেই মুখ।
 মধু নাহি পাই তাৰ মুখে পাই দুখ॥

লখাই বোলে শুনা প্ৰিয়া আমাৰ বচন।
মন দিয়া শুনা কহোঁ‌ যত বিৱৰণ॥
এক গোট ভ্ৰমৰা আছে বৰ যে সিয়ান।
ফুলৰ পাহি মেলি ধৰি মধু কৰে পান॥
বেউলা বোলে শুনা প্ৰভু কহোঁ তোমাৰ ঠাই।
স্বৰূপত জানো পুৰুষৰ লজ্জা নাই॥
কোঁৱল ঘাঁহ দেখিলে বলধৰ চাপে বল।
যুৱতী দেখিলে হয় পুৰুষ পাগল॥
পৰৰ বস্তু দেখি চোৰৰ উত্ৰাৱল হোয়ে মতি।
উত্ৰাৱল পুৰুষৰ মন দেখিলে যুৱতী॥
কামোৰ কাৰণে লখাই হৈ গৈছে পাগল।
ভোক্‌ ভোক্‌ কৰে যেন ভোকৰা ছাগল॥
লখাইৰ বচনে বেউলাৰ ভয় ভৈলা মনে।
নাৰায়ণ দেৱে কহে মনসাৰ চৰণে॥

দিহা :— স্বামী ভাল নহয় (অ কি আৰে) বিয়ে ৰাত্ৰি
 স্বামী নহয় ভাল।

পদ— ভাল নহয় দয়াৰ প্ৰভু বিয়া ৰাত্ৰি দিনে।
 শুনিলে বুলিবে মন্দ ব্ৰাহ্মণ সজ্জনে॥
 শুনোতে শুনিছিলোঁ প্ৰভু তুমি বৰ পণ্ডিত।
 আজি কেনে দেখোঁ তোমাৰ ৰাখোৱাল চৰিত॥

ভাল নহয় দয়াৰ স্বামী তোমাৰ মুখৰ বাণী।
মদমত্ত হস্তীক অঙ্কুশে ৰাখে টানি॥
তোমাৰ মুখৰ বাণী প্ৰভু বৰ ভাল নহয়।
আপেন্তা বাঁহে কি পুৰাথৰ কোব সই॥
কাঁচা দালিম প্ৰভু কোন কাৰ্য্যৰ নই।
পকিলে খাইলে অধিক ৰস পাই॥
কাঁচা কল খাইলে জিভাত বান্ধে কষ।
পাকিলে খাইলে অধিক চাপে ৰস॥
তপত ভাত খাইলে প্ৰভু জিভাত যাই চাল।
জুৰে সথে খালে অধিক লাগে ভাল॥
আমাৰ শৰীৰে প্ৰভু কামৰ নাই ৰতি।
নাজানোঁ ইসব কৰ্ম্ম আমি শিশুমতি॥
অকুমাৰী নাৰীক যিটো জনে হৰে।
সপ্ত পুৰুষ তাৰ নৰকত পৰে॥
অবাইচা গৰুক প্ৰভু জুৰি বাৱে হাল।
নষ্ট কৰে নাঙ্গল জঙ্গলি নষ্ট কৰে ফাল॥
লেখাই বোলে শুনা প্ৰিয়া আমাৰ বচন।
মন দিয়া শুনা কহোঁ যত বিৱৰণ॥
চাৰি দিন বাজানে গৃহস্থক কৰে দাতি।
সজহৈলে বাজানে মুঠে নাখে কাতি॥
কামৰ কাৰণে লখাইৰ ভয় লজ্জা নাই।
বেউলাই যতেক কহে শুনে লখাই॥

লখাইৰ বচনে বেউলাৰ ভয় ভৈলা মনে।
পূৰ্ব্বৰ যতেক কথা কৰাইব স্মৰণ॥
সুকবি নাৰায়ণ দেৱৰ সৰস পাছালী।
বেউলাৰ বচন পদ এক যে লেছাৰী॥

দিহা :— তেজ লোভ ক্ষমা কৰ বানিয়াৰ সুত, তোমাক
 লাগি পঠাইছে পদ্মাৰ কাল দূত।

পদ— পূৰ্ব্বৰ যতেক কথা নাই সুমৰণ
 তুমিটো আছিলা কাম দেৱৰ নন্দন॥
 আমিটো আছিলোঁ বাণ ৰজাৰ জীয়াৰী।
 দুইজনক পদ্মাবতী আনি আছে হৰি॥
 আমাক জন্মাইলা নিয়া সাহে ৰজাৰ ঘৰে।
 তোমাক জন্মাইলা নিয়া সনেকাৰ উদৰে॥
 দুই জনক দিলা জন্ম জাতিচৰ কৰিয়া।
 সাহে চান্দই মিলি দুয়োকো কৰাই দিলা বিয়া॥
 পূৰ্ব্বে শুনি আছোঁ প্ৰভু ৰাত্ৰি নিশা ভাগে।
 তোমাক খাইবে আজি পদ্মাৰ কাল নাগে॥
 পুৰুষ হইয়া কিছু নাজানাহ তুমি।
 স্ত্ৰী হৈয়া সৰ্ব্ব কথা জানি আছোঁ‌ আমি॥
 তোমাক খাইবে যদি ইকাল নাগিনী।
 তোমাক জলে ভাসিম তেজি অন্ন পানী॥

যদি সত্য ধৰ্ম্ম প্ৰভু থাকয় আমাৰ।
ছয় মাহ জ্বলে ভাসি জীৱাবো তোমাৰ॥
যদি সত্য নষ্ট প্ৰভু কৰাহ আমাৰে।
তবেতো জীৱাইবে প্ৰভু নোৱাৰিম তোমাৰে॥
মৰণৰ কথা শুনি বনিক নন্দন।
মনক থাপিয়া লখাই কৰিলা শয়ন॥
লখাইৰ শয়ন দেখি বেউলা সুন্দৰী।
লখাইৰ বাম পাশে আঞ্চোল এক পাৰি॥
বেউলাৰ শয়ন দেখি পদ্মাৰ হৰষিত মন।
নিদ্ৰাৱলী বুলি পদ্মাই ডাকে ঘনে ঘন॥
নিদ্ৰাৱলী বুলি পদ্মাই মাৰিলা হুঙ্কাৰ।
যত সব নিদ্ৰা আহি দিলা আগুসাৰ॥
নিদ্ৰা আসি পদ্মাৱতীৰ বন্দিলা চৰণ।
কি কাৰণে কৰিলা পদ্মা আমাক সুমৰণ॥
পদ্মা বোলে শুনা নিদ্ৰা আমাৰ উত্তৰ।
মোৰ বলে ধৰা বেউলাৰ চক্ষুৰ উপৰ॥
শুকবি নাৰায়ণ দেবৰ সুৰস পাছালী।
নিদ্ৰাৰ চলনা বুলি একই লেছাৰী॥

দিহা :— (মোৰ হৰি ৰে) নিদ্ৰা ধালে পদ্মাৱতী।
পদ— প্ৰথমতে মাৰে নিদ্ৰা চান্দ অধিকাৰী।
 তাৰ ভাৰ্য্যা মাৰে নিদ্ৰা সনেকা সুন্দৰী॥

দুৱাৰমুখে মাৰে নিদ্ৰা মদমত্ত হাতী।
চাৰি কাষে মাৰে নিদ্ৰা চাৰি কাষে থাকি॥
মেৰৰ ওপৰে মাৰে নিদ্ৰা মহা গৰুড় পক্ষী।
বাহিৰে মাৰিলা নিদ্ৰা যত আছে ৰখি॥
মূৰশিথানে মাৰে নিদ্ৰা ওজা ধন্বন্তৰী।
খাটৰ তলে মাৰে নিদ্ৰা নেউলি মহৰি॥
আতিয়াৰ খালে মাৰে নিদ্ৰা ৰাঘুৱা বৰালি।
আতালত মাৰে নিদ্ৰা কঙ্খ যে বিড়ালী॥
একে একে মাৰে নিদ্ৰা ইপালি প্ৰহৰী।
হস্তী ঘোড়া নিদ্ৰাত পৰিল হুয়া সাৰি সাৰি॥
তাৰ শেষে মাৰে নিদ্ৰা বালা লখিন্দাৰ।
তাৰ ভাৰ্য্যা মাৰে নিদ্ৰা বেউলা সুন্দৰী॥
মেৰৰ ওপৰে কালী মাৰে লেঞ্জৰ বাৰি।
আচোক মনুষ্য পিপিৰাৰ নাই সাৰি॥
তাক দেখি কালী নাগৰ হৰষিত মন।
মেৰ ওপৰে কালী নামে তেতিক্ষণ॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাছালী।
কালীৰ চলনা বুলি একই লেছাৰী॥

দিহা :— (ঐ অনে এ হে) স্বৰ্গেশ্বৰী কাল সেনা
 সোমাল মেৰতে (ভাল) সোমাল মেৰতে।
পদ— ঐশন্য কোণাত আছে সিন্দুৰৰ ৰেখা।
 তাহাৰ নিকটে কালী চিদ্ৰ পাইলা দেখা॥

মুখৰ সেপ দিয়া কালী গুছাইলা কৰাল।
কেশ সমান হৈয়া কালী পশিলা ভিতৰ॥
লখাইৰ দক্ষিণ কাষে জ্বলে ঘৃত বাতি।
যেন বালা লখিন্দাৰ বেউলা ৰূপবতী॥
কোকালত হেমহাৰ গলে মুক্তা মালা।
গগন ওপৰে যেন শোভে চন্দ্ৰকলা॥
লখাইৰ কপালে আছে সিন্দুৰৰ ৰেখা।
হাৰুৱা মেঘৰ তলে চন্দ্ৰ দিলা দেখা॥
তাক দেখি কালীনাগৰ বিচলিত মন।
সকাৰুণ ভাৱে কালী যুৰিলা ক্ৰন্দন॥
সুকবি নাৰায়ণ দেবৰ সুৰস পাছালি।
কালীৰ ক্ৰন্দন বুলি একই লেছাৰী॥

দিহা :— (অনে ৰে) কান্দে কালীনাগ লখাইৰ মুখ চাই।
 কোন সতে দকিম বালাক প্ৰাণ ফুটি যাই।

পদ— চুলিকোচা দকিম বালাৰ দেখিবাক ভাল।
 মাথা গোট দকিম বালাৰ দাব নাৰিকল॥
 কপালখন দকিম বালাৰ দ্বিতীয়াৰ জোন।
 দুই কৰ্ণ দকিম বালাৰ বাৰে গাছৰ পান॥
 দুই চক্ষু দকিম বালাৰ আকাশৰ তাৰা।
 নাক গোট দকিম বালাৰ সোণৰ পাকাৰা॥

দুই ওঠ দকিম বালাৰ মনোহৰ হাসি।
দন্ত দুই পাৰি দকিম বালাৰ মুকুতাৰ পাহি॥
জিভাখন দকিম বালাৰ আলতা বৰণ।
গলগোট দকিম বালাৰ হংসৰ বদন॥
দুই বাহু দকিম বালাৰ যেন শালৰ শিৰি।
দশ আঙ্গুলি দকিম বালাৰ চম্পাফুলৰ কৰি॥
বুকখন দকিম বালাৰ চন্দনৰ পাতা।
পিঠিখন দকিম বালাৰ সূৰযৰ চাতা॥
ৰাজহাড় দকিম বালাৰ মুধাৰ মাৰলী।
কামিহাড় দকিম বালাৰ পুতুলা সাৰি সাৰি॥
পেটগোট দকিম বালাৰ অমলা ভাণ্ডাৰি।
নাভিনালা দকিম বালাৰ মলানেৰ দাৰি॥
ককালখন দকিম বালাৰ অতি বৰ সৰু।
আটিলে মুঠুত লুকে হৰৰ ডম্বৰু॥
দুই তাপিলা দকিম বালাৰ দেখিবাক ভাল।
দুই উৰাত দকিম বালাৰ যেন ৰাম কল॥
দুই আঠু দকিম বালাৰ সুবৰ্ণৰ ঘিলা।
দুই ডিমা দকিম বালাৰ যেন কেতেকিৰ ডিলা॥
দুই গড়া দকিম বালাৰ ডিমাৰ চোকলা।
দুই পাতা দকিম বালাৰ টেঙ্গাৰ বাকলা॥
সকল শৰীৰ লখাইৰ বিচাৰি চাহিলা।
তিলৰ সমান চিদ্ৰ খুজি নাপাইলা॥

ইহাক নাখাইলে যদি পদ্মাই মোক মাৰে।
তথাপি নিদিম কামোৰ লখাইৰ শৰীৰে॥
সৰ্প হৈয়া নহসিল আমাৰ পৰাণে।
লখাইৰ মাৱে বাপে শোক সহিব কেমনে॥
দুই দণ্ড ৰাতি আছে গগন ওপৰে।
প্ৰভাতে কহিব গৈয়া পদ্মাৰ গোচৰে॥
ঠাত কতকগণ জাগিয়া আছিলা।
লখাইক খাইতে মাতা সময় নভৈলা॥
সুকবি নাৰায়ণ দেবৰ সুৰস পাছালী।
কালীৰ বচন বুলি একই লেছাৰী॥

দিহা :— (হৈ অ হ) কালী হুয়ো সাবধান (ও হায় হায়)
 যি নাম স্মৰণে হয় শাপ বিমোচন॥

পদ— পদ্মাৰ বচন কালী ভাবিলেক মনে।
 লখাইৰ পাও স্থানে কালী কৰিলা শয়ন॥
 দৈবৰ নিৰ্ববন্ধন কভু নাযাই খণ্ডন।
 কালীৰ মাথাত বাজে লখাইৰ চৰণ॥
 বেদনা পায়া কালী কহিলা তখন।
 আপোনাৰ দোষে বেটাৰ হইব মৰণ॥
 প্ৰথম লাঠি কালী ক্ষেমিলাহা আগে।
 পুনৰ্ব্বাৰ দিলা লাঠি হুইয়া নিদ্ৰা ভাগে॥

সাক্ষী কৰে কালীনাগে যত দেবগণ।
ব্ৰহ্মা বিষ্ণু হৈবা সাক্ষী কুবেৰ বৰুণ॥
অষ্টবসু হৈবা সাক্ষী যত দিগপাল।
চন্দ্ৰ সূৰ্য্য হৈবা সাক্ষী কাল যে বিকাল॥
এতেক কহি কালীনাগে সাক্ষী যে কৰিলা।
প্ৰদীপৰ তৈল আনি লেঙ্গুৰ মাজিলা॥
প্ৰদীপৰ জুইত কালী লেঙ্গুৰ সেকিলা।
লখাইৰ কিনা আঙ্গুলিত চিহ্ন এক দিলা॥
যেতিক্ষণে কালীনাগে তৈলক ধালিলা।
কোমল শৰীৰ লখাইৰ ফুলিয়া উঠিলা॥
পদ্মাক আৰধি কালী মনে কৰি সাৰ।
লখাইৰ কিনা আঙ্গুলিত মাৰিলা কামোৰ॥
কামোৰ মাৰিয়া তিনি পাক বাগৰিলা।
ওঠৰ তোলা হলা হল বিষ শৰীৰে ধালিলা॥
লখাইৰ হাতত আছিল অধিবাস কটাৰী।
খৰ্গ পৰি লেঞ্জ কাতি থাকিলেক পৰি॥
ৰাম ৰাম বুলি লখাই চাৰিলেক ডাক।
উঠা প্ৰাণেশ্বৰী বুলি মাতে বেউলাক॥
বিস্তাৰ ডাকিয়া লখাই নাপাই সমিধান।
শয্যাত বসিয়া লখাই জুৰিলা ক্ৰন্দন॥
সুকবি নাৰায়ণ দেবৰ সুৰস পাছালী।
লখাইৰ ক্ৰন্দন বুলি একই লেছাৰী॥

দিহা:— (ঔ কি অহ কি) বেউলা উঠ অহে জাগ
 মোৰ প্ৰিয়া, উঠা উঠা জাগ প্ৰিয়া কত নিদ্ৰা যাহ।
 মোক খাইলা কালীনাগে চক্ষুমেলি চাহ॥

পদ— তোৰ সম অভাগিনী নাই ৰত্ৰি তলে।
 অকালতে কৰিলা বাৰি মন্দ তপৰ ফলে॥
 নহলেক মাহ পক্ষ অষ্ট দিন চাৰি।
 বিয়াৰ ৰাতি পদ্মাৱতী তোক কৰিলা বাৰী॥
 তোৰ ৰূপ দেখি কন্যা দুখ লাগে মনে।
 বিধবা যন্ত্ৰনা কন্যা সহিবি কেমনে॥
 শত পুত্ৰৱতী যদি পতিহীনা হয়।
 তথাপিতো লোকে তাক অভাগী বোলয়॥
 বিষাদ ভাবিয়া লখাই কৰিছে ক্ৰন্দন।
 কাল নিদ্ৰা লাগি বেউলা নাহিকে চেতন॥
 সুকবি নাৰায়ণ দেৱৰ সুৰস পাছালী।
 লখাইৰ ক্ৰন্দন বুলি একই লেছাৰী॥

দিহা :—— (অনেৰে)কান্দে বালা লখিন্দাৰ।

পদ——দাৰুণ বিষেৰ জালে প্ৰাণ কৰে বিয়াকুলে
 উঠা প্ৰিয়া মোক দেহ সমিধান।
তুমি আমাৰ প্ৰিয়া  বিষে মোৰ প্ৰাণ যায়
 পুৰোহিতক আনহ এখন॥

উঠ প্ৰিয়া জ্বালা বাতি তোৰ চাওঁ ৰূপ কান্তি
 মৰি যাওঁ তোৰ পতি লখিন্দাৰ।
বিষম বিষৰ তাপে উঠিলে মোৰ প্ৰাণ কাপে
 পিতা মাতা নাহিকে আমাৰ॥
উঠা উঠা পানী আনি মুখে মোৰ দেহ পানী
 তাক খাই ম‍ইশৰীৰ জুৰাও॥
উঠা প্ৰিয়া কাঢ়া ৰাও ডাক দি আনা কল্যানী মাও
 মাৱৰ মুখ নয়ণভৰি চাওঁ॥
ছয় ভাই আছিল মোৰ  ছয়ো যেন বিদ্যাধৰ
 তাক পদ্মা কৰিলা নিধন।
মাৱে যত শোক পাইলা  মোক চাই পাহৰিলা
 এতিয়া হইব মাৱৰ মৰণ॥
দুয়ো জনে এক সঙ্গে  মেৰত আছিলোঁ ৰঙ্গে
 কোন দেবে বঞ্চিলা আমাৰ।
মৃত্যু কালে প্ৰিয়াত্তৰে লজ্জায় নামাতা মোৰে
 ময় মৰিলে দুখ হব তোৰ॥
কাল সৰ্পে খাইলা মোক  মাৱৰ হইব দাৰুণ শোক
 এই শোকে মাৱে ত্যজিব পৰাণ।
নাৰায়ণ দেবে কয় সুকবি বল্লভ হয়
 নাৰায়ণ দেবৰ সুবচন॥

