নীতি কথা (বিষ্ণুপ্ৰিয়া দেৱী)/সুখৰ মূল
সুখৰ মূল।
ধন ৰত্ন আদি ঐশ্বৰ্য্যৰ পৰা মানুহৰ সুখ নহয়, কেৱল মনৰ সুখেহে সুখ। এজন মানুহে নানা শাস্ত্ৰ অধ্যয়ন কৰি বৰ জ্ঞানী হৈছিল। তেঁও সদাই বিদ্যা চৰ্চ্চাত নিমগ্ন আছিল। তথাপি তেঁওৰ মনত সুখ নাছিল। তেঁও সদাই বিষাদিত হৈ থাকে, কিয়নো তেঁও ভাবিছিল যে তেঁওৰ সমান দুখীয়া মানুহ আৰু পৃথিবীত নাই। তেঁওয়েই এই পৃথিবীত এক মাত্ৰ দুখীয়া। এই দৰে বেজাৰ অসন্তোষতে অনেক দিন অতিবাহিত কৰি এদিন তেঁও তেঁওৰ অৱস্থা অন্যান্য মানুহৰ অৱস্থাৰে তুলনা কৰি চাই, সকলোকে সুখী, কেৱল আপোনাকেহে অসুখী দেখি ভাবি চিন্তি শুবলৈ গল। সৰ্ব্বসন্তাপনাশিনী নিদ্ৰাদেবী আহি তেঁওক নিদ্ৰাভিভূত কৰিলে। নিদ্ৰাৱস্থাত তেঁও সপ্নত দেখিলে যে এজন মহাপুৰুষে আহি তেঁওৰ হাতত এখান আৰ্চি দিলেহি। আৰু কলে যে এই দৰ্পণৰ দ্বাৰা তোমাৰ সকলো দুখ দূৰ হব। কিয়নো এই খান আৰ্চিৰে অন্যৰ মন দেখিব পাৰি। এতেকে এই আৰ্চিৰে তুমি প্ৰথমে পৰৰ মন চাই লোৱা। তেতিয়া আকৌ যদি তোমাৰ মন যায় সেই লোকৰ নিচিনা হব পাৰিবা। সেই বিদ্বান মানুহ জনে সেই আৰ্চিখনি হৃষ্টান্তকৰণে বিনয়াবনত হৈ তেঁওৰ পৰা লৈ আলিবাটলৈ ওলাই গল। আলিবাটত নানা প্ৰকাৰৰ মানুহ অহা যোৱা কৰিব লাগিছে। কোনোয়ে হাতীত, কোনোয়ে বা ঘোৰাত, কোনোয়ে বা নিজ প্ৰণয়িণীক লগত লৈ সুগন্ধি তৈল চন্দনাদি আৰু বস্ত্ৰ অলঙ্কাৰাদি দ্বাৰাই বিভূষিত হৈ ঘোৰাৰ গাৰীত,কোনোয়ে বা দোলাত, কোনোয়ে বা লগত অনেক পাৰিষদ লৈ গা ঘেলাই যাব লাগিছে। এই দৰে সকলো মানুহক বাহ্যদৃষ্টিত সুখী যেন দেখি তেঁও মন দৰ্শক দৰ্পণেৰে চাই পঠিয়ালে। তেতিয়া দেখিবলৈ পালে যে কলহ কলঙ্ক, বিকাৰ,বিৰহ, ৰোগ, শোক, মিত্ৰাদিৰ বিচ্ছেদ, লোভ, ক্ষোভ, হিংসা, ঈৰ্ষা ইত্যাদি বিষয়াধীন হোৱাত কাৰো মন কোনোমতে সুখী নহয়।