দিহা :—―  (ঐ আৰে) উঠ কমলমুখী জাগ প্ৰিয়া কত
  নিদ্ৰা যাহ সুখে।
পদ—— কিনা আঙ্গুলিত খাইলা কিসে
  সৰ্ব্বাঙ্গে চান্দিলা বিষে
 বিষ মোৰ উজান কুৱাই।

খাৰগাঠি ধৰিলা বিষে  নাজানিলোঁ খাইলা কিসে
 দাৰুণ বিষে মোৰ প্ৰাণ যায়॥
দিমাত ধৰিলা বিয়ে  নাজানিলো খাইলে কিসে
 কাল বিষ অগনি সমান।
আঠুত ধৰিলা বিষে  নাজানিলোঁ খাইলে কিসে
 দাৰুণ বিষে দগধ পৰাণ॥
উৰাতত ধৰিলা বিষে নাজানিলোঁ খাইলে কিসে
 দাৰুণ বিষে পৰাণ বিদাৰে।
যোৰাত ধৰিলা বিষে নাজানিলোঁ খাইলা কিসে
 কাল বিষে মৰণ আমাৰ॥
নাভিত ধৰিলা বিষে নাজানিলোঁ খাইলা কিসে
 বিষ যায় পেটত প্ৰবেশ।
পেটে ভৈলা সঞ্চাৰ লখাই দেখে অন্ধকাৰ
 খসি পৰে মনোহৰ কেশ॥
বুকুত ধৰিলা বিষে বিষ যায় উজান মুখে
 ৰাম ৰাম বোলে লখিন্দাৰ।

কৰত ধৰিলা বিষে বিষ যাই উজান মুখে
 লখাই সুমৰে হৰি হৰ॥
গলত ধৰিলা বিষে বিষ যাই উজান মুখে
 লখাইৰ হৰাইলা মাত বোল।
দুই কৰ্ণ ধৰে আতি বিষ যাই কৰ্ণ ফাটি
 লখিন্দাৰক যমে দিলা কোল॥
তালুত ভৈলেক প্ৰবেশ লখাইৰ ভৈলা আয়ু শেষ
 ৰাম নাম চিন্তে লখিন্দাৰ।
সুমৰিয়া হৰিহৰ প্ৰাণ ত্যাজে লখিন্দাৰ
 ধলি পৰে বিছনা উপৰ।
নাৰায়ণ দেবে কয়  সুকবি বল্লভ হয়
 কালীনাগ হৈ গৈলা অন্তৰ॥


দিহা :—— (ঐ আৰে) অন্তৰ হৈয়া কালীনাগ ৰহিলা
 আচম্ভিতে, আত্ম বন্ধন কৰে কালী ঘৰ
  বাহিৰ হৈতে।

পদ—— লখাই তেজিলা প্ৰাণ কালীনাগ বিদ্যমান।
 থাম্প দিয়া জীউ ধৰে তেতিক্ষণ॥
 লখাইৰ জীউ কালী থাম্প দিয়া ধৰি।
 সোণৰ সপুৰা ভৰাই লৈলা যত্ন কৰি॥

যেহি পথে গৈলা কালী মেৰৰ ভিতৰে।
সেহি পথে বাহিৰ কালী হইলা সত্তৰে॥
আত্মা পাই, কালীনাগৰ হৰষিত মন।
আত্মা গোট দিলা নিয়া পদ্মা বিদ্যমান॥
আত্মা পাই পদ্মাৱতীৰ হৰষিত মন।
বেউলাৰ নিকটে গৈয়া দেখাই সপোন॥
কত নিদ্ৰা যাহ তুমি বেউলা সুন্দৰী।
চক্ষু মেলি চাহ তোমাৰ স্বামী গৈছে মৰি॥
এত কহি গৈলা পদ্মা আপোন ভবন।
স্বপ্ন শুনি বেউলাই লভিলা চেতন॥
লখাইৰ গাৱে হাত দিয়া বেউলা চাহিলা।
হিম সম লখিন্দাৰৰ সৰ্ব্ব গাৱে পাইলা॥
লখাইৰ গাৱে হাত দিয়া পাইলা তৰাস।
নাকত ধৰিয়া চাহে নাকৰ নিশ্বাস॥
দুই কৰ্ণ হালি আছে বেউলা দেখয়।
দাৰুণ বিষৰ জালে মুখে লাল বয়॥
সুকবি নাৰায়ণ দেবৰ সুৰস পাচালী।
বেউলাৰ ক্ৰন্দন বুলি একই লেছাৰী॥

দিহা :—— (অ হ) বেউলা কান্দে অভাগী দুখুনী বেউলা
 কান্দে (আৰে) প্ৰভো প্ৰভো বুলি বেউলা কান্দে।

পদ —— তুমি গৈলা যমঘৰে  উত্তৰ নিদিলা মোৰে
  মৰি গৈলা শহুৰৰ বাদে।

পূজিলোঁ পাৰ্ব্বতী হৰ তোমাক পাইলো বৰ
 সদাই পূজিলো দিনেৰাতি।
আগে সিদ্ধি ভৈলা কাম পাছে বিধি ভৈলা ৰাম
 কপটে বঞ্চিলা পদ্মাৱতী॥
বিধবা যতেক কৈলা সকলে প্ৰত্যক্ষ ভৈলা
 স্বৰূপত লাগিল ব্ৰহ্মশাপ।
কান্দে বেউলা সুন্দৰী মৰিল স্বামী লখিন্দাৰ
 স্বামীৰ শোকে মনে পাইবো তাপ॥
বেউলাই বোলে প্ৰহৰীয়া মেৰঘৰ গৈলা চুৱা
 জনাও গৈয়া শহুৰৰ ঠাই।
নাৰায়ণ দেবে কয় সুকবি বল্লভ হয়
 কালীনাগে খাইলা লখাই॥

দিহা :—— (অ হ কি হয় নাৰে, হয় কি আৰে) কান্দে
 অভাগী বেউলা।

পদ—— প্ৰভো প্ৰভো বুলি বেউলা কান্দে উচ্চস্বৰে।
 দেবগণে দাকি বোলে মেৰৰ উপৰে॥
 নাকান্দা নাকান্দা তুমি বেউলা সুন্দৰী।
 অৱশ্যে পাইবা লখাইক গৈলে দেবপূৰী॥
 দেবগণৰ বচন বেউলা নুশুনিলা কাণে।
 হা প্ৰাণ প্ৰভো বুলি কৰন্ত ক্ৰন্দন॥

উঠা উঠা মোৰ প্ৰভু বালা লখিন্দাৰ।
লোহাৰ মেৰঘৰে ভৈলা নিৰ্ব্বন্ধ তোমাৰ॥
অমৃত সমান প্ৰভো তোমাৰ মুখৰ বাণী।
পুনুৰূপি নুশুনিলোঁ ম‍ই অভাগিনী॥
মোৰ ৰান্ধা অন্ন খাইতে প্ৰভোৰ গৈলা মন।
মই বাধা দিলোঁ তাক নকৰি ৰন্ধন॥
এইসে দাৰুণ দুখ বহিলা আমাৰ।
সেই কাৰণে প্ৰভো মোক নেদহ উত্তৰ॥
মদনে পাড়িত হইয়া চাহিলা আলিঙ্গন।
লজ্জাৰ কাৰণে প্ৰভোৰ নুতুষিলোঁ মন॥
সুৰাসুৰ চন্দ্ৰ সূৰ্য্য দেৱ ঋষিগণ।
তোমাৰ ৰূপ দেখি প্ৰভু লজ্জা ভৈলা মন॥
হেন যৌৱন ৰূপ কাল ভৈলা মোৰে।
ৰাহুই গিলিলা যেন পূৰ্ণ শশধৰে॥
সুকবি নাৰায়ণ দেবৰ সুৰস পাছানী।
বেউলাৰ ক্ৰন্দন বুলি একই লেছাৰী॥

দিহা :—— (অ মোৰ হৰি নালো কি ওৰে ভাল)
  কান্দে অভাগী বালা।

পদ—— বেউলাৰ ক্ৰন্দনে বৃক্ষৰ পাত সৰে।
 পাথৰ ফাতয় যেন মেদিনী বিদৰে॥

মহা শোকে বহে দুই নয়ণৰ পানী।
বৃক্ষসব ভাঙ্গি পৰে বেউলাৰ ক্ৰন্দন শুনি॥
কোকিলৰ ধ্বনি যেন বেউলাৰ ক্ৰন্দন।
শুনি ওপজে দুখ শুনে বিৰাজন।
স্বামী ব্ৰহ্মা স্বামী বিষ্ণু স্বামী মহেশ্বৰ।
স্বামী বিনে স্ত্ৰীলোকৰ গতি নাহি আৰ॥
আকাশত চন্দ্ৰ নাই নিজিলেক তাৰা।
যিটো নাৰীৰ পুৰুষ নাই জীবিততে মৰা॥
শত পুত্ৰৱৰ্তী যদি পতি হীনা হয়।
তথাপিতো লোকে তাক অভাগী বোলয়॥
বিষাদিত ভাবে কান্দে বেউলা সুন্দৰী।
অন্তঃপুৰে থাকি শুনে সনেকা সুন্দৰী॥
ক্ৰন্দন শুনিয়া সোনাইৰ সচকিত মন।
বিছনাৰ ওপৰে সোনাই বসিলা তেখন॥
সুকবি নাৰায়ণ দেবৰ সুৰস পাছালী।
সোনাইৰ বচন বুলি একই লেছাৰী॥

দিহা :—— (ঐ আৰে) বেউলাৰ ক্ৰন্দন শুনি সচকিত
  সাধুৰাণী তাতে সোনাই পাইলেক চেতন।

সোনাই বোলে ওৰে সাধু ক্ৰন্দন কৰিছে বধু
 মেৰে শুনা ক্ৰন্দনৰ ধ্বনি।

সোনাই বোলে প্ৰাণেশ্বৰ কান্দে বধু একালচৰ
 পুত্ৰক খাইলা কালী নাগিনী॥
চান্দই বোলে ওৰে সোনাই  তোমাৰ কিছু বুদ্ধি নাই
 তোমাৰ মনে কিছু নাহি জ্ঞান।
পুত্ৰ বধূ দুই যুৱা মেৰত কৰিছে কিবা
 তাতে তুমি কেনে পাতা কাণ॥
চান্দই যতেক কৈলা সোনাইৰ মনে নধৰিলা
 উঠি সোনাই দিলেক লৱৰ।
লৰ দিয়া সোনাই যাই ঠাই ঠাই আচৰ খাই
 লৰি গৈলা মেৰৰ দুৱাৰ॥
নাৰায়ণ দেবে কয় সুকবি বল্লভ হয়
 পুত্ৰ পুত্ৰ বুলি সনে ডাক ঘনে চাৰে॥

দিহা :― (অহে মোৰ হৰি নাল কি ওৰে ভলে)
  সোনাই কান্দে বাচা লখাই।

পদ— ক্ৰন্দন শুনিয়া সোনাই দিলেক লবৰ।
 চুলি নাহি বান্ধে সোনাই নিপিন্ধে কাপোৰ॥
 পুত্ৰ পুত্ৰ বুলি সোনাই বুকে মাৰে ঘাও।
 চাৰি দণ্ড মান সোনাইৰ মুখে নাহে ৰাওঁ॥

চাৰি দণ্ড মান সোনাই পৰিয়া আছিলা।
কত বেলি সনেকাই কিছু সুস্থ ভৈলা॥
দুৱাৰ খসাইল সোনাই আনিয়া কমাৰ।
ধৰা ধৰি কৰি লখাইক উইলাই বাহিৰ॥
খসাই পেলাইলা লখাইৰ কোকালৰ হাৰ।
টান দিয়া ঢিঙ্গি লেপাইলা আনো অলঙ্কাৰ॥
কপাল ফালিয়া দেখে কি লেখিলা বিধি।
কি দোষে কাঢ়ি নিলা কোলাৰ নব নিধি॥
আকাশ ভাঙ্গিয়া যেন পৰয় ভূমিত।
স্বৰ্গ হন্তে চন্দ্ৰ খহি পৰে আচম্বিত॥
সুকবি নাৰায়ণ দেৱৰ সৰস পাছালী।
সোনাইৰ ক্ৰন্দন বুলি এক যে লেছাৰী॥

দিহা:―— (এ হে আ) হা পুতাই বুলি কান্দে মা,
 ও মাউ কান্দে (আলৰে ভাল)।

পদ—— কাৰ ধন হৰিলোঁ কাহাৰ শিলখান।
 কাৰ পুত্ৰ বিষ খুৱাই বধিলোঁ পৰাণ॥
 কাহাৰ ঘৰত মই লগালোঁ অগনি।
 সেই পাপে খাইলা বেটাক ইকাল নাগিনী॥
 কাৰ চাল হন্তে মই কুমুৰা কৰিলোঁ চুৰি।
 সেই পাপে মোৰ সাত পুত্ৰ গৈলা মৰি॥

কাৰবাৰ ম‍ই চুৰি কৰিলো জালুকীয়া পান।
সাত পুত্ৰ মাৰি মোৰ বুকে দিলা হান॥
কাৰবাৰ মই তেমি হন্তে চুৰি কৰিলোঁ চূণ।
সাত পুত্ৰ মৰি বোৱাৰী ৰূপে বিন্ধে ঘূণ॥
কাহাৰ দন্ধত মই কহিলোঁ মিছা সাক্ষী।
সেই পাপে মৰিল বেটা দৈবে নাৰাখি॥
বাচাৰ কাৰণে মোৰ মিছা গৃহবাস।
কাল ৰূপে মনসাই কৈলা সৰ্বনাশ॥
তোমাৰ কাৰণে বাচা শূন্য ভৈলা পুৰি।
তোমাৰ মৰণে শূন্য চম্পক নগৰি॥
সুন্দৰ শৰীৰ বধূৰ কিছু দোষ নাই।
কুল বধূৰ দোষে নমৰে লখাই॥
বক্ষস্থল সুবলিত পিঠি নুই উচ্চ।
হংসৰ গমন নহে খৰেমা চৰণ॥
কাণা হইলো মই দুই চক্ষু থাকতে।
এহেন সুন্দৰ বোৱাৰী ৰাখিবো কিমতে॥
সিতাক সাজিবো আজি গুঞ্জৰীৰ তীৰে।
পুত্ৰ কলে লৈয়া উঠি সিতাৰ ওপৰে॥
ত্ৰিভূবন জুৰি আজি ৰাখিব খিয়াতি।
মাৱে যে পুৰিয়া মৰে পুত্ৰৰ সংহতি॥
লখাইৰ মুখত সোনাই গুজি ধৰি।
বিলাপ কৰিয়া কান্দে সোনেকা সুন্দৰী॥

সুকবি নাৰায়ণ দেৱৰ সৰস পাছালী।
সোনাইৰ ক্ৰন্দন বুলি একই লেছাৰী॥

দিহা :—— ঔ পুতাই জাগো লখিন্দাৰ, দেহ বাচা উত্তৰ
  কেনে বাচা নাচহ চক্ষু মেলি।

পদ——বাচা মোৰ সুবোধ নাজানে বিৰোধ
 কাঢ়ি নিলা কোলাৰ ছোৱালি।
মোৰ পুত্ৰ ছয়জন ৰূপে গুণে সুশোভন
 বুদ্ধিত যেন বৃহস্পতি।
একে একে সকলোৱে গৈলা সবে যমালয়ে
 নিবাদ কৰিলা পদ্মাৱতী॥
সংসাৰৰ ভিতৰে  এত দুখ ভৈলা মোৰে
 হৃদয়ে ৰহিলা মোৰ শেল।
নাৰায়ণ দেবে কয়  সুকবি বল্লত হয়
 কান্দে সোনাই হইয়া বিকল॥

দিহা :——এ পুত্ৰ মোৰ লখাইৰে মানিকেৰ
   বাচাবে (ভাল)

পদ—— সোনাইৰ ক্ৰন্দনে সখাগণে কৰে ৰোল।
 চম্পক নগৰ জুৰি ভৈলা গণ্ডগোল॥

ক্ৰন্দন শুনিয়া তথা চাঁন্দই দিলা লৰ।
হেমতালৰ বাৰি লৈলা কান্ধৰ উপৰ॥
পুত্ৰ গোট মৰি আছে দেখিলেক পাছে।
বিচাৰি চাহিলা সাপ কৈত লুকাই আছে॥
বিচাৰিয়া কাণিৰ যদি পাও এক সাপ।
তবে দূৰে যায় মোৰ সাত পুত্ৰৰ তাপ॥
বিচাৰিয়া চন্দ্ৰধৰে নাগক নাপাইলা।
পুত্ৰ মুখ চাই চান্দই সন্তাপ কৰিলা॥
সাত পুত্ৰ মৰিল মোৰ খণ্ডিল জগৰ।
চূণ চাই দিব কাণিৰ চক্ষুৰ উপৰ॥
সোনাইৰ ক্ৰন্দনে মহী কৰে থক্‌বক্‌।
চান্দৰ ক্ৰন্দনে কান্দে সকলো কটক॥
বেউলাৰ ক্ৰন্দনে কান্দে যত সখীগণ।
বনিয়াৰ কুল কান্দে হুইয়া সকাৰুণ॥
ক্ৰন্দন সামৰি স্থিৰ ভৈলা চন্দ্ৰধৰ
ওজাক আনিতে জান্তে পাছে অনুচৰ॥
চান্দ বোলে শুনা লেঙ্গা আমাৰ বচন।
ধন্বন্তৰীৰ পুত্ৰক আনা লখাইৰ কাৰণ॥
যদি জীৱাইতে পাৰে সুন্দৰ লখিন্দাৰে।
অৰ্দ্ধ ৰাজ্য ভাগ কৰি দিবোহো তাহাৰে॥
চান্দৰ বচনে লেঙ্গা লবৰিয়া গৈলা।
মহা বেগ দিয়া যায় ওজাৰ পুৰি পাইলা॥

লেঙ্গাই বোলে শুনা ওজা আমাৰ বচন।
ৰাজ আজ্ঞা ভৈলা তুমি কৰহ গমন॥
দূত মুখে বাৰ্ত্তা পাই ওজাৰ কুমাৰ।
ঔষধ লৈয়া ওজাই দিলা আগুসাৰ॥
কোন মন্ত্ৰে জাৰিব সন্ধান নাই চিতে।
আসিয়া মিলিলা ওজা চান্দৰ নিকটে॥
মাটিত গণিয়া চাইলা সুখে নিজীব যে।
নিজীবেক লখিন্দাৰ মোৰ মন্ত্ৰে তেজে॥
বিয়াৰ ৰাত্ৰি সাপে খাইছে গণি চাইলো কড়ি।
তব প্ৰাণ পুত্ৰ লখাই জীৱাইতে নাপাৰি॥
ওজাৰ মুখত শুনি নিষ্ঠুৰ বচন।
পুত্ৰ কোলে লৈয়া চান্দই কৰিলা ক্ৰন্দন॥
সুকবি নাৰায়ণ দেবৰ সুৰস পাচালী।
চান্দৰ ক্ৰন্দন বুলি একই লেছাৰী॥

দিহা :—— (এ হে মোৰ) চান্দ কান্দে, ঐ ৰাম বিষাদ
 ভাবিয়া; নমৰিয়া ৰৈলোঁ কেনে অভাগিয়া।

পদ—— পুত্ৰ মৰিল বুলি যদি খোতা দিয়ে কাণী।
 তাইৰ যতেক খোতা আমি ভাল জানি॥

পুষ্পবনে উপহাস কৰিলা শঙ্কৰে।
সেই ঘোষোণাক মই জানো সাৰে সাৰে॥
হাচেন হুচেনে তাইক কৰিলেক ৰণ।
মোৰ ঘৰত মাৰিলো বেটীক একোডাল তাঙ্গন॥
যদি কাণীক মই লাগ পাওঁ একবাৰ।
এক কোবে সুজিম বেটীক সাতো পুত্ৰৰ ধাৰ॥
সাত পুত্ৰ মৰিল মোৰ খণ্ডিল আপদ।
লান্দা মুন্দা হলোঁ কাণীক চাপি কৰিম বাদ॥
চণ্ডীকাৰ আজ্ঞা লৈয়া কাটিবো কাণীৰে।
তুষ্ট কৰি আছো মই হৰ যে গৌৰীৰে॥
চান্দ বোলে শুনা লেঙ্গা আমাৰ উত্তৰ।
মৰা ভাসাইয়া দেহ গুঞ্জবী সাগৰ॥
বেউলা বোলে সদাগৰ বুদ্ধি নাহি ঘটে।
স্বামীৰ সহিতে মই পৰিবো সঙ্কটে॥
ভাল মতে ভেল বান্ধি দেহ যত্ন কৰি।
মৰা স্বামী লৈয়া যাওঁ দেবতাৰ পুৰি॥
শহুৰৰ আগে যাইতে বৰ লজ্জা পাই।
কহিতে লাগিলা বেউলা মালাকৰৰ ঠাই॥
সুকবি নাৰায়ণ দেবৰ সুৰস পাচালী।
বেউলাৰ বচন বুলি একই লেছাৰী॥


দিহা :—— (অ এ হে) বেউলা বোলে শুন মালি কহো
 তোমাৰ ঠাই; ভেল বান্ধি দেহ মোকে প্ৰভু লৈয়া
   যাই।

পদ—— ছয় মাহ ভাসিবো মই জ্বলেৰ ওপৰে।
 ভাল মতে ভেল বান্ধি দেহটো আমাৰে॥
 বেউলাৰ বচনে মালি চলিলা সত্তৰে।
 খুজিলেক কল চন্দ্ৰধৰৰ গোচৰে॥
 চন্দ্ৰধৰে বোলে মোৰ মৰিল সাতবেটা।
 তাহাত অধিক একডাল কল গৈলে কাটা॥
 একডালি কলে পাও দশ বিশ কৰি৷
 কলক বেচিয়া ধন থৈব যত্ন কৰি॥
 কলক বেচিয়া ধন যত্ন কৰি থৈব।
 বৃদ্ধ সময় ধন ভাঙ্গি চিঙ্গি খাইব॥
 শহুৰৰ মুখে শুনি নিষ্ঠুৰ বচন।
 আপোনাৰ হাতৰ খসাই দিলেক কঙ্কন॥
 কঙ্কন দেখিয়া বোলে চান্দ অধিকাৰী।
 কদাচিতো বধূ মই তোমাক নেদো চাৰি॥
 সাপে খোৱা বেটাৰ তৰে।
 দয়া নাইকা মোৰে॥
 শিলা বান্ধি ফেলে দেহ গুঞ্জৰি সাগৰে॥

শহুৰৰ মুখে শুনি এতেক বচন।
স্বামী কোলে লৈয়া বেউলা জুৰিলা ক্ৰন্দন॥
সুকবি নাৰায়ণ দেবৰ মধুৰ বচন।
জয়ধৰে চন্দ্ৰধৰক বুলিলা বচন॥

দিহা:—— মনাই ৰাম বল, বদন হৰি বল।

পদ:—— জয়ধৰে বোলে দাদা শুনহ বচন।
 এমত নিষ্ঠুৰ কথা কহা কি কাৰণ॥
 লখিন্দাৰ হেন পুত্ৰ ধলিয়া পৰিছে।
 ইহেন সুন্দৰ বধূ তাৰ কাছে আছে॥
 যদি জীৱাইতে পাৰে সুন্দৰ লখাই।
 তবেটো এমত শান্তি ত্ৰিভূবনে নাই॥
 কালি বিয়াৰ ৰাত্ৰি তেওঁ হৈ আছে বাঁৰী।
 অপযশ নাৰাখিব ত্ৰিভূবন জুৰি॥
 পদ্মাৰ সহিতে দন্দ কোন প্ৰয়োজন।
 চাৰি পাঞ্চ কল তোমাৰ ক’ত কৰিব ধন॥
 ভাল মতে ভেল বান্ধি দেহ যত্ন কৰি।
 মৰা পুত্ৰ লৈয়া যাক দেৱতাৰ পুৰি॥
 দেৱপুৰে নিয়া বেউলাই লখাইক জীৱাবে।
 লখাইক জীৱাই পুনু চম্পকে আসিবে॥

সুকবি নাৰায়ণ দেৱৰ সুৰস পাঞ্চালী।
জয়ধৰৰ বচন বুলি একই লেছাৰী॥

দিহা:—— দুই হস্ত যোৰ কৰি বোলে বেউলা সুন্দৰী;
  চাই দুই শহুৰ শাহুৰী।

পদ—— নাভাবিয়া ভয় লাজ কহিলোঁ সমাজৰ মাজ
  আপুনি যাইবো দেবপুৰে।

যাইবো মই দেৱৰ স্থানে কহিবো ম‍ই পদ্মাৰ সনে
 নিবেদন কৰহো তোমাৰে॥
জাৱাইবো মোৰ নিজ পতি ছয় ভাইশহুৰ সহিতি
 পুনু আসিম চম্পক নগৰে।
ডাকিয়া বুলিলা চান্দ যত্ন কৰি ভেল বান্ধ
 পুত্ৰ ভাসও গুঞ্জৰি সাগৰে॥
বধূক নেদিব এৰি কহিলোঁ মই নিষ্ঠ কৰি
 সত্য জানিবা সাৰে সাৰ।
নাৰায়ণ দেৱে কয় সুকবি বল্লভ হয়
 কহে পদ্মা মনসাৰ কিঙ্কৰ॥

দিহা:—— (ঐ আৰে) লয়ো গোবিন্দৰ নাম ও ভাই
 যাবত চেতন থাকে, হৰিৰ নাম নলৈ ভাই
  নমৰা বিপাকে।

পদ—— তুমি সদাগৰ তোমাৰ বুদ্ধি নাহি ঘটে।
 প্ৰভুৰ সহিতে মই পৰিবো সঙ্কটে॥
 নাৰী বধ পাপ সম নাহিকে সংসাৰে।
 বিদায় দিয়া যাওঁ শহুৰ দেৱতাৰ পুৰে॥
 আপুনি পুৰুষালী কৰি জীৱাইবো পতি।
 তেবেসে জানিবা বাপ আমি যেন সতী॥
 ছয় ভাইশহুৰ জীৱাম ধন্বন্তৰী বেজ।
 তেবেসে জানিবা বাপ সতীৰ কি তেজ॥
 সত্তৰী হাজাৰ বাইচা আৰু চৈধ্যখনি নাও।
 যদি কৃপা কৰে মোক পদ্মাৱতী মাও॥
 সোমাই ব্ৰাহ্মণ আৰু তেৰ যে চাকৰ।
 ধন জন যত আছে নৌকাৰ ওপৰ॥
 বেউলাৰ মুখে শুনি ৰাজা চন্দ্ৰধৰে।
 সকাৰুণ জ্ঞাতি স্থানে লাগে কহিবাৰে॥
 তোমাসবে অনুমতি কি দিব এখন।
 বিদায় দেও যাক বধূ দেৱৰ ভূবন॥
 জ্ঞাতিগণে বোলে শুনা ৰাজা চন্দ্ৰধৰ।
 বিদায় দিয়া যাক বধু দেৱতাৰ পুৰ॥

জ্ঞাতি স্থানে অনুমতি পাই চন্দ্ৰধৰে।
বিদায় দিলো যাক বধূ দেবতাৰ পুৰে॥
শহুৰৰ আগে বেউলা অনুমতি পাই।
বিদায় হইয়া যাই শাহুৰীৰ ঠাই॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাছালী।
বেউলাৰ বিদায় বুলি একই লেছাৰী॥

দিহা:—— (ঐ আৰে) শাহুৰীৰ চৰণে ধৰি, বিদায় মাগে
 সুন্দৰী, সকাৰুণ কৰয় ক্ৰন্দন॥
পদ— ছয় যে মাসক লাগি  তোমাত বিদায় মাগি
 অভাগিনী যাওঁ দেৱভবন।
দন্দবতে পৰি পৰি  বিদায় মাগে সুন্দৰী
 সকাৰুণে কৰয় ক্ৰন্দন॥
শুনা আই কহো আমি যাবত নিজীয়ে স্বামী
 তাবৎ অন্ন নকৰো ভোজন।
শুনিয়া বেউলাৰ বাণী সোনাই কহিলা পুনি
 শুনা বাচা আমাৰ বচন।
পুত্ৰ কৰ্ম্ম দোষে গৈল অপযশ লোকে ৰৈল
 হেন কথা কহা কিকাৰণ॥
কোন সাধু সদাগৰে জলে লাগ পাইলে তোৰে
 নৌকায় তুলি নিবে ৰঙ্গ মনে।

জলে ফেলি লখিন্দৰে তই যাবি তাৰ ঘৰে
 খাইব বাচাক শৃগাল শগুণে॥
শুনিয়া সোনাৰ বাণী বেউলা কহিলা পুনি
 আমাৰ সত্য কেবা নষ্ট কৰে।
যেবা বোলে লঘু হীন  তাৰ নাই শুভ দিন
 শাপি নষ্ট কৰিম তাহাৰে॥
ছয় জাক মাতি আনি কহিতে লাগিলা বাণী
 তোমাসবে নাভাবিবা দুখ।
তুষ্ট হুয়া বিদায় দিয়া যাওঁ মই প্ৰভু লৈয়া
 সকলে দেখিবা প্ৰভুৰ মুখ॥
বিয়াৰ ৰাত্ৰি হৈয়া বাৰি ভয় লজ্জা পৰিহৰি
 অভাগিনী যাওঁ দেৱপুৰে।
নাৰায়ণ দেৱে কয়  সুকবি বল্লভ হয়
 কহে দেবী মনসা কিঙ্কৰে॥


দিহা:―—(এ হে ৰে হা) ইবাৰ তাৰিয়ো ভগবান ও হৰি
  নাজানো কিমতে পৰিত্ৰাণ।

পদ—— শাহুৰীৰ আগে বেউলা বুজিয়া প্ৰকাৰ।
 পৰীক্ষা ৰাখিয়া যাইবো সত্য বুজিবাৰ॥
 এক তোলা তৈলতে ছয় মাহ জলে বাতী।
 তথাপিতো নুটুতিব তেল এক ৰতি॥

আৰু এক দিও মই সত্যৰ প্ৰমাণ।
মেৰৰ ভিতৰে মই ৰুবো উহা ধান॥
যেখনে ফেলাইবো ধান তেখনে গজিব।
তেবেসে সতীৰ মোৰ পৰীক্ষা বুজিব॥
ভূইঁচম্পা ফুল বেউলা আনিলা উভাৰী।
শাহুৰীৰ হস্তে দিলা বেউলা সুন্দৰী॥
এই ফুল মৰি যদি গন্ধ হয় নাশ।
তেবেসে জানিবা মোৰ সত্য হইব নাশ॥
লোহাৰ তণ্ডুলে জল আছিলেক ভৰি।
খুতিয়াত তুলি দিলা বেউলা সুন্দৰী॥
বিনা জুই যদ্যপি হাৰিত ভাত ভাসে।
তেবেসে জানিবা মাতা বেউলা ঘৰে আসে॥
মেৰৰ দুৱাৰে দেখা আটোপ টঙ্কাৰ।
আপোন গুণে চুটিব মেৰৰ দুৱাৰ॥
বেউলাৰ পৰিনয় বচন শুনিলা।
হেন কথা সনেকাই চান্দত কহিলা॥
সোনাই বোলে পূৰ্বব কথা তুমি পাহৰিলা।
পুত্ৰ বিহাইতে বধূৰ লক্ষণ চাহিলা॥
হৰাইলে বস্তু পাইব জীৱাইৰে মৰা।
কৰাইব বিবাহ এত লক্ষণেৰ যাৰা॥
জীৱাইতে পাৰিব লখাইক হেন লয় মনে।
বিদায় দিয়া যাক, বধূ দেৱতাৰ ভূবনে॥

সনেকাৰ মুখে শুনি ৰাজা চন্দ্ৰধৰ।
আজ্ঞা দিলা মালাকৰে ভেল বান্ধিবাৰ॥
সুকবি নাৰায়ণ দেৱৰ সৰস পাছালী।
ভেলৰ সাজন বুলি একই লেছাৰী॥

দিহা:—— এ গৌৰাই সাজে ও হৰি পতিত পাবন।

পদ—— ভাল ভাল কল গাছ কাটিলা বিস্তাৰ।
 সজাই দিলা ভেলখন চান্দসদাগৰ॥
 সাত জাপ কল দিয়া ভেলক বান্ধিলা।
 সুবৰ্ণৰ খিলি আনি তাহাত মাৰিলা॥
 চাৰি কাষে সোণাৰ পুতিলা চাৰি খুটি।
 ধবল বস্ত্ৰ দিয়া বান্ধে চালৰ চেউতি॥
 ওপৰে বান্ধিলা ঘৰ দেখিতে সুন্দৰ৷
 চন্দ্ৰ সূৰ্য্য লেখি দিলা তাহাৰ ওপৰ॥
 মইৰা বিচনি দিলা ৰাৱাল কুকুৰা।
 ভেলৰ চাৰি কাষে দিলা ৰাখিবাৰে মৰা॥
 সুবৰ্ণৰ খাত দিলা লখাই ঘুমাবাৰ।
 মুহৰি তানিয়া দিলা তাহাৰ উপৰ॥
 সজাই দিলা ভেলখন দেখিতে সুন্দৰ।
 জল মধ্যে ভাসে যেন আমতৰী খুন॥

মালিয়ে কহিলা শুনা বেউলা সুন্দৰী।
ভেল সাজন ভৈলা তুমি চলা দেৱৰ পুৰী॥
দেৱপুৰে যাইতে বেউলা হৰষিত ভৈলা।
গলে ধৰি সনেকাই কান্দিতে লাগিলা॥
সুকবি নাৰায়ণ দেৱৰ সৰস পাছালী।
সোনাইৰ ক্ৰন্দন বুলি একই লেছাৰী॥

দিহা:—— এ বেউলা তুমিৰে, এ বেউলা তুমি নাযাবা
  দেৱৰ পুৰি।
পদ— পুত্ৰৰ কাৰণে নসয় পৰাণে
 কিমতে ভাসায় দিব তোৰে।
গুঞ্জৰি সাগৰে ভাসাই দিব তোৰে
 জ্ঞাতিভাগে হাসিবেক মোৰে॥
মৰাৰ বিধান যত  দান যজ্ঞ কৰা ব্ৰত
 আজ্ঞা দিয়া মৰা পুৰিবাৰে।
কোন সাউদ সদাগৰে জলে লাগ পাব তোৰে
 নৌকায় তুলি নিব ৰঙ্গমনে।
জলে পেলায় লখিন্দাৰ তয় যাবি তাৰ ঘৰ
 খাইব বাচাক শিয়াল শগুণে॥
শুনিয়া সোনাইৰ বাণী বেউলা কহিলা পুনি
 আমাৰ সত্য কেবা নষ্ট কৰে।

যিবা বোলে লঘুহীন তাৰ নাই শুভ দিন
 শাপি নষ্ট কৰিবো তাহাৰে॥
শুনিয়া বেউলাৰ বাণী আজ্ঞা দিলা ৰাজৰাণী
 লখাইক লৈয়া যাহতো কল্যাণ।
নাৰায়ণ দেবে কয় সুকবি বল্লভ হয়
 নাৰায়ণ দেৱৰ সুবচন॥

দিহা:―— (এ হে) মোৰ কানায় ৰে আজি বৃন্দাবনেৰ
 মাজে, এ ঘনে বাজে।
পদ—— কাটা তামোল পান বেউলাই পেলাইলা ধালিয়া।
 কালীৰ লেঙ্গুৰ লৈলা সফুৰাত ভৰায়া॥
 বেউলাৰ সঙ্গক লাগি আসিল ৰতি ধাই।
 ডাক দিয়া বোলে ৰতি কৈক যাহ আই॥
 অমাক এৰিয়া কোথা যাইবা সুন্দৰী।
 তোমাৰ বাপে তোমাৰ সঙ্গে দিছিল দাসী কৰি॥
 বেউলাই বোলে শুনা আমাৰ ৰতি ধাই।
 এই কথা কৈবা গৈ কালী মাইৰ ঠাই॥
 নাৰীকুলে জন্ম ম‍ই বেউলা হইলোঁ।
 এক ৰাত্ৰি স্বামীৰ সঙ্গে সুখে নবঞ্চিলোঁ॥

নহলেক মাহ পক্ষ অষ্ট দিন চাৰি।
বিয়াৰ ৰাত্ৰি পদ্মাৱতী মোক কৰিলে বাঁৰী॥
এতেক শুনিয়া চলি গৈলা ৰতি ধাই।
লখাইক গৈয়া বেউলা ঘাটৰ কাষে যাই॥
টান দিয়া ভেলখন আনিলা ওচৰে।
লখিন্দাৰক তুলি লৈলা ভেলৰ ওপৰে॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাছালী।
বেউলাৰ চলন বুলি একই লেছাৰী॥

দিহা:——(ঐ আৰে) সঙ্গে লৈয়া লখিন্দাৰ (হা আৰে)
  ভাসে বেউলা সুন্দৰী।

পদ—— ধৰ্ম্ম ধৰ্ম্ম বুলি বেউলা ধৰ্ম্ম আৰাধিলা।
 ধৰ্ম্মৰ নামে বেউলাই পাৰ মেলিলা॥
 লখাইৰ সিথানে বেউলাই বসিলা চাপিয়া।
 লখাইৰ মাথাগোট লৈলা উৰাতে তুলিয়া॥
 বেউলা বোলে হওঁ যদি পতীব্ৰতা নাৰী।
 আপুনি উজাই ভেল যাব দেবপুৰী॥
 সতী বাক্যে ভেলখন আপুনি চলি যাই।
 পাৰৰ ওপৰে বসি সবে ৰঙ্গ চাই॥