পাছে সেই পণ্ডিতে এই বিলাক দেখি শুনি ৰাজসভাত গৈ উপস্থিত হল। তাতো বাহিৰে দেখাত সকলো সুখী কিন্তু মনোদৰ্শন দৰ্পণেৰে চালত দেখিলে যে কোনোয়ে ৰজাৰ ভয়ত ত্ৰস্তমান, কোনোয়ে মানৰ ভয়ত শঙ্কিত, কোনোয়ে ৰজাৰ অগোচৰত প্ৰজা বিলাকৰ ওপৰত সিংহ গৰ্জ্জন কৰিব লাগিছে। কিন্তু ৰজাৰ আগত শিয়ালতকৈও ভয়াতুৰ আৰু চোৰতকৈও শঙ্কিত। কোনোয়েবা মান বঢ়াবৰ কাৰণ বিশ্বস্ত কাৰ্য্যত বিশ্বাসঘাতক কৰি আৰু ৰজাৰ ধন অপব্যয় কৰি শেষত কাৰাৰুদ্ধ হৈছে। কোনোয়েবা সেইদৰে নাম আৰু মান বঢ়াই দুষ্কৰ্ম্ম বিলাকলৈ মনত পৰি অনুতাপ কৰিছে। এই দৰেই ৰাজসভাতো কাকো সুখী নেদেখি সেই বিদ্বানে এনেকুৱা সংসাৰ সুখতকৈ উদাসীন হৈ থকাই ভাল ইয়াকে স্থিৰ কৰিলে। তথাপি মনক প্ৰবোধ দিয়াব নোৱাৰি আকৌ এখান বিবাহৰ সভাত উপস্থিত হল গৈ। সেই সমাজত দেখিলে যে মানুহ বিলাক নানা বৰ্ণৰ বস্ত্ৰালঙ্কাৰাদি দ্বাৰাই বিভূষিত হৈ বিবাহৰ উৎসবত মগ্ন। নানা প্ৰকাৰ গান বাদ্য আদিও হব লাগিছে। সভাদেখি বিদ্বানৰ এনে বিবেচনা হল যে আনন্দৰ প্ৰতিমূৰ্ত্তি আহি যেন তাত বিৰাজমান হৈছেহি। কিন্তু মনোদৰ্শক দৰ্পণেৰে চাই দেখিবলৈ পালে যে সেই মানুহ বিলাক বাহিৰে দেখোঁতে যেনে আনন্দময় ভিতৰে তেনে নহয়। বাহিৰে ৰং চং “ভিতৰে কোৱাভাতুৰি”। কোনোয়েবা অপত্যৰ অভাবত, কোনোয়েবা অপত্যৰ শোকত, কোনোয়েবা সৰহলৰা চোৱালী পুহিব নোৱাৰা দুখত, কোনোয়েবা বিবাহৰ সম্বন্ধত, কোনোয়েবা বিৰহানলত, কোনোয়েবা পুত্ৰকন্যাৰ বিবাহ চিন্তাত, কোনোয়েবা সেই সকল নাশৰ ভয়ত, কোনোয়েবা কুলৰ অভাবত কাতৰ, কোনোয়েবা কুলমান জাতি ৰক্ষাৰ নিমিত্তে প্ৰবঞ্চনা আদিত জড়িত হৈ স্বজাতীয় লোক সকলেৰে ব্যবহাৰ কৰিবলৈ ঘৃণা প্ৰকাশ কৰিছে। কিন্তু ইপিনে তেঁও বিলাকৰ গাত আৰু পৰিবাৰৰ ভিতৰ গুপুতে এনে কদাকাৰ নীচ অশুচি আৰু বিজাতীয় ব্যবহাৰ চলিব লাগিছে যে তেঁও বিলাকৰ অন্তঃকৰণত এফেৰিও সুখ নাই। অতিশয় আকুল আৰু ব্যথিত।