চম্পক এৰায় যাই মথুৰা নগৰ।
কহে দেব নাৰায়ণ মনসা কিঙ্কৰ॥

দিহা:—— এ বাচা বেউলাৰে এ শূন্য কৰিলি
 আমাৰ পুৰি।

পদ—— কেহো কেহো নাৰীসবে জোকাৰ মঙ্গল কৰি।
 কত কত জনে দিলা ডগৰত বাৰি॥
 যৰ বাৰি চাৰি কত কুলেৰ বনিতা।
 কলাৰ চোৱাল সবে পেলাইলা ভূমিত॥
 কেহো চুলি বান্ধে কেহো চুলি বান্ধিতে নাপাৰে।
 পিন্ধন বসন কেহো তাক নসম্বৰে॥
 বুঢ়া বুঢ়ীগণ যায় পুত্ৰৰ কান্ধে চৰি।
 বাৰ্ত্তা পাইলা বেউলা যাই দেবৰ পুৰি॥
 প্ৰজাগণে ৰঙ্গ চাই বসি সাৰি সাৰি।
 পক্ষীগণে ৰঙ্গ চাই আকাশত উৰি॥
 পাক সব চেৰাই যাই বেউলা সুন্দৰী।
 অন্তৰীক্ষে দেখে পদ্মা ৰথে ভৰ কৰি॥
 পদ্মা বোলে শুনা নেতা আমাৰ বচন।
 উপায় কৰিয়া মৰাশৰ কাঢ়ি আন॥
 উপায় কৰিয়া যদি মৰাক ৰাখিব।
 দেবপুৰে নিয়া বেউলাই কাহাক জীৱাব॥

কাউৰ শগুণ বৈনী হউক যত নাগ।
এই ৰূপ ধৰি যোৱা বেউলাৰ আগ॥
শগুণ বুলিয়া পদ্মাই হুঙ্কাৰ মাৰিলা।
শগুণ স্বৰূপে নেতা আগুসাৰ দিলা॥
শগুণে বোলে বেউলা শুনহ বচন।
মৰাগোট দিয়া আমাক কৰহোঁ ভক্ষণ॥
আঠ দিনা উপবাসী আমি যেন মৰি৷
সতী কন্যা দেখি ভিক্ষা তোমাৰ ঠাই কৰি॥
উপবাসী জনক যিবা দিয়ে ফল দান।
তাৰ ফলে কতকাল থাকে স্বৰ্গৰ স্থান॥
খুজিলে নেদহ যদি খাইবো কাঢ়িয়া।
কোন স্থানে যাবি কন্যা আমাৰ হাত চাৰিয়া॥
এত বুলি শগুণে দুই পাখাক যে মাৰে।
বৰ ঠোট মেলি আহে বেউলাক গিলিবাৰে॥
ভয় পাই বেউলাই নোৱাৰে এৰাইবাৰ।
পদ্মাৰ দোহাই দিলা যে সাতবাৰ॥
পদ্মাৰ দোহাই শুনি শগুণ গৈলা উৰি।
আগ ঘাটে ৰৈলা গৈ শৃগাল ৰূপ ধৰি॥
মৰাৰ গোন্ধ পাই শৃগালে ডাক চাৰে।
ভয়যুক্ত ভৈলা বেউলা ভেলৰ ওপৰে॥

নক্ষত্ৰ সঞ্চাৰে বেউলাৰ ভেলৰ চলন।
শিয়ালৰ পাকে ভেল দিলা দৰিশণ॥
সুকবি নাৰায়ণ দেবৰ সুৰস পাছালী।
শিয়ালৰ কথা বুলি একই লেছাৰী॥

দিহা:——(অ হ) ভাইৰে ভাই, এ ভাইৰে ভাই
  নৰতনু দেহ জলে ভাসি যাই।
পদ—— শিয়ালে বোলে বেউলা শুনহ বচন।
মৰাগোট দিয়া আমাক কৰহো ভক্ষন॥
মৰা সহিতে কেনে ভুঞ্জাহা নিকাৰ।
মৰা দিয়া ভজা কন্যা সুন্দৰ ভতাৰ॥
মৰা সঙ্গে যাহ কন্যা মনে নাহি দৰ।
স্বামী মৰিলে স্বামী ভজে শূদ্ৰ ব্যৱহাৰ॥
তাহা শুনি বেউলাই লাগে কান্দিবাৰে।
বন পশু হৈয়া নিন্দা কৰাহ আমাৰে॥
স্বৰূপতে শিয়ালী মই তোক দেওঁ বৰ।
আজি হৈতে হৈবো তোৰ শতেক ভতাৰ॥
এক দিনাই ভজিবি তই দশ বিশ পতি।
কিবা ধৰ্ম্ম জ্ঞান জানা পশু পক্ষী জাতি॥
খাল জল ভাঙ্গি তই ফুৰিবি চেঞ্চাই।
কিবা ইষ্ট কিবা মিত্ৰ কিবা বাপ ভাই॥

চোৰ ধৰ্ম্ম ধৰি তই চুপিয়া থাকিবি।
গৃহস্থে দেখিলে মাত্ৰ লৱৰি পলাবি॥
জন্মৰ লঙ্গটা তোৰ নহব বসন।
মৃতকৰ তেজ মাংস কৰিবি ভক্ষণ॥
সুকবি নাৰায়ণ দেৱৰ সৰস পাছালী
শিয়ালীৰ কথা বুলি এক যে লেছাৰী॥



দিহা:―— (এ হে হে) শৃগালী বোলে বেউলা শুন
  কথা মন দিয়া।

পদ— মৰা খাইবাক লাগি স্ৰজিলা বিধাতা।
 তুমি উপহাস কৰা হুই পতিব্ৰতা॥
 বেউলা বোলে হয় তই মৰাৰ অধিকাৰ।
 ইটো মৰা নুজুয়াই তই খাইবাৰ॥
 মৰা স্বামী সঙ্গে মই দেৱপুৰে যাইবো।
 হৰষিত হৈয়া মই প্ৰভুক জীৱাবো॥
 শিয়ালে বোলে বেউলা শুনহ বচন।
 শান্তী কন্যা হৈ মিছা মাতা কি কাৰণ॥
 ছয় মাস লাগিব যাইতে দেবপুৰ।
 মাংস সব খসি লখাইৰ হাড়া হৈব চুৰ॥

বেউলা বোলে যদি প্ৰভুৰ এক হাড় থাকে।
জীৱাই আনিবো প্ৰভুক দেৱতাৰ আগে॥
বেউলা বোলে শুনা প্ৰভু দেবতা শিবয়।
তোমাৰ চৰণ বিনে অন্য গতি নাই॥
শিৱৰ দোহাই শুনি শৃগাল গৈল বনে।
সিটো পাক গৈলা বেউলা বিজয় গমনে॥
ৰাখিবাক নাপাৰিলা শিৱৰ কুমাৰী।
আগ ঘাটে ৰৈলা গৈ দোকানী ৰূপ ধৰি॥
সুকবি নাৰায়ণ দেৱৰ সৰস পাছালী।
দোকানীৰ কথা বুলি একই লেছাৰী॥

দিহা:——(অ হ ৰে) দোকানী বোলেৰে এ হে কাষৰি
 চাপাও ভুৰ ও হায় হায়, কাৰ ঘৰৰ সুন্দৰ
 কন্যা, ঘৰ কত দূৰ।

পদ— মৰাগোট ফেলাও কন্যা যাওক ভাসিয়া।
 নানা অলঙ্কাৰ পিন্ধা দোকানে বসিয়া॥
 কুলত উত্তম আমি বৈশ্যৰ নন্দন।
 ধৰ্ম্মৰ দোকান দেও আমি এহি স্থান॥
 ধন কৰি কিছু মাহিনা নালাগে আমাৰ।
 দোকানত বসি পিন্ধা ৰত্ন অলঙ্কাৰ॥

বেউলা বোলে শুনা দোকানী আমাৰ বচন।
পৰ পুৰুষক দেখি পিতৃৰ সমান॥
এহি মৰা জীৱন মোৰ এহি মৰা ধন।
মৰা স্বামী বিনে মোৰ অন্য নাহি আন॥
সুকবি নাৰায়ণ দেবৰ সৰস পাছালী।
দোকানীৰ কথা বুলি একই লেছাৰী॥

দিহা:—— ৰৈ আই বোলে ভাল।

পদ— মৰা পেলাও জলে ভেল চাপাও কুলে
 গাৱ ভৰি পিন্ধা অলঙ্কাৰ।
মই দেও সুন্দৰ বৰ তাৰ সঙ্গে কৰা ঘৰ
 মনে কিছু নকৰাহ দৰ॥
প্ৰথম যৌৱন বয়স  নাহি ভুঞ্জা ৰতিৰস
 সুখ কিছু মনে নাজানি।
বেউলাই বোলে বাণী সাবধানে শুনা দোকানী
 পৰ পুৰুষ সঙ্গ নাহি জানি॥
তুষ্ট হৈয়া বিদায় দিয়া যাওঁ ম‍ই প্ৰভুক লৈয়া
 দেবপুৰে যাওঁ অভাগিনী।
দোকানীক প্ৰবোদ কৰি চলে বেউলা সুন্দৰী
 ফিৰিলেক বিজয় গমন॥

নাৰায়ণ দেবে কয় সুকবি বল্লভ হয়
 গোধাৰ পাকে দিলা দৰশণ॥



দিহাঃ―— (এ, হে, ৰে) তৰুমূলে বাই বৰশী বিনন্দে
 বাসিয়া, সাগৰে মাৰিছে মাছ কৌতুক কৰিয়া।

পদ——বৰ বৰ হস্তীগণ বৰশী গাঠিয়া।
 সাগৰে পেলাইছে বৰশী মৎস্যক লাগিয়া॥
 হাৰুৱা নামতে গধা গধাৰ ঠাকুৰে।
 ছয় কুৰি গোধাই ওপৰে ছত্ৰ ধৰে॥
 দহজনী নাৰী তাৰ আছে এক ঠাই।
 কোন নাৰী আসি ভাত তামোল জোগাই॥
 হাৰুৱা নামতে গধা বামুণৰ পুত্ৰ।
 যাজন যজন নাই কান্ধে যজ্ঞ সূত্ৰ॥
 সন্ধ্যা নাই গায়ত্ৰী নাই কোপালে দীৰ্ঘ ফোটা।
 পথৰ তিৰী চোৰ কৰোতে নাক গৈছে কাটা॥
 নাক কান কাটা গধাৰ তবু লাজ নাই।
 ডাক দিয়া বোলে গধা সুন্দৰীক চাই॥
 মৰাৰ সঙ্গে কেনে ভুঞ্জা মহা দুখ।
 মোৰ ঘৰে আহি কন্যা ভুঞ্জা মহা সুখ॥
 তোৰ মোৰ বয়সত অলপ অন্তৰ।
 গণি চালে হয় মোৰ ছয়কুৰি বছৰ॥

দহজনী নাৰী মোৰ সৰ্ব্বগুণে সাৰ।
সাজেকত লাগে মাছ দশ কুৰি ভাৰ॥
ঘৰে ঘৰে মেলি থৈছোঁ মাহ কালাৰ ধাৰে।
সাধিবাক গলে কন্যা ভাঙ্গে গাল চৰে॥
ইৰিণাৰ ঘৰ কন্যা বিৰঙ্গাৰ বেৰা।
তাতে ঘুমাই লেখি থাকোঁ সৰগৰ তাৰা॥
গন্ধ পানী লাৰি চাৰি গন্ধ পানী খাবি।
বাৰিষাৰ ছয় মাস কন্যা পানীক নেযাবি॥
এক পলিত হাগো কন্যা এক পলিত খাওঁ।
এক পলিত আহি কন্যা বেদ মন্ত্ৰ চাওঁ॥
বেউলাই বোলে গধা বেটাৰ চক্ষুহোক নাশ।
যেই চক্ষু চাই মোক কৰে উপহাস॥
বেউলাৰ বচনে গধাৰ চক্ষুত ধৰিলা বিষ।
বাটত যাইতে গধাই নাপাই উদিশ॥
জাম্প দিয়া পৰে গধা জলেৰ ওপৰে।
গধানী ধৰিয়া তুলে পাৰৰ ওপৰে॥
নক্ষত্ৰৰ সঞ্চৰে বেউলাৰ ভেলৰ চলন।
হেলা মেলা গধাৰ পাকে দিলা দৰশন॥
সুকবি নাৰায়ণ দেবৰ সৰস পাছালী।
হেলা মেলাৰ কথা বুলি একই লেছাৰী॥

দিহা:―— (এ, হে, ৰে, হে) ৰৈয়া পৰিচয় দিয়া, পৰম
 সুন্দৰ প্ৰিয়া, ডাকে গধা পাৰৰ ওপৰে।

পদ—— দেখ কন্যা এক দৃষ্টি পাতা হেন মোৰ পিষ্টি
 বৰ মেৰুন মাথাৰ ওপৰে।
হাতে পাৱ গধা চাৰি হৈ আছে সাৰি সাৰি
 পকা দেউয়া পকে যেন গাছে॥
খাতত ঘুমাইচো আমি গন্ধ তেল দিবা তুমি
 সুখ কন্যা পাইবা তুমি পাছে।
গধাৰ বচন শুনি  বেউলাই মনত শুনি
 হৰি ২ বোলে মনে মন।
পদ্মাক চিন্তি দিলা বৰ গধাৰ হল কম্প জ্বৰ
 নাৰায়ণ দেবৰ সুবচন॥



দিহা:—— (হা ৰে) ৰঘুনাথ বিনে শৰণ লৈবো কাহাত।

পদ—— বেউলাৰ বচনে গধাৰ গাৱে ভৈলা তাপ।
 বেউলাক ধৰিতে গধাই জলে দিলা জাপ॥
 তাক দেখি বেউলাই মনে মনে হাসে।
 তেলিয়া বলাধ যেন দুই গধা ভাসে॥
 সাগৰৰ ঢৌয়ে দুই গধাক আচবে।

শুহ ঘৰিয়াল যেন দুবা দুবি কৰে॥
গহীন সোতাক লাগি লৈ গৈলা ভাসায়া।
ভেল মেলি বেউলা যাই হৰষিত হৈয়া॥
নক্ষত্ৰ সঞ্চাৰে বেউলাৰ ভেলৰ চলন।
ধনা মনা গধাৰ পাকে দিলা দৰশন॥
বৰ ঘৰ বান্ধি আছে নৌকাৰ ওপৰ।
নেতৰ পতকা উৰে দেখিতে সুন্দৰ॥
দুই ভাই ঘাতুয়াল নাম ধনা মনা।
উৱাইলে গণিতে পাৰে পশু-পক্ষীগণ॥
সৰ্পৰ দংসুৱা যায় জলত ভাসিয়া।
কোনো কাৰ্য্যে যায় কন্যা ৰাখ৷ ডাক দিয়া॥
ধনা বোলে মনা ভাই কহো তোমাৰ থাই।
মোৰ ঘৰে কন্যা নিবো তোৰ ভাগ নাই॥
মনা বোলে শুনা ধনা কহো তোমাৰ থাই।
মোৰ ভাগে কন্যা নিবো তোমাৰ ভাগ নাই॥
চাৰি ভাৰ্য্যা আছে তোৰ অতি সুলক্ষনী।
এক কন্যা আছে মোৰ সিও অভাগিনী॥
এত শুনি ধনী বেতাই অহঙ্কাৰ কৰে।
অহঙ্কাৰ কৰি বলে ধনাই বেতাৰ তৰে॥
চতো বেটা ঘাটুয়াল বৰ যে চাৱাল।
বৰ লাঠি মাৰি দিলা ধনাই বেতাৰ গাল।

লাঠি খাই ধনাই বেতাই ধৰ ফৰে উঠে।
নাও বাইচা সাক্ষী কৰে আছে মানে যতে॥
বৰ কিল মাৰি দিলা ধনাই বেতাৰ শিৰে।
মাথা ফাতি ধনাই বেতাৰ ৰক্ত বয় ধাৰে॥
মাথা ফাতি ৰক্ত পৰে তবু লাজ নাই।
ডাক দিয়া বোলে ধনা সুন্দৰীক চাই॥
ধনা বোলে শুনা কন্যা কহো তোমাৰ ঠাই।
যদি এৰি যাহ কন্যা ধৰ্ম্মৰ দোহাই॥
সুকবি নাৰায়ণ দেবৰ সৰস পাছালী।
ধনাই মনাইৰ কথা বুলি একই লেছাৰী॥




দিহা:—— (এহে, এহে) পৰম সুন্দৰী নাৰী, জলে ভাসে
 একলসৰি, ধনাই দেখি পৰি গৈলা ভোল।

পদ—— ধনা বোলে মনা ভাই  কহো তোমাৰ ঠাই
  তই কেনে কন্যাত বিভোল॥
 মনা বোলে ধনা ভাই  কহো আমি তোমাৰ ঠাই
  তই বেটা কহা বৰ কথা।
 যদি কন্যা নেদা মোৰে  ফিৰিয়া নাযাবি ঘৰে
  মোচাৰি চিঙ্গিবো তোৰ মাথা॥

দুই ভাই ধৰা ধৰি  নাওৰ ৰচা এৰা এৰি
 জাম্প দিয়া জলত পৰিল।
কাকো কেহো হেপচায়  কেহো কাকো আগুয়াই
 জল খাই হৈয়া লাল কাল॥
ধনা মনাক দেখি  বেউলাই মনে সুখী
 হৰষিতে ভেল মেলি যায়॥
সুকবি নাৰায়ণ দেবে কয়  সুকবি বল্লভ হয়
 মধুৰ বচনে সুকবি গায়॥


দিহা:— (অ) এ হৰি এই বাৰে বাৰ (আহা ৰে)
 হেলাই কিনো ভৈলা মোৰ।

পদ— নক্ষত্ৰৰ সঞ্চাৰ বেউলাৰ ভেলৰ চলন।
 জুৱাৰৰ পাকে ভেল দিলা দৰিশন॥
 বাপেক আছিল তাৰ দেশৰ থাকুৰ।
 নানা দেশ হন্তে ধন মিলাইলা প্ৰচুৰ॥
 চতো কাল হন্তে বেটাৰ জুৱাতে সে মন।
 সৰ্ব্ব লোকে বোলে বেটাক জুৱাৰু টেণ্টন॥
 চাৰি ভাৰ্য্যা আছিল তাৰ দেখিতে সুন্দৰ।
 পাশাই হাৰি বান্ধি নিয়া থৈলা জ্ঞাতিৰ ঘৰ॥
 পুত্ৰ ভাৰ্য্যা ধন জন সবাক হাৰিয়া।
 মৰিবাক আসি আছে কলসি বান্ধিয়া॥

এক পাৱ তৰে ৰাখি জলে অন্য পাৱ দিলা।
হেন কালে জুৱাৰুক বেউলাই দেখিলা॥
বেউলাক দেখি জুৱাৰুৰ হৰষিত মন।
এই কন্যাত খুজি আমি লৈবো কিছু ধন॥
সুকবি নাৰায়ণ দেবৰ সৰস পাছালী।
জুৱাৰুৰ কথা বুলি একই লেছাৰী॥


দিহা:― (অনেৰে) কিপুছা মোৰ দুখৰ কথা।

পদ— সাত পুৰুষৰ ধন  যত আছিল উপাৰ্জ্জন
  নষ্ট কৰিলোঁ জুৱাৰ কাৰণ।
 চাৰি ভাৰ্য্যা আছিল মোৰে  বন্ধা থলোঁ জ্ঞাতিৰ ঘৰে
  সিও এটা পুৰুষৰ লক্ষন॥
 পুৰুষ থাকিতে নাৰী  পৰ দাসী কৰ্ম্ম কৰি
  মই পাপী জীওঁ কি কাৰণ।
 জুৱাৰুৰ বচন শুনি  বেউলাই মনত গুণি
  হৰি হৰি বোলয় বিকলে॥
 এক মৰা আছে লগে  আৰু মৰা ভৈলা আগে
  হৰি হৰি মোৰ পাপৰ কপালে।
 বেউলাই সন্তুষ্ট হৈয়া  কৰঙ্গ আঙ্গুঠি দিয়া
  জুৱাৰুক কহিলা বুজাই॥