মনুষ্যৰ দুখ শোক অনুতাপ আদি বাহিৰৰ সুদৃশ্য লক্ষণ আৰু বাক্যৰ দ্বাৰাই ঢকা থাকে। এই সকল প্ৰভেদ দৰ্পণত দেখিবলৈ পাই নিদ্ৰা ভঙ্গ হৈ উঠি সেই বিদ্বানে ঈশ্বৰক স্তুতি আৰু ধন্যবাদ কৰি কবলৈ ধৰিলে। “হে প্ৰভো! তুমি মোক ৰক্ষা কৰিলা। যাক মই নিলগৰ পৰা বাহ্য দৃষ্টিত সুখী দেখিছিলোঁ মই যে সেইবিলাকৰ নিচিনা হোৱা নাই ইয়াতে মই আপোনাক ধন্য মানিছোঁ। এতিয়াৰ পৰা কাৰো লগত নিজৰ অৱস্থা আৰু ভাগ্যৰ তুলনা কৰি সলাবলৈ মন নেমেলো। এই দৰে বিদ্বানে প্ৰত্যেক পদৰ মনুষ্য সকলৰ মন দেখি লজ্জিত আৰু বিস্ময়াপন্ন হৈ আপোনাক সুখী জ্ঞান কৰি নিৰুদ্বিগ্ন চিত্তেৰে কালযাপন কৰিবলৈ ধৰিলে।
সুখ বাহ্য লক্ষণে ধনে বা ঐশ্বৰ্য্যে নহয়। কেৱল মনৰ সুখেহে সুখ। বিদ্বানে যেনেকৈ এই কাল্পনিক দৰ্পণেৰে অন্যৰ মন পৰীক্ষা কৰি আত্ম সুখ দেখিবলৈ পালে সেই দৰেই জ্ঞানী সকলেও জ্ঞান দৰ্পণেৰে পৰৰ মন দেখিলে আপোনাৰ পদ আৰু অৱস্থা ভাল বুলিব আৰু কাৰো হিংস৷ নকৰে আৰু কাৰো নিচিনা হবলৈ বাঞ্ছা নকৰে, কিয়নো ৰোগ শোক মৃত্যুৰ অধিকাৰ আৰু বিষয় চিন্তা সকলোৰে ওপৰত আছে। হেন জানি ৰাজপুত্ৰে বিচিত্ৰ অট্টালিকাৰ ওপৰত থাকি যেনে সুখ ভোগ কৰে ভগা বহাৰ তলত থাকি কৃষক বিলাকেও তাতকৈ অধিক সুখ ভোগ কৰিব পাৰে। মানুহে মানুহৰ দৃশ্য ঐশ্বৰ্য্য দেখি অকাৰণে হিংসাত অধৈৰ্য্য হয়। কিন্তু সিহঁতৰ মন কি দুখত দুখী তাক কোনেও নাজানে আৰু নুবুজে। ময়ূৰৰ সুবৰ্ণময় বিচিত্ৰ পাখি দেখি সকলোয়ে প্ৰশংসা কৰে কিন্তু সি নিজে তাৰ আপোনাৰ ঠেঙ্গ দুটা দেখি লাজত তললৈ মুখ কৰে। তত্ৰাপি মানুহে তাৰ সেই কদৰ্য্য ঠেঙ্গলৈ দৃষ্টিপাত নকৰি সুন্দৰ পাখিলৈহে চায়। এই দৰে সিংহই শিয়ালৰ চাতুৰি বাঞ্ছা কৰে, শিয়ালে আকৌ সিংহৰ বল আৰু সাহ পাবলৈ ইচ্ছা কৰে। সংসাৰৰ মোহিনী মায়াত এই প্ৰাণী সকলে আপোন আপোন পদ আৰু মৰ্য্যাদাক তুচ্ছ জ্ঞান কৰি অন্যৰ জ্ঞান আৰু মৰ্য্যাদাক সলাগ লয়। এতেকে এই মায়াত যি মোহিত নহৈ থাকিব পাৰিব তেঁওৰহে জীবন সাৰ্থক।