এই আঙ্গুঠি ভাঙ্গি খাবা  জুৱা পাখা নেখেলাবা
 জলে হন্তে ফিৰি যোৱা ঘৰে।
স্বামী জীৱাম দেবপুৰে  ফিৰিয়া আসিম ঘৰে
 এক খান ডিঙ্গাৰ ধন দিয়া যাব তোৰে॥
বেউলাৰ বচন শুনি  জুৱাৰু মনত গুনি
 জল হন্তে চলিলা সত্তৰে।
নাৰায়ণ দেবে কয়  সুকবি বল্লভ হয়
 কহে দেব মনসাৰ কিঙ্কৰে॥


দিহা:― (হা হা ৰে ঐ আৰে ৰে আৰে) চাৰি পাসে
 ডিঙ্গাৰ সাৰি মাজত বেউলা নাৰী॥
পদ— হিৰা হিৰি গিৰা গিৰি বৈঠাৰ চাবনি।

 কোন সাউদ আসি আছে নিচিনি নাজানি॥
 চৈধ্য খনি নাও চৈধ্য হাজাৰ কান্দাৰী।
 ৰঙ্গা সাধু বাৱই নাও চাৰি কাষ জুৰি॥
 বাইচাগণে কৱে কথা সাধুৰ গোচৰে।
 কন্যা এক ভাসি যায় জলেৰ ওপৰে॥
 তুমি যেন কন্যা তেন কিছু ভিন্ন নাই।
 সুন্দৰীক জিজ্ঞাসিয়া ঘৰে লৈয়া যাই॥
 এত শুনি ৰঙ্গা সাধু ওলাই আসিলা।
 বেউলাৰ মুখ চাই বচন বুলিলা॥

ৰঙ্গা বোলে শুনা কন্যা আমাৰ উত্তৰ।
কিবা কাৰ্য্যে ভাসা কন্যা জলেৰ ওপৰ॥
স্বৰূপ কৰিয়া কহ আমাৰ গোচৰ।
কোন ৰাজ্যে ঘৰ কন্যা কি নাম তোমাৰ॥
বেউলা বোলে শুনা সাধু আমাৰ উত্তৰ।
স্বৰূপ কৰিয়া কহো তোমাৰ গোচৰ॥
বেহেৰীয়া ৰাজাৰ কন্যা শাহুৰী সোনাই।
মোক বিয়া কৰাই আছে কোৱঁৰ লখাই॥
বিয়া ৰাত্ৰি নিশা ভাগে প্ৰভুক খাইলা মোৰে।
জীৱাইতে লৈয়া যাও দেবতাৰ পুৰে॥
মোৰ যত বিৱৰণ কলো তোমাৰ আগে।
তোমাৰ যত বিৱৰণ কহা মহা ভাগে॥
ৰঙ্গাই বোলে শুনা কন্যা আমাৰ উত্তৰ।
ৰঙ্গা নাম ধৰি মই ধনৰ ঈশ্বৰ॥
তাহা শুনি বেউলাই ভেল নিলা দূৰে।
তুমি বাপ হোৱা মোৰ মোমাই শহুৰে॥
সুকবি নাৰায়ণ দেবৰ সুৰস পাছালী॥
ৰঙ্গাৰ বচন বুলি একই লেছাৰী॥


দিহা :— এ মোৰ তাৰ গো তাৰিণী গো, এই ভব
  সাগৰে গৌৰী পাৰ কৰি খো।

পদ— বিয়াৰ ৰাত্ৰি নিশা ভাগে খাইলা নাগে।
 ভাসাইয়া দিলে সাধু গুঞ্জৰিৰ গঙ্গে॥
 ৰঙ্গা বোলে শুনা কন্যা আমাৰ বচন।
 মিছা কথা কৈ আমাক ভান্দা কি কাৰণ॥
 সুখ দুখ গৈলা কন্যা ঘৰে চলি যাই।
 এই কথা কৈবো গৈয়া বহিনীৰ ঠাই॥
 বেউলাই বোলে নিজ দোষে থাক বন্ধ হৈয়া।
 যাবত নাসিবো মই স্বামীক জীৱাইৱা॥
 তুমি সমে যাবো আমি আপোন ভূবনে।
 সেই দিনা হৈব তোমাৰ পাপ বিমোচন॥
 বেউলাৰ বচনে জলে বালি উপজিলা।
 বালিত লাগিয়া ডিঙ্গা বন্ধ হৈয়া ৰৈলা॥
 নক্ষত্ৰ সঞ্চাৰ বেউলাৰ ভেলৰ চলন।
 সাত ভায়েকৰ পাকে দিলা দৰশন।
 সুকবি নাৰায়ণ দেবৰ সুৰস পাছালী।
 নাৰায়ণ দেবৰ কথা বুলি একই লেছাৰী॥


দিহা :——(অনে) মোৰ হৰি নাৰে নন্দেৰ নন্দন
 হৰি (আৰে) দেখিলো নয়ণ ভৰি।

পদ—— চৈধ্য খান নাও চৈধ্য হাজাৰ কান্দাৰী
  নাৰায়ণে বায় নাও চাৰি কাষ জুৰি।

 বাইচাগণে কহে  কথা সাধুৰ গোচৰে
  কন্যা এক ভাসি যাই জলেৰ ওপৰে॥
 তোমাৰ সদৃশ কন্যা  কিচু ভিন্ন নাই
  সুন্দৰীক জিজ্ঞাসিয়া ঘৰে লৈয়া যায়।
 এত শুনি নাৰায়ণ  ওলায় আসিলা
  বেউলাৰ মুখ চাই বচন বুলিলা॥
 নাৰায়ণে বোলে কন্যা  শুনহ আমাৰ বচন
  জলৰ ওপৰে তুমি ভাসা কি কাৰণ।
 স্বৰূপ কৰিয়া কহা  আমাৰ গোচৰে
  কোন ৰাজ্যে ঘৰ কি নাম তোমাৰে॥
 বেউলা বোলে শুনা  সাধু আমাৰ উত্তৰ
  স্বৰূপ কৰিয়া কহো তোমাৰ গোচৰ।
 উজনি নগৰে ঘৰ  মাও সুমিত্ৰা সুন্দৰী
  সাহে ৰাজা বাপ মোৰ জানা নিষ্ট কৰি॥
 চান্দো শহুৰ মোৰ  শাহুৰী সোনাই
  মোক বিয়া কৰাইছিল কোৱঁৰ লখাই।

বিয়াৰ ৰাত্ৰি নিশা ভাগে প্ৰভুক খাইলা মোৰে
 জীয়াইতে লৈয়া যাব দেবতাৰ পুৰে॥
মোৰ যত বিৱৰণ কহিলোঁ তোমাৰ আগে।
তোমাৰ যত বিৱৰণ কহিবাক লাগে॥
নাৰায়ণে বোলে কন্যা শুনহ বচন।
মিছা কৈ আমাক ভান্দাহ কি কাৰণ॥
সাহে ৰাজাৰ পুত্ৰ আমি সবে সাত ভাই।
স্বৰূপ কৰিয়া কহো বৈনী মোৰ নাই॥
নাৰায়ণৰ মুখে শুনি এতেক বচন।
ভেলৰ ওপৰে বেউলাই যুৰিলা ক্ৰন্দন॥
সুকবি নাৰায়ণ দেবৰ সুৰস পাছালী।
বেউলাৰ ক্ৰন্দন বুলি একই লেছাৰী॥


দিহা:—— ভেলৰ ওপৰে, নাৰায়ণ গোচাৰ ক্ৰন্দন কৰে
  বেউলা সুন্দৰী।
পদ——তুমি সবে ধনে জনে  শীঘ্ৰে চলহ ভবনে
  মাৱে যেন নকৰে ক্ৰন্দন।
 শুনি বেউলাৰ বাণী  নাৰায়ণে বোলে গুণি
  মিছা কথা কহা কি কাৰণ॥
 তোমাৰ যতেক কথা   শুনি লাগে মনে বেথা
  শুনা কন্যা কহিবো উচিত।

আমি সবে সাত ভাই সহোদৰ বৈনী নাই
 তুমি বৈনী ভৈলা কি মতে॥
আজ্ঞা দিলা সদাগৰে সৈন্য গণৰ গোচৰে
 আনি তুলা ডিঙ্গাৰ ওপৰে।
মোৰ ভেলে নিদিবি হাত অগ্নি বান মাৰি গাত
 পুৰি মৰিবি লক্ষ্য সদাগৰ॥
অগ্নি বাণৰ নাম শুনি নাৰায়ণে বোলে গুণি
 শুনা কন্যা আমাৰ বচন।
আমি সবে সাত ভাই আমা সাৰ বৈনী নাই
 তুমি বৈনী ভৈলাহা কেমনে॥
বেউলাই বোলে শুনা ভাই কহো আমি তোমাৰ ঠাই
 যখন বানিজ্যে গৈলা তুমি।
 উজনি নগৰে  সুমিত্ৰা উদৰে
 অভাগিনী জন্ম ভৈলো আমি॥
কহো মই সাৰে সাৰ মোৰ বাৰ বৎসৰ
 তোমাৰ ভৈলা তেৰ বৎসৰ।
নাৰায়ণে গণি চাইলা তেৰ বৎসৰ পাইলা
 বাৰ বৎসৰ বেউলা সুন্দৰী॥
আগে এতো নাজানিলোঁ ননিৰ কমল তনু
 কান্দে সাধু মহা শোক কৰি।
নাৰায়ণ দেবে কয়  সুকবি বল্লভ হয়
 শোকে কান্দে বেউলা সুন্দৰী॥

দিহা:—— (অ হ) আকি ৰে হে (এহে এহে) ভগিনী তোৰ
  শোকে হিয়া বিদৰে ভাল।

পদ— বাহুৰ বাহুৰা বৈনী ফিৰি চলা ঘৰে।
 আজ্ঞা দিয়া মৰা পোৰো সাগৰেৰ পাৰে॥
 আমাৰ সঙ্গতে বৈনী ফিৰি চলা ঘৰ।
 মৰাৰ বদলে দিম ৰাজাৰ কোৱঁৰ॥
 কপালে সিন্দুৰ বৈনী নিপিন্ধিবা তুমি।
 সুবৰ্ণৰ অলঙ্কাৰ গঢ়াই দিম আমি॥
 বেউলাই বোলে শুনা দাদা কহো তোমাৰ ঠাই।
 আমাক লৈইতে ঘৰে প্ৰয়োজন নাই॥
 আজ্ঞা দিয়া স্বামী লৈ যাও দেবপুৰে।
 তোমাৰ সহিতে যদি ফিৰি যাও ঘৰে॥
 স্ত্ৰী পুৰুষে জিজ্ঞাসিলে কি কহিবো তাৰে।
 স্বামী জীৱাইতে গৈলি আসিলি পলাই।
 কোন লাজে অন্ন জল ঘৰত খাম গই॥
 এই সব লাজত কৰি মৰণেসে ভাল।
 যি ভৈলা সি ভৈলা মোৰ পাপৰ কপাল॥
 ছয় বৌ থাকিব ছয় দাদাৰ মুখ চাই।
 মই অভাগিনী থাকিম কাৰ মুখ চাই॥
 ছয় বৌ ধান বানি ঢেকিত এৰিব তুহঁ।
 কেই দিনমান হলে কব বেউলা অধিক পোহ॥

আমাৰ হাতৰ শ্ৰীআঙ্গুঠি মাউক দিবা দান।
আমাৰ শপত মাৱে নকৰক ক্ৰন্দন॥
খায়া দায়া মাৱে যেবে কৰিবে শয়ন।
তেতিয়াহে দিবা অভাগিনীৰ নিদৰ্শন॥
বেউলাৰ মুখে শুনি এতেক বচন।
ডিঙ্গাৰ ওপৰে সাউদে যুৰিলা ক্ৰন্দন॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাছালী।
সাউদৰ ক্ৰন্দন বুলি একই লেছাৰী।

দিহা :– ও মোৰ হৰি নালো (কি ওৰে ভাল) কান্দে
 নাৰায়ণ সাধু।

পদ — নিৰবুদ্ধিয়া সদাগৰ বুদ্ধি নাহি ঘটে।
 জীৱাত মানুহ দেই মৰাৰ লগতে॥
 সাগৰৰ ঢৌয়ে বৈনী তল বল কৰে।
 ভেলত ধৰিয়া খাইবে মাছ যে মগৰে॥
 বিষম সাহস বৈনী কৈলি কি কাৰণ।
 মনুষ্যে দেবতাক কেহো পাই দৰশন॥
 সেই সব ভাবি সাধুৰ বিচলিত মন।
 বাঘ ৰূপ ধৰি যোৱা বেউলা বিদ্যামান॥
 বাঘিনী বুলিয়া পদ্মা মাৰিলা হুঙ্কাৰ।
 বাঘিনী স্বৰূপে আহি দিলা আগুসাৰ॥

জাম্প দিয়া বাঘ যায় জল মধ্যে পৰে।
দুবা দুবি কৰি বাঘ উঠিলা সত্বৰে॥
সুকবি নাৰায়ণ দেবৰ সৰস পাচালি।
বাঘিনীৰ কথা বুলি একই লেছাৰী॥

দিহা:— এ বেউলা অৱশ্যেৰে, এ বেউলা অৱশ্যেৰে,
 অৱশ্যে তোমাৰ পতি খাইব ভাল।

পদ— ভেলৰ ওপৰে মৰা দেখি  মায়া পাতে ভাবুকী
 কোন বাতে যাইবি কোন বুদ্ধি।
যদি মৰা নেদা এৰি  সাত পাঞ্চ বাঘে ধৰি
 কাঢ়ি খাইবো মৰা কলেবৰ।
বেউলা কহে বাঘৰ গোচৰ  তোমাক আমাৰ নাই দৰ
 স্বামী লৈয়া যাও দেবৰ পুৰ॥
জীয়া এৰি মৰা খাই  কোনো লোকে পতিয়াই
 জানিলোঁ তই মায়া বিষহৰি।
আগে বাঘে মোকে খা  পাছে স্বামীক লৈয়া যা
 খণ্ডি যাক পদ্মাৰ জঞ্জাল॥
বেউলাই বোলে শিবায়  কহো আমি তোমাৰ ঠাই
 মায়া বাঘে মোক কৰে বল।
শিবৰ দোহাই শুনি  বাঘে বোলে গৈলা পুনি
 বেউলাই কৰিলা বিজয় গমন॥

নাৰায়ণ দেবে কয়  সুকবি বল্লভ হয়
মাছৰ পাকে দিলা দৰিশণ॥

দিহা :― (এ হে ৰে হে) বিকুল প্ৰেমৰ ভেল ভাসে
 মোৰ বৰাই, (ৰে হে ) কোন কুলে ৰৈ যাম চাপিয়া।

পদ — নক্ষত্ৰ সঞ্চাৰ বেউলাৰ ভেলৰ চলন।
 নীল সাগৰৰ পাকে ভেল দিলা দৰিশণ॥
 নীল সাগৰে ভাসয় বৰ বৰ মাছ।
 পুঠি শিংৰা ভাসি আছে খাদুৰিৰ গাছ॥
 কাছুৱা কাছুলী ভাসে জুৰি বহু দূৰ।
 ইল্‌​চা ভাসি উঠে তাল যে খেজুৰ॥
 চান্দ মাছ ভাসি উঠে পঞ্চদিনৰ বাট।
 কাকাৰাসব ভাসি উঠে মুৰাৰ পৰ্ব্বত॥
 দৰিকানা ভাসি উঠে সাগৰক জুৰি।
 বেচা মাছ ভাসি আছে কহিতে নাপাৰি॥
 মাছ সব ভাসি আছে সাগৰক জুৰি।
 দৰিকানা মাছ ভাসে কহিতে নাপাৰি॥
 পূৰ্ব যে পশ্চিম নাই উত্তৰ দক্ষিণ।
 কোন দিশে দিবো ভেল নাপাই একো চিন॥

বেউলাই বোলে শুনা শুনা অনন্তৰ আই।
তুমি চাৰি গৈলে মোৰ অন্য গতি নাই॥
যেতিক্ষণে বেউলাই পদ্মাক চিন্তিলা।
পাকত পৰিয়া ভেল উজান ধৰিলা॥
নক্ষত্ৰ সঞ্চাৰে বেউলাৰ ভেলৰ চলন।
ত্ৰিপানীৰ পাকে ভেল দিলা দৰশণ॥
তিনি বাগে তিনি নদী মধ্যে বালি চৰ।
মহা বেগে উঠে ভেল বালিৰ ওপৰ॥
সুকবি নাৰায়ণ দেবৰ সৰস পাচালী।
ত্ৰিপানীৰ কথা বুলি একই লেছাৰী॥

দিহা :― (এ হে ৰে হে) ত্ৰিপানীৰ চৰে হে অ কান্দে

গুৰে বসি।



পদ— কপালৰ লিখন,  বিধি হল বিৰম্বন
 থেকাইলা মহৎ সাগৰে।
 বিনা অপৰাধে সাপ  দিলা দেৱৰাজে
 জন্ম হ’ক বনিয়াৰ ঘৰে॥
 স্বৰ্গত হল নৈৰাশ  মনুষ্যত প্ৰবাস
 দুই জনে একে সঙ্গে আইলোঁ।
 ইহেন সুন্দৰ প্ৰভুৰ  দেখোঁ কলেবৰ
 সবে গলিয়া পচিয়া গৈলা॥

জাগিয়া নাছিলো  নেদেখিয়া হৰুৱাইলো।
 কি মোৰ কৰ্মৰ দোষে।
প্ৰত্যেকে প্ৰত্যেকে  প্ৰভুৰ মুখ নেদেখিলো
 চন্দ্ৰ যেন লুকাইলা মেঘে॥
নাৰায়ণ দেবে কই  সুকবি বল্লভ হয়
 লখিন্দাৰৰ সৰ্ব্ব অঙ্গ খসে।

দিহা :— ঐ অনে নাৰে দৈবে বিৰম্বিলা, কাল নাগে
 দংশিলা।

পদ— কেশতাৰ সৰে প্ৰভুৰ দেখিবাক ভাল।
 মাথা গোট পৰে খসি দাব নাৰিকল॥
 কপালখন পৰে খসি দ্বিতীয়াৰ চান।
 দুই কাণ পৰে খসি বাৰে পছৰ পান॥
 দুই চক্ষু পৰে খদি আকাশৰ তাৰা।
 নাক গোট পৰে খসি সোণাৰ পাকৰা॥
 দুই ওষ্ঠ পৰে খসি মনোহৰ হাহি।
 দন্ত দুই পাৰি খসে মুকুতাৰ পাহি॥
 জিভাখন পৰে খসি আলতা বৰণ।
 গল গোট পৰে খসি হংসৰ বদন॥

দুই বাহু পৰে খসি যেন শালসিৰি।
দুই আঙ্গুলি পৰে খসি চম্পা ফুলৰ কৰি॥
ৰাজহাড়া খসি পৰে মুধাৰ মাৰলি।
কামি হাৰা খসে পুতলা সাৰি সাৰি॥
বুকখন খসে প্ৰভুৰ চন্দানৰ পাতা।
পিঠিখন পৰে খসি সূৰুযৰ চাতা॥
পেট গোট পৰে খসি আমোল ভাণ্ডাৰি।
নাভি নাল পৰে খসি মোলনৰ দাৰি॥
ককালখান পৰে খসি অতিবৰ সৰু।
আটিলে মুঠিত লুকে, হৰৰ ডম্বৰু॥
দুই কটি পৰে খসি দেখিবাক ভাল।
দুই উৰাত পৰে খসি যেন ৰাম কল॥
দুই আঠু পৰে খসি সুবৰ্ণৰ ঘিলা।
দুই ডিমা পৰে খসি কেটেকীৰ দিলা॥
দুই গোৰা পৰে খসি ডিমাৰ চোকোলা।
দুই পাটা পৰে খসি তেঙ্গাৰ বাকলা॥
সমস্ত শৰীৰ লখাইৰ খসিয়া পৰিলা।
জলত পখালি বেউলা তপোলা বান্ধিলা॥

দিহা :― (এহে) মাই তুমি বিনে (ৰে হে) এ প্ৰভু
 বিনে, হবাইলোৰে স্বামী ভাল।

পদ— বত্ৰিশ পাঞ্জাৰ লখাইৰ লইলা যত্ন কৰি।
 আঠুৰ ঘিলা পৰিলেক যাই জলৰ উপৰি॥
 মনুষ্যৰ গন্ধ পাই ৰাঘুৱা বৰালি ধাই।
 গিলিলেক ঘিলাগোট নিকটে লাগ পাই॥
 গিলিলেক ঘিলা বেউলা নকৰিলা মনে।
 কৰিলেক বেউলা সতী বিজয় গমনে॥
 নক্ষত্ৰ সঞ্চাৰ বেউলাৰ ভেলৰ চলনা।
 নেতাবতীৰ পাকে ভেল দিলা দৰিশণ॥
 পূব ঘাটে নেতাই কাপোৰ ধোৱে পাট পাৰি।
 পাকে পাকে যাই আছে বেউলা সুন্দৰী॥
 নেতাৰ নন্দন আছে ধনা নাম ধৰে।
 ধনাক ডাকিয়া নেতা লাগে কহিবাৰে॥
 নেতা বোলে শুনা ধনা নকৰা নিকাৰ।
 আজি ধোৱা নহে মোৰ দেৱৰ কাপোৰ॥
 মাওৰ বচনে ধনা দিলেক লৱৰ।
 এক পাও পৰিলেক কাপোৰৰ ওপৰ॥
 কষ্টমন কৰি নেতা কোপ চক্ষে চাইলা।
 ভূমিৰ উপৰে ধনা ধলিয়া পৰিলা॥

কাপোৰ ঢাকিয়া ধনাক আৰ দিয়া থৈলা।
পুনৰুপি নেতাবতী জলত নামিলা॥
পুনৰুপি জীৱাই তোলে ধোবাৰ কুমাৰী।
তাহাক দেখিয়া আছে বেউলা সুন্দৰী॥
মাওয়ে চাওয়াল জীবাই তোলে মোৰ বিদ্যমান॥
এই কন্যাত হন্তে হৈবো প্ৰভুৰ জীৱন॥
ৰাওয়াল কুকুৰা বেউলা দিলা এৰি।
মনুষ্যত ৰৈলা গৈয়া মেও ৰূপ ধৰি॥
যেহিদিনা বেউলা ভেলক এৰিলা।
সেহিদিন ধৰি ভেল পুনিৰূপ ভৈলা॥
ভেল এৰি বেউলাই জলে ডুব দিলা।
জলে ডুব দিয়া নেতাৰ চৰণে ধৰিলা॥
কি কি বলিয়া নেতাই ধনাক প্ৰতি বোলে।
সমূদ্ৰৰ কুম্ভিৰে মোক ধৰে পদতলে॥
মাৱে পোৱে ধৰি তোলে পাৰৰ উপৰি
কুম্ভিৰ নুহিকে ধৰি আছন্ত সুন্দৰী॥
সুকবি নাৰায়ণ দেৱৰ সৰস পাছালী।
নেতাৰ বচন বুলি একই লেছাৰী॥

দিহা :— (এ হে হে ৰে হে) সুন্দৰীক দেখিয়া নেতা
 বোলে (নাৰেহে) বোলে (নাৰে) - অভাগীক
 দেখিয়া নেতা হাসে নাৰে।

পদ— কাৰ জীয়া কাৰ নাৰী কঠাই তোৰ ঘৰ বাৰি
 কেনে ভাসা জলৰ ওপৰে।
 দিব্যৰূপ দেখো তোৰ  ৰক্ত গৌৰ কলেবৰ
 কেনে নাই কপালে সিন্দুৰ॥
 লঙ্গটা তোৰ হাত পাও  কোথাই তোৰ বাপ মাও
 কেনে দেখো বিধবা লক্ষন।
 তুমি হেন সুন্দৰী  জলে ভাসা একলসৰি
 কহ তোমাৰ নিজ বিৱৰণ॥
 বেউলাই কহে কথা  তুমি কি নাজানা নেতা
 বাণৰ নন্দিনী নাম ঊষা।
 চৰণত ধৰো তোৰে  স্বামীদান দিয়া মোৰে
 তুমি মোক নকৰা নৈৰাশ॥
 কেশৰ দুইভাগ কৰি  নেতাৰ চৰণে ধৰি
 সুন্দৰীক বুলিলা বুজাই।
 ছয় মাস কষ্ট কৰি  মৰা লৈয়া দেব পুৰি
 দিয়া মোৰ প্ৰভুক জীৱাই।
 নাৰায়ণ দেৱে কয়  সুকবি বল্লভ হয়
 সুকবি নাৰায়ণ দেৱে গাই॥

দিহা :― (এ হে ৰে হে হে) কৌটি জনমৰ ফলে
 কৌটি জনমৰ ফলে বিধি মিলাইলা,
 আজি নেতাৰ সঙ্গে দৰশণ ভৈলা।

পদ— বেউলা বোলে শুনা নেতা আমাৰ উত্তৰ।
 আজি ধোৱা নহল তোমাৰ দেবতাৰ কাপোৰ॥
 একলাই ধুইয়া কাপোৰ মহা কষ্ট পাইয়া।
 বেউলাই ধোৱে পদ্মাৰ কাপোৰ উত্তম কৰিয়া।
 শুকাইলা পদ্মাৰ কাপোৰ দিব্যৰূপ ধৰি।
 অক্ষৰ লেখিলা তাতে বেউলা সুন্দৰী॥
 প্ৰথমতে লেখে বেউলা শত নমস্কাৰ।
 ছয় ভাইশহুৰ লেখে স্বামী লখিন্দাৰ॥
 চান্দ শহুৰ লেখে শাহুৰি সোনাই।
 আৰু যত বিৱৰণ লেখে ঠাই ঠাই॥
 তোমাৰ চৰণে নেতা শত নমস্কাৰ।
 কপট এৰিয়া স্বামী জীৱাইবা আমাৰ॥
 সাঁত কৰাল দিয়া কাপোৰ এৰিলা ঢাকিয়া।
 বেউলাক লৈ যাই নেতাই পুৰিক লাগিয়া॥

দিহা :— এহে চলিলা সুন্দৰী, হৰিষে দেৱৰ পুৰি।

পদ — বেউলাৰ পৰীক্ষা নেতা বুজিবাৰ তৰে।
 কেশৰ সাকো দিয়া নেতা হৈয়া গৈলা পাৰ॥

উপৰে কেশৰ সাকো তলে তীক্ষ্ণ ধাৰ।
যদি সত্য আছে ইহাত হৈবা পাৰ॥
সাকোৰ দুইপাৰে মাত্ৰ আছে দুই খুটি।
একেডালি কেশেদি বেউলা গৈলা উঠি॥
লক্ষ চুম্ব দিয়া নিলা ধোৱাৰ কুমাৰী।
বেউলাক লৈয়া গৈলা আপুনাৰ পুৰি॥
শিবে বোলে শুনা নেতা আমাৰ বচন।
আজি বিলম্ব তোৰ হল কি কাৰণ॥
নেতা বোলে শুনা বাপ দেৱ মহেশ্বৰ।
বহিনীৰ জীয়া আসি আছে মোৰ ঘৰ॥
শিবে বোলে শুনা নেতা কৰা উপহাস।
মোৰ ঘামত হন্তে জন্ম বৈনী কথা পাস॥
যিবা বৈনী পদ্মা আছে তাৰ কিছো নাই।
কোন বৈনী পাইলি নেতা কহা মোৰ ঠাই॥
নেতা বোলে শুনা বাপ দেৱ মহেশ্বৰ।
স্বৰূপ কৰিয়া কহো তোমাৰ গোচৰ॥
ঊষা অনিৰূদ্ধ আছিল ইন্দ্ৰৰ নগৰি।
মায়াৰূপে পদ্মাবতী আনি আছে হৰি॥
পূৰ্ব্বৰ সম্বন্ধ আসি আছে মোৰ পুৰি।
শুনি হৰষিত ভৈলা দেৱ ত্ৰিপুৰাৰি॥
শিবে বোলে শুনা নেতা চলহ ত্বৰিতে।
অনেক দিন দেখা নাই ঊষা নৃত্য-গীতে॥

দিহা :— মইতো জানিলোৰে মোৰ ঘৰে নৃত্যকৰী কন্যা।
 আসিলোৰে।
পদ— শিৱত বিদাই হৈয়া নেতা চলিলা সত্বৰে।
 ভেটিলা কাপোৰ নিয়া পদ্মাৰ গোচৰে॥
 কাপোৰ পাইয়া পদ্মাৰ হৰষিত মন।
 কাপোৰ মেলিয়া চাওঁ বেউলাৰ লিখন॥
 কাপোৰ পাইয়া পদ্মা চাহিলেক মেলি।
 মায়া কৰি বোলে গাৰ জ্বৰ হৈছে বুলি॥
 ধেমাই নাগক ৰাখিলা দুৱাৰি কৰিয়া।
 জ্বৰ হৈছে বুলি পদ্মা থাকিল ঘুমাইয়া॥
 পদ্মাত বিদায় হৈয়া নেতা চলিলা সত্বৰে।
 দেৱগণৰ কাপোৰ নেতাই দিলা ঘৰে ঘৰে॥
 দেৱত বিদায় হৈয়া নেতা চলিলা সত্বৰে।
 কহিতে লাগিলা গৈয়া বেউলাৰ গোচৰে॥
 সুভাব দেখিলো তোৰ কাৰ্য্যৰ লক্ষণ।
 নাচিবাক প্ৰতি তুমি কৰাহ সাজন॥
 তাহা শুনি বেউলাই লাগে কান্দিবাৰে।
 নৃত্যৰ সংঙ্গতি কিছু সঙ্গে নাই মোৰে॥
 নেতা বোলে বেউলা নিচিন্তিবা তুমি।
 নৃত্যৰ যতেক সাজ আনি দিব আমি॥

নেতা বোলে শুনা ধনা আমাৰ উত্তৰ।
কাপোৰ আনিয়া দেহ বেউলাৰ গোচৰ॥
মাৱৰ বচনে ধনা দিলেক লৱৰ।
কাপোৰ আনিয়া দিলা বেউলাৰ গোচৰে॥
পুনুৰূপী কহিলেক বেউলা সুন্দৰী।
বিনা মৃদঙ্গৰ ধ্বনি নাচিতে নাপাৰি॥
ইন্দ্ৰৰ পুৰক প্ৰতি কৰহ গমন।
অনিৰূদ্ধ সম বাইন আছে দুইজন॥
বিদ্যাৰ বিলাস আৰু বিদ্যা যে ভুষণ।
এই জন আছে গন্ধৰ্ব্ব নন্দন॥
তাহা শুনি নেতাৱতী কৰিলা গমন।
তাৰ দুইকো আনি দিলা বেউলাৰ বিদ্যামান॥
বেউলা বোলে কহো কথা দুইৰ ঠাই।
শিৱৰ নিকটে চলা নাচিবাক যাই॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাঞ্চালী।
বেউলাৰ নাচন বুলি এক যে লেছাৰী॥


দিহা :— বালি মোৰ সাজে এ কন্যাই কাচন কাছে।

পদ— সুবৰ্ণৰ কাকে দিয়া চুচিলেক চুল।
 বৰ খোপা বান্ধি পিন্ধে পাৰিজাত ফুল॥

মনত হৰিষে বেউলাই বান্ধি তোলে খোপা।
খোপাত তুলিয়া পিন্ধে মালতিৰ থোপা॥
শিখাত সিন্দুৰ পিন্ধে অগণিত আটি।
গলত তুলিয়া পিন্ধে হাৰ গজ মতি॥
অৰ্দ্ধ চন্দ্ৰ শিৰ মণি অতি সুশোভন।
দুই বাহুত পিন্ধে বেউলা সোণৰ কঙ্কন॥
আঙ্গুলি সবাত পিন্ধে ৰত্নৰ আঙ্গুঠি।
হস্তত বলয়া পিন্ধে আতি মন তুষ্টি॥
দুই কৰ্ণে সুবৰ্ণৰ কুণ্ডল প্ৰকাশে।
চকৰি উৰিছে যেন মলয়া বতাসে॥
অলঙ্কাৰ পিন্ধি বেউলাৰ হৰষিত মন।
পিন্ধিতে লাগিলা বেউলা দেবঙ্গ বসন॥
দেৱৰ বসন তাক দেখিতে সুন্দৰ।
কাপোৰত লেখি আছে দশ অবতাৰ॥
মৎসৰূপ লেখি আছে জলে প্ৰবেশ কৰি।
যেন মতে চাৰি বেদ উদ্ধাৰিলা হৰি॥
কুৰ্ম্মৰূপ লিখি আছে দেখিতে সুন্দৰ।
ধৰণীখন ধৰি আছে পিঠিৰ উপৰ॥
বৰাহৰূপ লিখি আছে সবাৰ পাচতে।
যেন মতে পৃথিবীখন উদ্ধাৰিলা দন্তে॥
নৰসিংহ লিখি আছে হিৰণ্য বিদাৰে।
বামণৰূপ লিখি আছে বলিক চলিবাৰে॥

পৰশু ৰাম লিখি আছে খৰ্গ চৰ্ম্ম হাতে।
একেবাৰে নিক্ষেত্ৰি কৰিলা পৃথিবীত॥
ৰামৰূপ লিখি আছে সাগৰ বন্ধনে।
বানৰ সহায় কৰি বধিলা ৰাবণে॥
কৃষ্ণৰূপ লিখি আছে দেখিতে সুন্দৰ।
বলভদ্ৰ সমে বৎস ৰাখে নন্দ ঘৰ॥
বোদ্ধৰূপ লিখি আছে পদ্মাসনে ভৰি।
ব্ৰহ্মায় প্ৰাৰ্থিয়া থাকে উৰ্দ্ধবাহু কৰি॥
কল্কীৰূপ লিখি আছে সবাৰ পাছতে।
ব্ৰহ্মায় প্ৰাৰ্থিয়া তাক থাকে এহি মতে॥
দুইদিকে গন্ধৰ্ব্বে মৃদঙ্গ যে বজাই।
অষ্ট ফোট দিয়া বেউলা নাচিবাক যাই॥
সুকবি নাৰায়ণ দেবৰ সৰস পাঞ্চালী।
বেউলাৰ সাজন বুলি এক যে লেছাৰী॥

দিহা :— আজু ঘৰে ৰহন নাযায় মুকলী শুনিয়া।

পদ — শিৱে বোলে শুনা তুমি নন্দি দুৱাৰি।
 নিমন্ত্ৰণ কৰি আহা সমস্ত দেৱপুৰি।
 শিৱৰ বচনে নন্দি চলিলা সত্তবে।
 নিমন্ত্ৰণ কৰিলেক প্ৰত্যেক ঘৰে ঘৰে
 দূত মুখে বাৰ্ত্তা পাই যত দেৱগণ।
 একে একে চলি আইলা দেখিতে নাচন

বিষ্ণু চলিয়া আইলা গড়ুৰ বাহনে।
হংস ৰথে চৰি ব্ৰহ্মা আনিলা আপুনে॥
ঐৰাবতে চলিয়া আইলা যমৰ বীৰনন্দন।
সাজিলা নাৰদ মুণি, ব্ৰহ্মাৰ নন্দন॥
ঢেকীক আনিয়া মুণি কৰিলা বাহন।
ঢেকীৰ দুই কাষেতে বান্ধিলা দুই কুলা।
ঘুগুৰা কৰিয়া দিলা শামুকৰ মালা॥
মুখত লাগাম তাৰ দিলা পাট জৰি।
পিঠিত বান্ধিলা জিম পূৰণ ধুকুৰি॥
খুৰাক লগাইয়া দিলা গলোত চোৱাৰ।
সাজিলা নাৰদ মুণি ব্ৰহ্মাৰ কুমাৰ॥
শিৱে বোলে শুনা নাৰদ চলহ ত্বৰিতে॥
চণ্ডীকাক লৈয়া আহা দেখিবাৰে নৃত্য।
শিৱৰ বচনে নাৰদ সত্তৰে চলিলা।
কন্দলৰ জোলঙ্গাখন কান্ধে তুলি লৈলা॥
বিনা দন্দে নাথাকে নাৰদ তপোধন।
দন্দ লগাইতে মুণি কৰিলা গমন॥
দুই সতিনীৰ পুৰি যাই লাগ পাই।
গঙ্গা চেৰাই মুণি মণিকৰ্ণে ধাই॥
নাৰদ বোলে শুনা মামী হিমালয় নন্দিনী॥
এক কন্যা আনি আছে দেৱ শূলপানি॥
তাৰ একতিল ৰূপ তোমাৰ গাৱে নাই।

তাক বিয়া কৰাইবাক আনিলা মোমাই॥
কুপিত ভৈলেক চণ্ডী নাৰদৰ বচনে।
সিংহত চৰিয়া চণ্ডী চলিলা তেখনে॥
ত্বৰিতে গমণে গৈলা শিৱৰ গোচৰে।
লাগ পাই চণ্ডীকাই লাগে কহিবাৰে॥

}

দিহা :— (অহে ঐয়াকিৰে হে হা) ভাঙ্গাৰা কাৰ নাৰী
 লইয়া আছা সভাৰ ভিতৰে।
পদ — চণ্ডী বোলে বুঢ়া তোৰ কথা আচৰিত।
 আজি খাবাৰ ভাত নাই তোৰ কিসেৰ নৃত্যগীত॥
 নাৰদ ভাগিনৰ কথা কভু মিছা নই।
 ইহাৰ উচিত দণ্ড কৰিবোহোঁ মই॥
 খাবাৰ নাই ভাত তোৰ চালে নাই খেৰ।
 ঘুমাইতে নাই শয্যা পিন্ধিতে কাপোৰ॥
 মৰাৰ আঙ্গাৰ ভষ্ম লিপা সৰ্ব্ব গাই।
 মস্তক উপৰে তোৰ সৰপে ফোঁপাই॥
 পিন্ধন বাঘৰ চাল ঠাইতে ঠাইতে চিৰা।
 সৰ্ব্বক্ষণে খাই ফুৰা ভাং আৰু ধতুৰা॥
 ঘৰৰ সম্পত্তি তোৰ বলধ এক গোট।
 পানী খাইতে দুখ তোৰ ভাঙ্গা একলোটা॥
 ঘৰত আচয় তোৰ মহা কাল ভীমা।
 অন্ন বিনে তোহোৰ দুখৰ নাই সীমা॥

যখন আসিবে ভীম বলধ চাৰিয়া।
খুজি আনা চাউল দুটি খাইতো চোবায়া॥
শিৱে বোলে শুনা চণ্ডী আমাৰ বচন।
নৃত্যকীক তুষ্ট কৰা দিয়া কিচো ধন॥
এহি কন্যা গোট আজি নাৰাখিবো মই।
নাচিবাক প্ৰতি উষা আসিছে এঠাই॥
চণ্ডী বোলে তোৰ কথাই প্ৰত্যয় নাযাইবো।
সুন্দৰীত জিজ্ঞাসিয়া পৰিচয় লৈবো॥
চণ্ডীবোলে শুনা নৰ্ত্তকী আমাৰ বচন।
কহ তুষ্ট হৈবা তুমি পাইলে কত ধন॥
সুকবি নাৰায়ণ দেবৰ সৰস পাঞ্চালি।
বেউলাৰ ক্ৰন্দন বুলি এক যে লেছাৰী

দিহা :— এহে জগত গৌৰীৰে হে ওৰে মাই, প্ৰভুক
জীৱাই দেহ মোৰে। যদি প্ৰভুক জীৱাই দেহ, দাসী
 হম তোৰে॥
পদ — নালাগে মোক ধন জন নালাগে সাধন।

 দুখৰ কাহিনী কহো তোমাৰ চৰণ॥
 ছয় মাস কষ্ট কৰি আহিলোঁ এই ঠাই।
 যদি পদ্মাৰ পক্ষ হোৱা ধৰ্ম্মৰ দোহাই॥
 চণ্ডী বোলে শুনা প্ৰভু আমাৰ বচন।
 পদ্মাক আনিয়া তুমি বুজা বিৱৰণ॥

কোন দোষে বেউলাক কৰিয়া আছে বাঁৰী।
বিচাৰ কৰিয়া চাওৱা দেৱ ত্ৰিপুৰাৰি॥
শিৱে বোলে শুনা নাৰদ চলহ ত্বৰিতে।
পদ্মাবতীক লৈয়া আহ দেখিবাৰ নৃত্য॥
তাহা শুনি নাৰদ মুণি চলিলা সত্তৰে।
পদ্মা পদ্মা বুলি মুণি ঘনে ডাক চাৰে॥
ঢেমায় নাগে বোলে শুনা দেৱ মহামুণি।
জ্বৰ হৈয়া আছে পদ্মা ত্যাজি অন্ন পানী॥
বিস্তাৰ ডাকিয়া নাৰদ নাপাই উত্তৰ।
কহিতে লাগিলা গৈয়া শিৱেৰ গোচৰ॥
শিৱে বোলে শুনা নাৰদ যাওয়া পুনৰ্ব্বাৰ।
কাৰ্ত্তিক গণেশ সঙ্গে চলোক’তো তোমাৰ॥
তাহা শুনি নাৰদ মুণি চলিলা সত্তৰে।
কপট ভাঙ্গিয়া গৈলা বাৰিৰ ভিতৰে॥
সুকবি নাৰায়ণ দেৱৰ সৰস পাঞ্চালি।
পদ্মাৰ বচন পদ এক যে লেছাৰী॥

দিহা :— বিষহৰি বোলে ভাই শুনা কাৰ্ত্তিক গণাই
 আজি শিবৰ যত্ন কি কাৰণ।

 বিষম জ্বৰৰ তাপে  উঠিতে মস্তক কাম্পে
 শুনা ভাই নাৰদ তপোধন॥
 দিনে ৰাতি অষ্ট পৰে  শৰীত থাকয় জ্বৰে
 তিনি দিন মোৰ নাই অন্ন পানী।

জ্বৰৰ বেদনা পাই  গাৱে মোৰ জ্ঞান নাই
 শুনা ভাই নাৰদ মহা মুণি॥
নাৰদে বচন পাইয়া  চাহে গাৱেঁ হাতদিয়া
 বুজিলোঁ তোমাৰ জ্বৰৰ লক্ষন॥
এক ঔষধ দেও জানি  কাচা দুগ্ধ কাচা পানী
 খাইবা বৈনী সেৰেক প্ৰমাণ।
পকা তেপোল তেঙ্গা দৈ  তাক বৈনী খাবা লৈ
 জ্বৰ চাৰি যাব এতিক্ষণে॥
গাগাল মাছ গাজৰ পানী  তাক বৈনী খাবা জানি
 খাচিৰ তেলে কৰিয়া ৰন্ধন।
যাব তোৰে জ্বৰ চাৰি  কাটিব মুখৰ জাৰি
 তবে বৈনী এৰাইবা মৰণ॥
বোলে দেবী পদ্মাবতী  শুনা কাৰ্ত্তিক গণপতি
 শৰীৰ দহিছে মোৰ দুখে।
চান্দৰ ঠাইত পাইয়া দৰ  তাতে হৈছে কোপজ্বৰ
 সেই জ্বৰ উঠে মোৰ মাহে পখে॥
নাৰদে বোলে ভগিনী  স্থিৰ কৰা পৰাণি
 ধীৰে ধীৰে কৰহ গমন।
ৰহিতে নাৰিবা তুমি  নিশ্চয় কহিছোঁ আমি
 ধৰিয়া লৈবো তিনি জন॥

দিহা :— অত মাইয়া কৰা দেবী।

পদ — অত মায়া কৰা দেবী শঙ্কৰৰ কুমাৰী।
 তোমাৰ বিষম মায়া বুজিতে নাপাৰি॥
 দানসম পূৰ্ণ বৈনী ত্ৰিজগতে নাই।
 ইহকালে দান কৰিলে পৰ কালে পাই॥
 হৰিচন্দ্ৰ মহাৰাজা আছিল সূৰ্য বংশে।
 দানৰ ফলে পুৰি সমে গেলা স্বৰ্গবাসে॥
 ক্ৰোধে পেট ফুটে পদ্মাৰ নাৰদৰ বচনে।
 নেতাই আহি কহিলেক প্ৰবোদ বচনে॥
 সত্যই মাই সুখী হবো বাপ পশুপতি।
 ব্ৰহ্মা বিষ্ণু সুখী হবো যুবক যুবতী॥
 পদ্মা বোলে শুনা নেতা আমাৰ বচন।
 সত্তৰে ডাকিয়া আনা যত নাগগণ॥
 পদ্মাৰ বচনে নেতা শুনিয়া স্ৰবনে।
 সত্তৰে ডাকিয়া আনে যত নাগগণে॥
 স্বৰ্গ মৰ্ত্ত পাতালত যত নাগ বৈসে।
 সকলে চলিয়া গৈলা পদ্মাৰ সমুখে॥
 সুকবি নাৰায়ণ দেবৰ সৰস পাছালী।
 কালীৰ বচন বুলি একই লেছাৰী॥

দিহা :— কালী নাগে ভাবে (হে তাকি অৰে ) ভাই
 কিজানি কি হবে।
পদ — কালী নাগৰ পদ্মাবতী কাটা লেঞ্জ দেখিয়া।
 সুবৰ্ণৰ লেঞ্জ গঢ়ি ৰাখে ঢাক দিয়া॥

শ্বেত চোৱাৰ পদ্মা ৰাখে দাইন হাতে।
দাসী আসি লৈলা বাটা কৰপুৰ সহিতে॥
দেৱগণ সমে শিৱ বামতে চণ্ডীকা।
তাহাৰ মধ্যম থানে পদ্মাই দিলা দেখা॥
বেউলা বোলে শুনা পদ্মা বাপৰ দোহাই।
যদি নাচিবাক লাগে বাম পৃষ্ঠে চাই॥
বাপৰ দোহাই শুনি লজ্জা পাইলা চিতে।
লজ্জা পাই পদ্মাবতী বসিলা সমুখে॥
বাহিৰত সৰ্পগণ ৰাখিলা সকলে।
কালী নাগক লুকাই থৈলা পদ্মা খাতৰ তলে॥
সুকবি নাৰায়ণ দেবৰ সৰস পাছালী।
বেউলাৰ বচন বুলি এক যে লেছাৰী॥

দিহা :— এহে এ নটী নাচন নাচেৰে হে মোহিনী কাছে
 নানা বৰণে নটী নাচে॥

পদ— ক্ষণে উঠে ক্ষণে বসে তালে দিয়া মান।
 মধু মাসে মৈৰা যেন ধৰিছে পেখান॥
 শূন্যত নাচয় বেউলা পৰম হৰিষে।
 বচন মধুৰ যেন অমৃত বৰিষে॥
 যেই দিকে চাই বেউলাই কৰয় নাচন।
 স্ত্ৰী পুৰুষ মুহিলেক যত দেৱগণ॥
 দেৱগণে বোলে শুনা জয় পদ্মাবতী।
 সত্তৰে জীয়াই দেহ নৃত্যকৰ পতি॥

বৰুণ সাত থানি ৰহিছে বৰুণে।
পৰনৰ শক্তি আনি ৰহিছে পবনে॥
শুকবি নাৰায়ণ দেবৰ সৰস পাছালী।
শিৱৰ বচন পদ এক যে লেছাৰী॥

দিহা :— ভঙ্গৰে পানক মন হৰি চৰণত, কি বুলি
 উত্তৰ দিম যম কাৰণত।
পদ— শিৱে বোলে শুনা পদ্মা আমাৰ উত্তৰ।
 সত্তৰে জীয়াই দিয়া বালা লখিন্দাৰ॥
 এত বুলি সদাশিৱে কহিলেক কথা।
 বেউলাৰ সহায় হৈলা সকলে দেৱতা॥
 পদ্মা বোলে শুনা বাপ আমাৰ বচন।
 স্বৰূপ কৰিয়া কহো তোমাৰ গোচৰ॥
 কোন দিন তাইৰ মোৰ চিনাচিনি নাই।
 অকাৰণে দেই বেটী মানুহ মাৰা দাই॥
 বৈতালী মিছা কথা কহিতে তোমাতে।
 বিচাৰিয়া পঞ্চ আইনে বুজিবা পাচতে॥
 তোমাৰ সাক্ষাতে মিছা কহিছে বৈতালী।
 নদী পাৰ কৰি দিবো দিয়া চূণ কালি॥
 মাথাক থুৰায় আমি পঠাই দিব দেশে।
 স্ত্ৰী পুৰুষে দেখি যেন দিনে ৰাত্ৰি হাসে॥

দিহা :― (এ হে ৰে হা এ হে ৰে) চণ্ডী বোলে মনসা
 চণ্ডী বোলে মনসা নকহা বৰ কথা।
 তোৰ বোলে বেউলাৰ কোনে মুণ্ডাইবেক মাথা॥

পদ— ন্যায় পন্থ লভিয়া যদি ঘাতি হয় তাতে।
 তাহাৰ উচিত দণ্ড কৰিবো সভাতে॥
 আপুনাৰ গৰ্ব্বে তই কৰি আছা বল।
 দোষ নিৰ্দ্দোষ নুবুজিলি ফলাফল॥
 চণ্ডীকা সহায় ভৈলা ভৰষা ভৈলা মনে।
 বেউলাই পদ্মাক কৰকচ বচনে॥
 মোৰ দোষে তোমাক নাপায় কোন কালে।
 আপুনি নিৰ্দ্দোষি হৈয়া থাক ভালে ভালে॥
 শিৱৰ কুমাৰী তুমি নাম পদ্মাৱতী।
 শত দোষ থাকিলেও তুমি মহাসতী॥
 কলৰ পটুয়া যেন তুলসিৰ মালা।
 উত্তম জনৰ গলে থাকে সৰ্ব্বকাল॥
 শঙ্কৰৰ কন্যা তুমি এই গৰ্ব্ব কৰা।
 তাহা নহইলে তুমি কি কৰিতে পাৰা॥
 জীৱাইতে বিলম্ব আছে কৰ্ম্মৰ বিপাকে।
 লাজ নাই নিলাজী আপুনি ভালে থাকে॥
 ক্ৰোধে পেট ফুটে পদ্মাৰ বেউলাৰ বচনে।
 কান্দিয়া কান্দিয়া কহে দেৱ ত্ৰিলোচনে॥

দিহা :— এ দেবী অঘোৰ নয়ণি কান্দে মনসা দেবী।
পদ— চণ্ডী বোলে মনসা কান্দাস কি কাৰণ।
 মনদিয়া শুনা কহো যত বিৱৰণ॥
 কোন দোষে বেউলাক কৰিয়া বাঁৰী।
 কান্দিয়া মৰাইতে চাহ কৰি ভাৰাভুৰি॥
 নানা দেশে ভ্ৰম তই লাজ নাই কানী।
 মায়া কৰি কান্দহ চক্ষুৰ নাই পানী॥
 চণ্ডীকাক প্ৰবোধ কৰি কহিলেক শিৱে।
 কষ্ট নকৰিবা মাতা তোমাক বোলো সবে॥
 সাক্ষী বোলাইতে চাহে তাৰ উত্তৰ নেদা।
 যে দুই বুলিলে তাহাত তোমাৰ খেদ॥
 তাহা শুনি পদ্মাৱতী লাগে কহিবাক।
 কোন সাক্ষী তাইৰ তাহাক ধৰোক॥
 লোৰ কৰিলা বেউলা লুৰিকৰে ভৰ।
 লাঞ্জ বাহিৰ কৰি দিলা সভাৰ ভিতৰ॥
 লাঞ্জ দেখি পদ্মাৱতী লাগে কহিবাৰ।
 কিবা খনিকাৰৰ লেঞ্জ কিবা কুচিয়াৰ॥
 সবে বোলে শুনা বেউলা আমাৰ উত্তৰ।
 কোন সাক্ষী আছে তই তাৰ নাম ধৰ॥
 বেউলা বোলে শুনা বাপ দেৱ মহেশ্বৰ।
 এক সাক্ষী আছে মোৰ দেৱ পুৰন্দৰ॥
 আৰু সাক্ষী আছে যম ৰবিৰ নন্দন।
 অন্ত কালৰ সাক্ষী মোৰ এই দুইজন॥

তাহা শুনি সদাশিৱৰ হৰষিত মন।
ইন্দ্ৰৰ নিকটে পাছে মধুৰ বচন॥
সুকবি নাৰায়ণ দেৱৰ সৰস পাছালী।
শিৱৰ বচন পদ একবাৰ লেহাৰী॥

দিহা :— শিৱে বোলে পুৰন্দৰ কহা সত্য উত্তৰ
 কহা তুমি স্বৰূপ বচন।
পদ— নৰ্তকী মানিছে সাক্ষী কহা  তুমি ধৰ্ম্ম ৰাখি
 বেউলাৰ যতেক বিৱৰণ।
 শুনিয়া শিৱৰ কথা  ইন্দ্ৰে কৰে হেত মাথা
 কত বেলি গুণি চাইলা মনে॥
 পদ্মা গৈলা মোৰ পূৰি  উষাক আনিলা হৰি
 বিবাদ নাজানো কি কাৰণ।
 শিৱে বোলে ৰবি সুত  কহা কথা অদভুত
 বেউলাৰ যতেক বিৱৰণ॥
 যমে বোলে শূল পাণি  আমি সবে ভাল জানি
 পূৰ্ব্বৰ যতেক কাৰণ॥
 পদ্মা গৈলা সুৰপুৰি  ঊষাক আনিলা হৰি
 প্ৰাণ দিলা সাগৰৰ তীৰে।
 মোৰ সঙ্গে দম্ভ কৰি  লৈয়া গৈলা নৰপুৰি
 জন্ম দিলা বানিয়াৰ ঘৰে॥
 বিহা ৰাত্ৰি নিশাভাগে  লখাইক খাইলা কালীনাগে
 বিবাদ বাৰিলা সি কাৰণে।
 নাৰায়ণ দেৱে কয়  সুকবি বল্লভ হয়
 নাৰায়ণ দেৱৰ সুবচন॥

দিহা :— হাৰে বেউলাৰ ৰূপে আকুল শূলপাণি।
পদ— ভাল হল কুশল হল মৰিল লখিন্দাৰ।
 নাতিনী সম্বন্ধে দুয়ো পাতি খাওঁ ঘৰ॥
 শিৱে বোলে শুনা বেউলা কহো তোমাৰ ঠাই।
 নাজানি ৰাখিলে তাৰ কিছো দোষ নাই॥
 বাণৰ সম্বন্ধে তই হোৱ যে নাতিনী।
 চান্দৰ সম্বন্ধে হোৱ নাতিৰ ঘৰুণী॥
 আমি বৃদ্ধ বুলি কিছো নকৰা সংশয়।
 সৰ্ব্ব জনে বোলে আমাক মৃত্যুঞ্জয়॥
 তাহা শুনি বেউলাই লাগে কান্দিবাৰে।
 স্বামীৰ দাৰুণ শোকে পৰাণ বিদাৰে॥
 তাহা শুনি চণ্ডীকাই কহিলা আগ বাঢ়ি।
 লাজ নাই ভাঙ্গাৰা তোৰ মুখে পকা দাৰি॥
 স্বামী মৰি আছে তাই হৈ আছে বাঁৰী।
 সভাৰ মাজত কৰা এতেক চাতুৰি॥
 শিৱে বোলে শুনা পদ্মা আমাৰ উত্তৰ।
 ইন্দ্ৰ যমে দিলা সাক্ষী দেবতাৰ গোচৰ॥
 তাহা শুনি পদ্মাবতী লাগে কহিবাৰে।
 ইন্দ্ৰ যমে দিলা সাক্ষি নামানিব তাৰে॥
 শিৱে বোলে শুনা বেউলা আমাৰ উত্তৰ।
 কোন নাগে স্বামীক খাইছে তাৰ নাম ধৰ॥
 তাহা শুনি বেউলাৰ হৰষিত মন।
 নাগক চাহিবে প্ৰতি কৰিলা গমন॥

 সুকবি নাৰায়ণ দেবৰ সৰস পাছালী।
 নাগৰ চাহন বুলি এক যে লেছাৰী॥

দিহা:— (এ হে ৰে হে) নাগ চাও বেউলা।

পদ— অনন্ত কৰকট নাগ চাহিলেক আগে।
 বাকৰাজ ব্ৰহ্মজালক চাহিবাক লাগে॥
 কাহালগোম চাহিলেক নাগ জলেশ্বৰ।
 কালৰাজ কঙ্কৰাজ নাগ হুৰনাৰ॥
 আন্ধসুয়া নাগছাত্ৰ মাচুৱা কুমাৰি।
 চকৰিয়া বোধছাত্ৰ বাসৰ কেশৰি॥
 চোৰ পিঙ্গল নাগ চাহিলে কচিমা।
 পৰ্ব্বতিয়া নাগ চাহিছে তুয়া উত্তমা॥
 নাগ চাই বেউলাই নাগৰ কৰে লেখা।
 স্বামী খোৱা কালীনাগক নাপালেক দেখা॥
 নাগ নাপাই বেউলাৰ শোকাৰুণ মন।
 হেন কালে নেতাবতী দিলা দৰিশণ॥
 চক্ষু ঠাৰ দিয়া নেতা বেউলাক বোলে।
 লুকাই ৰাখিছে পদ্মাই খাটৰ তলে॥
 মাওঁ বুলি প্ৰণামিলা পদ্মাৰ চৰণে।
 টান দিয়া বাহিৰ কৰিলা সভা বিদ্যমানে॥
 লাজ পাইলা সদাশিৱে হাসিলা পাৰ্ব্বতী।
 লাজে মাথা নুতোলয় জয় পদ্মাবতী॥

দিহা :— (অনেৰে হে) নাগ থৈয়া খাটৰ তলে।
পদ — নাগ থৈয়া খাটৰ তলে  আমাক ভাঙই চলে
 এই নাগে স্বামীক খাইলা মোৰে।
 সুবৰ্ণৰ লাঞ্জ দিয়া  ৰাখিছে তাক ধাক দিয়া
 খসাই দেখাই সভাৰ ভিতৰে॥
 লজ্জা পাইলা বিষহৰি  তল মুৰ কৰি
 ক্ৰোধ কৰি লাগে কহিবাৰ।
 নাৰায়ণ দেবে কয়  সুকবি বল্লভ হয়
 কহে দেৱ মনসাৰ কিঙ্কৰ॥

দিহা :— ঐ আৰে আমিতো নাপাৰো লখাইক জীৱাই
 বাৰে, বালাক জীৱাইবাৰে, তুমিতো সুন্দৰী
 বেউলা ফিৰি যাওৱা ঘৰে।

পদ— এতেক চাতুৰি কৰা বনিয়াৰ জীৱাৰী।
 নিজীয়াইলে লখাই দেবে কি কৰিতে পাৰি॥
 স্বৰ্গত বসিয়া আছে যত দেবগণে।
 কৰিবাক পাৰো ভষ্ম বিষেৰ নয়ণে॥
 কেৱল ভৰষা কৰা শঙ্কৰ ভবানী।
 মোৰ বিষে দুইজন হৈ আছে পানী॥
 বাপ হেন সম্বন্ধ মই নকৰিলে মনে।
 বিষ দিয়া সদাশিৱৰ বধিলো পৰাণে॥
 দেবগণে স্তুতি বাক্য কহিলা আমাৰে।
 সেই কাৰণে জীৱাই দিলা দেব মহেশ্বৰে॥

মাও হই দুৰ্ব্বাক্য মোক বুলিলা ভবানী।
সৰ্পৰূপ ধৰি তাইৰো বধিলো পৰাণি॥
মিতা হৈয়া ভজিয়া কহিলা মোৰ ঠাই।
তোৰ কাৰণে জীৱাই দিলো চণ্ডীকা সতাই॥
তোঁৰ দেখো হৰগৌৰীৰ এতেক অৱস্থা।
মোত কৰি চাৰ কোন আচয় দেৱতা॥
ৰাৱণ ৰাজা মৰিলেক শ্ৰীৰামৰ বাণে।
মন্দোদৰী কান্দে ৰামৰ ধৰিয়া চৰণে॥
চৰণে ধৰিয়া ৰামক কৰিলা মিনতি।
তবু জীৱাই নিদিলা কেনে ৰাম ৰঘুপতি॥
মথুৰাৰ ৰাজা আছিলা কংসসুৰ।
তাহাক বধিলা গৈ দেৱদামোদৰ॥
মাতুল সকলে তাৰ ধৰিলা চৰণে।
তাক জীৱাই নেদে কেনে দেৱ নাৰায়ণে॥
সদাশিৱে বধিলেক ত্ৰিপুৰা অসুৰে।
তাক জীৱাই নেদে কেনে দেৱ মহেশ্বৰে॥
যত যত পদ্মাবতী বোলয় গৰ্জ্জিয়া।
তল মুণ্ড কৰে দেৱ তাহাক শুনিয়া॥
সুকবি নাৰায়ণ দেব সুৰস পাছালী।
নেতাৰ বচন বুলি এক যে লেছাৰী॥

দিহা :— কি ৰূপে তৰিবা ভব সিন্ধু ঐ বেউলা এই
 ৰূপে তৰিবা ভব সিন্ধু।
পদ— নেতা বোলে বেউলা তোৰ বুদ্ধি জ্ঞান নাই।
 পাঞ্জাৰ নহলে কেনে বাছিবে লখাই॥

বেউলা বোলে শুনা শুনা অনন্তৰ আই।
কোন কালে প্ৰভুৰ মই অস্থি ৰাখা নাই॥
সমুদ্ৰৰ তীৰে নিয়া শাহুৰী সনায়।
প্ৰভুৰ অস্থিগণ পুৰি কৰি আছে চাই॥
স্ত্ৰী জাতি বামা বুদ্ধি যথা তথা ভয়।
একালসৰে কিৰূপে আসিবো মৰা লয়॥
মৰা মনুষ্য তনু তিনি দিনে ফুলে।
দুৰ্গন্ধ বহিয়া যাই অস্থি মাংস গলে॥
দুৰ্গন্ধ পাইয়া ভূত কৰয় প্ৰবেশ।
চাহিতে নাপাৰি তাক দেখিলে কুৱেশ॥
সঞ্জাত নাজাই যদি আমাষাৰ বোলে।
অদ্যাপি শ্মশান দেখা গুঞ্জৰিৰ ফুলে॥
নেতা বোলে শুনা বেউলা আমাৰ বচন।
দিয়া শুনা কহো যত বিৱৰণ
ক্ৰোধ কাৰ 
ত্ৰিদশ কৌটি দেৱগণে কি কৰিতে পাৰে॥
নেতাৰ বচনে বেউলাৰ বুদ্ধি উপজিলা।
তৰিতে পাঞ্জাৰ আনি পদ্মাৰ আগে দিলা॥
অস্থি পাই পদ্মাবতীৰ হৰিষিত মন।
জীয়াও জীয়াও বুলি লখাইক বুলিলা বচন॥
যি স্থানৰ অস্থিগণ সি স্থানে লগাই।
নিৰক্ষিয়া দেখিলেক আঠুৰ ঘিলা নাই॥
আচাৰিয়া পেলাই দিলা জয় বিষহৰি।
এতেক চাতুৰি কৰা বানিয়া জীয়াৰী॥

নিজাইলে লখাইক দেবে কি কৰিতে পাৰে।
ক্ৰোধ কৰি পদ্মাবতী লাগে কহিবাৰে॥
জীয়াই দিলে লখিন্দাৰ হৈয়া যাৰ খোৰা।
পদ্মাৰ মুখত শুনি এতেক বচন।
চৰণত ধৰিয়া বেউলাই জুৰিলা ক্ৰন্দন॥

দিহা :— এহে মোৰ নাইৰে মাই, মাইৰে তুমি বৰ
 দুখীয়াৰ দাতা।

পদ— বেউলা বোলে শুনা শুনা অনন্তৰ আই।
 আৰ কোন দিন প্ৰভুৰ অস্থি ৰাখা নাই॥
 তোমাৰ চৰণে ধৰি বুলিলো বচন।
 যদি মিছা বাক্য বোলে হইব মৰণ॥
 বেউলাৰ বচনে পদ্মা তুষ্ট হৈলা মনে।
 শুদ্ধ চিত্তে পদ্মাবতী বসিলেক ধ্যানে॥
 ধ্যান কৰি চাই পদ্মা বেউলাক বোলে।
 সমুদ্ৰে গিলিয়া আছে ৰাঘোৱা বৰালে॥
 পদ্মা বোলে শুনা নেতা ঘৰে চলি যাওয়া।
 ঘিলা গোট আনা গৈ ৰাঘোৱা মাৰিয়া॥
 পদ্মাৰ বচনে নেতা শুনিয়া শ্ৰবণ।
 জালো মালো দুই দোমক লৈলা তেতিক্ষণ॥
 সাগৰৰ পাৰে জালোয় তনিলেক জাল।
 মাছ কম্পে মগৰ কম্পে কম্পে ঘৰিয়াল॥
 সাগৰ ঢাকিয়া জালোয় মাৰিলেক জাল।
 দৈব্য যোগে বন্ধ হল ৰাঘোৱা বৰাল॥

মৎস্য গোট তুলিলেক নেতায় সুন্দৰী।
ঘিলা গোট বাহিৰ কৈলা মাছ গোট চিৰি॥
মৎস্য গোট নামাৰিলা ধোবাৰ কুমাৰী।
পুনৰপি সিলা নেতা হাতে সুচি ধৰি॥
ভতিয়াই গৈলা মৎস্য সাগৰৰ জলে।
ঘিলা লৈয়া নেতাবতী পদ্মাৰ আগে মিলে॥
ঘিলা পাই পদ্মাৱতীৰ হৰষিত মন।
জীয়াও জীয়াও বুলি লখাইক বুলিলা বচন॥
পদ্মা বোলে শুনা বেউলা আমাৰ উত্তৰ।
জীয়াইবো লখাইক আগে অঙ্গিকাৰ কৰ॥
সুকবি নাৰায়ণ দেবৰ সৰস পাছালী।
বেউলাৰ বচন বুলি এক যে লেছাৰী॥

দিহা :— সত্য কাৰে বেহুলাই।

পদ— সত্য কাঢ়ে বেউলা পদ্মাৰ গোচৰে।
 নব লক্ষ বলি দি পূজিৰ শহুৰ সদাগৰে॥
 যদি বা নপূজে তোমাক শহুৰ সদাগৰে।
 তবে পূজা কৰিবো মোৰ স্বামী লখিন্দাৰে॥
 যদি বা নুপূজে তোমাক স্বামী লখিন্দাৰে।
 পুনৰপি স্বামী মোৰ যাইবো যম ঘৰে॥
 এত বুলি পদ্মাবতীৰ হৰষিত মন।
 লখাইক জীয়াইতে প্ৰতি কৰিল৷ যতন॥
 সুকবি নাৰায়ণ দেবৰ সৰস পাছালী।
 লখাইৰ জীৱন পদ এক যে লেছাৰী॥

দিহা :— জীয়াও জীয়াও বালা ও বালা চান্দোৰ সুত।
 সৰ্ব্বাঙ্গে সুন্দৰ বালা গোন্ধ বানিয়াৰ পুত॥

পদ— আৰাল কৰিয়া থৈলেক লখিন্দাৰ।
 পদ্মাবতী সুমাই গৈলা তাহাৰ ভিতৰ॥
 প্ৰাণ অপান সমান উত্থান ব্যান।
 লখিন্দাৰৰ পঞ্চ অঙ্গ কৰে অধিষ্ঠান॥
 মহা মন্ত্ৰ জপি পদ্মা হুঙ্কাৰ মাৰিলা।
 ক্ৰমে ক্ৰমে লখিন্দাৰৰ অস্থি সঞ্চাৰিলা॥
 পুনৰপি মহামন্ত্ৰ জপিতে লাগিলা।
 ক্ৰমে ক্ৰমে লখিন্দাৰৰ চাল মাংস ভৈলা॥
 বীজ মন্ত্ৰজপি পদ্মা মাৰিলা চাপৰ।
 উঠিয়া বসিলা লখাই সভাৰ ভিতৰ॥
 উঠি বসি লখিন্দাৰে নাগক দেখিলা।
 নাগক দেখিয়া লখাই ধলিয়া পৰিলা॥
 সুকবি নাৰায়ণ দেৱৰ সৰস পাঞ্চালী।
 লখাইৰ জীৱন বুলি এক যে লেছাৰি॥

দিহা :— (আৰে) জাৰো বিষ নাই, (এ হাইৰে ৰে হায়)
 লখাইৰ হাৰোৰ বিষ জাৰে পদুমাই।

পদ— এক হাতে ধৰিলেক বেউলা সুন্দৰী।
 আৰু হাতে ধৰিলেক জয় বিষহৰি॥
 হাতে কৰি জাৰে কাপোৰে কেশ মুকুলাই।
 জাৰিতে লাগিলা পদ্মা আদ্য মন্ত্ৰ গাই॥

শূন্য বিষ উপজিলা সুৰ প্ৰকাৰে।
নামি গৈলা কালকুট পদ্মাৰ হুঙ্কাৰে॥
আদ্য মন্ত্ৰ গাই পদ্মা মৰিলেক গাঠি।
যি দ্বাৰে উজাইছা বিষ সেই দ্বাৰে দিয়া ভাঠি॥
তিপনি ধৰিয়া পদ্মাৰ মাৰিলা হুঙ্কাৰে।
নাম নাম ওৰে বিষ নাম ব্ৰহ্মদ্বাৰে॥
কেশত ধৰিয়া বোলে অনন্তৰ আই।
সমুদ্ৰ মন্থনৰ বিষ মলচিলা পাই॥
ব্ৰহ্মদ্বাৰ চাই পদ্মা মাৰিলেক জোৰাল।
নাকে মুখে বাইৰ হৈয়া গেল নাগৰ গৰাল॥
বিষ নাই বুলি পদ্মা মাৰিলা চাপৰ।
উঠিয়া বসিলা লখাই সভাৰ ভিতৰ॥
উঠি বসি লখিন্দাৰে অঙ্গক দেখিলা।
বেউলাৰ আৰে গৈয়া লুকাই বহিলা॥
সুকবি নাৰায়ণ দেৱৰ সৰস পাঞ্চালী।
লখাইৰ জীৱন বুলি এক যে লেছাৰী॥

দিহা :— (এ হৰি নাৰে) দেৱৰ পৰিধান ভূনি (একি
আৰে) নেতায় দিলা আনি, পৰিধান কৰে লখিন্দাৰ।
পদ— পৰিধান পুষ্পৰ মালা  পিন্ধিলা চান্দোৰ বালা
 হৰষিত বেউলা সুন্দৰী।
বেউলাৰ মুখ চাই  কহিলা লখাই
 কহা ইতো কাহাৰ নগৰি॥

চাৰি মুণ্ড অষ্ট কৰ  দেখো মই ভয়ঙ্কৰ
 কহা ইটো কাহাৰ নগৰ।
বিষম লোহাৰ ঘৰে  বাইৰ কৰিলা মোক কি প্ৰকাৰে
 কথা মোৰ পিতা চন্দ্ৰধৰ॥
প্ৰথম যৌৱন তোৰে  এই বাৰ বৎসৰে
 শুনা কন্যা আমাৰ উত্তৰ।
পালি পহৰিয়াগণ  জাগি আছিল সৰ্ব্বজন
 কিমতে লৈয়া আইলা মোৰে॥
লখাইৰ মুখ চাই  কহিলা বেউলাই
 শুনা প্ৰভু আমাৰ উত্তৰে।
বিহাৰ ৰাতি নিশা ভাগে  তোমাক খাইলা কালনাগে
 জীয়াইলো মই দেৱতাৰ পুৰে॥
বেউলা মুখে শুনি  লখাই মুখে দুখ আনি
 দুখে লখাই জুৰিলা ক্ৰন্দন।
নাৰায়ণ দেৱে কয়  সুকবি বল্লভ হয়
 নাৰায়ণ দেৱৰ সুবচন॥

দিহা :— এ সুন্দৰী বেউলা নাচে বিভোল হুইয়া।

পদ— বেউলা বোলে শুনা বাপ দেৱ ত্ৰিপুৰাৰি।
 নিজীয়াইলা ছয় কোৱঁৰ ওজা ধন্বন্তৰী॥
 যদি নিজীয়াই পদ্মা কুমাৰ ছয় জন।
 তোমাৰ সাক্ষাতে আমি ত্যাজিব জীৱন॥

শিৱে বোলে শুনা পদ্মা আমাৰ বচন।
সত্তৰে জীৱাই দেহ কুমাৰ ছয় জন॥
ক্ৰোধ কৰি পদ্মাবতী লাগে কহিবাৰে।
পুনৰপি লখিন্দাৰ যাবো যম ঘৰে॥
আগে সত্য কৰিয়াছা দেৱতাৰ গোচৰে।
নব লক্ষ বলি দিয়া পূজিবি আমাৰে॥
বেউলা বোলে শুনা হুইয়া সাবধান।
সাগৰে ডুবিয়া আছে ডিঙা চৈধ্যখন॥
চৈধ্য খন ডিঙা তুলি দেহ যত্ন কৰি।
তবেসে পূজিবো তোমাক চান্দ অধিকাৰী॥
যাওঁ ধনে জনে মই সম পূৰ্ণ হৈইয়া।
তবেসে পূজিবো চান্দো হৰষিত হৈয়া॥
এত শুনি পদ্মাৱতীৰ হৰষিত মন।
নেতা নেতা বুলি পদ্মা ডাকে ঘনে ঘন॥
লখিন্দাৰক জীৱাইলো মই কতো যত্ন কৰি।
ছয় কোঁৱৰ জীৱাইতে লাগে ওজা ধন্বন্তৰী॥
বিলম্ব নকৰা বৈনী শুনহ বচন।
ৰাক্ষসীৰ স্থানে তুমি কৰাহ গমন॥
পদ্মাৰ বচন নেতা শুনিয়া শ্ৰবনে।
ত্বৰিতে চলিয়া যাই ৰাক্ষসীৰ স্থানে॥
তথা হৈতে আনি দিলা সাতগোট সুকতি।
সুকতি পাইয়া হৰষিত পদ্মাৱতী॥

সাত গোট সুকতি পদ্মা বিশেষ স্ৰজিলা॥
মহামন্ত্ৰ জপি পদ্মা হুঙ্কাৰ মাৰিলা॥
আঙ্গামুৰী দিয়া সবে উঠিয়া বসিলা।
হাসিয়া হাসিয়া বোলে জয় বিষহৰি।
সাত কুমাৰ লৈয়া তুমি চলি যাওৱা পুৰি॥
ডিঙ্গা তুলিতে প্ৰতি কৰিলা গমনে
সঙ্গত চলিলা যতেক দেৱগণে॥
আমি অতি মণ্ডমতি নাজানোঁ ভকতি।
ভূত্যৰ নামে তুষ্ট হৈবা জয় পদ্মাৱতী॥
আস্তিক মুণিৰ মাতা বাসুকি ভগিনী।
যিজনে কৰে পূজা খণ্ডাই বিঘিনি॥
সুকবি নাৰায়ণ দেৱৰ মধুৰ মূৰুতি।
গাওঁতাৰ গুছে দুখ শুনিলে মুকুতি॥
তোমাৰ চৰণে মাওঁ শত নমস্কাৰ।
বঢ়া টুতা দোষমানে ক্ষমিবা আমাৰ॥
নাম ভাব নাম চিন্তা মুকুন্দ মুৰাৰি।
সবাৰ দুৰ্গতি খণ্ডোক বোলা জয় হৰি॥

—সমাপ্ত—



এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )